অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

জেতুকাৰ ঔষধি গুণ :

অতীজৰে পৰা হাত আৰু নখত ৰং বোলাবলৈ মহিলা সকলৰ মাজত জেতুকাৰ বহুল প্ৰচলন হৈ আহিছে । অসমীয়া সমাজতো জেতুকা বৰ আদৰৰ বস্তু । বহাগ বিহুৰ সময়ত নাচনী তথা জীয়ৰী- বোৱাৰী সকলে জেতুকা পাতৰ ৰঙেৰে দুহাত বুলাই লয় ।কিন্ত কেৱল হাত, নখ আৰু চুলিত ৰং লগোৱা কামতহে যে জেতুকা ব্যৱহৃত হয় তেনে নহয়। ইয়াৰ বহুতো ঔষধি গুণো আছে।
জেতুকাৰ বৈজ্ঞানিক নাম হৈছে Lawsonia inermis. ই Lythraceae familyৰ অন্তৰ্ভূক্ত। ইয়াক ইংৰাজীত Henna, সংস্কৃতত মদয়ন্তীকা আৰু হিন্দীত মেহেন্দি বুলি কয়।

জেতুকা এবিধ গুল্ম জাতীয় গছ। ই 6 ফুটৰ পৰা 25 ফুট পর্যন্ত ওখ হয়। ইয়াক সমগ্ৰ ভাৰততে পোৱা যায়।

ৰাসায়নিক সংগঠন -

জেতুকা পাতত Lawsone নামৰ এবিধ ৰঞ্জক দ্ৰব্য থাকে। এই ৰঞ্জক দ্ৰব্যৰ বাবেই জেতুকাৰ পাত বটি হাত, নখ আদিত লগালে ৰঙা ৰং হয়। তাৰোপৰি ইয়াত tannin, Gallic acid, glucose, mannitol, mucilage আদি ৰাসায়নিক দ্ৰব্য থাকে।

পৰম্পৰাগত ভাবে জেতুকাৰ ব্যৱহাৰ প্ৰাচীন কালৰ পৰাই হৈ আহিছে। যেনে মৃগীৰোগ, জণ্ডিচ, প্লীহাৰোগ, কৰ্কট ৰোগৰ পৰা উৎপন্ন হোৱা ঘাঁ আদিত জেতুকাৰ ব্যৱহাৰ অতীজৰে পৰা হৈ আহিছে।

আয়ুৰ্বেদত জেতুকাৰ প্ৰয়োগ -

আয়ুৰ্বেদত বিভিন্ন ৰোগৰ চিকিৎসাত জেতুকাৰ ব্যৱহাৰৰ কথা উল্লেখ আছে।
জেতুকাই শৰীৰৰ বিভিন্ন সংস্থান(system)ত কাম কৰে। ই বেদনাস্থাপক, দাহপ্ৰশামক, কুষ্ঠঘ্ন,ব্রনোশোধক,ব্রনোৰোপক, মেধ্য, নিদ্রাজনন হিচাপে কাম কৰে।

গাঁঠিৰ বিষ, হাত- ভৰি জ্বলা পোৰা কৰা আদি ৰোগত জেতুকাৰ পাত বটি সেই স্থানত লেপ লগালে আৰাম পোৱা যায়।

বিভিন্ন ধৰণৰ চৰ্ম ৰোগত জেতুকাৰ পাত বটি লেপ লগালে সুফল পোৱা যায়।
জেতুকাৰ পাত পানীত উতলাই সেই পানীৰে কুলি কুলি কৰিলে মুখ আৰু ডিঙিৰ বিভিন্ন ৰোগ উপশম হয়।

শৰীৰৰ কোনো স্থান আঘাতপ্ৰাপ্ত হৈ ৰক্তস্ৰাৱ হলে আৰু ফুলি উঠিলে জেতুকাৰ প্ৰয়োগে সেই স্থানৰ বিষ, ৰক্তস্ৰাৱ আৰু ফুলি উঠা(swelling) নাইকিয়া কৰে।

চুলি সৰিলে আৰু মূৰত উফি হলে জেতুকাৰ পাত বটি মূৰত লগালে চুলি সৰা কমে আৰু উফিও নোহোৱা হয়।

এটা পাত্ৰত নিৰ্দিষ্ট পৰিমাণৰ পানী উতলাই সেই উতলা পানীত নির্দিষ্ট পৰিমাণৰ জেতুকাৰ ফুল দিব লাগে। এতিয়া পাত্ৰটোৰ পানীখিনি নিজে নিজে ঠাণ্ডা হব দিব লাগে। তাৰপাছত জেতুকাৰ ফুলখিনি পৰিস্কাৰ হাতেৰে মোহাৰি পানীখিনি চেকি লব লাগে। ইয়াক আয়ুৰ্বেদত ফান্ত কল্পনা(Hot infusion) বুলি কোৱা হয়। এই জেতুকা ফুলৰ ফান্ত ব্যৱহাৰ কৰিলে জ্বৰ, মস্তিষ্ক দুৰ্বলতা আৰু অনিদ্রা ৰোগত যথেষ্ট আৰাম পোৱা যায়।

প্ৰবাহিকা(diarrhoea) আৰু ৰক্ত অতিসাৰ (dysentery) ৰোগত জেতুকাৰ বীজ পিচি সেৱন কৰিলে সুফল পোৱা যায়।

নানাধৰণৰ ৰক্তবিকাৰ আৰু ৰক্তপিত্ত ৰোগত জেতুকাৰ পাত পানীত উতলাই সেই পানী খালে নাইবা পাতৰ ৰস খালে সেই ৰোগ উপশম হয়।

কামলা(jaundice) ৰোগত জেতুকা পাতৰ ৰস সেৱন কৰিলে সুফল পোৱা যায়।
প্ৰসাৱ কমকৈ হলে বা প্ৰসাৱ জ্বলা পোৰা কৰিলে নাইবা প্রসাৱৰ আন কোনো সংক্ৰমণত জেতুকা পাতৰ ৰস চেনী বা মিচৰিৰ লগত খালে যথেষ্ট সুফল পোৱা যায়।
এইদৰে আমাৰ ওচৰে পাজৰে সহজে উপলব্ধ জেতুকা গছজোপাৰ পৰা আমি বিভিন্ন ধৰণেৰে উপকৃত হব পাৰো।

লেখিকা: ডাঃ বন্দনা শৰ্মা

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

 



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate