বাৰীৰ বস্তিত পোৱা সহজলভ্য এবিধ ঔষধি গুণসম্পন্ন শাক হৈছে টেঙেচি শাক। সৰু সৰু পাতৰ মাটিত বগাই যোৱা এই শাকবিধৰ আছে বিভিন্ন ৰোগৰ ঔষধি গুণ। টেঙেচি শাকৰ লগত গৰৈ মাছৰ জোলখন খাবলৈ বৰ সোৱাদ। ইয়াৰ ঔষধি গুণবোৰ হৈছে এনেধৰণৰ- টেঙেচি শাকৰ লগত পুঠি মাছৰ আঞ্জাই আভোক দূৰ কৰে। ই মানুহৰ দৃষ্টিশক্তি বৃদ্ধি কৰে। গ্ৰহণী আৰু ডায়েবেটিছ ৰোগৰ মহৌষধ। টেঙেচি টেঙাই মানুহক তেজৰ শৰ্কৰা নিয়ন্ত্ৰণ কৰি ডায়েবেটিছ ৰোগ উপশম কৰিব পাৰে। গৰমৰ দিনত টেঙেচি শাকে মানুহৰ পেট ঠাণ্ডা কৰি ৰাখে আৰু খোৱাৰ ৰুচি বঢ়ায়। পেটৰ কামোৰণি, শৌচত তেজ পৰিলে টেঙেচি শাকৰ আঞ্জা খালে উপশম হয়। অতিসাৰ কুষ্ঠ আৰু অৰ্শ ৰোগৰ বাবে বৰ উপকাৰী। প্ৰস্ৰাৱ কৰিলে জ্বলা-পোৰা হ’লে টেঙেচি শাকৰ আঞ্জা বনাই খালে উপকাৰ পায়। মানুহৰ খোৱাৰ অৰুচি হ’লে টেঙেচি শাকৰ আঞ্জা বনাই খালে খোৱাৰ ৰুচি বাঢ়ে আৰু ভোক লাগে। জীয়া ৰৌ মাছৰ লগত টেঙেচি শাকৰ আঞ্জাখন বৰ উপকাৰী। পুষ্টি গুণসম্পন্ন। টেঙেচি শাকৰ মাছৰ আঞ্জাখনত দুটামান কেঁচা জলকীয়া কাটি দি গৰম ভাতৰ লগত খাবলৈ বৰ জুতি লগা হয়। গৰমৰ দিনত টেঙেচি শাকৰ আঞ্জা খাওক বিভিন্ন ৰোগৰ পৰা পৰিত্ৰাণ পাওক। লেখক: ধনেশ্বৰ হুজুৰী(নিয়মীয়া বাৰ্তা)