অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

পদিনাৰ গুণ :

পদিনাৰ গুণ :

পদিনা হৈছে সৰল আৰু সামান্য ঠাৰিযুক্ত পাতসমৃদ্ধ এবিধ বহুবৰ্ষজীৱী উদ্ভিদ। ই মাটিত আনুভূমিকভাৱে বিস্তাৰিত হোৱা এবিধ আয়তাকাৰ-ডিম্বাকাৰ পাতেৰে আগুৰা উদ্ভিদ। নিৰ্দিষ্ট ঠাইত পৰিপাটিকৈ লগাব পাৰিলেই বাৰীৰ সৌন্দৰ্য বৃদ্ধি কৰিব পাৰে। ইয়াক শাকৰ শাৰীত ধৰা হয় যদিও সাধাৰণ শাকৰ দৰে ভাজি বা তৰকাৰী কৰি খোৱা নহয়। পাত আৰু গছৰ ঠাৰি অংশক পিহি চাটনিৰ ৰূপত নতুবা ৰস উলিয়াই চৰবত ৰূপত খোৱা হয়। ইয়াৰপৰা প্ৰস্তুত কৰা দ্ৰব্য তৃপ্তিদায়ক। ইয়াৰ এক আকৰ্ষণীয় সুগন্ধও থাকে, যাৰ জৰিয়তে ই আকৰ্ষণীয় সুগন্ধও থাকে, যাৰ জৰিয়তে ই আকৰ্ষণ কৰিব পাৰে। ইয়াৰ দেহত থকা উদ্বায়ী জৈৱ উপাদানেই সেই সুগন্ধ প্ৰদান কৰে।

ইংৰাজীত ইয়াক Mint আৰু বৈজ্ঞানিকভাৱে প্ৰজাতিভেদে Mentha arvensis, Mentha spieata আদি নামত জনা যায়। পদিনাক আমি প্ৰধানকৈ খাদ্য তৃপ্তিদায়ক হিচাপে ব্যৱহাৰ কৰোঁ যদিও ই কিন্তু পুষ্টিদায়ক হোৱাৰ লগতে ভালেখিনি ঔষধি গুনসম্পন্নও। ইয়াত পোৱা ৰাসায়নিক পদাৰ্থসমূহৰ ভিতৰত উল্লেখনীয় কেইবিধমান হৈছে-

ক)এচেটিক এচিড,

খ)এচিটফেন’ন,

গ)বিটা কেৰ’টিন,

ঘ)এচিটফেন’ন,

ঙ)বিটা কেৰ’টিন,

চ)বৰনিঅল,

ছ)কেৰিঅ’ফাইলিন,

জ)ইমানল,

ঝ)ইউজিনল,

ঞ)হেচপেৰিডিন,

ট)মেন্থল,

ঠ)মিথিয়নিন,

ডটিপ্টফেন ইত্যাদি।

এইবোৰৰ উপৰি ইয়াত পোৱা যায় কেইবাবিধো খনিজ লৱণ আৰু ভিটামিন। সামগ্ৰিকভাৱে ইয়ৰ ১০০ গ্ৰাম দ্ৰব্যত পোৱা পুষ্টি উপাদানবোৰ এনে-

১)শক্তি ৪৪ কিঃ কেল’ৰি,

২)কাৰ্ব’হাইড্ৰেট ৫.৮ গ্ৰাম,

৩)স্নেহ পদাৰ্থ ০.৭৩ গ্ৰাম,

৪)আঁহ ২.০ গ্ৰাম,

৫)প্ৰ’টিন ৪.৮ গ্ৰাম।

৬)পানী ৮৩ গ্ৰাম,

৭)আইৰণ ১.৫৬ মিঃ গ্ৰাম,

৮)কেলছিয়াম ২০০ মিঃ গ্ৰাম,

৯)কপাৰ ০.২৪০ মিঃ গ্ৰাম,

১০)মেগনেছিয়াম ৬৩ মিঃ গ্ৰাম,

১১)মেংগানিজ ১.১২ মিঃ গ্ৰাম,

১২)জিংক ১.০৯ মিঃ গ্ৰাম,

১৩)ফচফৰাছ ৮০ মিঃ গ্ৰাম

১৪)ছডিয়াম ৩০ মিঃ গ্ৰাম,

১৫)পটাছিয়াম ৪৫৮ মিঃ গ্ৰাম

১৬)ভিটামিন ‘এ’ ২৭০০ আই ইউ,

১৭)ভিটামিন বি১ ০.০৭৮ মিঃ গ্ৰাম,

১৮)ভিটামিন বি২ ০.১৭৫ মিঃ গ্ৰাম,

১৯)ভিটামিন বি৩ ০.৯৪৮ মিঃ গ্ৰাম,

২০)পাইৰ’ডক্সিন ০.১৫৮ মিঃ গ্ৰাম,

২১)ফলেট ১০৫ মাইক্ৰ’ মিঃ গ্ৰাম আদি।

উল্লেখিত উপাদানসমূহেই প্ৰ্তিপন্ন কৰে যে পদিনা এবিধ সঁচাই পুষ্টিকাৰক খাদ্য।

পদিনা পুষ্টিৰ উপৰি যথেষ্ট ঔষধি গুণৰ অধিকাৰী বুলিও পোহৰলৈ আহিছে। তাৰে কিছু এনেধৰণৰ-

*পদিনাৰে প্ৰস্তুত কৰা চাহৰদ্বৰ জ্বৰ, ব্ৰংকাইটিছ, পানী লগা, মূৰৰ কামোৰণি, নাক বন্ধ আদিত উপকাৰ পোৱা যায়।

*ই পেটৰ অসুখ, গেষ্ট্ৰিক, বদহজমী, বমি ভাব, অনিয়মীয়া ঋতুস্ৰাৱ আদিৰ উপশমত সুফল দিয়ে।

*ইয়াৰ পাতৰপৰা আহৰণ কৰা তেল ৰিউমেটিজিম, মাংসপেশীৰ দুৰ্বলতাৰ বাবে উপকাৰী।

*ইয়াত থকা পিপেন আৰু কৰভান নামৰ দ্ৰব্যই শৰীৰৰ ভাগৰ আৰু মনৰ চিন্তা আঁতৰ কৰে।

*শৰীৰৰ কোষৰ বিপাক আৰু হিম’গ্ল’বিনৰ উৎপত্তিত ই যথেষ্ট সহায় কৰে।

*পদিনাত পোৱা পটাছিয়ামে ৰক্তচাপ নিয়মীয়া কৰি ৰখাত সহায় কৰে।

*পদিনাত যথেষ্ট এন্টিঅক্সিডেন্ট থকাৰ হেতুকে ই শৰীৰৰ ৰোগ প্ৰতিৰোধী ক্ষমতাৰো অধিকাৰী।

*ই বন্ধ্যাত্ব দোষ চুলিৰ অকালপক্বতা আৰু নখ বগা পৰ ৰোগ উপশমত অৰিহণা যোগাব পাৰে।

*পৌৰাণিক চিকিৎসা পদ্ধতিত ইয়াৰ পাতৰপৰা পোৱা মেন্থল আৰু গছ-গছ কেন্সাৰ আৰু শৰীৰত হোৱা টেমুনাৰ চিকিৎসাত ব্যৱহাৰ কৰা হৈছিল।

*পদিনাৰ ৰস বা পাত ঘৰৰ মজিয়াত ছটিয়াই মাখি, পোক-পৰুৱা, নিগনি আদিৰ উপদ্ৰৱ কমাব পাৰি।

গতিকে এইটো সহজবোধ্য যে পদিনা এবিধ অতি উপকাৰী উদ্ভিদ, যাক আমাৰ বিভিন্ন প্ৰকাৰৰ কামত ব্যৱহাৰৰদ্বাৰা আমি উপকৃত হোৱাৰ স্থল আছে।

লেখক: অৰ্পণ দত্ত(দৈনিক অসম)



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate