মূল পৃষ্ঠা / স্বাস্থ্য / ঔষধ / অসমৰ বনৌষধি / ডিমৰু ফলৰ ঔষধি গুণ :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ডিমৰু ফলৰ ঔষধি গুণ :

ডিমৰু ফলৰ ঔষধি গুণৰ বিষয়ে লিখা হৈছে ।

ডিমৰু এবিধ ফল। পকা ডিমৰু সোৱাদুক্ত আৰু স্বাস্থ্যবৰ্ধক। কেঁচা ডিমৰু ঔষধি হিচাপে ব্যৱহাৰ হয়।

ডিমৰু স্থানভেদে বিভিন্ন ৰঙৰ পোৱা যায়- গুলপীয়া, বগা, ৰঙা আদি। ডিমৰু ছ’ডিয়াম, প’টাচিয়াম, মেগনেচিয়াম, গন্ধক, নিমখ আদিৰে সমৃদ্ধ। শুকান ডিমৰুতো বিবিধ ভিটামিন পোৱা যায়।

তলত ডিমৰুৰ কিছুমান ঔষধ গুণৰ বিষয়ে আলোচনা কৰা হ’ল।

  • শুকান ডিমৰু সদায় গাখীৰৰ লগত পুৱা আৰু আবেলি সিজাই খালে কফ কমে।
  • শুকান ডিমৰু শুকান কাহৰ বাবে উপকাৰী।
  • সদায় দুটা ডিমৰু খালে কোষ্ঠকাঠিন্য কমে।
  • ডিমৰু বায়ু আৰু পিত্তনাশক।
  • শুকান ডিমৰু পানীত সিজাই সেই পানীৰে কুলি কুলি কৰিলে ডিঙিৰ ভিতৰত হোৱা খজুৱতিত আৰাম পোৱা যায়। ডিমৰু পানীত সিজাই পিহি ডিঙিৰ বাহিৰত লেপ লগালেও আৰাম পোৱা যায়।
  • ভোক কম লগা ব্যক্তিয়ে পকা ডিমৰু ভালদৰে চোবাই খালে ভোক বৃদ্ধি হ’ব।
  • শৰীৰ দুৰ্বল হ’লে প্ৰতি দিনে ২-৪ টামান ডিমৰু খালে শৰীৰলৈ শক্তি আহে।
  • যক্ষ্মা ৰোগীৰ বাবে ডিমৰুৰ ফল ভাল পথ্য।
  • ধাতু বৃদ্ধি আৰু তেজ বৃদ্ধিৰ বাবে ডিমৰু অতি উত্তম ফল।
  • নাকৰ পৰা ওলোৱা ৰোগত শুকান ডিমৰু উপকাৰী।
  • মূৰৰ বিষ হ’লে শুকান ডিমৰু গুড়ি কৰি খালে বিষ কমে।
  • ডিমৰু থেতেলিয়াই ফোঁহা হোৱা স্থানত বেণ্ডেজৰ দৰে বান্ধি ৰাখিলে ভিতৰৰ পূঁজ বাহিৰলৈ ওলাই আহে।

লেখিকা: ললিতা শৰ্মা লহকৰ(অসম বাণী)

2.84615384615
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top