সৰুতে কাহ হওঁতে জালুক, আদা, পিপলি পিহি মৌৰ সৈতে খোৱা মনত আছে। বৰ জ্বলা। পিছত গুড় অলপ মুখত লৈ চুপি চুপি খাব লগা হৈছিল। পিপলি-আদা-জালুকৰ সৈতে পিহি সৰু সৰু বড়ি বনাই খায় গাৰ বিষ শাম কাটিবলৈ। সৈন্ধৱ লৱণ, আমলখি, শিলিখাৰ লগত পিপলি পিহি খালে অজীৰ্ণ দূৰ হয়। ভেষজ ঔষধৰ সমস্ত ভাণ্ডাৰ অতীজতে আমাৰ গাঁও সমূহৰ বাৰী, হাবিবোৰত আছিল। এতিয়া বিভিন্ন কাৰণত নোহোৱা হ’ল। অৱশ্যে থলুৱা জালুক, কেঁচা হালধি, মৰাণ আদা, কৰদৈ, ভেদাইলতা, মানিমুনি, নৰসিংহ আদিয়ে এতিয়াও গাঁও চহৰৰ বজাৰৰ একোণত শোভা বৰ্দ্ধন কৰে তাকৰকৈ হ’লেও। বিচাৰি বিচাৰি দুই এক ব্যক্তিয়ে কিনে ঔষধ বুলি খাবলৈ। কোনো কোনো সচেতন ব্যক্তিয়ে হাততে পোৱাকৈ ভেষজ ঔষধ বুলি বাৰীতে ৰোৱে। কোনোৱে কৃষি বাণিজ্যৰ বাবে খেতি কৰে। কিন্তু পিপলি কাচিৎহে অসমৰ বজাৰত কেতিয়াবা দেখিবলৈ পোৱা যায়। পিপলি হৈছে দীঘল স্পাক জাতীয় ফল। বহুবৰ্ষজীৱি, সুগন্ধিযুক্ত, দীঘল, লাহী এবিধ পাণ জাতীয় লতাৰ পৰা পিপলি ফলবোৰ আহৰণ কৰা হয়। পিপলি লতাৰ বৈজ্ঞানিক নাম হ’ল Piper Longum Linn, গোত্ৰ Piperaceae। ইংৰাজীত ইয়াক Long Pepper বুলি কোৱা হয়। হিন্দীত ইয়াক Piple, সংস্কৃতত পিপলি, Chanchala, বঙালী ভাষাত Pipool আৰু মালয়ালামত Thippali নামেৰেও জনা যায়। পিপলি লতা সাধাৰণতে গাঁঠিৰপৰা ওলোৱা শিপাৰে মাটিত বগাই যায় আৰু প্ৰায় ৫০-৭০ ছে:মি: মান ওখ হয়। ইয়াৰ পাত ৫-৯ ছে:মি: মান দীঘল, বহলে প্ৰায় ৪-৫ ছে:মি: পাতবোৰ হৃদাকাৰ, গুৰিৰ ফালে প্ৰায় ঘূৰণীয়াকৈ দুটা ভাগত বিভক্ত, মিহি, সূক্ষ্মাগ্ৰ। গাইগুটীয়া মঞ্জৰী বা স্পাইকত একলিংগী ফুল ফুলে। পূৰঠ পুং পুষ্পবিন্যাসবোৰ ডাঙৰ, লাহী, দীঘলে প্ৰায় ৩-৭৫ ছে:মি: মান দীঘল হয়। প্ৰতিটো ফলত(স্পাইকত) সৰু সৰু বগৰীৰ দৰে (Berries) গুটিবোৰ Rachis ৰ লগত লাগি থাকে। কেঁচা অৱস্থাত পুষ্পমঞ্জৰী সেউজীয়া আৰু পূৰঠ হ’লে প্ৰায় গাঢ় সেউজীয়া বৰণৰ হয়। সাধাৰণতে শীত কালৰ লগে লগেই ফল পূৰঠ হয় যাক আমি পিপলি বুলি কওঁ। পিপলিৰ ফল আৰু শিপাত উদ্ধায়ীতেল (Essential oil) আৰু Piperine, Pipperridine, Piplartine নামৰ উপক্ষাত(Alkaloids) পোৱা যায় যাৰ বাবে পিপলিৰ ঔষধি উদ্যোগত চাহিদা বেছি। ঔষধ হিচাপে ইয়াৰ ফল বিভিন্ন ৰোগৰ চিকিৎসাত ব্যৱহাৰ কৰা হয়। কাহ, ব্ৰংকাইটিছ, হাঁপানী, মৃগী, কুষ্ঠৰোগ, যক্ষ্মা, নিদ্ৰাহীনতা, পাকস্থলীৰ ব্যাধি, পেশী জনিত বিষ আদি ৰোগত পিপলিৰ ফল বা তাৰ পৰা আহৰণ কৰা উপক্ষাৰ সমূহ ব্যৱহাৰ কৰা হয়। ইয়াৰ ফল আৰু শিপাৰ সোৱাদ তিতা, উষ্ণ, কটু(Hot &Sharp)। গাঁঠিবাত (Gaut) Lumbago আদি ৰোগত ফল আৰু শিপা ব্যৱহাৰ কৰা হয়। আয়ুৰ্বেদ চিকিৎসাত পিপলি লতাৰ শিপা পিত্তবৰ্দ্ধক, কফ, বানশামক, যকৃত উত্তেজক, কফ নি:সাৰক হিচাবে ব্যৱহাৰ কৰা হয়। ইন্দো-মালয়েছিয়া অঞ্চলক পিপলিৰ আদি বাসস্থান হিচাবে জনা যায়। ভাৰতবৰ্ষৰ উষ্ণ অত্যাধিক বৰষুণ হোৱা অঞ্চল, নেপাল, ইন্দোনেচিয়া, মালয়েছিয়া শ্ৰীলংকা, ফিলিপাইন, ৰিয়’ আদি দেশত বনৰীয়া ভাৱে পিপলিলতা পোৱা যায়। এতিয়াও বনৰীয়া উৎসৰ পৰা যধে মধে সংগ্ৰহ কৰাৰ ফলত ইয়াৰ ক্ৰমাগত অৱলুপ্তি আৰু ঔষধীয় উদ্যোগত ব্যাপক ব্যৱহাৰে পিপলিক এজোপা কৃষিজাত শস্যলৈ ৰূপান্তৰিত কৰিছে। ঔষধি উদ্যোগত পিপলিৰ বৰ্দ্ধিত ব্যৱহাৰৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত চৰকাৰৰ Medicinal Plants Board য়ে পিপলিক ব্যৱসায়িক খেতিৰ বাবে চিনাক্ত কৰিছে। অসমৰ বিভিন্ন জিলা, তামিলনাডু, মহাৰাষ্ট্ৰ, অন্ধ্ৰপ্ৰদেশ আদিত ইতিমধ্যে ইয়াৰ বাণিজ্যিক খেতি আৰম্ভ হৈছেই। অসমৰ মাটি আৰু জলবায়ু পিপলিৰ খেতিৰ বাবে প্ৰশস্ত হোৱাত অসমতো ইয়াৰ খেতি বহুল ভিত্তিত ব্যৱসায়িক ভাৱে কৰিব পৰা যায়। সাধাৰণতে জৈৱিক সাৰযুক্ত পানী জমা নোহোৱা আলতীয়া বা বালিচঁহীয়া মাটি পিপলিৰ খেতিৰ বাবে উপযোগী। যিহেতুকে ই বেছি ওখ নহয়, গতিকে কল, নাৰিকল, তামোল, জেট্ৰফা, অমিতা আদিৰ লগত অন্ত:শস্য হিচাবে পিপলিৰ খেতি কৰিব পৰা যায়। অসমত স্থানীয় ভাৱে দুবিধ সঁচ পোৱা যায়, Asli আৰু Suvali(মাইকী সঁচ)। Kerela Agricultural University ৰ পৰা ওলোৱা “Viswam-a” নামৰ এবিধ উন্নত জাত পোৱা যায়। সাধাৰণতে উন্নত, নিৰোগী গছৰ ২-৩ টা গাঁঠি থকা কলম কাটি পিপলিৰ খেতি কৰা হয়। পুলি লগোৱাৰ ছমাহৰ পিছতেই ফচল অৰ্থাৎ পিপলি ফলবোৰ চপাব পাৰি। পিপলিৰ স্পাইকবোৰ দুমাহ মানৰ ভিতৰত পূৰঠ হয় আৰু গাঢ় সেউজীয়া হৈ থাকোতেই সিহঁতক হাতেৰে ছিঙা হয়। বেছি পূৰঠ হ’লে সিহঁতৰ জ্বলা ধৰণৰ সোৱাদটো নাইকিয়া হয়। ছিঙি অনা পিপলিবোৰ ৰ’দত ৪-৫ দিন শুকোৱা হয়। কেঁচা আৰু শুকান পিপলিৰ শতকৰা হাৰ হ’ল ১০:১.৫। ভালদৰে শুকোৱা শুকান পিপলিৰ মূল্য বহু বেছি। ফলৰ দৰে পিপলিৰ শকত গুৰিকাণ্ড আৰু শিপাৰও যথেষ্ট ঔষধি গুণ আছে। বিক্ৰীৰ বাবে সাধাৰণতে তিনি বছৰৰ মূৰত শিপাবোৰ খন্দা হয় আৰু মাটি আঁতৰাই ভালদৰে চাফা কৰা হয়। ইয়াৰ পৰা Pippalimool প্ৰস্তুত কৰা হয়। Pippalimool ৰ দুটা Grade আছে। পৰিস্কাৰ শিপাবোৰ ২.৫-৫ ছে:মি: দীঘলকৈ কাটি ছাঁত শুকোৱা হয়, Grading কৰা হয় আৰু পৃথকে পৃথকে বিক্ৰীৰ বাবে জমা কৰা হয়। শকত শিপা আৰু মাটিত থকা কাণ্ড ভাগক Grade-I বুলি কোৱা হয় আৰু তাৰ দাম বেছি। লাহী শিপা কাণ্ড আৰু ভঙা-ছিঙা অংশবোৰক Grade-II বা III Pippalimool বোলে আৰু দামো তুলনামূলকভাৱে কম। হেক্টৰে প্ৰতি প্ৰায় ৫০০ কেজি উৎপাদন হয়। প্ৰথম বছৰত হেক্টৰে প্ৰতি ৪০০ কেজি আৰু দ্বিতীয় বছৰত প্ৰায় ৮০০-১০০০ কেজি পিপলি উৎপাদন হয়। তৃতীয় বছৰলৈ উৎপাদন লাহে লাহে কমি যায়। ঘৰুৱা ভাৱে বিভিন্ন ৰোগৰ চিকিৎসাত পিপলিৰ ব্যৱহাৰ হয়। সাধাৰণ মানুহে জালুকৰ দৰেই পিপলি গুড়ি কৰি মচলাৰ দৰে ব্যৱহাৰ কৰিব পাৰে। উন্নত কৃষিপ্ৰণালীৰে পিপলিৰ খেতি কৰি আমাৰ ৰাইজ লাভান্বিত হ’ব পাৰে লগতে সৰ্বসাধাৰণ ৰাইজৰ বাবেই পিপলি ব্যৱহাৰৰ বাবে সহজলভ্য হ’ব। বিক্ৰীৰ বাবে কৃষকে আগতীয়াকৈ আয়ুৰ্বেদিক কোম্পানী, ফাৰ্ম আদিৰ লগত যোগাযোগ কৰা উচিত। ঘৰুৱা শাকনিবাৰীত অন্তত: ২০ জোপামান পিপলি লগালে সহজতে তাৰ গুণাগুণ লাভ কৰিব পাৰি।
লেখিকা: মিনুআৰা বেগম, বনদৰব আৰু আৰোগ্য।
শেহতীয়া উন্নীতকৰণ: : 6/30/2020
আদা
আদা
আদা-হালধিৰ কৃষি কাহিনী
আদা খেতিৰ কীট-পতঙ্গ আৰু বেমাৰৰ সমন্বিত নিয়ন্ত্রণ