অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

থলুৱা ঘাঁহ-বনৰো গুৰুত্ব আছে :

থলুৱা ঘাঁহ-বনৰো গুৰুত্ব আছে :

ববছা বন -


এই অতি চিনাকী বন বিধৰ বৈজ্ঞানিক নাম হ’ল ইলিউচিনে ইন্দিকা (Eleucine indica), বঙালী নাম- মালান ফুৰা, হিন্দীত- মাণ্ডলা, ইংৰাজীত গুজ গ্ৰাছ (Goose Grass) বুলি কয়। ই এক একবৰ্ষী ঘাঁহ। খেতিৰ পথাৰত বিশেষকৈ বাম খেতিত এই ঘাঁহে বৰ সমস্যাৰ সৃষ্টি কৰে। গৰুৰ ঘাঁহ হিচাবে ব্যৱহাৰ কৰাৰ উপৰিও জাভা দেশত এই ঘাঁহৰ পুলি ভাতৰ লগত সিজাই খায়। বেছিকৈ খুৱালে এইবিধ ঘাঁহে গৰুৰ স্বাস্থ্যৰ অপকাৰ কৰে। ইয়াক শুকান খেৰ বা চাইলেজ পদ্ধতিৰে সংৰক্ষণ কৰি খুৱালে কোনো অপকাৰ নহয়। ইয়াৰ ইয়াৰ পুষ্টিকাৰক গুণসমূহ এনেধৰণৰ-
অশোধিত প্ৰটিন ৮.৯১%
চৰ্বী জাতীয় পদাৰ্থ- ১.৬৯%
অশোধিত আঁহ জাতীয় পদাৰ্থ-২৯.৪২%
কেলছিয়াম-০.৫৮% আৰু
ফচফৰাছ-০.৪১%।

কাৰ্পেট বা দলিচা ঘাঁহ

ফুলৰ বাগিছাত থকা সেউজীয়া বাগিছাখনৰ অন্যতম ঘাঁহবিধ হ’ল দলিচা ঘাঁহ বা কাৰ্পেট ঘাঁহ। ইয়াৰ বৈজ্ঞানিক নাম হ’ল এক্সন’পাছ কমপ্ৰেচাছ (Axonopas compressus)। ই বহুবৰ্ষী ঘাঁহ। ইয়াৰ পাত ১০-১৫ ছে:মি: দীঘল হয় আৰু ১.৫ ছে:মি: বহল হয়। পাতৰ গুৰিৰ ফালে কাণ্ডত লাগি থকা অংশ ভাজ হৈ কাণ্ডটো ঢাকি ৰাখে। কাণ্ডৰ প্ৰায় ২০-২৫ ছে:মি: পৰ্যন্ত দীঘল হয়। ইয়াৰ কাণ্ড মাটিত বগাই যায় আৰু গাঠিৰ পৰা ওলোৱা শিপাই ইয়াক মাটিৰ লগত খামোচ মাৰি ধৰি ৰখাৰ উপৰি পত্র কোহঁৰ পৰা ওলোৱা উপ কাণ্ডক পুষ্টিৰ যোগান ধৰে। সাধাৰণতে সেমেকা আৰু উষ্ণ জলবায়ুত ই ভাল হয়। মাটিত জীপ থাকিলে ই কম সাৰুৱা মাটিতো ভাল হয়। এই ঘাঁহ পশুখাদ্যৰ বাবে উপযোগী। ইয়াৰ পুষ্টিকাৰক গুণ সমূহ এনেধৰণৰ-
অশোধিত প্ৰটিন-১০.১০%
চৰ্বী জাতীয় পদাৰ্থ-১.৩৯%
অশোধিত আঁহ জাতীয় পদাৰ্থ-৩০.৮৫%
কেলছিয়াম-০.৩১% আৰু
ফচফৰাছ-০.১৪%।

বনগুটি -


অসমীয়াত এষাৰ কথা আছে যে “ধূনতে ধূনগুটি মেখেলাত বনগুটি”। মাজে-সময়ে আমনি কৰা এই ঘাঁহবিধৰ বৈজ্ঞানিক নাম হ’ল ক্ৰাইচপ’গন এচিকুলাটাছ (Chrysopogon aciculatus)। ইয়াক ইংৰাজীত ইয়াত লাভ ঠৰ্ণ (Love Thorn) বুলি কয়। বঙালীত ইয়াক চৰেকান্টা আৰু হিন্দীত চিৰচিৰা বুলি কয়। ই এক বহুবৰ্ষী ঘাঁহ। ই মাটিত বগাই যাই আৰু মাটি ডৰা লাহে-লাহে ঢাকি ধৰে। ই ২০-৮০ ছে:মি: পৰ্যন্ত দীঘল হয়। ফুলৰ আগ অংশ কাঁইটৰ দৰে হোৱা বাবে জন্তুৰ গাত বা মানুহৰ কাপোৰত লাগি সমস্যাৰ সৃষ্টি কৰে। এই ঘাঁহৰ উৎপাদন ক্ষমতা কম হলেও খৰাং বতৰ সহ্য কৰিব পৰা গুণৰ বাবে প্ৰতিকূল পৰিস্থিতিত গৰুৰ বাবে সেউজীয়া ঘাঁহৰ যোগান ধৰিব পাৰে। এই ঘাঁহৰ পুষ্টিকাৰক গুণসমূহ এনেধৰণৰ হয়-
অশোধিত প্ৰটিন-৮.৯৬%
চৰ্বীজাতিয় পদাৰ্থ-১.৬১%
অশোধিত আঁহজাতীয় পদাৰ্থ- ২৫.২৩%
কেলচিয়াম- ০.৫৩% আৰু
ফচফৰাচ- ০.২৭%।

দূৱৰী বন -

দূৱৰী বন আমাৰ অতি চিনাকী বন। ইয়াৰ বৈজ্ঞানিক নাম হ’ল চাইন’দন দেক্টাইলন (Cynodon dactylon), বঙালী ভাষাত ইয়াক দুৰ্বা, হিন্দীত ধূব, মাৰাঠীত হাৰীয়ালি আদি নামেৰে জনজাত। ই এক বহুবৰ্ষী ঘাঁহ আৰু অতি সোনকালেই পোখা আৰু ঠাল-ঠেঙুলি মেলি মাটি ডৰা চানি ধৰে। মাটিৰ তলত যথেষ্ট পৰিমাণে ৰাইজম উৎপাদন কৰাৰ ফলত ই সহজে নমৰে। পৃথীৱীৰ ভিতৰত ই এক উল্লেখযোগ্য অপতৃণ। ইয়াৰ পাত ৩-২০ ছে:মি: দীঘল হয়। ইয়াৰ কোনো কোনো প্ৰজাতি বাগিচাৰ ‘লন’ বা মসৃণ ঘাঁহনিৰ বাবে ৰোপন কৰা হয়। পশুখাদ্য হিচাবে ব্যৱহাৰ হোৱাৰ উপৰিও ইয়াৰ বহু ঔষধি গুণ আছে। যেনে- কটা-চিঙাত তেজ ওলোৱা বন্ধ কৰিবলৈ আৰু সোনকালে আৰোগ্য হ’বলৈ ইয়াৰ ৰস ব্যৱহাৰ কৰা হয়। প্ৰস্ৰাৱ সমন্ধীয় অসূখতো ইয়াৰ ৰস উপকাৰী। দূৱৰী বন আৰু নহৰু একেলগে মিঠাতেলৰ লগত গৰম কৰি, এই তেল বিষ উপষম কৰিবলৈ ব্যৱহাৰ কৰা হয়। নাকৰ পৰা তেজ ওলোৱা বন্ধ কৰিবলৈও ইয়াৰ ৰস ব্যৱহাৰ কৰা হয়। ইয়াৰ ৰেণুৰ পৰা নিষ্কাষিত ৰস এজমাৰ ঔষধ হিচাবে ব্যৱহাৰ হয়। দুৱৰীৰ পুষ্টিকাৰক দ্ৰব্যৰ পৰিমাণ গড় হিচাবত এনে ধৰণৰ-
অশোধিত প্ৰটিন-৮.৩৬৫
চৰ্বীজাতীয় পদাৰ্থ- ১.৬১%
অশোধিত আঁহজাতীয় পদাৰ্থ- ১৯. ৫৬%
কেলচিয়াম- ০.৩৯% আৰু
ফছফৰাছ ০. ১৪%

লেখক: ড০ কৰুণা কান্ত শৰ্মা

উৎস: সেউজ চিন্তা



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate