অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মেদৰোগ বা শকত হোৱা হ্ৰাস কৰাত তগৰ ফুলৰ বনৌষধি গুণ

মেদৰোগ বা শকত হোৱা হ্ৰাস কৰাত তগৰ ফুলৰ বনৌষধি গুণ

গোন্ধ যুক্ত তগৰ ফুল সকলোৱে চিনি পায়| তগৰ, গোলাপ, খৰিকাজাঁই ফুল বসন্ত কালৰ আৰম্ভনিৰ পৰা ফুলে| এই তগৰ ফুলৰ সৌন্দৰ্যৰ লগতে ইয়াৰ ঔষধি গুণো বহুত| মেদৰোগ বা অতিপাত শকত হোৱা ৰোগত তগৰ ফুলৰ ঔষধি গুণ আশ্চৰ্যজনক| কোনো মানুহৰ বা মহিলাৰ বা ল’ৰা-ছোৱালীৰ মেদবহুলতাত ভুগিলে নানা ধৰণৰ ঔষধ ব্যৱহাৰ কৰা দেখা যায়| কোনো মহিলা বা যুৱক-যুৱতীৰ পেট, নিতম্ব, স্তন, ভৰি-হাত আদিত অধিক চৰ্বি হয়,মেদৰ পৰিমাণো আধিক্য হয়| এই মেদৰোগত ৰোগীৰ ক্লান্তিবোধ হয়, কাম-কাজ কৰাৰ প্ৰতি অনীহা হয় অথচ ভোক বাঢ়ে| এনেক্ষেত্ৰত তগৰ ফুলৰ গছৰ শিপা ১ গ্ৰাম পৰিমাণে লৈ সেইখিনি থেতালি আধাকাপ পানীত উতলাই চেকি ঠাণ্ডা হ’লে সেই ক্কাথ খিনি দিনে দুবাৰকৈ কিছুদিন অৰ্থাৎ ১৫ দিন খাব লাগে| মেদ বা চৰ্বি লাহে লাহে কমি যাব| বয়সস্থ লোকৰ আৰু শিশুৰ ঘনাই ঘনাই প্ৰস্ৰাৱ হ’লে তগৰ ফুলৰ গছৰ শিপাৰ ছাল চুৰ্ণ কৰি ৪০০ মিলিগ্ৰাম মাত্ৰাত প্ৰতিদিনে পুৱা আৰু আবেলি ২ বাৰকৈ খাব লাগে| কেইদিন মান(৫-৬ দিন) ব্যৱহাৰ কৰাৰ পাছত প্ৰস্ৰাৱ কৰা নিয়মীয়া হ’ব| প্ৰস্ৰাৱ কমি গ’লে ঔষধ খোৱা বন্ধ ৰাখিব লাগে| এই সময় ছোৱাত কলমৌ শাক খাব লাগে ২-৩ সাঁজ| অত্যধিক ঘাম হ’লে, বিশেষকৈ সৰ্বাংগে ঘাম হ’লে হাতৰ তলুৱাত, ভৰিৰ তলুৱাতো ঘাম হয়| মধুমেহ ৰোগতো ঘাম হয়| যিবিলাক লোকৰ বংশৰ কাৰোবৰ হাঁপানী, মাইগ্ৰেন, ছাইনাছ থাকে তেওঁলোকৰ হাত ঘামি থাকে| তগৰ ফুলৰ শিপাৰ ছাল চুৰ্ণ কৰি ২৫০ মি:গ্ৰাম প্ৰতি পুৱাই কুহুমীয়া পানীসহ খাব লাগে| ৫-৬ দিন খালে ভাল হয়| কৃমিজনিত পেটৰ বিষত শিশুৰ বদহজম, নাভিৰ তলত আমাশয়ৰ দৰে কামোৰণি হয় লগতে শৌচত ফেন ওলায় তেতিয়া আমাশয় বা ডিচেণ্ট্ৰী হৈছে বুলি ৰোগীয়ে ধৰি লয়| তেনে ক্ষেত্ৰত তগৰৰ মূলৰ ছালৰ চুপ ২৫০ মি:গ্ৰাম আৰু ১ চামুচ চূণৰ পানীসহ পুৱা-আবেলি ২ বাৰকৈ খাব লাগে| চূণৰ পানীত ৭-৮ চামুচ পানী মিহলাই ল’ব লাগে| চৰ্দি লাগিলে দিনে ১০-১২ টা হাঁচি আহে, নাকেদি হৰহৰ কৰি পানী ওলায়| কিয়নো তেজত ইয়োছিনোফিল বাঢ়ি গৈছে| বংশগত হাঁপানী আৰু একজিমা থকা সকলৰ সামান্য লাগিলেই মূৰ গধুৰ হয়| চৰ্দি হয়| এইক্ষেত্ৰত তগৰ ফুলৰ ছালৰ চুৰ্ণ ২৫০ মি:গ্ৰাম মাত্ৰাত গৰম পানীৰ সৈতে পুৱা, আবেলি গৰম পানীৰ সৈতে ৪-৫ দিন খালে ভাল হয়| তেজৰ দোষ হ’লে খজুৱতী হৈ থাকিলে তগৰৰ শিপাৰ ছাল ১ গ্ৰাম ২-৩ কাপ পানীত৬ অলপ সময় গৰম কৰি চেকি পানীখিনি দিনে ২ বাৰকৈ অলপ অলপকৈ খালে ভাল হয়| দাঁতৰ বিষ হ’লে কেঁচা তগৰ ফুল গছৰ ডাল চোবাই থাকিলে দাঁতৰ গুৰিফুলা বিষ ভাল হয়|

লিখক: উপেন দত্ত।



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate