পিঁয়াজ নোহোৱাকৈ আমাৰ এসাঁজো ভাত নচলে৷বহুতৰ প্ৰিয় খাদ্য হ'ল কেঁচা পিঁয়াজ নাইবা চালাডত মিহলি পিঁয়াজ৷ পিঁয়াজৰ ব্যৱহাৰ ৫হেজাৰৰো অধিক বছৰ পুৰণি৷ বুৰঞ্জীয়ে কোৱা মতে ইজিপ্তত পিৰামিডৰ নিৰ্মাণৰ লগত জড়িত বনুৱাসকলক কামৰ বিনিময়ত পিঁয়াজ দিয়া হৈছিল৷ এচিয়াৰ বিভিন্ন দেশ আৰু মধ্যপ্ৰাচ্যত বহু হাজাৰ বছৰৰ পৰা পিঁয়াজৰ খেতি চলি আহিছে৷ কলম্বচে পিঁয়াজৰ সঁচ বেষ্ট ইণ্ডিজ আৰু আমেৰিকালৈ লৈ যায়৷আজি বিশ্বৰ অধিক পিঁয়াজ উৎপাদনকাৰী দেশৰ তালিকাত আমেৰিকাও আছে৷আন আন দেশ হ'ল-ভাৰত, পাকিস্তান, চীন, ৰাচিয়া, স্পেইন, ইজিপ্ত৷পিঁয়াজ ডাঙৰ, মজলীয়া আৰু সৰু তিনিটা আকাৰৰ হয়, সৰহ সংখ্যক খেতি মজলীয়া বিধৰ হয়৷আকৌ সচৰাচৰ আমি দেখা ৰঙা বিধৰ বাহিৰে এবিধ বগা পিঁয়াজো আছে৷পিঁয়াজৰ ব'টানিকেল নাম হ'ল- এলিয়াম চিপা(Allium cepa)
যিমান মূল্য বাঢ়িলেও সেয়া আপোনাৰ বলে পোৱাৰ ভিতৰত থাকিব বুলিয়েই মোৰ বিশ্বাস৷কিয়নো মজলীয়া চাইজৰ আধা পিঁয়াজেই দিনটোৰ বাবে যথেষ্ট ৷অসমত, গুৱাহাটীত আৰু আন আন অঞ্চলত বৰ্তমান পিঁয়াজৰ মূল্য প্ৰতি কিলোত কিমান চলি আছে বাৰু? বাতৰিমতে দেশৰ সৰ্বাধিক পিঁয়াজ উপাদন হোৱা ঠাই মহাৰাষ্ট্ৰৰ নাচিকত ইয়াৰ মূল্য ৪০ৰ ওচৰ চাপিছেগৈ৷ বতৰৰ বিধি-পথালিৰ বাবে পিঁয়াজৰ খেতি বেয়া হলে মূল্য ১০০টকালৈকে উধাব পাৰে বুলি পূৰ্বানুমান কৰা হৈছে৷দিল্লী, নয়ডাত ৪৫ ৰ পৰা ৫৫ টকা চলি থকা বুলি জনা গৈছে৷
লিখক: ডা০ ভূপেন শইকীয়া।
শেহতীয়া উন্নীতকৰণ: : 4/14/2020
কৰাল
অসম গৃহ আৰু অন্যান্য নিৰ্মাণ শ্ৰমিক কল্যাণ পৰিষদ
অকলশৰীয়া মাতৃৰ দায়িত্ব
উইণ্ড’জ অন এ আৰ এম প্ৰচেছৰ নিৰ্মাণ