ভেদাইলতা এবিধ সকলোৰে পৰিচিত ঔষধি লতা। ইয়াৰ দুৰ্গন্ধ আছে বাবেই ইয়াক সহজতে চিনিব পৰা যায়। কিন্তু ৰান্ধিলে ইয়াৰ গোন্ধ একেবাৰে নাথাকে। ভেদাইলতাৰ পাত বা ঠাৰি মানুহে আঞ্জা ৰান্ধি খায়। ঔষধ হিচাপে ব্যৱহাৰ কৰিলে ইয়াক কেঁচাই কেঁচাই ব্যৱহাৰ কৰিলেহে সুফল পোৱা যায়।
ভেদাইলতাৰ ৰসৰ এক তোলাৰ পৰা দুই তোলালৈকে ব্যৱহাৰ কৰা হয়। শিপাৰ ৰসো ব্যৱহাৰ কৰিব পাৰি পৰিমাণ একে।
ভেদাইলতা তিতা ৰসযুক্ত, উষ্ণবীৰ্য, গুৰুপাকী সাৰক, বলকাৰক, শুক্ৰবৰ্ধক, বেদনানাশক, ভগ্ন স্থানৰ সংযোজক আৰু মলমূত্ৰ নি:সাৰক। বাতৰক্ত, কফ্, অৰ্শ, শোথ আৰু মলস্তম্ভ নাশক। ভেদাইলতা গৰম কৰি খালে পেটৰ উদৰাময় অৰ্থাৎ পেটৰ অসুখ ভাল হয়। আমাশয়ৰ বাবে অতি হিতকাৰক আৰু ৰুচিবোধক। ৰোগৰ পিছত ৰোগীক ভেদাইলতাৰ ৰস খুৱালে সোনকালে সুস্থতা পায়। অতিসাৰ গ্ৰহণী আৰু বাতৰ দোষ আদিত ই উপকাৰী। ভেদাইলতা বাত বেমাৰৰ মহৌষধ। আমবাত, গাঁঠিবাত, বেদনাযুক্ত বাত আৰু যিকোনো বাতৰ বেমাৰতেই অতি উপকাৰী। এইবোৰ বেমাৰত ৰস খোৱা আৰু ভৰণ দিয়া দুয়োটা কামকেই কৰিব পাৰি। ভেদাইলতাৰ সকলো অংশই বেমাৰত ব্যৱহাৰ হয়। ঔষধ হিচাপে ব্যৱহাৰ কৰিলে দিনে ২/৩ বাৰকৈ খোৱা প্ৰয়োজন। হাড় ভাগিলে বা মোচোকা খালে ভেদাইলতাৰ প্ৰলেপ বৰ গুণকাৰক। ভঙা হাড় যোৰা লগোৱা ইয়াৰ প্ৰধান কাম। বাত বেমাৰৰ বাবে ভেদাইলতাৰ পৰা বহুত তেল আৰু খোৱা ঔষধ তৈয়াৰ কৰা হয়।
প্ৰসূতি বেমাৰৰ বাবে ভেদাইলতা মহৌষধ। প্ৰসৱৰ পিছত প্ৰসূতি মহিলাৰ পেটৰ অসুখ, গাৰ বিষ, অগ্নিমান্দ্য আদি ৰোগ হয়। ভেদাইলতা সেই সময়ত বৰ উপকাৰী।
লেখিকা: সুমিত্ৰা গোস্বামী।
বিশেষ সংযোজন: ৰীতু গগৈ।
শেহতীয়া উন্নীতকৰণ: : 10/7/2018
অত্যাৱশ্যকীয় উদ্ভিদৰ ঔষধি গুণ
আঁহত গছৰ ঔষধি গুণ
আখৰোটৰ ঔষধি গুণ
অপৰাজিতা ফুলৰ ঔষধি গুণ