অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ভুঁই আমলখিৰ গুণ

ভুঁই আমলখিৰ গুণ

সাধাৰণতে বৰষুণৰ দিনবোৰত আপোনাপুনি মাটিত গজি উঠা তেনেই সৰু আকাৰৰ ভুঁই আমলখিৰ গছবিধ আপোনালোকে দেখিছেনে ? আমলখিৰ দৰে পাত আৰু আমলখিৰ দৰেই লাগি থকা সৰু সৰু ফলবোৰৰ পৰা গছবিধ চিনাক্ত কৰিব পাৰি । গছবিধৰ বৈজ্ঞানিক নাম 'Phyllanthus Fraternus' । ইয়াক বন আমলখি নামেৰেও জনা যায় । যদিও ইয়াৰ উচ্চতা মুঠেই এক বা ডেৰ ফুট হয়, তথাপি ই হৈছে এবিধ উত্তম বনৌষধি । ইয়াৰ দ্বাৰা কাহ, ডায়েৰিয়া, কোষ্ঠকাঠিন্য আদি ৰোগৰ আয়ুৰ্ৱেদিক চিকিৎসা কৰা হয় । ৰ'দৰ বতৰত ইয়াক উভালি আনি শুকুৱাই ঔষধ হিচাপে ব্যৱহাৰ কৰিব পাৰি । জানো আহক ভুঁই আমলখিৰ কেইটামান ঔষধীয় গুণাগুণৰ বিষয়ে....
(১) ডায়েৰিয়া ৰোগ হ'লে ভুঁই আমলখিৰ পঞ্চাংগ অৰ্থাৎ ফল, ফুল, পাত, ছাল আৰু শিপাৰ ডাঠ ৰস উলিয়াই খাব লাগে ।
(২) যদি মেলেৰিয়া ৰোগ হয়, তেন্তে ভুঁই আমলখিৰ সম্পূৰ্ণ গছবিধ উভালি আনি তাৰ ৰস উলিয়াই দিনে দুবাৰকৈ সেৱন কৰা উচিত ।
(৩) আজিকালি কিছুসংখ্যক ব্যক্তিয়ে ব্লেড চোবাই অদ্ভূত কৌশল প্ৰদৰ্শন কৰা দেখা যায় । প্ৰকৃততে তেনে কৌশল প্ৰদৰ্শন কৰাৰ আগতে তেওঁলোকে ভুঁই আমলখিৰ পাত চোবাই খায় । আমাক এনে কৌশলৰ প্ৰয়োজন নাই । যদিও দন্তৰোগ আৰু মুখৰ ঘাঁ সম্পকীয় সমস্যাত ইয়াৰ পাত চোবাই খাব পাৰি ।
(৪) ভুঁই আমলখিৰ ডাঠ ৰসে পুৰণি কাহ আৰু শ্বাস-প্ৰশ্বাস সম্পৰ্কীয় ৰোগত দ্ৰুতগতিত আৰাম প্ৰদান কৰে ।
(৫) যদি আপোনাক ডাইবেটিচ ৰোগে অধিক আমনি দিয়ে, তেন্তে ২০ গ্ৰাম ভুঁই আমলখিৰ চূৰ্ণ আৰু ২০ টা দানা জালুকৰ চূৰ্ণ সমপৰিমাণে মিহলাই দিনে এবাৰকৈ সেৱন কৰক ।
(৬) ভুঁই আমলখিৰ সম্পূৰ্ণ গছবিধ ভালদৰে পিহি অলপ সৈন্ধৱ লৱণ মিহলাই শৰীৰৰ খৰ-খজুৱতি হোৱা স্থানত লগাব লাগে ।
(৭) পুৰণি পেটৰ বিষত বা কোষ্ঠকাঠিন্যতাতভুঁই আমলখিৰ ডাঠ ৰসৰ লগত আধা চামুচ মেথি শাকৰ চূৰ্ণ মিহলাই সেৱন কৰা উচিত ।

লিখক: ৰিদিপ ৰঞ্জন চেতিয়া



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate