অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বাদামৰ বিশেষ গুণাগুণ

বাদামৰ বিশেষ গুণাগুণ

শাৰীৰিকভাৱে সুস্থ হৈ থাকিবলৈ আমি প্ৰতিদিনে যে কি নকৰো । ভাল খোৱা বোৱাৰ পৰা আৰম্ভ কৰি ৰাতিপুৱাৰ প্ৰাতঃভ্ৰমণ,যোগাসন অথবা জিমলৈ গৈ কচৰৎ কৰা আদি সকলোবোৰ অভ্যাস আমাৰ দিনচৰ্যাৰ ভিতৰুৱা হৈ পৰে । কিন্তু আপুনি যদি সৰু সৰু গুটিজাতীয় তথা পুষ্টিগুণযুক্ত খাদ্যসামগ্ৰী বাদাম নিতৌ কিছু পৰিমাণে লৈ সেৱন কৰিব পাৰে,তেন্তে আপোনাৰ স্বাস্থ্য অটুট থকাৰ ক্ষেত্ৰত সহায়ক হব । সাধাৰণতে বাদাম এবিধ মুখৰোচক খাদ্যসামগ্ৰী হিচাপে বেছি বিখ্যাত, যদিও ইয়াত কেলছিয়াম,প্ৰটিন,শৰ্কৰা, ভিটামিন আৰু খনিজ পদাৰ্থ যথেষ্ট পৰিমাণে পোৱা যায় । সেয়ে ই স্বাস্থ্যৰ পক্ষে ভাল হোৱাৰ লগতে ছালৰ বাবেও বহু উপযোগী ।
বাদামৰ বিশেষ গুণাগুণ:

(১) স্বাস্থ্য ভালে ৰাখিবলৈ প্ৰতিদিনে বাদাম কিছু পৰিমাণে লৈ সেৱন কৰক । বাদামে শৰীৰৰ প্ৰতিৰক্ষা তন্ত্ৰ শক্তিশালী কৰে । তদুপৰি কাহ,টাইফয়েড,এনিমিয়া আদি স্বাস্থ্যজনিত সমস্যাৰ ক্ষেত্ৰতো ইয়াক এক সুপথ্য হিচাপে গ্ৰহণ কৰিব পাৰি ।
(২) যিসকল ব্যক্তিয়ে সপ্তাহত অতি কমেও ৫ দিন বাদাম সেৱন কৰে,তেওঁলোকৰ শৰীৰত হৃদয়াঘাতৰ আশংকা সামান্য লোকতকৈ ৫০% কমি যায় । বাদামত ভিটামিন পোৱা যায় যি এণ্টি অক্সিডেণ্ট হিচাপে কাম কৰে আৰু আমাৰ শৰীৰত হৃদ ৰোগৰ আশংকা নোহোৱা হয় ।
(৩) বাদামত পটাছিয়াম অধিক পৰিমাণে পোৱা যায় আৰু ছডিয়াম কম মাত্ৰাত থাকে । সেয়ে বাদাম সেৱনৰ দ্বাৰা শৰীৰৰ তেজ চলাচল প্ৰক্ৰিয়া সুগম হোৱাৰ লগতে শৰীৰৰ বিভিন্ন অংশলৈ অক্সিজেন পৰিপূৰ্ণ ৰুপত প্ৰৱাহিত হয় ।
(৪) বাদাম হ'ল কেলছিয়ামৰ এটা ভাল উৎস । কেলছিয়ামে আমাৰ শৰীৰত আৰ্থাৰাইটিছ ৰোগৰ আশংকা কম কৰে । তদুপৰি ই দাঁত আৰু হাড়ৰ বাবেও উপযোগী ।
(৫) শক্তিৰ বাবে বাদামত মজুত থকা পোষক পদাৰ্থসমূহ হৈছে প্ৰটিন,মেগানিজ,কপাৰ আৰু ৰাইবফ্লবিন । এই পোষক পদাৰ্থসমূহ সেৱনৰ দ্বাৰা শৰীৰে শক্তি লাভ কৰে ।
(৬) স্মৃতিশক্তি বৃদ্ধি কৰিবলৈ বাদাম সেৱন কৰা উচিত । আয়ুৰ্ৱেদ অনুসৰি প্ৰতিদিনে পুৱা ৫ টাকৈ বাদাম কিছু সময় তিয়াই থোৱাৰ পাছত সেৱন কৰিলে স্মৃতিশক্তি বৃদ্ধি হয়।



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate