অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মহুৱাৰ ঔষধি গুণ :

মহুৱাৰ ঔষধি গুণ :

 

মহুৱা এবিধ ওখ গছ। ইয়াৰ পাতবোৰ ১২-১৫ চেন্টিমিটাৰ দীঘল হয়। পাতৰ সিৰাবোৰ ডাঠ। ফুল সৰু, পাতল হালধীয়া বা ঘেঁহু ৰঙৰ। মহুৱা গছত সেউজীয়া ৰসাল ফল লাগে। ফলৰ ভিতৰত থকা বীজ খেৰৰ ৰঙৰ। ভাৰতৰ পাহাৰীয়া অঞ্চলত মহুৱা গছ বেছিকৈ হয়।

কিছুমান অঞ্চলত কেৱল মহুৱা গছেই হোৱা দেখা যায়। মহুৱা গছৰ চাবোন তৈয়াৰ কৰা হয়। মহুৱা ফুলৰ পৰা সুৰা, ভিনেগাৰ, জেম আদি তৈয়াৰ কৰা হয়। এই গছৰ ফুল কেঁচাই নাইবা ভাজি কৰি খাব পাৰি। কিন্তু বেছিকৈ খোৱাটো অপকাৰী। মহুৱা গছৰ ছাল, পাত, ফুল আৰু বীজ ঔষধি হিচাপে ব্যৱহাৰ হয়।

মহুৱা গছৰ কিছুমান ঔষধি গুণ এনে ধৰণৰ-

*মহুৱা গছৰ ছালৰ পৰা তৈয়াৰ কৰা কাথ শৰীৰত হোৱা খজুৱতিত লগালে সোনকালে ভাল হয়।

*মহুৱাৰ শুকান পাত পুৰি তাৰ পৰা উৎপন্ন ছাই ঘিউৰ লগত মিহলাই শৰীৰত হোৱা জ্বলনত লগালে আৰাম পোৱা যায়।

*ঘা হ’লে মহুৱাৰ ছাল পিহি লগালে ঘাঁহ সোনকালে নিৰাময় হয়।

*কাহ আৰু শ্বাসনলীৰ ৰোগত মহুৱাৰ ফুল কম পৰিমাণে খালে আৰাম পোৱা যায়।

*দাঁতৰ গুৰিৰ পৰা তেজ ওলালে মহুৱা গছৰ ছাল গুড়ি কৰি লগালে নাইবা কুলকুলি কৰিলে তেজ ওলোৱা বন্ধ হয়।

*মধুমেহ ৰোগীৰ বাবেও মহুৱা উপকাৰী।

*মহুৱা শীতল আৰু পুষ্টিকৰ।

*মহুৱা গছৰ বীজে বুকুত গাখীৰ বৃদ্ধিত সহায় কৰে।

*ছালৰ বিভিন্ন ৰোগত মহুৱা গছৰ বীজৰ পৰা তৈয়াৰ কৰা তেল লগালে ৰোগ নিৰাময় হয়।

*মহুৱা ফুলৰ পৰা সুৰা তৈয়াৰ কৰা হয়। এই সুৰা পুষ্টিকৰ। কম পৰিমাণে খালে শৰীৰৰ অপকাৰ নকৰে।

লেখিকা: ললিতা শৰ্মা লহকৰ(অসম বাণী)



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate