অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

তিল

তিল

অসমীয়া সমাজ ব্যৱস্থাত তিলৰ গুৰুত্ব অপৰিসীম। বিশেষকৈ বিহুৰ পিঠা-পনাৰ ক্ষেত্ৰত তিলৰ ব্যৱহাৰ অতীজৰে পৰা চলি আহিছে। সেয়েহে তিল অবিহনে আমাৰ বিহু পালন কৰাটো এক প্ৰকাৰ অসম্ভৱ বুলি কলেও অত্যুক্তি কৰা নহ’ব। অসমীয়া পৰম্পৰা তথা সমাজ ব্যৱস্থাৰ সৈতে জড়িত এই তিলৰ উপকাৰিতাৰ কথা নিশ্চয় আমাৰ বহুতে ভালদৰে নাজানে। প্ৰাচীন সিন্ধু সভ্যতাৰ সময়ৰে পৰা তিলৰ উপকাৰিতাৰ কথা নিশ্চয় আমাৰ বহুতে ভালদৰে নাজানে। প্ৰাচীন সিন্ধু সভ্যতাৰ সময়ৰে পৰা তিলৰ উপকাৰিতাৰ কথা সৰ্বজনবিদিত। তিলত আছে বিশেষ পুষ্টিকৰ গুণ। তেনেদৰে ৰোগ প্ৰতিৰোধ তথা প্ৰতিষেধকৰ কামো কৰে তিলে। তিল যেনে ধৰণে খোৱা নহওক কিয় তাৰ উপকাৰিতা খাওঁতাজনে লাভ কৰে। ডায়েবেটিছ, এনিমিয়া, উচ্চ ৰক্তচাপ, দৃষ্টিশক্তি কম, হজমৰ ক্ষেত্ৰত অসুবিধা, কৌষ্ঠকাঠিন্য আদি ৰোগৰ লোকক তিলে যথেষ্ট সহায় কৰিব পাৰে।

এই তিলৰ ওপৰতে এক বিশেষ প্ৰতিবেদনঃ-

সচৰাচৰ হৈ থকা ৰোগসমূহৰ ভিতৰত পিত্ত, গ্ৰহণী আৰু বাত বিষ অন্যতম। এই তিনিটা ৰোগৰ ভিতৰত বাত বিষৰ চিকিৎসাৰ ক্ষেত্ৰত তিলৰ গুৰুত্ব সৰ্বোত্তম। আয়ুৰ্বেদ চিকিৎসাত ব্যৱহাৰ কৰা তেলসমূহ মূলতঃ তিলতেল। আন কথাত ক’বলৈ গ’লে আয়ুৰ্বেদ চিকিৎসা পদ্ধতিত যি তেলৰ সহায়েৰে ৰোগীক চিকিৎসা কৰা হয় সেই তেলৰ অধিকাংশৰে মূল উপাদান তিল। এই তেলে সহজে ঔষধি দ্ৰব্যৰ গুণ গ্ৰহণ কৰে আৰু সূক্ষ্ম গুণযুক্ত হোৱা বাবে দেহৰ আভ্যন্তৰত সহজে প্ৰৱেশ কৰি ৰোগ উপশমত সহায় কৰে। ভাব প্ৰকাশ সংহিতাত তিনি প্ৰকাৰ তিলৰ কথা উল্লেখ আছে-

  • কৃষ্ণবৰ্ণ তিল।
  • শুক্লবৰ্ণ তিল।
  • ৰক্তবৰ্ণ তিল।

এই তিনি প্ৰকাৰৰ তিলৰ ভিতৰত শ্ৰেষ্ঠ গুণযুক্ত তিল হ’ল কৃষ্ণবৰ্ণ তিল বা ক’লা তিল। একেদৰে শুক্লবৰ্ণ তিলক মধ্যম গুণযুক্ত আৰু ৰক্তবৰ্ণ বা ৰঙা তিলৰ গুণ যথেষ্ট কম।

তিলৰ ব্যৱহাৰ বিধিঃ

  • বিভিন্ন মাংগলিক অনুষ্ঠানত তিলৰ ব্যৱহাৰ আমাৰ সমাজ ব্যৱস্থাত দীৰ্ঘদিনৰ পৰা চলি আহিছে। তিলৰ দ্বাৰা বিভিন্ন ধৰণৰ সুস্বাদু আহাৰ তৈয়াৰ কৰা হয়। এনেধৰণৰ আহাৰ নিয়মিত গ্ৰহণ কৰিলে শৰীৰৰ শক্তি বৃদ্ধি হোৱাৰ সমান্তৰালভাৱে দেহ সুগঠিত হয়। সাধাৰণতে তিল উষ্ণ গুণযুক্ত। সেয়েহে শীতকালত তিলৰ দ্বাৰা তৈয়াৰ কৰা আহাৰ খালে যথেষ্ট ফল লাভ কৰা হয়। ইয়াৰ দ্বাৰা শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায় আৰু শৰীৰৰ দুৰ্বলতা তথা জড়তা বৃদ্ধি পায় আৰু শৰীৰৰ দুৰ্বলতা তথা জড়তা হ্ৰাস হয়।
  • ছালৰ সমস্যা নিৰাময়ৰ ক্ষেত্ৰত তিল অত্যন্ত উপকাৰী। ছালৰ দাগ আদি আঁতৰোৱাৰ ক্ষেত্ৰত তিল বটি তাৰ প্ৰলেপ দিয়া উচিত। একেদৰে তিলৰ সৈতে আন কিছু সামগ্ৰী মিশ্ৰ্ণ ঘটাই ছালত লেপ দিলে যথেষ্ট ফল লাভ কৰা হয়। এই মিশ্ৰণসমূহৰ ভিতৰত অন্যতম হ’ল-
  1. যষ্টিমধুৰ সৈতে তিল বটা।

2.  নিমপাত, তিল বটা, মৌ আৰু ঘিউৰ মিশ্ৰণ।

3.  যষ্টিমধু, নিমপাত, তিল বটা আৰু মৌৰ মিশ্ৰণ

  • হাত-ভৰি আদিত জ্বলন অনুভৱ হৈ থকা কোনো লোকে কৰ্পূৰ, ঘিউ আৰু তিলৰ মিশ্ৰণ ঘটাই উক্ত স্থানত প্ৰলেপ দিলে যথেষ্ট উপশম লাভ কৰে।
  • বহু শিশুৱে ৰাতি টোপনিতে বিছনাত প্ৰস্ৰাৱ কৰে। এনে শিশুক নিয়মিতভাৱে ক’লা তিল খুৱালে এই অসুবিধা দূৰ হয়।
  • গৰ্ভাৱস্থাত তিল খোৱা অত্যন্ত নিৰাপদ বুলি বিবেচিত। প্ৰসৱকালীন অতিৰিক্ত ৰক্তপাত ৰোধ কৰাটো নিশ্চিত কৰিবৰ বাবে গৰ্ভাৱস্থাত কোনো মহিলাই নিয়মিত তিল বা চেনিৰ সৈতে তিলৰ মিশ্ৰণ ঘটাই খোৱাটো অত্যন্ত জৰুৰী।
  • প্ৰতিদিনে অলপ পৰিমাণৰ তিল খালে বিভিন্ন ধৰণৰ স্ত্ৰীজনিত ৰোগৰ পৰা হাত সাৰি থাকিব পাৰি।
  • উক্ত ৰক্তচাপ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত তিল অত্যন্ত উপকাৰী। হৃদযন্ত্ৰৰ কাৰণে ক্ষতিকাৰক এলডিয়েল, কলেষ্টেৰলৰ মাত্ৰা তিল খালে কমি আহে। একেদৰে তিল খালে এইচ ডি এল কলেষ্টেৰলৰ পৰিমাণ শৰীৰত বৃদ্ধি পায়। যি শৰীৰৰ বাবে অত্যন্ত উপকাৰী।
  • গৱেষণাত এই কথা প্ৰমাণিত হৈছে যে তিলে তেজত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণ কৰে। সেয়েহে ডায়েবেটিছ টাইপ-১ আৰু ডায়েবেটিছ টাইপ-২ত আক্ৰান্ত লোকে নিয়মিত তিল খালে যথেষ্ট উপশম লাভ কৰে।
  • তিলত আছে ভিটামিন বি-কমপ্লেক্স। এই ভিটামিন শৰীৰৰ বাবে অত্যন্ত উপকাৰী। বিশেষকৈ চকু, ছাল, মাংসপেশী, স্নায়ু তথা চুলি আদিৰ বাবে বি-কমপ্লেক্স অতি জৰুৰী। তিল খালে শৰীৰে এই ভিটামিন লাভ কৰে।
  • তিলে মানসিক চাপ তথা হতাশা আঁতৰ কৰাতো যথেষ্ট সহায় কৰে বুলি ইতিমধ্যে গৱেষণাত প্ৰমাণিত হৈছে।

তিলৰ ৰাসায়নিক গঠনঃ

তিল নানান ভিটামিন, মিনাৰেল, এণ্টি-অক্সিডেণ্ট, প্ৰয়োজনীয় তেলেৰে গঠিত। প্ৰতি ১০০ গ্ৰাম তিলত আছে ৫৭৩ কেল’ৰী পুষ্টি। তিলত যিখিনি ৰাসায়নিক উপাদান আছে সেয়া হ’ল-

  • নেচাৰেল লিপিড
  • গ্লাইকোলিপিড
  • ফচফোলিপিড
  • ছেছামুচ
  • ছেছামলিন ইত্যাদি।

একেদৰে তিলত থকা গুৰুত্বপূৰ্ণ মিনাৰেলসমূহ হ’ল- আইৰণ, জিংক, কেলছিয়াম, মেংগানিজ, চেলেনিয়াম, মেগনেছিয়াম, কপাৰ আৰু ভিটামিনৰ ভিতৰত আছে- ভিটামিন বি-কমপ্লেক্স, ভিটামিন-ই আৰু ফলিক এচিড ইত্যাদি। তিলৰ দ্বাৰা ফেট, প্ৰ’টিন, কাৰ্বোহাইড্ৰেটৰ লগতে ডায়েটাৰী ফাইবাৰো শৰীৰে লাভ কৰে। এয়া হ’ল আধুনিক চিকিৎসা বিজ্ঞানৰ কথা। অতীজতে ৰচনা কৰা চৰক সংহিতাতো তিলৰ বিষয়ে বিশদ ব্যাখ্যা কৰা হৈছিল। চৰক সংহিতাত উল্লেখ কৰিছিল যে শৰীৰৰ বিষ নিৰাময়ৰ ক্ষেত্ৰত আন সকলোৰে ভিতৰত তিলৰ ব্যৱহাৰ হ’ল সৰ্বোত্তম। তিল তেলৰ বৰ্ণনা প্ৰসংগত চৰক সংহিতাত উল্লেখ কৰা বিষয়বোৰৰ ভিতৰত কেইটামান উল্লেখযোগ্য হ’ল- এই তেল গুৰু তথা উষ্ণ গুণযুক্ত। যাৰ বাবে কফ তথা বাত বিষ নিৰাময়ৰ ক্ষেত্ৰত ই উপযোগী। একেদৰে এই তেলে শৰীৰৰ বল বৃদ্ধি কৰে। যদিও তিল তেল পুষ্টিকৰ তথাপি এই তেল ব্যৱহাৰ কৰিলে শৰীৰত অতিৰিক্ত মেদ জমা নহয়। তিল তেলৰ ঔষধি গুণৰ বাবে ছালৰ বিভিন্ন ৰোগ, চকুৰ ৰোগ তথা বুদ্ধি আৰু মেধা বৃদ্ধিত ই সহায় কৰে। যদি কোনো লোকৰ হাড় ভাঙে বা শৰীৰত আঘাত পায় তেন্তে তাক নিৰাময়ৰ বাবে তিল তেল অত্যন্ত ফলপ্ৰ্সূ।

তিল তেলৰ ব্যৱহাৰ বিধিঃ


  • তিল তেলৰ ব্যৱহাৰ শৰীৰৰ বাবে যথেষ্ট লাভজনক। এই তেল ষ্টেৰল, পলিফেনঅ, ফ্লাভনয়েড আৰু ফাইভাৰযুক্ত। যাৰ বাবে এই তেলে শৰীৰৰ বাবে ক্ষতিকাৰক কলেষ্টৰেল নিয়ন্ত্ৰণ কৰাত সহায় কৰে।
  • তিল তেলে লিভাৰৰ পৰা উৎপন্ন হোৱা এণ্টি-অক্সিডেণ্টসমূহৰ কাৰ্যকাৰিতা বৃদ্ধিত সহায় কৰে।
  • এই তেলৰ ব্যৱহাৰে পিত্তৰ উৎপাদনত যথেষ্ট প্ৰভাৱ পেলায়।
  • ৰন্ধা-বঢ়াৰ ক্ষেত্ৰত তিল তেলৰ ব্যৱহাৰ অথবা তিল তেল পান কৰিলে কলেষ্টেৰলৰ মাত্ৰা হ্ৰাস হৈ থাকে। যাৰ বাবে উচ্চ ৰক্তচাপত ভোগা ৰোগীয়ে যথেষ্ট উপশম লাভ কৰে।
  • তিল তেলক মুখ ধোৱা উপাদান হিচাপেও ব্যৱহাৰ কৰিব পাৰে। এই তেলৰ দ্বাৰা কুলকুলি কৰিলে দাঁতৰ ক্ষয় আৰু পায়েৰীয়া আদিৰ সমস্যা দূৰ হয়। এনেদৰে মুখৰ দুৰ্গন্ধ নাশৰ ক্ষেত্ৰত তিল তেল যথেষ্ট ফলপ্ৰসু বুলি ইতিমধ্যে প্ৰমাণিত হৈছে।
  • শিশুৰ গা মালিচ কৰিবৰ বাবে বিভিন্ন তেল ব্যৱহাৰ কৰা হয়। এইক্ষেত্ৰত তিল তেল ব্যৱহাৰ কৰিব পাৰে। এই তেল ব্যৱহাৰে শিশুৰ ছাল তথা মাংসপেশীৰ বল বৃদ্ধি কৰে। একেদৰে শিশুৰ নিদ্ৰা গভীৰ হোৱাৰ ক্ষেত্ৰতো ই সহায় কৰে।
  • চকুৰ দৃষ্টিশক্তি বৃদ্ধি পোৱাৰ ক্ষেত্ৰত তিল তেল খোৱাটো অতি অতি জৰুৰী। একেদৰে চকুত কেটেৰেক বা ছানি পৰা ৰোগ উপশমৰ ক্ষেত্ৰতো তিল তেলে সহায় কৰে।
  • ডায়েবেটিছ আক্ৰান্ত লোকে তিল তেলৰ দ্বাৰা ৰন্ধা-বঢ়া কৰা আহাৰ গ্ৰহণ কৰা উচিত। কিয়নো এই তেলে ডায়েবেটিছ বা বহুমূত্ৰ ৰোগ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰে।
  • তিল তেলে ছেছামল, আথেৰোস্কলেৰেছিছ প্ৰতিৰোধ কৰে। যাৰ বাবে উচ্চ ৰক্তচাপ তথা হাৰ্টৰ সমস্যা তিল ব্যৱহাৰে যথেষ্ট নিয়ন্ত্ৰণ কৰে।
  • ছাইনাছাইটিছ, ডাইনেছ অব নাছেল মিউকুছা অথবা ইনফ্লামেছান অব নাছেল মিউকুছা এই সমস্ত সমস্যাৰ ক্ষেত্ৰত তিল তেল ব্যৱহাৰ কৰিলে উপকাৰ পোৱা যায়।
  • তিল তেলে হাড় মজবুত হোৱাত সহায় কৰে। একেদৰে অস্থিঅ’পুৰেছিছ তথা ৰিকেট ৰোগ দূৰ কৰাত ই সহায় কৰে।
  • ছালৰ বৰণ উজ্জ্বল, প্ৰাণৱন্ত কৰি ৰাখিবৰ বাবে তিল তেল ব্যৱহাৰ কৰিব লাগে। ইয়াত আছে জিংক। যি জিংকৰ দ্বাৰা ছালৰ কোলাজেনৰ পৰিমাণ বৃদ্ধি কৰে। একেদৰে আঘাতপ্ৰাপ্ত বা ছালৰ ক্ষতিসাধন হোৱা কোষৰ মেৰামতি কৰে। এণ্টি-অক্সিডেণ্ট সমৃদ্ধ তিল তেলে এণ্টিএজিং ক্ৰীমৰ বিকল্প হিচাপে দুৰ্দান্ত কাম কৰে।
  • পোৰা, ঘা বা ছালৰ মসৃণতা ৰক্ষাৰ ক্ষেত্ৰত তিল তেলে যথেষ্ট সহায় কৰে। এই তেলৰ দ্বাৰা নিয়মিত মালিচ কৰা লোকৰ ছালৰ বেমাৰ যথেষ্ট কম হয়।
  • তিল তেলত আছে এণ্টি-কেঞ্চাৰ প্ৰপাৰটী। আমেৰিকাৰ এটা গৱেষণা প্ৰতিষ্ঠানে এই কথা পোষণ কৰিছে যে এই তেলে কোলন আৰু ৰেকটাল কেঞ্চাৰৰ সম্ভাৱনা হ্ৰাস কৰাত যথেষ্ট সহায় কৰে।
  • কেঞ্চাৰ ৰোগৰ চিকিৎসাৰ ৰেডিয়েচন থেৰাপীত কোষ তথা ডি এন এৰ যথেষ্ট ক্ষতিসাধন হয়। এই ক্ষতি ৰোধ কৰাৰ ক্ষেত্ৰত তিল তেল ব্যৱহাৰ কৰিলে যথেষ্ট উপকাৰ লাভ কৰিব পাৰি। একেদৰে তিল তেলে কেমোথেৰাপীজনিত পাৰ্শ্বক্ৰিয়া হ্ৰাস কৰাত সহায় কৰে।
  • শৰীৰৰ হাড় মজবুত কৰাৰ লগতে এই তেলে ৰিউমাতয়েড আৰ্থাৰাইটিছজনিত বিষ তথা শৰীৰ ফুলা ৰোগ যথেষ্ট নিয়ন্ত্ৰিত কৰে। তিলত আছে এণ্টি-ইনফামেটৰী আৰু এণ্টি-অক্সিডেণ্ট গুণ। একেদৰে ইয়াত আছে কপাৰ। যাৰ দ্বাৰা হাড়ৰ সমস্যা কমায় আৰু ৰক্তবাহিনী, অস্থি তথা সন্ধিক দৃঢ় কৰাত সহায় কৰে।
  • একাংশ চিকিৎসকে দাবী কৰে যে তিল তেলত আছে মেগনেছিয়াম। যাৰ বাবে ই এজমা ৰোগৰ প্ৰতিষেধক হিচাপেও কাম কৰে।
  • বডী অইল হিচাপে তিল তেল ব্যৱহাৰ কৰিব পাৰি। যাৰ বাবে গাৰ বৰণ উজ্জ্বল হোৱাৰ লগতে ছালৰ বিভিন্ন কোষত তেজৰ সঞ্চালন স্বাভাৱিক হৈ থাকে।
  • হেয়াৰ অইল বা চুলিত ঘঁহা তেল ব্যৱহাৰ কৰিব পাৰি। বিশেষকৈ দীঘল চুলিৰ বাবে ই এক আদৰ্শ তেল। কিয়নো ইয়াত আছে চুলিৰ বাবে প্ৰয়োজনীয় ভিটামিন ই আৰু বি কমপ্লেক্স। ইয়াৰ লগতে আছে প্ৰ’টিন তথা মিনাৰেল। এই সমস্ত উপাদানে চুলিক মজবুত কৰাৰ লগতে চুলিৰ বাবে প্ৰয়োজনীয় পুষ্টি যোগায়। একেদৰে মূৰত ৰক্তৰ সঞ্চালন বৃদ্ধি কৰাতো তিল তেলে সহায় কৰে।
  • তিল তেল নিয়মিত ব্যৱহাৰ কৰিলে চুলিয়ে সোনকালে পকা ৰোগৰ পৰা মুক্তি লাভ কৰিব পাৰে। একেদৰে কোনো অসুখ বা কেমিকেলৰ প্ৰভাৱত হঠাতে চুলি সৰিলে পৰৱৰ্তী সময়ত তিল তেল ব্ৰ্ৱহাৰ কৰিব লাগে। এই তেলত আল্ট্ৰা ভায়োলেট ৰশ্মজনিত ক্ষতিকাৰক প্ৰভাৱৰ পৰা মুক্ত কৰিব পৰা গুণ থাকে। যাৰ বাবে ই চুলিক সুৰক্ষা দিয়ে।
  • তিল তেলত এণ্টি-বেক্টেৰিয়েল গুণ আছে
  • যি লোক অনিদ্ৰা ৰোগত ভোগে সেই লোকে মুৰত তিল তেল ব্যৱহাৰ কৰিলে ভাল টোপনি হয়।

তিল তেলৰ ৰাসায়নিক গঠনঃ

তিল তেল হ’ল পলি আনছেৰুটেড ফেটী এচিড। ইয়াত প্ৰধানকৈ ওলেইক এচিড আৰু লিনোলেইক এচিড থাকে। একেদৰে এই তেলৰ স্বাদ যথেষ্ট ভাল হোৱাৰ বাবে ইয়াক পৰিশোধন কৰা নহয়। যাৰ বাবে এই তেলৰ পুষ্টিগুণ অটুট থাকে। অৱশ্যে এই তেল কোনো পাত্ৰত দীৰ্ঘদিন ৰাখিলে ইয়াৰ স্বাদ নষ্ট হয়। আগতে উল্লেখ কৰা আছে এই তেল ভিটামিন ই আৰু বি কমপ্লেক্সৰ এক উৎস। ইয়াৰ লগতে বিভিন্ন মিনাৰেল্‌ছ যেনেঃ মেগনেছিয়াম, কপাৰ, কেলছিয়াম, জিংক আৰু আইৰণ থাকে। আয়ুৰ্বেদ শাস্ত্ৰত কোৱা হৈছে যে তিল তেলক উপযুক্তভাৱে সংৰক্ষিত কৰি ৰাখিলে ই যিমানেই পুৰণা নহওক কিয় ইয়াৰ গুণাগুণ অটুট থাকে।

অপকাৰিতাঃ

বহুতৰ ক্ষেত্ৰত তিল বা তিল তেল অপকাৰী হিচাপে দেখা যায়। বহুতৰে তিল বা তিল তেলজনিত এলাৰ্জী থাকে। সেয়েহে এনে লোকে তিল তেল ব্যৱহাৰ কৰা উচিত নহয়। সাধাৰণতে বাদামজাতীয় সামগ্ৰীৰ প্ৰতি যি লোকৰ এলাৰ্জী থাকে সেই লোকে তিল তেল বা তিল ব্যৱহাৰ কৰিব নালাগে।

একেদৰে তিল তেল ব্যৱহাৰ কৰিলে কোনো লোক ডায়েৰীয়া ৰোগত আক্ৰান্ত হয়। সেয়েহে এনে লোকে তিল তেল ব্যৱহাৰ কৰা উচিত নহয়।

লেখিকাঃ ডাঃ অৰ্চনা তালুকদাৰ, দেওবৰীয়া খবৰ



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate