মূল পৃষ্ঠা / স্বাস্থ্য / ঔষধ / অসমৰ বনৌষধি / তিতা কালমেঘৰ আছে মিঠা গুণ :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

তিতা কালমেঘৰ আছে মিঠা গুণ :

তিতা কালমেঘৰ বিষয়ে লিখা হৈছে ।

কালমেঘ এবিধ অতি তিতা সোৱাদৰ গছ। তিতা হ’লেও কালমেঘ ঔষধি গুণসম্পন্ন উদ্ভিদ। এইবিধ একবৰ্ষীয় গছ প্ৰায় ১ মিটাৰ ওখ হয়। এইবিধ গছৰ পাত ৬-৮ চেন্টিমিটাৰ দীঘল হয়। ইয়াৰ ফুলৰ ৰং গোলপীয়া অৰু ফুলবোৰ ১ চেন্টিমিটাৰমান দীঘল। এইবিধ উদ্ভিদ কম-বেছি পৰিমাণে ভাৰতৰ সকলো ঠাইতে পোৱা যায়। এইবিধ উদ্ভিদৰ শিপাৰ বাহিৰে সকলো অংশই ঔষধি হিচাপে ব্যৱহাৰ হয়।

*কালমেঘ কৃমিনাশক। সৰু ল’ৰা-ছোৱালীৰ কৃমি হ’লে কালমেঘ খালে কৃমি নাশ হয়।

*ই ক্ষুধাবৰ্ধক আৰু পুষ্টিকৰ।

*শৰীৰত হোৱা খজুৱতিত কালমেঘৰ গছ-পাতেৰে সৈতে পিহি সৰিয়হ তেলৰ লগত মিহলাই লগালে খজুৱতি কমে।

*টাইফয়েদ জ্বৰ হ’লে কালমেঘ খালে উপকাৰ পোৱা যায়।

*শিশুৰ পেট ফুলিলে কালমেঘ খালে ৰোগ নিৰাময় হয়।

*কালমেঘে শৰীৰৰ দুৰ্বলতা নাশ কৰে আৰু শৰীৰক শক্তি দিয়ে।

*জ্বৰৰ বাবেও কালমেঘ উপকাৰী।

*শিশুৰ ‘হাৰ্ট’ৰ বিভিন্ন ৰোগতো কালমেঘ ব্যৱহাৰ কৰিলে সুফল পোৱা যায়।

লেখিকা: ললিতা শৰ্মা লহকৰ(অসম বাণী)

 

3.04
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top