অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বনৌষধিৰে বিভিন্ন ৰোগৰ চিকিৎসা

বনৌষধিৰে বিভিন্ন ৰোগৰ চিকিৎসা

গ্ৰীস্মকালত সাধাৰণতে আমাৰ পাকস্থলী, যকৃত। ছাল আদি বিভিন্ন ৰোগত আক্ৰান্ত হোৱাদেখা যায়। ইয়াৰ ভিতৰত মেলেৰিয়া, গ্ৰহণী, পেটচলা, জণ্ডিচ, খৰ-খজুৱতি, প্ৰস্ৰাৱৰ ৰোগ আদিয়েই প্ৰধান। এই ৰোগসমূহ সাধাৰণতে নগৰ অঞ্চলতকৈ গ্ৰাম্য অঞ্চলত তুলনামূলকভাৱে বেছি হোৱা পৰিলক্ষিত হয়। গ্ৰীস্ম কালত হোৱা প্ৰায়বিলাক ৰোগেই পৰিস্কাৰ–পৰিচ্ছন্নতা, খাদ্যাভ্যাস আদিৰ দ্বাৰা প্ৰতিৰোধ আৰু নিৰাময় কৰিব পাৰি। গৰম দিনত হোৱা এই ৰোগবিলাক সহজলভ্য বিভিন্ন বনৌষধৰ দ্বাৰা আৰোগ্য আৰু প্ৰতিৰোধ কৰিব পাৰি। গ্ৰীস্মকালত হোৱা প্ৰধান কেইবিধমান ৰোগ সাধাৰণ বনৌষধিৰ দ্বাৰা কেনেদৰে আৰোগ্য কৰিব পৰা যায় সেই সম্পৰ্কে চমুকৈ এতিয়া আলোচনা কৰা হওক।

মেলেৰিয়া

গ্ৰামাঞ্চলত মেলেৰিয়া ৰোগত আক্ৰান্ত হৈ প্ৰতি বছৰে অনেক লোকে মৃত্যুক আঁকোৱালি ল’ব লগা অৱস্থাটো অতি পৰিতাপৰ বিষয়। মেলেৰিয়া ৰোগ মাৰাত্মক যদিও সহজলভ্য বনৌষধিৰ দ্বাৰা ইয়াৰ প্ৰতিৰোধ আৰু চিকি্ৎসা কৰি সুফল পাব পাৰি।

প্ৰতিৰোধ ব্যৱস্থা

পুৱা প্ৰতিদিনে পাতল আহাৰ গ্ৰ্হণ কৰাৰ পাছত দহখনকৈ মহানিমৰ পাত নাইবা শেৱালি গছৰ পাত খাব লাগে—বিশেষকৈ মেলেৰিয়া প্ৰাদুৰ্ভাৱৰ সময়ত। চিৰতা নাইবা কালমেঘৰ পাত আৰু ঠাৰিৰ পৰা দুই চামুচ ৰস উলিয়াই জলপান খোৱাৰ পাছত দিনে এবাৰকৈ খোৱা উচিত।

শোকোটা তিতা (তিতা মৰাপাটৰ পাত শুকুৱাই প্ৰস্তুত কৰা হয়)সপ্তাহত অন্তত: দুদিনকৈ নিয়মীয়াভাৱে খাব লাগে।

চিত্ৰনলাৰ শুকা পাত, মহানিমৰ শুকান পাত, পচতীয়াৰ শুকান পাতৰ ধোঁৱা ঘৰৰ বাহিৰে-ভিতৰে দিলে মহ আঁতৰে।

ৰঙা চাহ একাপত নটা জালুকৰ গুড়া আৰু এচামুচ তুলসীৰ ৰস মিহলি কৰি খালী পেটত নিয়মীয়াকৈ খালে মেলেৰিয়া ৰোগ প্ৰতিৰোধ হয়। পৰিৱেশ ভাল কৰিবৰ কাৰণে থকা ঘৰৰ আশে-পাশে চিত্ৰনলা, মহানিম, তুলসী গছ ৰুব লাগে।

বন্ধ পানীত ধঁপাতৰ পানী, মহানিম পাতৰ ৰস, নহৰুৰ পানী, কণীবিহৰ পাত আৰু ইয়াৰ ছালৰ ৰস, নাৰ্জি ফুলৰ ৰস আদি ছটিয়ালে মহৰ কণী আৰু পলু নষ্ট হয়।

চিকিৎসা

চিৰতা নাইবা কালমেঘৰ পাত আৰু ঠাৰি খুন্দি ৰস উলিয়াই পাঁচ চামুচ ৰস পাতল আহাৰ গ্ৰহণ কৰাৰ পাছত দিনে এবাৰকৈ একেৰাহে পোন্ধৰ দিন খালেই মেলেৰিয়া ৰোগীয়ে আৰোগ্য লাভ কৰে। পাত আৰু ঠাৰি শুকান হ’লে তিনি চামুচ গুড়া একাপ পানীত মিহলাই চেকি পানীখিনি আহাৰ খোৱাৰ পাছত খাব লাগে। শিশুৰ ক্ষেত্ৰত ইয়াৰ মাত্ৰা চাৰিভাগৰ এভাগ কৰি তাত এচামুচ মৌ মিহলি কৰি খাবলৈ দিব লাগে।

গুলঞ্চৰ (অমৰ লতা) পাত আৰু ঠাৰিৰ পৰা ৰস উলিয়াই তিনি চামুচ ইয়াৰ ৰসত এচামুচ মৌ মিহলি কৰি দিনে দুবাৰকৈ দহদিন খালে মেলেৰিয়া ৰোগীয়ে আৰোগ্য লাভ কৰে।

গ্ৰহণী ৰোগ

বাৰিষা কালত গ্ৰহণী ৰোগত বহু লোক আক্ৰান্ত হোৱা দেখা যায়। এমিবা নামৰ একেকোষী প্ৰাণীৰ দ্বৰাই প্ৰধানকৈ এই ৰোগ হয়। শাও গ্ৰহণী, তেজ গ্ৰহণী আৰু সঞ্চিত গ্ৰহণী নামৰ তিনি প্ৰকাৰৰ গ্ৰহণী হয়। এই তিনিও প্ৰকাৰ গ্ৰহণী ৰোগ সাধাৰণ গছ-বনৰ দ্বাৰা নাশ কৰিব পাৰি।

শাও গ্ৰহণী

পাঁচটা মধুৰী আমৰ কোঁহ, পাঁচটা ডালিমৰ কোঁহ আৰু দহ খিলা কলীয়া তুলসীৰ পাত, দহখন বৰ মানিমুনিৰ পাত পিহি ৰস উলিয়াই তাত এটিপা নিমখ মিহলি কৰি দিনে দুবাৰকৈ একেৰাহে তিনিদিন খাব লাগে।

তেজ গ্ৰ্হণী

দুবৰি বনৰ ৰস দহ চামুচত এক টিপা নিমখ আৰু দহ চামুচ পানী মিশ্ৰণ কৰি দিনে চাৰিবাৰকৈ তিনি চাৰিদিন একেৰাহে খালে তেজ গ্ৰহণী নাশ হয়।

সঞ্চিত গ্ৰহণী বা পুৰণি গ্ৰহণী

কেঁচা বেল সৰু সৰুকৈ কাটি ৰ’দত শুকুৱাই গুড়া কৰি দুই চামুচ গুড়া একাপ পানীত সিজাই দিনে তিনিবাৰকৈ একেৰাহে এমাহ খাব লাগে। শাও গ্ৰহণী, তেজ গ্ৰহণী আৰু সঞ্চিত গ্ৰ্হণীৰ সুপথ্য হৈছে-কলডিল, পুৰাকল, (কাচকল), ভীমকল, টেঙামৰা, মানিমুনি, কাজিনেমু, গোলনেমু, টেঙেচিটেঙা, কুঁজিথেকেৰা, বৰথেকেৰা, বেল, দোৰণ শাক, ভেদাইলতা, মচন্দৰি, শিলিখা, শুকলতি, ত্ৰিফলা আদি।

কমল দাস।



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate