অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বনৌষধেৰে নিৰ্মুল কৰক এলাৰ্জি :

বনৌষধেৰে নিৰ্মুল কৰক এলাৰ্জি :

*কেঁচা হালধিৰ শুকান গুড়ি ৫০ গ্ৰাম , আমলখিৰ গুড়ি আৰু নিমপাতৰ গুড়ি ২৫ গ্ৰামকৈ মিহলাই সেই চুৰ্ণ দিনে ৫ গ্ৰামকৈ খালে এলাৰ্জি ভাল হয়।

*কেঁচা হালধিৰ ৰস দুই চামুচত তুলসীৰ ৰস এক চামুচ আৰু গুড় আধা চামুচ মিহলাই দিনে দুবাৰকৈ খালে এলাৰ্জি নিৰাময় হয়।

*পুৰণি গুড়ৰ লগত আদাৰ ৰস দুই চামুচ মিহলাই দিনে দুবাৰকৈ খালে এলাৰ্জি নাশ হয়।

*আমলখিৰ চুৰ্ণৰ লগত গুড় মিহলাই খালে শীতপিত্ত বা এলাৰ্জি ভাল হয়।

*তিতা কেৰেলাৰ ৰস দুই চামুচ দিনে দুবাৰকৈ খালে এলাৰ্জি নিৰাময় হয়।

*কেঁচা হালধিৰ ৰসত সমানে দুবৰি বনৰ ৰস মিহলাই এলাৰ্জি হোৱা ঠাইত ঘঁহিলে এলাৰ্জি নাইকিয়া হয়। কুকুৰ সুতা আৰু লতিপোৰোলাৰ শিপা বটি ঘিউ সানি এলাৰ্জি হোৱা ঠাইত ঘঁহিলে এলাৰ্জি দুৰ হয়।

*কেঁচা তেজপাত কেইখিলমান ভালকৈ মোহাৰি এলাৰ্জি হোৱা ঠাইত ভালকৈ ঘঁহিলে এলাৰ্জি নাশ হয়। ইউকেলিপটাছ গছৰ পাত কেইখিলামান ভালকৈ মোহাৰি ২/৩ দিন দিনে ২/৩ বাৰকৈ ঘঁহিলে এলাৰ্জি নিৰাময় হয়।

*ভেদাইলতা পাতৰ ৰস এলাৰ্জি হোৱা ঠাইত ঘঁহিলে আৰু ইয়াৰ ৰস দুই চামুচ নহৰুৰ ৰস মিহলাই দিনে দুবাৰকৈ খালে এলাৰ্জি দুৰ হয়।

*পুৰৈ শাকৰ ডাল-পাত বটি এলাৰ্জি হোৱা ঠাইত লগালে এলাৰ্জি ভাল হয়। নাইবা বনপটলৰ (লতি পোৰোলা) পাত বা শিপা বটি লগালে এলাৰ্জি নাশ হয়।

*পচতীয়াৰ কোমল পাতৰ ৰস ২/৩ চামুচ খালে আৰু ইয়াৰ পাত বটি এলাৰ্জি হোৱা ঠাইত প্ৰলেপ দিলে এলাৰ্জি নোহোৱা হয়। চেঙেৰীটেঙাৰ পাতৰ ৰস ঘঁহিলেও ভাল উপকাৰ পোৱা যায়।

উৎস: দেওবৰীয়া সম্ভাৰ



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate