নেমু এবিধ অনেক গুণেৰে সমৃদ্ধ ফল। নানা ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত নেমুৰ ভূমিকা গুৰুত্বপূৰ্ণ। তদুপৰি সৌন্দৰ্যবৰ্ধক আৰু সজীৱতাৰ কাৰক নেমু। উল্লেখযোগ্য যে নেমুত যথেষ্ট পৰিমাণে ভিটামিন ‘চি’ পোৱা যায়। মানৱ দেহৰ উপযোগী ভিটামিন ‘এ’, ‘বি’, আইৰণ, মেগনেছিয়াম, ফছফৰাছ, ছিলিকা আদি বিভিন্ন উপাদান নেমুত পোৱা যায়। তদুপৰি নেমুৰ ৰসত থকা অন্যান্য উপাদানসমূহ হ’ল কাৰ্বহাইড্ৰেট ১০.৮ গ্ৰাম, কেলচিয়াম ৮৮ মি:গ্ৰা:, পটাছিয়াম ১.৭৫ মি:গ্ৰা:, ক’পাৰ ০.৪৯ মি:গ্ৰা:, থায়মিন ০.১ মি:গ্ৰা: লগতে চাইট্ৰিক আৰু ফলিক এচিডো প্ৰচুৰ পৰিমাণে থাকে। নেমুত থকা ভিটামিন চিয়ে মানৱ দেহৰ শ্ৰীবৃদ্ধিত প্ৰভূত অৰিহণা যোগাই আহিছে। বিশেষকৈ দাঁতৰ ৰোগ প্ৰতিৰোধৰ উপৰি দাঁতৰ ৰোগ প্ৰতিৰোধৰ উপৰি সৌন্দৰ্য বৃদ্ধিতো যথেষ্ট সহায় কৰে। বদহজমী, বমি, কোষ্ঠকাঠিন্য আদি ৰোগ নিৰাময়ত নেমুৰ স্থান অতুলনীয়।
নেমুৰ কেইটামান ঔষধি গুণ তলত দিয়া হ’ল-
১। পানী লগা অসুখত গোল নেমুৰ ৰস বা গুটি পিহি খালে এই ৰোগ নিৰাময় হয়।
২। মূৰ ঘূৰণি আৰু মূৰৰ বিষ হ’লে নাৰিকলৰ তেলৰ লগত নেমুৰ ৰস মিহলাই মূৰত লগালে ৰোগ উপশম হয়।
৩। চকুৰ উজ্জ্বলতা বৃদ্ধিৰ উপৰি চকুত ছানি পৰা ৰোগত গোল নেমুৰ ৰস অতি উপকাৰী।
৪। সৰু ল’ৰা-ছোৱালীৰ কৃমি নাশ কৰিবলৈ খালী পেটত গোল নেমুৰ ৰস আৰু গুটি পিহি খুৱাব লাগে।
৫। ইনফ্লুৱেঞ্জা, কলেৰা, জ্বৰ, ভাইৰেল জ্বৰ, স্নায়ু দুৰ্বল আদি ৰোগ প্ৰতিৰোধত নেমুৰ যথেষ্ট ঔষধি গুণ আছে।
৬। আমি গ্ৰহণ কৰা খাদ্যৰ প্ৰয়োজনীয় পুষ্টি শৰীৰত শোষিত হোৱাত নেমুৰ ৰস আৰু বাকলিয়ে যথেষ্ট সহায় কৰে।
৭। আমিষভোজী লোকসকলে নিয়মীয়াকৈ নেমু খালে যকৃত ৰোগৰ পৰা হাত সাৰি থাকিব পাৰে।
৮। জণ্ডিচ ৰোগত ভোগা ব্যক্তিৰ শাৰীৰিক দুৰ্বলতা নাশ কৰাৰ বাবে নেমু পৰম উপকাৰী ফল।
৯। জিনৰ দুৰ্বলতাৰ কাৰণে হোৱা শৰীৰৰ সকলো ধৰণৰ ৰোগ নিৰাময়ত নেমু অতি উপকাৰী।
১০। ঘা আৰু চৰ্মৰোগ নিৰ্মূলত নেমুৰ ৰস, মিঠাতেল(সৰিয়হ)বা নাৰিকলৰ তেলৰ লগত মিহলাই লগালে সুফল পোৱা যায়।
১১। নেমুত থকা ভিটামিন চিয়ে ৰক্তহীনতাত ভোগা ব্যক্তিৰ দেহত হিম’গ্লবিন বৃদ্ধিত সহায় কৰে। এই ৰোগীয়ে প্ৰতিদিনৰ আহাৰত নিয়মীয়াকৈ নেমু খোৱা দৰকাৰ।
১২। মেদবহুলতাৰ সমস্যা আঁতৰাই দেহৰ গঠন সুন্দৰ আৰু আটিল কৰিবলৈ পুৱা খালী পেটত এগিলাছ পানীৰ লগত এটা নেমুৰ ৰস মিশ্ৰণ কৰি প্ৰতিদিনে খাব পাৰে।
১৩। দেহৰ যিকোনো অংগত পৰা ক’লা দাগ নাইকিয়া কৰিবলৈ নেমুৰ ৰসৰ লগত মৌ মিহলাই একেৰাহে এমাহ লগাব লাগে।
১৪। প্ৰতিদিনৰ আহাৰত এডোখৰকৈ নেমু খালে শাৰীৰিক দুৰ্বলতা নাশ হয়।
১৫। একাপ দৈৰ লগত এটা নেমুৰ ৰস মিহলাই মুখমণ্ডলত প্ৰলেপ দি ৩০ মিনিট সময় ৰাখিলে মুখৰ সৌন্দৰ্য বৃদ্ধিৰ উপৰি ছালখন শুকান হোৱাৰ পৰা ৰক্ষা পৰে।

নেমুৰ আন এটা উল্লেখযোগ্য ভূমিকা হ’ল গৰমৰ দিনত মানৱ দেহৰ পৰা ঘামৰ লগত অধিক পৰিমাণে খনিজ পদাৰ্থ বাহিৰ লগত অধিক পৰিমাণে খনিজ পদাৰ্থ বাহিৰ ওলাই যায়, তেতিয়া নেমুৰ চৰবতে দেহত হ্ৰাস পোৱা খনিজ পদাৰ্থৰ অভাৱ পূৰণ কৰে।
নেমুৰ ৰসৰ লগত চেনি-নিমখ মিহলাই খোৱাৰ ফলত মানৱ দেহত কেলছিয়াম আৰু পটাছিয়াম হ্ৰাস পোৱাত বাধাৰ সৃষ্টি কৰে। বেছিকৈ ঘমা লোকে নেমুৰ চৰবতৰ লগত পদিনাৰ পাতৰ ৰস আৰু অকণমান ক’লা নিমখ মিশ্ৰণ কৰি খালে দেহত শক্তি পায়।
মুঠৰ ওপৰত নেমুৰ অনেক গুণ আছে। সেয়ে আমি সকলোৱে প্ৰতিদিনৰ ভাতসাঁজত নেমুৰ ব্যৱহাৰ কৰি এটা ৰোগমুক্ত আৰু সুস্থ-সবল জীৱনৰ গৰাকী নিশ্চয় হ’ব পাৰো।

লেখক: ঘনশ্যাম দাস

উৎস – নিয়মীয়া বাৰ্তা