বগৰীৰ শিপা থেতেলিয়াই তাৰ ৰস খালে কাহ ভাল হয়। প্ৰস্ৰাৱ বন্ধ হ’লে বগৰীৰ সৈতে ১০-১৫ টা মান জিৰা পিহি খালে প্ৰস্ৰাৱৰ কষ্ট দূৰ হয়। বমি ভাৱ হ’লে বগৰী খালে বমি ভাৱ দূৰ হয়। মহিলাসকলৰ বগাস্ৰাৱ পৰিলে পুৱা ২-৩ গ্ৰামমান বগৰী ছালৰ গুড়ি খালে ৰোগ নিৰাময় হয়। বগৰী গছৰ কোমল পাত পিহি তাৰ ৰস খালে জ্বৰ নিৰাময় হয়। দাঁত দুৰ্বল হ’লে বগৰীৰ ছাল নাইবা পাতৰ ৰস উলিয়াই সেই ৰসেৰে কুলি কুলি কৰিলে দাঁত সুস্থ হয়। অতিসাৰ ৰোগত বগৰী গছৰ ছাল নাইবা শিপাৰ গুড়ি খালে ৰোগ নিৰাময় হয়। মূৰ বিষালে বগৰীৰ শিপা থেতেলিয়াই খালে ভাল ফল পোৱা যায়। অনবৰতে ভাগৰ অনুভৱ কৰিলে বগৰীৰ গুড়ি নাইবা ১০০-২০০ গ্ৰাম বগৰী খালে ভাগৰ কমে। বগৰী গছৰ বাকলি গুড়ি কৰি খালে ডায়েৰিয়া ভাল হয়। কিছুমানৰ অনবৰত হিকটি আহে। বগৰীৰ গুটিৰ ভিতৰৰ অংশ পাণমুড়ি আৰু লঙৰ লগত খালে হিকটি ভাল হয়। বগৰীৰ কোমল পাত থেতেলিয়াই ৰস উলিয়াই সেই ৰস নিয়মিত ৩-৪ মাহ অকণমানকৈ খালে মেদ কমে। লেখিকা: ললিতা শৰ্মা লহকৰ, অসম বাণী।