অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মাটি কাঁদুৰিৰ ঔষধি গুণ :

মাটি কাঁদুৰিৰ ঔষধি গুণ :

 

মাটি কাঁদুৰি এবিধ তৃণজাতীয় শাক। এইবিধ শাক সাধাৰণতে ঘৰৰ পিৰালি, চোতাল, খেতি পথাৰ আদিত গজে। এইবিধ লতাজাতীয় শাক আন শাকৰ লগত মিহলাই খায়। এইবিধ শাকত যত্নৰ প্ৰয়োজন নাই। ই আপোনা-আপুনি গজে। মাটি কাঁদুৰি শাকৰো ঔষধি গুণ আছে। এইবিধ শাক পেটৰ যিকোনো ৰোগৰ মহৌষধ।

*পায়খানা হ’লে মাটি কাঁদুৰি শাক থেতেলিয়াই তাৰ ৰস খালে পায়খানা কমে।

*পেট কমুৰিলেও মাটি কাঁদুৰিৰ আঞ্জা খালে উপকাৰ পোৱা যায়।

*তেজ-শাও পৰিলে মাটি কাঁদুৰি শাকৰ লগত অকণমান আদাৰ ৰস মিহলাই খালে পায়খানৰ লগত তেজ-শাও পৰা ৰোগ নিৰাময় হয়।

*মহিলাৰ অনিয়মিত ঋতুস্ৰাৱৰ বাবে মাটি কাঁদুৰি উপকাৰী। সেয়ে অনিয়মিত ঋতুস্ৰাৱত কষ্ট পোৱা মহিলাসকলে মাটি কাঁদুৰি খালে ৰোগ সোনকালে নিৰাময় হয়।

*গ্ৰহণী ৰোগত মাটি কাঁদুৰি শাক খালে সুফল পোৱা যায়।

*মাটি কাঁদুৰি ৰোগে নাড়ী শুকোৱাৰ সহায় কৰে। সেয়ে প্ৰসূতিক মাটি কাঁদুৰি আঞ্জা খাবলৈ দিয়া হয়।

লেখিকা: ললিতা শৰ্মা লহকৰ(অসম বাণী)



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate