অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মূৰ, চুলি, চকু, কাণ, নাক, মুখ আৰু ডিঙিৰ ৰোগ

টকৌৱে খোৱা

ৰোগৰ কাৰণ

চুলিৰ গুৰিত ক্ষুদ্ৰ এবিধ কীটাণুৱে কুটি দিয়াৰ কাৰণে চুলিবিলাক সৰে।

ৰোগৰ লক্ষণ

চুলিৰ গুৰিত অলপ খজুৱায়। চুলিবিলাক কোচাই কোচাই সৰাৰ ফলত মূৰৰ ছাল ওলাই পৰে।

বন দৰব

  • অসমীয়া পিঁয়াজ এটা ফালি তাক মূৰত এনেদৰে ঘঁহিব লাগে যাতে পিঁয়াজডোখৰ গৰম হৈ পৰে।
  • টকৌৱে খোৱা অংশত নতুন বেজি এটাৰে সামান্য খুচি সেই স্থানত কেইটামান লাটুমণি গুটি পিহি প্ৰলেপ দিব লাগে।
  • নহৰু কেইফুটামান ভালদৰে পিহি ঘঁহিব লাগে।
  • হাতীদাঁতৰ ভস্ম তিল তেলৰ লগত মিহলাই কিছু সময় প্ৰলেপ দিব লাগে।
  • মহাভৃঙ্গৰাজৰ পাত খুন্দি প্ৰলেপ দিয়া ভাল। মহাভৃঙ্গৰাজ তেলো ব্যৱহাৰ কৰিব পাৰে।
  • শেৱালি ফুলৰ গুটি ভালদৰে খুন্দি মূৰত ঘঁহিলে চুলি গজে।
  • ভেঁকুৰী ৮/১০ টা খুন্দি তাত মৌজোল মিহলাই ৪/৫ ঘন্টা মূৰত প্ৰলেপ দি ধুব লাগে।
  • ভোমোৰা ফলৰ বাকলি গুড়ি কৰি টকৌৱে খোৱা ঠাইত সানিব লাগে।
  • ভেঁকুৰী তিতাৰ পাত ১০/১২ খন খুন্দি মূৰত সানি কিছু সময় প্ৰলেপ দি থলে কীটাণুবোৰ ধ্বংস হয়।
  • বৰুণ গছৰ ছালৰ ৰস মূৰত সানিব লাগে।
  • জেতুকা গুটি পিহি সানিব লাগে।

পথ্য

তিতা দ্ৰব্য বিশেষকৈ কালমেঘ বা চিৰতা, শোকোতা আদি সুপথ্য। পিঁয়াজ, নহৰু, যষ্টিমধু উপকাৰী।

অপথ্য

যিকোনো তেল মূৰত ব্যৱহাৰ কৰিব নালাগে। সেইদৰে যিকোনো চাবোন ব্যৱহাৰ কৰাও অনুচিত।

মূৰ কামোৰণী

ৰোগৰ কাৰণ

বিভিন্ন ৰোগৰ কাৰণে, খোৱা-বোৱা আৰু শৌচ প্ৰস্ৰাৱ অনিয়মীয়া হ’লে, স্নায়ু দুৰ্বল হ’লে, মূৰত আঘাত পালে, গভীৰ চিন্তা আদিৰ কাৰণে মূৰ কামোৰণী হ’ব পাৰে বা মূৰৰ বিষ হয়। ৰক্তচাপ কম বা বেছি হ’লেও হ’ব পাৰে। চাইনোচাইটিচ থাকিলেও মূৰ কামোৰণী হয়।

ৰোগৰ লক্ষণ

মূৰ বিষায়, কপালৰ দুই মূৰত চিৰিঙতি পৰে। শৰীৰ অৱশ লাগে আৰু কেতিয়াবা জ্বৰ উঠে।

বন দৰব

  • বকুল গছৰ শুকান ফল নাকেৰে শুঙিব লাগে।
  • বকুলৰ গুটি পিহি নাকেৰে শুঙিলেও মূৰৰ বিষ নাইকিয়া হয়।
  • দোৰোণ পাত ৬/৭ খন মোহাৰি তাৰ ৰস নাকেদি ২/৩ টোপাল উজাব লাগে।
  • আঠিয়াকলৰ ডিল জালুকৰ সৈতে ভাতৰ লগত খালে মূৰ কামোৰণী ভাল হয়।
  • এৰা গছৰ শিপা থেতেলিয়াই ঘোলৰ লগত মিহলাই মূৰত প্ৰলেপ দিলে মূৰৰ বিষ নাইকিয়া হয়।
  • শুবৰ সময়ত গাৰুৰ তলত পচতীয়া পাত ৰাখি শুলে মূৰৰ বিষ ভাল হয়। পচতীয়াৰ পাত ৰ’দত শুকুৱাই তাক হাতেৰে মোহাৰি নাকেৰে শুঙিলেও মূৰৰ বিষ ভাল হয়।
  • বকুল গছৰ পাত আৰু ফুল মোহাৰি নাকেৰে শুঙিলে মূৰৰ বিষ আৰু নাক সোপা মাৰি ধৰা ৰোগ আৰোগ্য হয়।
  • ৩/৪ টা লং পিহি প্ৰলেপ দিলে মূৰ কামোৰণী ভাল হয়। নাইবা ৪ টা লং পিহি ১ কাপ পানীত গৰম কৰি আধা পানী হ’লে তাক খাব লাগে। এনেদৰে ৰাতিপুৱা আৰু গধূলি একেৰাহে ৬/৭ দিন খালেই ভাল হয়।
  • কেঁচা হালধিৰ গুড়ি নাইবা কেঁচা হালধি জুইত পুৰি ধোঁৱা শুঙিব লাগে।
  • পূৰৈশাকৰ পাতৰ বিজল কপালত সানিব লাগে।
  • মহাভৃঙ্গৰাজৰ পাতৰ ৰস নাকেৰে শুঙিব লাগে আৰু খুন্দি মূৰত প্ৰলেপ দিব লাগে।
  • ছালকুঁৱৰীৰ পাত খুন্দি মূৰত প্ৰলেপ দিব লাগে।
  • লাইজাবৰি পাতত দি তাৰ ভাপ নাকেৰে শুঙিব লাগে।

পথ্য

পদিনা, মাটি কান্দুৰী, দোৰোণ, চজিনা, মানিমুনি, কাটাহী বেঙেনা, জেতুকা পাতৰ ৰস, গাখীৰ উপকাৰী।

অপথ্য

গৰম ক্ৰিয়াদায়ক খাদ্য, বিড়ি, চিগাৰেট, চাদা, মাদক দ্ৰব্য, ভাং, তামোল খোৱা বেয়া। ৰ’দত চলা-ফুৰা কৰিব নালাগে। স্ত্ৰী সহবাস নিষেধ। পিঁয়াজ অপথ্য। অধিক চিন্তা বা পৰিশ্ৰম কৰিব নালাগে।

মুখৰ ভিতৰত ছালচিগা বা ঘা লগা

ৰোগৰ কাৰণ

পুষ্টিহীনতা আৰু অন্যান্য কাৰণত এই ৰোগ হয়।

ৰোগৰ লক্ষণ

খোৱা-বোৱাত অসুবিধা হয়। মুখৰ ভিতৰত ছাল এৰাই যায়। ঘা পকিলে পূঁজ ওলায় আৰু দুৰ্গন্ধ বাহিৰ হয়।

বন-দৰব

  • জেতুকাৰ পাত ৮/১০ খন পিহি কিছু সময় মুখত ৰাখি থ’ব লাগে আৰু জেতুকা পাতৰ ৰসেৰে মুখ কুলকুলিয়াব লাগে।
  • অৰ্জুন গছৰ ছালৰ ৰস কিছু সময় মুখত ৰাখি মুখ কুলকুলিয়ালে মুখৰ ভিতৰৰ ঘা সহজে শুকায়।
  • আহত গছৰ ছালৰ গুড়া মৌৰ লগত মিহলি কৰি মুখত কিছু সময় ৰাখি মুখ কুলকুলিয়ালে মুখৰ ঘা ভাল হয়।
  • তৰুৱাকদমৰ ছালৰ ৰসেৰে মুখ কুলকুলিয়াব লাগে।
  • ৩/৪ টা কদম ফুল, ১ লিটাৰ মান পানীত সিজাই সেই পানীৰে ৰাতিপুৱা আৰু ৰাতি শোৱাৰ পূৰ্বে ভালদৰে মুখ কুলকুলিয়াব লাগে।
  • পদুম পাতৰ ৰস, মহানিমৰ পাত নাইবা বিশল্যকৰণীৰ পাত বা পচতীয়া পাতৰ ৰসেৰে নিয়মীয়াকৈ মুখ কুলকুলিয়ালে মুখৰ ভিতৰত ছালচিগা বা মুখৰ ঘা ভাল হয়।

পথ্য

লঘু আহাৰ খাব লাগে। খাদ্যপ্ৰাণ ‘খ’ বা ৰিবোফ্লেভিন নামৰ খাদ্যপ্ৰাণযুক্ত আহাৰ যথেষ্ট পৰিমাণে খাব লাগে। মহানিম, চিৰতা, কলাজামু আৰু ইয়াৰ পাতৰ ৰস, বাহক তিতা, শিলিখা, মৌ, ডালিম, শুহনি বনৰ ফুল উপকাৰী। ডালিমৰ শিপাৰ ৰসেৰে মুখ কুলকুলিয়ালে ভাল।

অপথ্য

ধূমপান কৰা আৰু মাদক দ্ৰব্য খোৱা সম্পূৰ্ণ নিষেধ। পূৰৈশাক, জ্বলা-পোৰা বস্তু, দৈ, টেঙা পিয়াঁজ, মাটি কঠাল, মাটিমাহ আৰু মছলা খোৱা বেয়া।

মাত ভঙা বা স্বৰভঙ্গ

ৰোগৰ কাৰণ

বিভিন্ন ৰোগৰ কাৰণে মাত ভাঙিব পাৰে। টোপনি ক্ষতি কৰিলে, জোৰকৈ চিঞৰিলে। দীঘলীয়া বক্তৃতা দিলে, বেছিকৈ টেঙা কেহা বস্তু খালে সাধাৰণতে মাত ভাঙে।

ৰোগৰ লক্ষণ

কথা অস্পষ্ট হয়, ডিঙি চেৰচেৰাই আৰু বিষায়।

বন দৰব

  • বগৰী গছৰ পাত, সৈন্ধৱ লোণ মিহলি কৰি ঘিউত ভাজি খালে সকলো প্ৰকাৰৰ মাত ভঙা ৰোগ ভাল হয়।
  • কেঁচা হালধিৰ ৰস চেনিৰ সৈতে খাব লাগে।
  • মৰাণ আদাৰ ৰসত মৌজোল মিহলি কৰি খালে উপকাৰ পোৱা যায়।
  • ব্ৰাহ্মী শাকৰ ৰস মৌৰ লগত দিনে ২ বাৰকৈ ১৫/২০ দিন একেৰাহে খাব লাগে।
  • ভোমোৰাৰ চূৰ্ণ গৰুৰ ঘিউত ভাজি খাব লাগে।
  • ৫০ গ্ৰাম হালধিৰ গুড়া, চেনিৰ লগত মিশ্ৰণ কৰি তাত আন্দাজ মতে পানী দি দিনে ২ বাৰ খাব লাগে।
  • নীলকন্ঠৰ শিপাৰ ৰস খালে মাত ভঙা ভাল হয়।
  • ষষ্ঠি মধুৰ শিপা চুবাই খাব লাগে।

পথ্য

ব্ৰাহ্মীশাক, ধনীয়া, ত্ৰিফলা, মৌজোল, জালুক, পিপলি, জলকীয়া, হালধিৰ ৰস, বিশুদ্ধ সৰিয়হ তেল, লাটুমণি লতাৰ শিপাৰ ৰস খোৱা ভাল। ষষ্ঠিমধু উপকাৰী।

অপথ্য

যিকোনো মিঠা জাতীয় বস্তু, কল, নাৰিকল, জলফাই, যিকোনো কেহা বস্তু, কফ সৃষ্টিকাৰক বস্তু, ঘিউ আদি খাব নালাগে।

অকালতে চুলি পকা

ৰোগৰ কাৰণ

বায়ু বিকাৰ হ’লে, চুলিৰ কাৰণে প্ৰয়োজনীয় খাদ্যপ্ৰাণ আৰু খনিজ দ্ৰব্যৰ দেহত অভাৱ হ’লে, বজাৰৰ যিকোনো প্ৰসাধন সামগ্ৰী ব্যৱহাৰ কৰিলে, চুলিৰ যত্ন ন’ললে অকালতে চুলি পকে। খাদ্য ভেজাল হ’লেও অকালতে চুলি পকিব পাৰে।

ৰোগৰ লক্ষণ

প্ৰথমে চুলি ৰঙচুৱা হয় আৰু দুই-এডালকৈ পকিবলৈ আৰম্ভ কৰে। লাহে লাহে কেঁচাতকৈ পকাৰ পৰিমাণ বেছি হয়।

বন দৰৱ

  • জেতুকাৰ পাত ১৫ গ্ৰাম, আমলখি ৭/১০ টা পিহি জাৰচি গাইৰ গাখীৰত মিশ্ৰণ কৰি এঘন্টা  চুলিত লগালে পকা চুলি ক’লা হয়। পিছত কুহুমীয়া পানীৰে ধুই পেলাব লাগে। এনেদৰে সপ্তাহত দুবাৰ ব্যৱহাৰ কৰিব লাগে।
  • ৰঙা জবাফুল আৰু আমলখি একেলগে পিহি ৰাতিপুৱা গা ধোৱাৰ আগতে নিয়মীয়াকৈ লেপন দিলে অকালতে চুলি পকা কম হয় আৰু চুলি ক’লা পৰে।
  • তিল ৫০ গ্ৰামকৈ সদায় খাব লাগে। চুলি ক’লা হোৱাৰ উপৰিও দীঘল আৰু সুন্দৰ হয়। তিলৰ তেল ব্যৱহাৰ কৰাও ভাল।
  • মহাভৃঙ্গৰাজ পাত, ত্ৰিফলা, লৌহচূৰ্ণ, কৰবীৰ পাত আৰু গুৰ সমপৰিমাণৰ লৈ ভালদৰে পানীত সিজাই মূৰত প্ৰলেপ দিলে চুলি ক’লা হয়।
  • কৰবী গছৰ শিপাৰ ছাল খুন্দি গাখীৰত জুবুৰিয়াই মূৰত প্ৰলেপ দিলে চুলি ক’লা হয় আৰু চুলি অকালতে পকিব নোৱাৰে।
  • চুলি অকালতে পকিলে কেঁহৰাজৰ পাতৰ ৰস মূৰত ঘঁহিলে ভাল ফল পোৱা যায়।
  • নিমৰ গুটি গুড়ি কৰি প্ৰতিদিনে তাত মহাভৃঙ্গৰাজৰ ৰস ৫০ মি:লি: ৰ’দত এদিন শুকুৱাই তাত নিমৰ গুটিৰ গুড়ি মিহলাই পুণৰ মহাভৃঙ্গৰাজৰ ৰস দি মূৰত ২০ মিনিট মানকৈ সানিলে চুলি অকালতে পকিব নোৱাৰে।
  • আমলখি আৰু আমৰ গুটিৰ সাহখিনি খুন্দি মিহলি কৰি মূৰত প্ৰলেপ দিলে অকালতে চুলি পকা বন্ধ হয়।
  • মহানিমৰ গুটি দহটা গুড়ি কৰিব লাগে। মহাভৃঙ্গৰাজৰ ৰস ৫০ মি:লি: এটা পাত্ৰত লৈ ৰ’দত সাতদিন শুকুৱাই তাত গুড়ি কৰা নিমৰ গুটি ভালদৰে মিহলাই মূৰত ২০ মিনিট সময় সানিলে চুলি কেতিয়াও নপকে।
  • অপৰাজিতাৰ ফুল এড়িতেলৰ লগত সিজাই মূৰত ঘঁহিলে পকা চুলি ক’লা হয়।

পথ্য

কচুৰ ঠুৰি, কাঁটাখুতৰা, গুৰ, চয়াবিন, পদিনা, পূৰৈশাক, ফুলকবি, সৰিয়হ শাক, তিলৰ লাড়ু উপকাৰী। কেঁহৰাজ, মহাভৃঙ্গৰাজ, বাদাম নিয়মীয়াকৈ খাব লাগে।

অপথ্য

যিকোনো তেল আৰু চাবোন মূৰত ব্যৱহাৰ কৰিব নালাগে। বিশুদ্ধ নাৰিকল তেল, তিলতেল আদিহে ব্যৱহাৰ কৰিব লাগে।

এৱাঁভ ভগা

ৰোগৰ কাৰণ

জীৱাণুৰ দ্বাৰা আক্ৰান্ত হ’লে নাকত আঘাত পালে, লিউকমিয়া, হিম’ফলিয়া আদি তেজৰ বেমাৰৰ কাৰণে এই ৰোগ হ’ব পাৰে। বংশগত হিচাবেও এই ৰোগ হ’ব পাৰে।

ৰোগৰ লক্ষণ

যেতিয়াই-তেতিয়াই নাকৰ পৰা তেজ ওলায় আৰু বিষ হয়।

বন দৰৱ

  • ডালিমৰ ফুল পিহি তাৰ ৰস নাকেৰে উজাব লাগে। ২/৩ টোপাল ৰসেই যথেষ্ট।
  • মিঠা আঙুৰৰ ৰস নাকেৰে শুঙিলে এঁৱাভঙা তৎক্ষণাত ভাল হয়।
  • দূবৰি বন পিহি নাকেৰে শুঙিলে তেজ পৰা বন্ধ হয়। দূবৰি বনৰ এক টোপাল ৰসত ১ টোপাল পানী দি নাকত দিব লাগে।
  • বিশল্যকৰণীৰ পাত ৫/৬ খন মান মোহাৰি নাকেৰে শুঙিলে বা ইয়াৰ ৰস টোপ-টোপকৈ নাকৰ বিন্ধাত পৰিবলৈ দিলে নাকেৰে তেজ পৰা সম্পূৰ্ণৰূপে বন্ধ হয়।
  • পিঁয়াজ খুন্দি বা অমৰা পাত খুন্দি নাকেৰে শুঙিলে এঁৱাভঙা ভাল হয়।
  • পুৰণি আমৰ মাজৰ গুটিটো খুন্দি জুইত পুৰি তাৰ ধোঁৱা নাকেৰে শুঙিব লাগে।
  • আমলখিৰ ৰসত মাখন আৰু গাখীৰ মিহলি কৰি ঘিউৰ লগত গৰম কৰি ঠাণ্ডা হ’লে কপাল আৰু নাকত সানিব লাগে।
  • দূবৰি বনৰ ৰস ২৫ মি:লি: মৌৰ সৈতে দিনে ৩/৪ বাৰ খাব লাগে।
  • কিছ্‌মিছ্‌ পানীত সিজাই সেই পানীৰ লগত চেনি মিহলাই নাকেৰে উজালে তেজ পৰা বন্ধ হয়।
  • কুঁহিয়াৰৰ ৰস নাইবা হাড়জোৰা লতাৰ ৰস নাকেৰে উজাব লাগে। সম পৰিমাণৰ পানী মিহলি কৰি লোৱা ভাল।
  • গৰুৰ গাখীৰত ফিটকিৰি মিহলাই নাকেৰে শুঙিলে ভাল হয়। যদি আৰাম নাপায়, তেন্তে ফিটকিৰি গুড়ি কৰি পানীৰ লগত মিহলাই তাত এখন কাপোৰ তিয়াই কপালত ৰাখিলে তৎক্ষণাত তেজ পৰা বন্ধ হয়।

পথ্য

লঘূপাকী আহাৰ খাব লাগে।

অপথ্য

মাদক দ্ৰব্য, বিড়ি, চিগাৰেট, জ্বলা-পোৰা বস্তু, মছলা আদি খোৱা বেয়া। হাঁচিয়াব নালাগে, গৰম বা কুহুমীয়া পানীৰে নাক ধুব নালাগে (তেজ ওলোৱা সময়ত)।

কৰ্ণ মূল বা পিঠাখোৱা

ৰোগৰ কাৰণ

বীজাণুৰ দ্বাৰা এই ৰোগ হয়। তেজৰ দোষত এই ৰোগ হ’ব পাৰে। ই সংক্ৰামক ৰোগ।

ৰোগৰ লক্ষণ

কাণৰ তল অংশৰ পৰা গাল ফুলি উঠে আৰু খুব বিষ হয়। জ্বৰ উঠে। খোৱা-বোৱাত কষ্ট হয়। কাৰণ দুয়ো কাষে থকা লালতি গ্ৰন্থি উখহি পৰে।

বন-দৰব

  • তৰুৱা কদমৰ ১০ গ্ৰাম পাতত ২ গ্ৰাম খয়েৰ মিহলি কৰি খুন্দি গাল ফুলা ঠাইত কিছু সময় প্ৰলেপ দিলে উপকাৰ পোৱা যায়।
  • ধতুৰা ফুল বা পাতৰ ৰসত আফিং মিশ্ৰণ কৰি প্ৰলেপ দিলে প্ৰলেপ দিব লাগে।
  • চজিনাৰ শিপাৰ ছাল সম পৰিমাণৰ সৰিয়হ বটি প্ৰলেপ দিয়া ভাল।
  • চোৰাত গছৰ শিপা খুন্দি গাল ফুলা ঠাইত লেপি দিব লাগে।
  • বঙালি এড়াৰ ঠাৰিৰ ৰসৰ লগত অলপ নিমখ মিহলাই দিনে ২ বাৰকৈ মুখ কুলকুলিয়াব লাগে।
  • মৰাণ আদা খুন্দি প্ৰলেপ দিব লাগে।

পথ্য

কেঁচা পিঠাগুড়িত পানী গুলি খাব লাগে। লঘুপাকী খাদ্য, পটল, চজিনা, পোৱাল বেঙেনা, মগু দাইল সুপথ্য।

অপথ্য

গুৰুপাকী খাদ্য, বৰা চাউল, কঠাল, বৰালি মাছ, পূৰৈ শাক, মাটি দাইল, কফ সৃষ্টি কৰা বস্তু খাব নালাগে। মাদক দ্ৰব্য আৰু ধূমপান কৰা বেয়া। কথা কমকৈ ক’ব লাগে।

কাণ পকা

ৰোগৰ কাৰণ

কাণৰ ভিতৰত ফোঁহা হৈ সেই ফোঁহা পকি পূঁজ বাহিৰ হৈ থাকে। কাণৰ বিষ হয়। কাণেৰে কম শুনে। আনকি কলা হোৱাও দেখা যায়। কাণৰ কাষত ফুলি উঠে আৰু বিষ হয়। জ্বৰ উঠে।

ৰোগৰ কাৰণ

কাণ অপৰিষ্কাৰ কৰি ৰাখিলে নানা জীৱাণুৰ দ্বাৰা এই ৰোগ হ’ব পাৰে। কাণত অপৰিষ্কাৰ পানী সোমালেও কাণৰ ভিতৰত পকিব পাৰে।

বন দৰব

  • হাড়জোৰা লতা ৩ ইঞ্চি দীঘলকৈ কাটি তাৰ ৰস উলিয়াই তাক উতলাই অলপ ঠাণ্ডা কৰি পৰিষ্কাৰ কাপোৰেৰে চেকি কাণত টোপটোপকৈ পৰিবলৈ দিলে কাণৰ বিষ, কাণৰ পৰা পূঁজ ওলোৱা বা কাণেৰে কম শুনা ৰোগ ভাল হয়। পৰিমাণ ২ টোপাল।
  • অৰ্জুন গছৰ পাতৰ ৩/৪ ৰস কাপোৰেৰে চেকি কাণত টোপটোপকৈ পৰিবলৈ দিলে কাণৰ বেদনা নাইকিয়া হয়।
  • কাণ পকা বা কাণৰ বিষ বা কাণত নানা শব্দ হ’লে ৪/৫ খন কপাহৰ পাত খুন্দি তাৰ ৰস গৰম কৰি ঠাণ্ডা হ’লে কাণত টোপটোপকৈ পৰিবলৈ দিব লাগে। পৰিমাণ ৩ টোপাল।
  • সিজু পাতৰ ৰস উলিয়াই কুহুমীয়া গৰম কৰি কাণত দিলে কাণৰ বিষ কমে। পৰিমাণ ২ টোপাল।
  • তুলসী পাতৰ ৰস গৰম কৰি কাণত সহ্য কৰিব পৰাকৈ দিলে কাণৰ বিষ কমে আৰু পকিলে শুকায়।
  • কলীয়া কচুৰ ঠাৰি এডাল বিশুদ্ধ নাৰিকলৰ তেলত লগাই জুইত সেকি কাণ খৰকিয়ালে কাণ পকা ৰোগ ভাল হয়।
  • কাণত পোক হ’লে পদিনাৰ ৰস কাণত দিলে পোক সহজে মৰে।
  • অৰ্জুন গছৰ ছালৰ ৰস উলিয়াই কাপোৰেৰে চেকি কাণত টোপটোপকৈ ৪/৫ টোপাল দিলেই কাণৰ যিকোনো ৰোগ উপশম হয়।
  • ছালকুঁৱৰীৰ পাতৰ ৰস উলিয়াই কাপোৰেৰে চেকি কাণত দিলে যথেষ্ট উপকাৰ পোৱা যায়।
  • ডাঙৰ পিঁয়াজ এটাৰ ৰস উলিয়াই তাক গৰম কৰি কুহুমীয়া অৱস্থাত কাণত দিলে বিষ নাইকিয়া হয়।
  • কুন্দলী পাতৰ ৰস উলিয়াই কাণত কেইটোপালমান দিলেই ভাল ফল পোৱা যায়।
  • মূলা অলপ জুইত গৰম কৰি তাৰ ৰস উলিয়াই কাণত কেইটোপালমান দিলে কাণৰ পৰা পূঁজ ওলোৱা বন্ধ হয়।
  • মালতী ফুল আৰু পাতৰ ৰস মিশ্ৰণ কৰি কাণত দিলে কাণৰ পৰা পূঁজ ওলোৱা বন্ধ হয়।
  • সৰু ল’ৰা-ছোৱালীৰ কাণ পকিলে মানকচুৰ পত্ৰবৃন্তৰ ৰস টোপটোপকৈ দিব লাগে।
  • নহৰু খুন্দি তাৰ ৰস গৰম কৰি কাণত কেইটোপালমান দিলেই যথেষ্ট উপকাৰ পোৱা যায়।
  • চজিনাৰ ৰস তিলতেলৰ লগত গৰম কৰি কাণত দিব লাগে। পৰিমাণ ২ টোপাল।
  • কেঁচা জেতুকাৰ পাতৰ ৰস উলিয়াই ৪/৫ টোপালকৈ দিনে ২ বাৰকৈ ২/৩ দিন কাণত দিলেই ৰোগ ভাল হয়।
  • যমলাখুটিৰ পাতৰ ৰস গৰম কৰি ২ টোপাল দিব লাগে।

পথ্য

মহানিম, চিৰতা, পটল, চজিনা, ফল-মূলৰ ৰস, তুলসী আৰু সহজে হজম হোৱা বস্তু সুপথ্য। আমলখি, ত্ৰিফলা উপকাৰী।

অপথ্য

টান বস্তু, গুৰুপাকী খাদ্য, টেঙাজাতীয় বস্তু, বিড়ি, চিগাৰেট, ধপাত, মাদক দ্ৰব্য আদি খোৱা বেয়া। কথা কমকৈ ক’ব লাগে।

কুকুৰী কণা

ৰোগৰ কাৰণ

খাদ্যপ্ৰান ‘ক’ আৰু প্ৰ’টিন জাতীয় বস্তুৰ দেহত অভাৱ হ’লে এই ৰোগ হ’ব পাৰে।

ৰোগৰ লক্ষণ

প্ৰথমতে চকুৱে জলক-তবক কৰে। ৰাতি বা কম পোহৰত বস্তু দেখা পোৱা নাযায়।

বন দৰৱ

  • শতমূলৰ পাত ঘিউত ভাজি খাব লাগে।
  • বক ফুলৰ পাত বা ফুল ১০০ গ্ৰাম ঘিউত ভাজি এসপ্তাহমান খালেই কুকুৰী কণা ভাল হয়।
  • চজিনা তৰকাৰী কৰি ১০০ গ্ৰামকৈ দিনে ২ বাৰ একেৰাহে ১৫/২০ দিন খালেই চকুৰে কম দেখা লোকে যথেষ্ট উপকাৰ পোৱা দেখা যায়।
  • আমলখি গছত কটাৰীৰে বিন্ধা কৰি তাৰ ৰস ২/৩ টোপাল ৩ বাৰকৈ চকুত দিলে চকুৰে কম দেখা বা ক্ৰিমিৰ ৰোগত সুফল পোৱা যায়।
  • সৰিয়হ পাতৰ নিয়ৰৰ টোপাল চকুত দিলে চকুৰ দৃষ্টিশক্তি বৃদ্ধি হয়।
  • জেতুকা পাতৰ ৰস হাত-ভৰি তলুৱা আৰু মুখত লগালে চকু ভালে থাকে আৰু দৃষ্টিশক্তি বৃদ্ধি হয়।
  • ত্ৰিফলা চূৰ্ণ, মৌ বা ঘিউৰ লগত ৰাতিপুৱা খালে কুকুৰী কণা ৰোগ ভাল হয়।
  • মচুৰ দাইল ১০০ গ্ৰাম ঘিউত ভাজি খালে চকুৰ দৃষ্টিশক্তি বাঢ়ে।
  • মহাভৃঙ্গৰাজৰ পাত মাছৰ কণীৰ লগত ভাজি খালে যথেষ্ট উপকাৰ পোৱা যায়।

পথ্য

চকুৰ ৰোগৰ পথ্যৰ সৈতে একে।

অপথ্য

ধঁপাত, বিড়ি, চিগাৰেট, মাদক দ্ৰব্য আদি খোৱা বেয়া।

চকুৰ ৰোগ

ৰোগৰ কাৰণ

বেক্টেৰীয়াই আৰু ভেঁকুৰে আক্ৰমণ কৰিলে, বিষাক্ত বস্তু চকুত পৰিলে, চকুৰ আঘাত লাগিলে, খাদ্যপ্ৰাণ ‘ক’ শৰীৰত যথেষ্ট পৰিমাণৰ নাথাকিলে চকুৰ বিভিন্ন ৰোগ হ’ব পাৰে।

ৰোগৰ লক্ষণ

ৰোগ অনুযায়ী চকুৰ ৰোগৰ লক্ষণ ভিন্ন। চকু উঠা ৰোগত চকু জ্বলা-পোৰা কৰে, চকু বিষায় আৰু ফুলি উঠে, পানী ওলাই থাকে, পোহৰ সহ্য নহয় আৰু সামান্য জ্বৰ হয়, চকু ৰঙা পৰে। ই সংক্ৰামক বেমাৰ। চকুত জাল পৰা ৰোগত চকুৰ মণিৰ পাতল ছালখনৰ ওপৰত এখন পাতল আৱৰণ পৰে। ফলত চকুত জালমাৰি ধৰাৰ দৰে লাগে। চকুৰে যিকোনো বস্তু জিলমিলকৈ দেখে, এই আৱৰণ পাছত ডাঠ হ’লে চকুৰে ভালদৰে দেখা পোৱা নাযায়। ইয়াৰ বাহিৰেও চকুৰ পৰা পানী ওলাই থকা দেখা যায়।

বন দৰৱ

  • শিলিখা গুড়ি ১০ গ্ৰামত ১০ গ্ৰাম গুলন্স মিহলাই তাৰ সৈতে মৌ দি দিনে ২ বাৰকৈ খালে সকলো প্ৰকাৰ চকুৰ ৰোগ আৰোগ্য হয়।
  • কেঁচা আমলখি ৯ টা খুন্দি তাৰ ৰস চকুৰ কোণত টোপটোপকৈ পৰিবলৈ দিলে চকুৰ ৰোগ ভাল হয়।
  • পনৌনৌৱা ঘিউত ভাজি খালেও চকুৰ ৰোগ ভাল হয়।
  • গোলাপ ফুলৰ ৰস চকুৰ কোণত দিলে চকুৰ যিকোনো অসুখত যথেষ্ট আৰাম পোৱা যায়। বিশেষকৈ চকু ৰঙা পৰা ৰোগত সুফল পোৱা যায়।
  • চকু ৰঙা পৰা ৰোগত মহানিমৰ ৪/৫ খন কেঁচা পাতৰ ৰস উলিয়াই চকুৰ কোণত দিলে ৰোগ সম্পূৰ্ণ আৰোগ্য হয়।
  • চকুৰ পৰা অনবৰত পানী পৰি থাকিলে ৪/৫ টা বাদাম এৰাতি অলপ পানীত তিয়াই ৰাখি, পিছদিনা ৰাতিপুৱা বাদামকেইটা খুন্দি সেই পানীৰ সৈতে খাব লাগে। এনেদৰে খালে চকুৰ যিকোনো অসুখ ভাল হয়।
  • চকু উঠা ৰোগত এৰাপাত এখন জুইত সেকি তাৰ ৩/৪ টোপাল ৰস চকুৰ কোণত দিলে আৰাম পোৱা যায়।
  • চকুত সৰু সৰু ফোঁহা হ’লে ৪/৫ টা লং পিহি ফোঁহা হোৱা ঠাইত প্ৰলেপ দিলে ফোঁহা বহি যায় আৰু বিষ কমে।
  • চকুত দুখ পালে বা ঘা লাগিলে কেঁচা হালধি খুন্দি তাক পৰিষ্কাৰ কাপোৰ এডোখৰত বান্ধি অলপ জুইত সেক দি গৰম কৰি সেই স্থানত লগালে ঘা শুকায় আৰু বিষ কমে।
  • চকুত জালপৰা ৰোগত আলুগুটি এটা পিহি কাজলৰ দৰে চকুত লগালে বহুত পুৰণি এনে ৰোগ ভাল হোৱা দেখা যায়।
  • চকুৰ কোণত গোলনেমুৰ ৰস ৮/১০ টোপালকৈ দৈনিক একেৰাহে এক ডেৰমাহ ব্যৱহাৰ কৰিলেও চকুত জালপৰা ৰোগ ভাল হয়।
  • চকু ৰঙা পৰিলে কেঁচা হালধি এডোখৰ খুন্দি তাৰ ৰস কেইটোপালমান চকুত দিলে এই ৰোগ আৰোগ্য হয়।
  • চকুৰ পৰা ৰঙা পানী পৰি থাকিলে বা চকুৰ বিষত হালধি এডোখৰ পিহি তাৰ পৰা এচামুচ ৰস উলিয়াই আধা লিটাৰ পানীত গৰম কৰি চাৰি ভাগৰ এভাগ হ’লে ঠাণ্ডা হ’বলৈ দি তাক পৰিষ্কাৰ কাপোৰ এডোখৰেৰে চেকি চকুত ২ বাৰকৈ প্ৰতিদিনে দিব লাগে।
  • তৰুৱাকদমৰ ছাল খুন্দি তাৰ পৰা ৰস উলিয়াই চকুৰ কোণত ২/৩ টোপাল দিলে চকুৰ পৰা পানী ওলোৱা ৰোগ ভাল হয়।
  • পূৰাকলৰ আঠা ৩/৪ টোপালকৈ সমান পানীত মিহলাই চকুৰ কোণত একেৰাহে ২০/২৫ দিন মান দিলেই চকুত জাল পৰা ৰোগ আৰোগ্য হয়।
  • চকু ৰঙা পৰা ৰোগত পিঁয়াজৰ ৰস ৩/৪ টোপাল চকুত দিলেও উপকাৰ পোৱা যায়।

পথ্য

সৰু মাছৰ জোল, পকা আম, পকা অমিতা, চজিনা, নৰসিংহৰ পাত, কাঁটাখুতৰা, ধনীয়া, বন্ধাকবি, পূৰাকল, পাণ, ভীমকল, নহৰু, মৌ, গোলনেমু সুপথ্য। গাজৰ, অপৰাজিতা ফুল আৰু আমলখি উপকাৰী। পৰিষ্কাৰ ঠাণ্ডা পানীৰে চকু খুব ভালদৰে ধুব লাগে।

অপথ্য

বিড়ি, চিগাৰেট, ধপাত, মাদক দ্ৰব্য, পুৰৈশাক, জ্বলা-পোৰা বস্তু, টেঙা ফল-মূল, মছলা, ভাং, বেঙেনা, উৰহী খোৱা বেয়া। টোপনি ক্ষতি কৰিব নালাগে। বেছিকৈ লিখা-পঢ়া কৰা আৰু দূৰ ভ্ৰমণ কৰা বেয়া। সহজে হজম নোহোৱা খাদ্য খাব নালাগে।

চুলি সৰা

ৰোগৰ কাৰণ

বহুদিন ধৰি অসুখত ভুগিলে, চুলিৰ কাৰণে প্ৰয়োজনীয় খাদ্যপ্ৰাণ আৰু খনিজ পদাৰ্থৰ দেহত অভাৱ হ’লে চুলি সৰে। অধিক খাৰ জাতীয় চাবোন আদি ব্যৱহাৰ কৰিলেও চুলি সৰিব পাৰে। অধিক চিন্তা হ’লেও চুলি সৰে। চুলিৰ কীটাণুৱে কামুৰিলেও চুলি সৰে। উফি হ’লেও চুলি সৰে।

ৰোগৰ লক্ষণ

মূৰ ধূলে চুলি সৰিবলৈ আৰম্ভ কৰে আৰু পিচলৈ চুলি কোচা-কোচে সৰিবলৈ ধৰে। মূৰৰ ছালত খজুৱতী হয়।

বন দৰব

  • আমলখি ৩/৪ টা থেতেলিয়াই এৰাতি মূৰত বান্ধি ৰাখি পিচদিনা মূৰ ধূলে চুলি সৰা বন্ধ হয়।
  • অৰহৰ দাইল পিহি ৩ বাৰকৈ দিনে প্ৰলেপ দি দ্বিতীয় দিনা সৰিয়হ তেল মূৰত ঘঁহি, ৰ’দত বহি ৪ ঘন্টাৰ পাছত আগৰ দৰে প্ৰলেপ দিলে চুলি সৰা কমে আৰু চুলি গজে। এনেদৰে একেৰাহে ১০/১২ দিন দিয়া ভাল।
  • সদায় ৰাতিপুৱা তিল ৫০ গ্ৰামকৈ খাব লাগে। চুলি ক’লা হোৱাৰ উপৰিও দীঘল আৰু সুন্দৰ হয়। চুলি সৰা আৰু অকালতে পকা বন্ধ হয়।
  • তুলসী পাতৰ ৰস আৰু আমলখি থেতেলিয়াই ১৫/২০ সময়ৰ মূৰত ঘঁহিলে অকালতে চুলি সৰা বন্ধ হয়।
  • কোনো কীটাণুৰ দ্বাৰা আক্ৰমণ কৰাৰ ফলত চুলি সৰিলে ভেঁকুৰী গুটি ৫০ টাৰ ৰসত অলপ মৌ মিহলি কৰি ৩/৪ ঘন্টা মূৰত প্ৰলেপ দি ৰাখিব লাগে।
  • কেঁহৰাজৰ পাত খুন্দি ৰসেৰে মূৰ ধুব লাগে।
  • ২০০ গ্ৰাম কেৰেলাৰ (তিতা) শিপা খুন্দি মূৰত আধা ঘন্টা প্ৰলেপ দিব লাগে।
  • ৰঙা জবাৰ ৫/৬ খন পাত খুন্দি মূৰত আধাঘন্টা প্ৰলেপ দিব লাগে।
  • আমৰ বীজৰ সাহ দুটা থেতেলিয়াই তাক এবাতি পানীত তিয়াই ৰাখি ৰস বাহিৰ হ’লে সেই পানীৰে মূৰ ধুব লাগে।
  • অতিৰিক্ত উফি হোৱাৰ ফলত চুলি সৰিলে চোকা কলা খাৰণীৰে মাটিমাহ সিজাই মূৰ ধুব লাগে।

পথ্য

আয়’ডিন যুক্ত খাদ্য যথেষ্ট পৰিমাণে খোৱা উচিত। নাৰিকলৰ তেল নাইবা মহাভৃঙ্গৰাজৰ তেল নিয়মীয়াকৈ ব্যৱহাৰ কৰা ভাল। দূবৰি বনৰ ৰসেৰে মূৰ ধুব লাগে। বৰ মানিমুনি গৰুৰ গাখীৰৰ সৈতে খোৱা ভাল। পিঁয়াজ, নহৰু, অপৰাজিতাৰ ফুলৰ ৰস উপকাৰী।

অপথ্য

যিকোনো চাবোন আৰু বজৰুৱা তেল ব্যৱহাৰ কৰিব নালাগে। অধিক চিন্তা কৰা বেয়া। চুলিৰ গুৰি অপৰিষ্কাৰকৈ ৰাখিব নালাগে।

জিভাৰ ঘা

ৰোগৰ কাৰণ

দেহত খাদ্যপ্ৰাণ ‘খ’ অভাৱ হ’লে এই ৰোগ হয়।

ৰোগৰ লক্ষণ

প্ৰথমতে সৰু সৰু ফোঁহা হয়। পিছত সেই ফোঁহা পকি ঘা হয়। বিষ হয়। খোৱা-বোৱাত অসুবিধা হয়।

বন দৰব

  • ৰহৰ মাহৰ কেঁচা পাত কেইখিলামান চোবাই খালেই জিভাৰ ঘা ভাল হয়।
  • শুহনি বনৰ ফুল আৰু পাত চোবাই খালেও জিভাৰ ঘা আৰোগ্য হয়।
  • ডালিমৰ বাকলিৰ ক্কাথেৰে মুখ কুলকুলিয়াব লাগে।
  • বকুল গছৰ ছালৰ ৰসেৰে দিনে ৩ বাৰকৈ মুখ কুলকুলিওৱা ভাল।
  • মধুৰি গছৰ কুহিপাতৰ আগ তিনিটা পিহি জিভাত লগালে জিভাত হোৱা গুটি গুটি ফোঁহা বা ঘা তৎক্ষণাত ভাল হয়।
  • অনন্তমূলৰ ৰস আৰু ভেড়া ছাগলীৰ গাখীৰ মিহলি কৰি জিভাত হোৱা ঘাত লগাব লাগে। অনন্তমূলৰ শিপাৰ ৰসেৰে মুখ কুলকুলিয়ালেও উপকাৰ পোৱা যায়।
  • আঁহত গছৰ ছালৰ ৰসত মৌ মিহলাই মুখ কুলকুলিয়ালে জিভা বা মুখৰ যিকোনো ঘা সহজো ভাল হয়।
  • শুৱগা অকণমান জুইত কিছু সময় দিয়াৰ পাছত শুৱগা যেতিয়া আখৈৰ দৰে হয় তেতিয়া তাক মৌজোলৰ লগত মিহলি কৰি জিভাৰ ঘা হোৱা ঠাইত সানিলে ঘা শুকায়।
  • মানকচুৰ শিপা পুৰি তাৰ ছাই মৌজোলৰ লগত মিহলি কৰি জিভাৰ ঘা হোৱা ঠাইত সানিলে জিভাৰ ঘা ভাল হয়।
  • ফুটুকা গছৰ পকা গুটি জিভাত সানিলে ঘা ভাল হয়।
  • জিভাত গুটি গুটি ফোঁহা হ’লে পকা কণ জলকীয়া পিহি ফোঁহা হোৱা ঠাইত দিনে ২ বাৰ মান সানিলেই ফোঁহা বহি যায় আৰু বিষ কমে।

পথ্য

লঘু আহাৰ কৰিব লাগে। তিতা দ্ৰব্য বিশেষকৈ-চিৰতা, মহানিম, শোকোতা আদি উপকাৰী। খাদ্যপ্ৰাণ ‘খ’ যুক্ত বস্তু খাব লাগে। ঔটেঙাৰ বীজলেৰে নাইবা আমলখিৰ ৰসেৰে মূৰ ধুব লাগে।

অপথ্য

মাদক দ্ৰব্য, ধপাত, ভাং, মছলা, নিমখ খোৱা বেয়া।

দাঁত পোকে খোৱা

ৰোগৰ কাৰণ

দাঁত আৰু দাঁতৰ গুৰি অপৰিষ্কাৰ হোৱাৰ কাৰণে সাধাৰণে এই ৰোগ হয়।

ৰোগৰ লক্ষণ

দাঁতৰ গুৰিত বিষ হয়। দাঁতৰ গুৰিত কিবা এটাই কামোৰা যেন লাগে। বেছি হ’লে দাঁতৰ গুৰি ওখহি পৰাৰ উপৰিও গাল ওফন্দি পৰে। খোৱা-চোৱাত অসুবিধা হয়। দাঁত ক্ৰমান্বয়ে ক্ষয় যোৱাৰ কাৰণে শেষত দাঁত উঘালি পেলোৱাৰ বাহিৰে অন্য উপায় নাথাকে।

বন-দৰব

  • এটা মাটিৰ পাত্ৰত শুকান আকন্দৰ আঠা ৰাখি সামান্য পানী ঢালি সেই পানীত কঁপাহ তিয়াই দাঁতত কিছু সময় লগালে দাঁতৰ পোক মৰে আৰু দাঁতৰ বিষ নাইকিয়া হয়।
  • কেঁচা হালধি জুইত পুৰি দাঁত মাজিলে বা দাঁতত প্ৰলেপ দি থ’লে দাঁতৰ ৰোগ ভাল হয়।
  • তিতা ভেঁকুৰী ২০ টা মান খুন্দি তাক বিড়িৰ দৰে বাঁহৰ সৰু চুঙা এটাত লৈ ধোঁৱাখিনি মুখেৰে টানি মুখত কিছু সময় ৰাখিলে দাঁতৰ বিষ-কপ নাইকিয়া হয়।
  • বগা লাটুমণিৰ শিপাৰ ৰস বা কেঁচা শিপা খুন্দি দাঁতেৰে কামুৰি থাকিব লাগে নাইবা ৰস উলিয়াই মুখ কুলকুলিয়াব লাগে।
  • হিং তপতাই দাঁতত কিছু সময় লগাই থ’লে দাঁতৰ বিষ নাশ হয়।
  • পিপলিৰ গুড়ি ঘিউ আৰু মৌত সানি দাঁত মাজি দাঁতত লগাই ৰাখিলে দাঁতৰ ৰোগ ভাল হয়।
  • সিজু গছৰ শিপা খুন্দি বা ভীমকলৰ শিপা খুন্দি দাঁতত লগাই ৰাখিলে দন্তক্ষয় ভাল হয়।
  • ২/৩ টা লং পিহি দাঁত পোকে খোৱা ঠাইত লগাই থ’লে যথেষ্ট আৰাম পোৱা যায়।
  • সৌৰা গছৰ ঠাৰিৰে দাঁত নিয়মীয়াকৈ মাজিব লাগে।
  • বঙালি এৰাৰ ঠাৰিৰে দাঁত মাজিব লাগে আৰু ইয়াৰ এঠা দাঁতত লগাব লাগে।
  • তেজমুই শিপাৰে দাঁত মাজিব লাগে।

পথ্য

খাদ্যপ্ৰাণ ‘ঘ’ যুক্ত আহাৰ, কডলিভাৰ তেল, মাছৰ কণী, মাখন, কণীৰ কুহুম, মহানিমৰ পাত, চিৰতা উপকাৰী। চজিনাৰ এঠা লগোৱা ভাল। লঘু আহাৰ খাব লাগে। নিমখ পানীৰে কুলকুলি কৰিব লাগে।

অপথ্য

মিঠা বস্তু খাব নালাগে।

দাঁতৰ বিষ

ৰোগৰ কাৰণ

দাঁতৰ গুৰি দুৰ্বল হ’লে, সঘনাই দাঁতৰ গুৰি ফুলা ৰোগ হ’লে, দাঁত পোকে খালে আৰু শৰীৰত কেলচিয়ামৰ অভাৱ হ’লে দাঁতৰ বিষ হয়।

ৰোগৰ লক্ষণ

প্ৰথমে পানী খালে দাঁতৰ গুৰি শিৰশিৰাই আৰু পিচলৈ দাঁতৰ গুৰিত বিষ হয়।

বন দৰব

  • ভীমকলৰ পাতৰ মাজৰ কেঁচা ঠাৰি এডাল জুইত অলপ সেকি যিমান সময় পৰা যায় বিষ হোৱা দাঁতেৰে কামুৰি ধৰিলে বিষ নাইকিয়া হয়।
  • বকুল গছৰ ছালৰ ৰসেৰে মুখ কুলকুলিয়ালে দাঁতৰ বিষ আৰু দাঁতৰ যিকোনো ৰোগ ভাল হয়।
  • মৰাণ আদা খুন্দি দাঁতেৰে চোবাই কিছু সময় বিষ হোৱা দাঁতৰ মাজত ৰাখিলে দাঁতৰ বিষ দূৰ হয়।
  • ৫ টা বাদাম খাব লাগে আৰু বাদাম, আদা আৰু নিমখ পিহি বিষোৱা দাঁতত লগাব লাগে।
  • ৫ টা লং পিহি নেমুৰ ৰস মিহলি কৰি দাঁত মাজিলে দাঁতৰ বিষ নাইকিয়া হয়। নাইবা ৫ টা লং পিহি এগিলাচ পানীত মিশ্ৰণ কৰি মুখ কুলকুলিয়ালে দাঁতৰ বিষ কমে।
  • সৰিয়হ তেল, নেমুৰ ৰস আৰু অলপ নিমখ কৰি দাঁত মাজিলে দাঁত পৰিষ্কাৰ হয়, দাঁতৰ বীজাণু নাশ হয় আৰু দাঁতৰ বিষ দূৰ হয়।
  • পিপলীৰ গুড়া, ঘিউ আৰু মৌ মিহলাই দাঁত মাজিব লাগে আৰু বিষ হোৱা দাঁতত প্ৰলেপ দিব লাগে।
  • ভেদাইলতাৰ গুটি পিহি দাঁত মাজিলে বিষ কমে।
  • হিং এটুকুৰা দাঁতেৰে কামুৰি ধৰিলে দাঁতৰ বিষ নাইকিয়া হয়।
  • ফিটকিৰি পিহি বিষোৱা দাঁতত লগাব লাগে।
  • বগা লাটুমণিৰ শিপা কামুৰি থাকিব লাগে।
  • কুমলীয়া এচাৰি জুইত সেকি দাঁতেৰে কামুৰি ধৰি থাকিলে বিষ নাইকিয়া হয়।

পথ্য

লঘু আহাৰ খাব লাগে। তিতাবেতৰ গাঁজ জুইত সেকি বিষ হোৱা দাঁতেৰে চোবাই বা কামুৰি ধৰিব লাগে। মধুৰি আমৰ পাতৰ ৰস, কেঁহেৰাজ, মহানিমৰ ছাল পুৰি সেই ছাইৰে দাঁত মাজিব লাগে। কেলচিয়ামযুক্ত খাদ্য খোৱা ভাল। তিল চোবাই খাই পানী খাব লাগে।

অপথ্য

টান আৰু মিঠা জাতীয় বস্তু খাব নালাগে।

দাঁত লৰা

ৰোগৰ কাৰণ

দাঁতৰ গুৰি দৃঢ় নহ’লে, দেহত খাদ্যপ্ৰাণ ‘গ’ৰ অভাৱ হ’লে, দাঁত পোক বা অন্য দাঁতৰ ৰোগ হ’লে দাঁত লৰিব পাৰে।

ৰোগৰ লক্ষণ

দাঁতৰ বিষ হয় আৰু লাহে লাহে দাঁত লৰিবলৈ ধৰে।

বন দৰব

  • বকুলৰ গুটি ২/৩ টাব চোবালে দাঁত লৰা বন্ধ হয়। অৰ্থাৎ দাঁতৰ গুৰি দৃঢ় হয়।
  • ভীমকলৰ কেঁচা ঠাৰি এডাল কাটি যিমান সময় পৰা যায় চোবালে দাঁত লৰা বন্ধ হয়।
  • কুমলীয়া এচাৰি জুইত অলপ সেক দি লৰা দাঁতেৰে কামুৰি ধৰিলে দাঁত লৰা ভাল হোৱা দেখা যায়।
  • কেঁচা নিমৰ ঠাৰিৰে দাঁত মাজিব লাগে।

পথ্য

তিতা বস্তু খাব লাগে। খাদ্যপ্ৰান ‘গ’ যুক্ত আহাৰ খোৱা ভাল।

অপথ্য

টান বস্তু খাব নালাগে। মিঠা বস্তু, ঠাণ্ডা পানী অপথ্য।

দাঁতৰ গুৰিয়েদি তেজ ওলোৱা

ৰোগৰ কাৰণ

পায়েৰিয়া ৰোগ হ’লে দাঁতৰ গুৰি দুৰ্বল হ’লে, দাঁতৰ গুৰিত খৰিকা মাৰিলে দাঁতৰ গুৰিয়েদি তেজ পৰে। দেহত খাদ্যপ্ৰাণ ‘গ’ ৰ অভাৱ হ’লে এই ৰোগ হয়। দাঁতৰ গুৰি অপৰিষ্কাৰ হ’লেও এই ৰোগ হ’ব পাৰে।

ৰোগৰ লক্ষণ

দাঁতৰ গুৰিয়েদি যেতিয়াই-তেতিয়াই তেজ ওলায়। বিষ নাথাকে।

বন দৰব

  • কৰ্দৈ টেঙাৰ শিপা আৰু কেঁহেৰাজৰ শিপা ভালদৰে পিহি দাঁতৰ গুৰিত লগালে তেজ ওলোৱা বন্ধ হয়।
  • দিনে তিনিবাৰ মানকৈ কিছুদিন বকুল গছৰ বাকলিৰ ৰসেৰে মুখ কুলকুলিয়াব লাগে।
  • দুবৰিবন এমুঠি পিহি মুখত ভৰাই দাঁতেৰে কামুৰি কিছু সময় ধৰি থাকিব লাগে।
  • বঙালী এৰাৰ ঠাৰিৰে ভালদৰে নিয়মীয়াকৈ দাঁত মাজিব লাগে।
  • ২০ খন মধুৰী পাত এগিলাচ পানীত উতলাই তাত নিমখ দি মুখ কুলকুলিয়াব লাগে।

পথ্য

দাঁতৰ আলু উখহা ৰোগৰ পথ্যৰ সৈতে একে। খাদ্যপ্ৰাণ ‘গ’ যুক্ত আহাৰ যথেষ্ট পৰিমাণে খোৱা উচিত। আমলখি সুপথ্য।

অপথ্য

বিড়ি, চিগাৰেট, ধপাত, মাদক দ্ৰব্য, জ্বলা-পোৰা বস্তু খাব নালাগে। দাঁতত খৰিকা মাৰিব নালাগে। এঙাৰেৰে দাঁত ধুব নালাগে।

দাঁতৰ আলু উখহা

ৰোগৰ কাৰণ

দাঁত আৰু দাঁতৰ গুৰি অপৰিষ্কাৰ, দেহত খাদ্যপ্ৰাণ ‘গ’, ‘ঘ’ ৰ অভাৱ হ’লে এই ৰোগ হ’ব পাৰে।

ৰোগৰ লক্ষণ

দাঁতৰ গুৰিবিলাক উখহি পৰে। পকিলে সেই উখহা ঠাইৰ পৰা পূঁজ ওলাই থাকে। দাঁতৰ গুৰিত বিষ অনুভৱ হয়। মুখৰ পৰা দুৰ্গন্ধ বাহিৰ হয়।

বন দৰব

  • ৰাতিপুৱা আৰু গধূলি ২ বাৰকৈ এড়ি তেলৰ লগত কৰ্পূৰ মিহলাই দাঁতৰ গুৰিত লগাব লাগে।
  • বকুল গছৰ ছাল বা তাৰ ফল পিহি তাৰ ৰসেৰে মুখ কুলকুলিয়ালে এই ৰোগ আৰোগ্য হয়।
  • ধতুৰা গছৰ পাতৰ ৰসত আফিং মিহলাই মুখ কুলকুলিয়াব লাগে।
  • বঙালী এৰা গছৰ প্ৰায় ১০০ মি: লি: ৰস উলিয়াই নিমখ মিহলি কৰি গৰম পানীৰ সৈতে দিনে তিনিবাৰকৈ মুখ কুলকুলিয়াব লাগে।
  • মহানিমৰ ছাল জুইত পুৰি তাৰ ছাইৰে দাঁত মাজিলে দাঁতৰ বিষ কমে আৰু দাঁতৰ গুৰিৰ পৰা পূঁজ ওলোৱা বন্ধ হয়।
  • বগা সৰিয়হ বটি দাঁতৰ গুৰিত প্ৰলেপ দিব লাগে।
  • ২০ খন মধুৰী পাত ১ গিলাচ পানীত সিজাই তাত অলপ নিমখ দি মুখ কুলকুলিয়াব লাগে। দিনে ২ বাৰকৈ।

পথ্য

নিমপাত খোৱাৰ উপৰিও নিমপাতৰ ঠাৰিৰে দাঁত মাজিব লাগে। তিতা দ্ৰব্য, চজিনা, কাঁটাখুতুৰা, চয়াবিন, আতলাচ, আমলখি, নৰসিংহৰ পাত, সৰিয়হ শাক উপকাৰী। চজিনাৰ পাতৰ ৰস আৰু ইয়াৰ তেল লগাব লাগে। মধুৰী, আমলখি, নেমু উপকাৰী।

অপথ্য

বিড়ি, চিগাৰেট, মাদক দ্ৰব্য, জ্বলা-পোৰা বস্তু খাব নালাগে।

টনচিল

ৰোগৰ কাৰণ

ই সাধাৰণতে তেজৰ দোষতেই এই ৰোগ হয়। ঘোৰা-শলখা ৰোগ হলেও টনচিল গ্রন্থি দুটা বগা বৰণৰ হয়।

ৰোগৰ লক্ষণ

কোমল তালুৰ প্ৰান্তত দুয়োফালে যি দুটি টনচিল গ্রন্থি থাকে সেই দুটাত ঠাণ্ড লাগিলে ই বৃদ্ধি পায়। কেতিয়াবা পানী লগা হলেও এই গ্রন্থি বাঢ়ে। প্রথম অৱস্থাত জ্বৰ উঠে আৰু ডিঙিৰ বিষ হয়। খোৱা-বোৱাত অসুবিধা হয়। মুখৰ পৰা দুৰ্গন্ধ ওলায়।

বন-দৰব

  • শিশু গছৰ ৫/৬ খন পাত খুন্দি তাৰ ৰস মিচিৰিৰ সৈতে খাব লাগে|
  • মাটিকঠালৰ কুমলীয়া ফল ধুই জুইত পুৰি পিছদিনা মিচিৰিৰ লগত তাৰ ৰস খাব লাগে|
  • মণিছাল গুটিৰ বাকলিৰ ৰসেৰে মুখ কুলকুলিয়াব লাগে।
  • তৰুৱাকদমৰ ছাল খুন্দি তাৰ ৰসেৰে মুখ কুলকুলিয়াব লাগে।
  • টনচিলৰ বাবে ডিঙিৰ বিষ হ’লে দোৰোণ শাক আঞ্জা কৰি খাব লাগে|
  • তৰুৱাকদমৰ ২০০ গ্রাম ওজনৰ ছাল খুন্দি দাঁতৰ আলু আৰু টনচিল হোৱাৰ বাহিৰ ফালে প্রলেপ দি আধা ঘণ্টা সময় ৰাখিব লাগে।

পথ্য

দোৰোণ শাক তৰকাৰী কৰি আৰু পাতত দি খাব লাগে। নিমৰ পাত, মৌ, সুমথিৰা টেঙা উপকাৰী। নেমুৰ ৰস বেয়া নহয়।

অপথ্য

টান বস্তু খাব নালাগে। চাহ, কফি, চেনি, আটা, ময়দা খোৱা নিষেধ। ডিঙিত ঠাণ্ড নলগাকৈ গৰম কাপোৰেৰে বান্ধি ৰাখিব লাগে।

লিখক: ড০ গুণাৰাম খনিকৰ, সহজ লভ্য বন দৰবৰ গুণ।

শেহতীয়া উন্নীতকৰণ: : 10/20/2018



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate