অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

তেজপাতৰ গুণাগুণ :

আমি ৰন্ধা-বঢ়াত ব্যৱহাৰ কৰা মছলাবোৰৰ ভিতৰত তেজপাত অন্যতম। বিভিন্ন ব্যঞ্জনত তেজপাত দিয়া হয়। পিছে অন্যান্য মছলাবিলাক গুড়ি কৰি খাদ্যৰ লগত মিহলাই খোৱা হয় যদিও তেজপাত তেনেদৰে খোৱা নহয়। ইয়াৰ সুগন্ধি গুণৰ বাবেহে ইয়াক ব্যৱহাৰ কৰা হয়। পিছে সুগন্ধি গুণৰ লগতে তেজপাতৰ আন বহুতো গুণ আছে। সুগন্ধিযুক্ত আৰু ঔষধি গুণসম্পন্ন তেজপাত আৱিষ্কৃত হৈছিল ভূ-মধ্যসাগৰীয় অঞ্চলৰ লগতে সমগ্ৰ তুৰ্কীত। পিছলৈ বিভিন্ন দেশত তেজপাতৰ খেতি আৰু প্ৰচলন বিয়পি পৰিল।

মছলা হিচাপে ব্যৱহাৰ কৰা তেজপাত কেতিয়া আৱিষ্কাৰ হৈছিল -

তেজপাতৰ লগত এটা গ্ৰীক কাহিনী জড়িত হৈ আছে। এই কাহিনী অনুসৰি গ্ৰীক দেৱতা এপলোৱা এবাৰ দেৱী ডেফনিক বলৎকাৰ কৰিবলৈ উদ্যম হয়। তেতিয়া ডেফনিয়ে এডাল তেজপাতৰ গছলৈ ৰূপান্তৰ হৈ নিজকে ৰক্ষা কৰে। তেতিয়াৰ পৰা তেজপাতৰ গছক পবিত্ৰ বুলি গণ্য কৰা হয়। মধ্যযুগত তেজপাত ঔষধি হিচাপে বিশেষ জনপ্ৰিয় আছিল। গ্ৰীচত পুৰোহিত বা ধৰ্মগুৰুসকলে ভৱিষ্যদ্বাণী কৰাৰ সময়ত সমাধি অৱস্থা পাবলৈ তেজপাত খাই লৈছিল।

তেজপাতৰ সুগন্ধি গুণৰ বাবে ৰন্ধন প্ৰক্ৰিয়াত ইয়াক ব্যাপকভাৱে ব্যৱহাৰ কৰা হয়। মাংসৰ আঞ্জা, পাষ্টা চছ, পোলাও, আনকি ভাতৰ লগতো তেজপাত দিয়া হয়। তেজপাত অকণমান পনীয় বস্তুৰ সৈতে ব্যৱহাৰ কৰিবলৈ ভাল। তেজপাত কেঁচা আৰু শুকানকৈ দুয়োধৰণেৰে ব্যৱহাৰ কৰিব পাৰি। পাৰ্চলে, যনীগুটি আৰু তেজপাত একেলগে মিহলাই  ফ্ৰান্সত এবিধ সুস্বাদু ব্যঞ্জন প্ৰস্তুত কৰা হয়। গ্ৰীক আৰু মধ্য প্ৰচাৰ দেশবোৰত মুৰ্গীৰ মাংসৰ কাবাবত তেজপুৰ ব্যৱহাৰ কৰ হয়। শেহতীয়াকৈ আইচক্ৰীম, হাৰ্বেল টি, কাষ্টাৰ্ড আদিতো তেজপাত কাচৰ পাত্ৰত থৈ দিলে বহুদিনলৈ ভালে থাকে।

তেজপাতত কি কি ঔষধি গুণ থাকে -

*তেজপাতত ভিটামিন আৰু খনিজ দ্ৰব্য প্ৰচুৰ পৰিমাণে থাকে।

*তেজপাতত পাইনিন(Pinnene), মাৰ্চিন(Myrcene), লিমোনিন(Limonene), লিনালুল(Linalool), মিথাইল চিভিকুল(Methyl Chavicol) আদি থাকে। তেজপাত এন্টিচেপটিক, এন্টিঅক্সিডেন্ট আৰু পাচক গুণসম্পন্ন। ইয়াত কেন্সাৰ প্ৰতিৰোধী উপাদান থাকে।

*কেঁচা তেজপাতত ভিটামিন যথেষ্ট পৰিমাণে থকাৰ লগতে দেহৰ পৰা মুক্তমূলকবোৰ উলিয়াই দিব পৰা এবিধ উপাদান থাকে। তেজপাতত থকা Ascorbic এচিডে সোনকালে ভাল কৰে, ভাইৰেল প্ৰতিৰোধ কৰে। তেজপাতত প্ৰচূৰ পৰিমাণে ফলিক এচিড পোৱা যায়।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate