অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

নহৰুৰ ঔষধি গুণ :

নহৰুৰ ঔষধি গুণ :

নহৰু এবিধ মছলাজাতীয় উদ্ভিদ। ইয়াৰ ইংৰাজী নাম Garlic root।

অসমত ই নহৰু নামেৰে জনা যায় যদিও ভাৰতৰ বিভিন্ন ৰাজ্যত ইয়াক ভিন ভিন নামেৰে জনা যায়।

ইয়াৰ খেতি সাধাৰণতে কম পানী থকা আৰু সাৰুৱা মাটিত ভাল হয়। নহৰু গছৰ ফল বগা ৰঙৰ আৰু কেইবাটাও কোঁহ থাকে। অৱশ্যে এটা কোঁহ থকা নহৰুও আছে।

ইয়াক ঔষধত ব্যৱহাৰ কৰা হয়। নহৰু উষ্ণ বীৰ্য, পুষ্টিকাৰক, হজমবৰ্ধক। খাদ্য সুস্বাদু আৰু সুগন্ধি কৰিবলৈ নহৰু ব্যৱহাৰ কৰা হয়। ইয়াৰ বহুতো ঔষধি গুণো আছে।

নহৰুৰ কিছুমান ঔষধি গুণ এনেধৰণৰ-

  • পেটৰ বিষ হ’লে নহৰু পুৰি খালে উপকাৰ পোৱা যায়।
  • প্ৰস্ৰাৱ সমন্ধীয় ৰোগত নহৰু খালে ভল ফল পোৱা যায়।
  • গৰম গাখীৰৰ লগত নহৰু খালে শুক্ৰ বৃদ্ধি হয়।
  • খালী পেটত বা খোৱাৰ আগেয়ে ১-২ ফোটা নহৰু খালে ৰক্তচাপ নিয়ন্ত্ৰিত হয়।
  • গৰুৰ ঘিউৰ লগত দুফোটামান নহৰু খালে বিষ কমে।
  • বমি হ’লে নহৰু খালে উপকাৰ পোৱা যায়।
  • ঘাঁ-ফোহাত নহৰু পিহি লেপ লগালে বিষ কমে।
  • নহৰুৱে হজম বঢ়ায়। সেয়ে অৰুচি হ’লে নহৰু খালে অৰুচি ভাব দূৰ হয়।
  • কোষ্ঠকাঠিন্যৰ বাবেও নহৰু উপকাৰী। গৰম পানীৰে ২-৩ ফোটামান নহৰু খালে কোষ্ঠকাঠিন্য দূৰ হয়।
  • পেট ফুলিলে ১-২ ফোটা নহৰু কেঁচাই চোবাই খালে পেট ফুলা কমে।

লেখিকা: ললিতা শৰ্মা লহকৰ(অসম বাণী)



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate