তুলসী গছৰ পবিত্ৰতাৰ বিষয়ে সকলোৰে ধাৰণা একে। ইয়াক দেৱীজ্ঞান কৰি মানুহে পূজা কৰে। সেয়েহে তুলসী গছ সকলোৰে ঘৰে ঘৰে দেখা যায়। ইয়াক অতি যত্ন সহকাৰে চোতালৰ আগত ৰুই চাকি বন্তি জ্বলায়। তুলসী গছ ইমান পৱিত্ৰ যে ইয়াৰ পাত তিয়াই সেই পানী চটিয়াই দিলে অশুদ্ধ বস্তুও শুদ্ধ হয় বুলি বিশ্বাস। শাস্ত্ৰ মতেও তুলসী অতি পৱিত্ৰ গছ। বিষ্ণু পূজা আদিত তুলসী নহ’লে নচলে। ইয়াক দেখিলেও পুণ্য হয় বুলি ধাৰণা আমাৰ পুৰণিকলীয়া। প্ৰকাৰ তুলসী তিনি প্ৰকাৰৰ আছে। যেনে- ১) কৃষ্ণ ক’লা তুলসী। ২) শ্বেত (বগা) তুলসী আৰু ৩) বন তুলসী। এই তিনি প্ৰকাৰৰ ভিতৰত বগা আৰু ক’লা তুলসী ঔষধ হিচাবে ব্যৱহাৰ কৰা হয়। পৰিমাণ তুলসীৰ কেঁচা পাতৰ ৰস দুই তোলা। সৰু ল’ৰা-ছোৱালীৰ কাৰণে চাৰি অনাৰ পৰা আধা তোলালৈকে ইয়াৰ ৰস ব্যৱহাৰ কৰিব পাৰি। তুলসীৰ পাত, বীজ, শিপা আদি গছৰ সকলো অংশই দৰৱত লগোৱা হয়। ইয়াৰ পাতহে বেছি ব্যৱহাৰ হয়। আগত উল্লেখ কৰা তিনিও বিধ তুলসীয়েই দৰৱত ব্যৱহাৰ কৰা হয়। বীজৰ গুড়ি দুই অনাৰ পৰা চাৰি অনালৈ ব্যৱহাৰ কৰিব পাৰি। গুণাগুণ আৰু কাৰিকৰী জ্ঞান তুলসী পৱিত্ৰ আৰু গুণকাৰকো। বহু ৰোগৰ ই আৰোগ্য কাৰকো। প্ৰকৃত গুণাগুণ নজনাকৈয়ে মানুহে তুলসী বিভিন্ন কামত ব্যৱহাৰ কৰি আহিছে। কিছুমান সাধাৰণ ৰোগত তুলসী এনে গুণকাৰক যে অন্য দৰৱ ব্যৱহাৰ নকৰাকৈয়ে আৰোগ্য লাভ কৰিব পৰা যায়। সকলো প্ৰকাৰৰ তুলসী ৰুচিকাৰক, অগ্নিবৰ্ষক, বাত আৰু কফনাশক। কাঁহ, কৃমি, বমি, কুষ্ঠ, ৰক্তস্ৰাৱ, জীৰ্ণ জ্বৰ বা পুৰণি জ্বৰ বা পাৰ্শ্বে বেদনা অৰ্থাৎ বুকুৰ দুয়োকাষে বেদনা কৰা আৰু হষ্ট গ্ৰহাদিৰ শান্তিদায়ক। তুলসীৰ কটু তিতা ৰস থাকে। উষ্ণবীৰ্য আৰু দাহ পিত্তকাৰক। সৰু সৰু ল’ৰা-ছোৱালীৰ চৰ্দি, কাঁহত তুলসী অমৃতৰ নিচিনা গুণকাৰক। বিশেষকৈ কফ্ গলাই বাহিৰ কৰি দিয়াত তুলসী অধিক ফলদায়ক। ল’ৰা-ছোৱালীৰ পানী লগা জ্বৰ, কাহ, শৌচ কচা, নাকেৰে পানী ওলোৱা, কৃমিৰ উপদ্ৰৱ, বমি আৰু বালকৰ অন্যান্য বেদনাৰ শান্তি হয়। কোনো তেজৰ দোষ আৰু কুষ্ঠাদি ৰোগতো তুলসী বৰ উপকাৰী। তুলসীৰ কেঁচা পাত বা শুকান পাত অলপ চূণৰ লগত মিহলাই ঘঁহি দিলে খৰ দশ্ৰু গুচে। কোনো কাৰণত কাণৰ বিষ হ’লে তুলসীৰ পাতৰ ৰস অলপ গৰম কৰি কুহুমীয়া কৰি তপতে থাকোতে কাণত টোপ টোপকৈ পেলাই দিলে কাণৰ বিষ কমে। বন তুলসীৰো গুণ নোহোৱা নহয়। কফ্ নিবাৰণ আৰু বেদনাৰ উপশম কাৰক। তিৰোতাসকলৰ প্ৰসৱৰ পিছত শৰীৰৰ বেদনা হ’লে বন তুলসীৰ পাতৰ ৰস বৰ উপকাৰী। ইয়াৰ পাতৰ ৰস জ্বৰত হোৱা বমিও নষ্ট কৰে। বন তুলসীৰ পাতৰ ৰস ৰুচিকাৰক, অগ্নিদীপক কফ্ বায়ু, তেজৰ দোষ, খজুৱতি আৰু কৃমিনাশক। বিষম জ্বৰ হ’লে তুলসী পাতৰ ৰসৰ লগত জালুক চূৰ্ণ অলপ মিহলাই ব্যৱহাৰ কৰিলে জ্বৰ উপশম হয়। তুলসীৰ পাত, বেলৰ পাত আৰু সৰু মানিমুনি মিহলাই কলৰ পাতত মেৰাই সেকি তাৰ ৰস এক তোলাৰ পৰা দুই তোলালৈকে দিনে দুই বাৰকৈ ব্যৱহাৰ কৰিলে কাহ, শ্বাস, দুধধাই আদি ৰোগৰ উপশম হয়। তুলসীৰ পাত, সিদ্ধিলতা, আদাৰ শুঠ, আকাল বীৰৰ ছাল আৰু কাঁটা বেঙেনা এইবোৰত একত্ৰিত কৰি দুই তোলা কহ কৰি অলপ পিপলিৰ গুড়ি মিহলাই ব্যৱহাৰ কৰিলে শ্বাস আৰু কাঁহৰ পৰা সোনকালে সকাহ পাব পাৰি। লেখিকা: সুমিত্ৰা গোস্বামী। বিশেষ সংযোজন: ৰীতু গগৈ।