অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

নাৰ্জী ফুলৰ ঔষধি গুণ :

নাৰ্জী ফুলৰ ঔষধি গুণ :

 

নাৰ্জীফুল সাধাৰণতে ঘৰত আৰু উদ্যানৰ শোভা বৰ্ধনৰ বাবে লগোৱা হয়। ই প্ৰায় প্ৰতিঘৰ মানুহৰ চৌহদতে পোৱা যায়। নাৰ্জী ফুল বীজাণুনাশক। হালধীয়া, চকলেট ৰঙৰ মাজত হালধীয়া থকা আদি ৰঙৰ নাৰ্জী ফুল পোৱা যায়। কিছুমান নাৰ্জী ফুল ডাঙৰ আৰু কিছুমান সৰু। ইয়াৰ কিছুমান ঔষধি গুণ এনেধৰণৰ-

*অৰ্শ ৰোগত নাৰ্জী ফুলৰ ৰস উপকাৰী।

*কটা-ছিঙা ঘাত নাৰ্জী ফুলৰ পাতৰ ৰস লগালে তেজ ওলোৱা বন্ধ হয় আৰু সোনকালে শুকায়।

*শীতকালত হাত-ভৰিৰ ছাল শুকান হৈ পৰে আৰু খজুৱালে বগা বগা গুড়িৰ নিচিনা ওলায়। নাৰ্জী ফুলৰ পাতৰ ৰসৰ লগত ভেচলিন মিহলাই লগালে ছাল নিমজ হৈ পৰে।

*নাৰ্জী ফুলৰ পাত গৰম পানীত সিজাই সেই ৰসেৰে কুলকুলি কৰিলে দাঁতৰ বিষ কমে।

*শৰীৰৰ বিভিন্ন স্থানত হোৱা খজুৱতিত নাৰ্জী ফুলৰ পাত থেতেলিয়াই সেই স্থানত লেপ লগালে অলপ পাছ পৰিষ্কাৰ কাপোৰেৰে মোহাৰি দিব লাগে। এনে ধৰণে লেপ লগালে আৰাম পোৱা যায়।

*পূৰঠ এচামুচ নাৰ্জী ফুলৰ গুটিত চেনি মিহলাই প্ৰতিদিন এচামুচকৈ অলপ দিন খালে স্বপ্নদোষ নিৰাময় হয়।

লেখিকা: ললিতা শৰ্মা লহকৰ(অসম বাণী)



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate