অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বনৌষধিৰ পৰিচয় :

 

তুলসী -

অতি গুণকাৰী তুলসীৰ গুণানুকীৰ্তন কৰি শেষ কৰিব নোৱাৰি। অনন্ত গুণৰ অধিকাৰী তুলসীক সকলো বনৌষধিৰ মাতৃ বুলি কোৱা হয়। ভাৰতৰ প্ৰাচীন আয়ুবেৰ্দিক চিকিৎসা শাস্ত্ৰৰ পাতে পাতে তুলসীৰ বিবিধ প্ৰয়োগৰ বৰ্ণনা পোৱা যায়। তুলসী ভাৰতৰ প্ৰতিটো প্ৰান্ততে সকলো লোকে অতি পৱিত্ৰ উদ্ভিদ বুলি গণ্য কৰে আৰু সকলোৱে চিনি পায়। বিভিন্ন ভাসাত তুলসীৰ নাম সামান্য বেলেগ যদিও ‘তুলসী’ সকলোৰে পৰিচিত।

হিন্দীৰ তুলসী, সংস্কৃত- তুলসী, ইংৰাজীত চেক্ৰেড হোলি বেছিল, বৈজ্ঞানিক নাম ওচিয়াম চেক্টাম। ই লেবিয়েচি গনৰ অন্তৰ্গত উদ্ভিদ।

গুণ -

আচাৰ্য চৰকৰ মতে তুলসী শ্বাসহৰ। আচাৰ্য সুশ্ৰুতৰ মতে তুলসী সুৰসাদি শিৰোবিৰেচন।

সমগ্ৰ ভাৰততে তুলসী পোৱা যায় আৰু সহজতে ইয়াৰ খেতি কৰিব পাৰি। তুলসীৰ পত্ৰ, পুষ্প, বীজ আৰু মূল ঔষধৰ ঔষধৰ উপাদান ৰূপে ব্যৱহাৰ হয়।

তুলসী লঘু আৰু ৰুক্ষগুণসম্পন্ন। ৰস কটু আৰু ৰিক্ত। বিপাক কটু। বীৰ্য কটু। বীৰ্য উষ্ণ। প্ৰভাৱ-কৃত্ৰিঘ্ন।

এনে গুণবিশিষ্ট তুলসীৰ প্ৰয়োগ মানৱ শৰীৰৰ ওপৰত বাহ্য আৰু অভ্যন্তৰ দুয়ো ধৰণে কৰা হয়।

তুলসী উষ্ণ বীৰ্য হোৱাৰ কাৰণে ই কফ, বাতনাশক। পাচন তন্ত্ৰৰ কাৰণে ই উত্তম দীপন, পানন অনুলোমন আৰু কৃত্ৰিম। তুলসী ৰক্ত শোধক আৰু শ্বাসতন্ত্ৰৰ কাৰণে হিতকৰ। কাহ-কফ নাশক আৰু ক্ষয়নাশক। ইয়াৰ বীজ উত্তম মূত্ৰল হোৱাৰ কাৰণে তুলসী মূত্ৰ তন্ত্ৰৰ বিকাৰত প্ৰয়োগ কৰা হয়। তুলসী এবিধ উত্তম শুক্ৰল। তুলসীয়ে ছালৰ ৰোগ নিৰাময় কৰিব পাৰে। ই জ্বৰনাশক আৰু শীতপ্ৰশমন কৰিব পৰা উত্তম ঔষধ। তুলসীয়ে বিষ নাশ কৰিব পাৰে। ইয়াৰ বীজত শৰীৰৰ শক্তি প্ৰদান কৰিব পৰা গুণ আছে।

তুলসীৰ ব্যৱহাৰ -

*তুলসী বাতশ্লৈষ্মিক বিকাৰৰ কাৰণে উত্তম ঔসধ।

*শৰীৰত হোৱা বিষ-যন্ত্ৰণা ই নিৰাময় কৰিব পাৰে।

*অগ্নিমান্দ্য, কোষ্ঠকাঠিন্য আৰু কৃমি ৰোগৰো এক উত্তম ঔষধ।

*হৃদযন্ত্ৰৰ দুৰ্বলতা আৰু ৰক্তবিকাৰত অতি হিতকৰ আৰু কাহ, শ্বাসতন্ত্ৰ, পাৰ্শ্বশূল, ৰাজযক্ষ্মাত অতি উপযোগী ঔষধ। এইবিলাক ৰোগত তুলসী পত্ৰ স্বৰস প্ৰয়োগ কৰা হয়।

*মূত্ৰকৃচ্ছ(পেচাব বন্ধ হোৱা) ৰোগত তুলসীৰ বীজৰ গুড়ি সামান্য পৰিমাণে পানীত গৰম কৰি খুৱালে ৰোগ আৰোগ্য হয়। শুক্তমেহ ৰোগতো তুলসীৰ বীজ ব্যৱহাৰ কৰা হয়।

*বিষম জ্বৰ, শীতল প্ৰধান জ্বৰ, বাতদশ্লৈষ্মিক জ্বৰ আদিত তুলসীৰ অব্যৰ্থ ঔষধ ৰূপে পৰিগণিত হৈ আহিছে। এইবিলাক জ্বৰত তুলসীৰ পাত আৰু তুলসীৰপাতৰ স্বৰস, জালুকৰ সৈতে ব্যৱহাৰ কৰিব লাগে।

*শৰীৰ কিবা কাৰণত দুৰ্বল হৈ পৰিলে, তুলসীৰ বীজ প্ৰয়োগ কৰিলে শৰীৰত পৰ্যাপ্ত বল বৃদ্ধি হয়।

ওপৰত উল্লেখ কৰা চিকিৎসকীয় ব্যৱহাৰৰ উপৰি তুলসী এবিধ ঘৰুৱা ঔষধৰ ৰূপত প্ৰতিদিনে ব্যৱহাৰ হৈ আহিছে। তুলসীৰ ঘৰুৱা ব্যৱহাৰযোগ্য ঔষধৰূপে তলত উল্লেখ কৰা বিকাৰবিলাকত কৰা হয়।

*পানী লাগি ৰুগ্ন হৈ পৰিলে চাহৰ লগত তুলসীৰ পাত, আদা আৰু জালুকৰ পাঁচটামান উতলাই চেকি লৈ খালে সোনকালে ৰোগমুক্ত হ’ব পাৰি।

*বিষম জ্বৰ, আন্ত্ৰিক জ্বৰ, বেছি ঠাণ্ডা পাই জ্বৰ হ’লে তুলসী পাতৰ স্বসৰ আৰু মৌ মিহলাই প্ৰতিদিনে তিনিবাৰকৈ খুৱালে এনে ধৰণৰ জ্বৰ আৰোগ্য হয়।

*মধুমেহত ভুগি থকা লোকক তুলসীপাত আৰু গুড়মাৰ বুটী মিশ্ৰণ প্ৰতিদিনে পুৱাতে সেৱন কৰালে যথেষ্ট উপকাৰ পায় আৰু অতিৰিক্ত তেজৰ শৰ্কৰা নিয়ন্ত্ৰণলৈ আহে।

*সৰু ল’ৰা-ছোৱালীৰ পেট ফুলিলে বদহজম হ’লে, তুলসীৰ পাত আৰু নাগৰবেল পাণৰ স্বৰসৰ লগত মিহলাই খুৱালে তৎক্ষণাত উপশম পায়।

*পানী লাগি নাক বন্ধ হৈ পৰিলে তুলসী পাতৰ স্বৰস সামান্য গৰম কৰি নাকৰ দুয়োটা ফুটাতে দুটোপালকৈ দিলে সোনকালে নাক খোল খাব আৰু গাটোও সুস্থ হৈ উঠিব।

*তুলসী পাতৰ স্বৰস আৰু চেনি মিহলাই সেৱন কৰিলে পনীয়া শৌচ হৈ থকা ৰোগ শীঘ্ৰে আৰোগ্য হয়।

*গৰমৰ দিনত বহুতো লোকৰ গা ঘামি দুৰ্গন্ধ ওলায়। তেনে লোকক তুলসী পাতৰ স্বৰস সেৱন কৰালে ৰক্তদোষ দূৰ হয় আৰু অতি সোনকালে গাৰ দুৰ্গন্ধ দূৰ হয়।

*ডিঙিত বিষ হৈ ফুলি উঠিলে, শ্বাস কষ্ট হ’লে তুলসী পাতৰ ৰস সামান্য গৰম কৰি তাৰ লগত দুগুণ মাত্ৰাত মৌ মিহলাই চেলেকি খাবলৈ দিলে, সোনকালে এই ৰোগ নিৰাময় হ’ব।

*ৰক্ত শুদ্ধিৰ কাৰণে তুলসী পাত বটি তাৰ ৰস উলিয়াই সেৱন কৰিলে ৰক্তবিকাৰ নিৰাময় হয়।

*অন্ত্ৰকৃমি(সৰু বা ডাঙৰ পেলু) প্ৰায় সকলো ল’ৰা-ছোৱালীৰে হোৱা দেখা যায়। পেলুৰ আক্ৰমণত ভোগা ল’ৰা-ছোৱালীক তুলসী পাত বটি লগত গুড়ি মিহলাই প্ৰতিদিনে পুৱা এবাৰকৈ প্ৰায় পোন্ধৰদিন খুৱালে পেলুৰ উপদ্ৰৱ নাইকিয়া হ’ব।

*কলেৰা বা কলেৰাসদৃশ ৰোগত তুলসীপাত আৰু জালুক বটি খুৱালে এই ৰোগ শীঘ্ৰে আৰোগ্য হয়।

*কাহ হৈ থাকিলে তুলসী গুটি এচামুচ মাত্ৰাত বটি গুড়ি কৰি লৈ লগত মৌ মিহলাই খুৱাই থাকিলে সোনকালে আৰোগ্য হয়।

*প্ৰচণ্ড মূৰৰ বিষত তুলসী পাত আৰু নেমুৰ ৰস সমান মাত্ৰাত লৈ খাই থাকিলে মূৰৰ বিষ নাইকিয়া হয়।

*কাণৰ বিষ আৰু কাণ উখহিলে তুলসী পাতৰ ৰস সামান্য গৰম কৰি টোপ টোপকৈ কাণত দি থাকিলে কাণৰ বিষ আৰু কাণফুলা দুয়োটাই নিৰাময় হয়।

*প্ৰস্ৰাৱ কৰোতে জ্বলা-পোৰা কৰিলে কেইদিনমান পূৱা-গধূলি তুলসী পাত দহোটামান চোবাই খাই থাকক। জ্বলা-পোৰা একেবাৰে নাইকিয়া হ’ব।

*মুখৰ ভিতৰত ঘা হৈ খোৱা-বোৱাত কষ্ট পাই থাকিলে তুলসী আৰু মালতী ফুলৰ পাত সমান পৰিমাণত লৈ চোবাই খাই থাকিলে মুখৰ ঘা সোনকালে শুকায় আৰু বিষো নাইকিয়া হয়।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন।



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate