অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

যাদুকৰী উদ্ভিদ এল’ভেৰা

প্ৰাচীন তথ্য আৰু বিভিন্ন আধুনিক গৱেষণাৰ পৰা জনা যায় যে উদ্ভিদ আৰু মানুহৰ স্বাস্থ্য ওতঃপ্ৰোতভাৱে জড়িত। পৃথিৱীৰ বুকুত থকা শ শ উদ্ভিদৰ বেছিভাগৰে মানৱ স্বাস্থ্যৰ ওপৰত সু-প্ৰভাৱ আছে। আমি প্ৰত্যেকেই নিজকে সুন্দৰ, সুঠাম, নিৰোগী কৰি ৰখাৰ প্ৰয়াস কৰোঁ। প্ৰকৃতিত পোৱা এবিধ উদ্ভিদে আমাক সুন্দৰ আৰু নিৰোগী কৰি ৰখাত অতুলনীয় অৱদান আগবঢ়াই আহিছে। সেই উদ্ভিদজোপা হ’ল- এল’ভেৰা। এল’ভেৰাক অসমীয়াত চালকুঁৱৰী বোলে। বৰ্তমান এল’ভেৰাৰ নাম নুশুনা ব্যক্তি বোধহয় কমেইহে আছে। বেছিভাগ প্ৰসাধন সামগ্ৰীৰ বিজ্ঞাপনত এল’ভেৰাৰ উল্লেখ থাকেই।

অতীজতে চালকুঁৱৰীৰ বিস্তৃতি পূব আৰু দক্ষিণ আফ্ৰিকাত সীমিত আছিল বুলি জনা যায়। বৰ্তমান ইয়াৰ খেতি পৃথিৱীৰ প্ৰায় সকলো ঠাইতে কৰা হয়।

চালকুঁৱৰী লিলী গোত্ৰৰ অন্তৰ্ভুক্ত। ইয়াৰ ৪০০ বিধমান প্ৰজাতি আছে। ইয়াৰে পাঁচবিধমান প্ৰজাতি ঔষধি গুণসম্পন্ন। এই পাঁচ প্ৰজাতিৰ Aloe Barbadensis Miller প্ৰজাতিটো আটাইতকৈ গুৰুত্বপূৰ্ণ বুলি অভিহিত কৰে। এই উদ্ভিদ বহুবৰ্ষী, কাণ্ড তেনেই চুটি আৰু মূল অথবা শিপা মাটিৰ বেছি দলৈ নাযায়। পাতসমূহ ৰসাল, পাতৰ দাঁতিত সৰু সৰু কাঁইট থাকে। সেউজীয়া পাতবিলাকত বগা বগা দাগ থাকে। আফ্ৰিকা মহাদেশত ৩০ ফুটৰ পৰা ৬০ ফুট উচ্চতা আৰু ১০ ফুট পৰিধিৰ চালকুঁৱৰী উদ্ভিদ পোৱা গৈছিল।

ব্ৰিটিছ আৰু চীনাসকলে ভেষজ চিকিত্সা পদ্ধতিত এল’ভেৰাৰ বহুল ব্যৱহাৰ কৰিছিল বুলি জনা যায়। ভাৰতবৰ্ষত আয়ুৰ্বেদিক চিকিত্সাত ইয়াৰ গুৰুত্ব অপৰিসীম। প্ৰকৃততে চালকুঁৱৰীক মিৰাকল প্লাণ্ট বুলি জনা যায়। কাৰণ চালকুঁৱৰীৰ ৰস দীৰ্ঘদিন ধৰি গ্ৰহণ কৰিলে এজন ব্যক্তি সবল, সুন্দৰ আৰু নিৰোগী হৈ থাকে।

এল’ভেৰাৰ পাতৰ ৰসত পোৱা বিভিন্ন দ্ৰব্য

ভিটামিনঃ ইয়াৰ পাতত পোৱা ভিটামিন-এ (বিটা কেৰাটিন), চি আৰু ই সুন্দৰ এণ্টি-অক্সিডেণ্ট। ইয়াৰোপৰি ভিটামিন বি১২, ফলিক এচিড আৰু চেলাইন পোৱা যায়।

এনজাইম বা উত্সেচকঃ এল’ভেৰাত আঠবিধ উত্সেচক পোৱা যায়। যেনে- এলকেলাইন ফছফাটেজ, এমাইলেজ, ব্ৰেডিকাইনেজ, কাবিক্সিপেপচিডেজ, কেটালেজ, চেলুলেজ, লাইপেজ আৰু পেৰক্সিডেজ।

খনিজ পদাৰ্থঃ কেলচিয়াম, ক্ৰমিয়াম, কপাৰ, চিলেনিয়াম, মেগনেছিয়াম, মেংগানিজ, পটাছিয়াম, ছডিয়াম, জিংক। ওপৰত উল্লেখিত উত্সেচকসমূহৰ কাৰ্যক্ষমতাৰ বাবে এই খনিজ দ্ৰব্যসমূহ প্ৰয়োজনীয়।

শৰ্কৰাঃ চালকুঁৱৰীৰ পাতৰ ৰসত কেইবাবিধো শৰ্কৰা পোৱা যায়। যেনে- গ্লুক’জ, ফ্লুক্ট’জ, পলিচেকেৰাইডছ্ মিউকপলিচেকেৰাইডছ্। এই পলিচেকেৰাইডসমূহক গ্লুক’মান্ছ বোলা হয়। এইবিলাকত পোৱা এলপ্ৰ’জেন নামৰ গ্লাইক’প্ৰ’টিনে এলাৰ্জী ৰোধ কৰাত সহায় কৰে।

এনথ্ৰাকুইনন্ছঃ এল’ভেৰাৰৰ ৰসত বাৰবিধ এনে দ্ৰব্য পোৱা যায়। ইয়াৰে এলইন আৰু ইম’ডিন বিষনাশক, বেক্টেৰিয়া আৰু ভাইৰাছ ৰোধক।

এলভেৰাৰ ঔষধি গুণ

  • শুকান ছালৰ বাবেঃ শুকান ছালৰ বাবে অলপ এল’ভেৰাৰ পাতৰ ৰসৰ লগত সামান্য হালধি, এচামুচ মৌ, এচামুচ গাখীৰ আৰু কেইটোপালমান গোলাপজল মিহলাই মুখত ২০ মিনিটমানৰ বাবে প্ৰলেপ দি ধুই পেলাব লাগে।
  • স্ক্ৰাব হিচাপে এলভেৰাঃ আধাকাপ এল’ভেৰাৰ ৰস, একাপ চেনি আৰু ডাঙৰ চামুচেৰে দুচামুচ নেমুৰ ৰস মিহলাই মুখমণ্ডল আৰু গোটেই শৰীৰত স্ক্ৰাব হিচাপে ব্যৱহাৰ কৰিব পাৰি। ই শৰীৰৰ দাগ আঁতৰোৱাত সহায় কৰে।
  • শালমইনাৰ বাবেঃ ৱালনাটৰ গুড়ি, মৌ আৰু এল’ভেৰাৰ ৰস শালমইনাৰ বাবে ফলদায়ক বুলি জনা যায়।
  • ওজন হ্ৰাসত এল’ভেৰাঃ আমি খোৱা খাদ্যৰ পৰা পাব লগা উপকাৰিতাত এল’ভেৰাই সহায় কৰে। ফলস্বৰূপে শৰীৰৰ ওজনৰ মাত্ৰা সঠিক ৰূপত থাকে।
  • এল’ভেৰাৰ ৰসত অধিক এণ্টি-অক্সিডেণ্ট থকা বাবে ই ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। শৰীৰৰ মাংসপেশী সবল কৰে। শৰীৰক শক্তি প্ৰদান কৰে। এই সুফলবোৰ পাবৰ বাবে দীৰ্ঘদিন ধৰি এল’ভেৰাৰ ৰস গ্ৰহণ কৰা উচিত।
  • ইয়াৰ ৰস পেটৰ টেমুনা, আলচাৰ, পিত্তৰ বাবেও ব্যৱহাৰ কৰা হয়। তদুপৰি ক’লাইটিছ, বদহজম আদিৰ বাবেও ই উপকাৰী।
  • ইয়াৰ এণ্টি-অক্সিডেণ্ট গুণৰ বাবে বয়স বৃদ্ধিত দেখা দিয়া উপসৰ্গসমূহ ৰোধ কৰে। আনকি হৃদপিণ্ডৰ অসুখ আৰু মধুমেহ ৰোগৰ বাবেও এল’ভেৰাৰ ৰস উপকাৰী।এল’ভেৰাৰ ৰস ঘৰতে তৈয়াৰ কৰি খাওঁতে সাৱধান হোৱা উচিত। দুই ইঞ্চিমান দীঘল এল’ভেৰাৰ পাতৰ ৰস উলিয়াই মৌ, নেমুৰ ৰস অথবা আন ফলৰ ৰসৰ সৈতে মিহলাই গ্ৰহণ কৰিব পাৰি। কাৰণ ইয়াৰ ৰস যথেষ্ট তিতা। নতুবা বৈজ্ঞানিক পদ্ধতিৰে প্ৰস্তুত কৰা এল’ভেৰাৰ সামগ্ৰী আৰু ৰস ব্যৱহাৰ কৰিব পাৰি।
  • চুলি সৰাত এল’ভেৰাঃ এল’ভেৰাত তকা প্ৰ’টিঅ’লাইটিক এনজাইমে মূৰৰ তালুৰ মৃত কোষ সজীৱ কৰে। চুলিত থকা প্ৰধান প্ৰ’টিনবিধ হ’ল- কেৰাটিন। এল’ভেৰাত কেৰাটিনসদৃশ এবিধ দ্ৰব্য আছে, যি চুলি সতেজ, সজীৱ, কোমল কৰাৰ লগতে চুলি সৰা বন্ধ কৰে।
  • জুয়ে পোৰা, ৰ’দে পোৰা আৰু ছালত হোৱা ঘাৰ বাবেও এল’ভেৰা উপকাৰী।
  • দাঁতৰ গুৰিত জমা হোৱা শিলসদৃশ টান তৰপ আঁতৰ কৰাত এল’ভেৰা উপকাৰী। প্ৰকৃতাৰ্থত ষ্ট্ৰেপ্ট’কক্কাচ মিউটেনছ্ আৰু কেণ্ডিডা এলবিকাণ্স নামৰ দুবিধ বীজাণুৱে মুখৰ ভিতৰত এই তৈয়াৰ কৰে। এল’ভেৰাই এই দুয়োবিধ বীজাণু ধ্বংস কৰিব পাৰে।
  • ই কোষ্ঠকাঠিন্য দূৰ কৰাত সহায়ক।

বৰ্তমান এল’ভেৰাৰ বজাৰভিত্তিক চাহিদা অষ্ট্ৰেলিয়া, আমেৰিকা আৰু ইউৰোপত আটাইতকৈ বেছি। ভাৰতবৰ্ষত, ৰাজস্থান, অন্ধ্ৰ প্ৰদেশ, গুজৰাট, মহাৰাষ্ট্ৰ আৰু তামিলনাডুত বেছিকৈ কৰা দেখা যায়। ইয়াৰ খেতিৰ প্ৰণালী অতি সাধাৰণ। মূল উদ্ভিদজোপাৰ পৰা শিপাৰ সৈতে এটা অংশ অতি সাৱধানে এৰুৱাই আনি ৰুব লাগে। এটা শাৰীত ২৫ চেণ্টিমিটাৰমানৰ ব্যৱধানত ৰুব লাগে আৰু ইটো-সিটো শাৰীৰ মাজত ৫০ চেণ্টিমিটাৰৰ দূৰত্ব থাকিব লাগে। ইয়াৰ বাবে গোবৰ সাৰ উত্তম। বছৰৰ যিকোনো সময়ত ভিজা মাটিত এই উদ্ভিদ ৰুব পাৰি। উদ্ভিদবোৰৰ গুৰিৰ ঘাঁহ-বন নিৰাই থাকিব লাগে। ভালকৈ প্ৰতিপালন কৰিলে এবছৰতে ভাল ফল পোৱা যায়। এল’ভেৰাৰ গুৰুত্ব অনুধাৱন কৰি নতুন প্ৰজন্মৰ নিবনুৱাই ইয়াৰ খেতিত লাগিলে লাভৱান হোৱাৰ যথেষ্ট আশংকা আছে। লাগিব মাথোঁ একাগ্ৰতা আৰু দূৰদৰ্শিতা।

লেখিকা: ড মঞ্জুৰাণী দেৱী, প্ৰাক্তন অধ্যাপিকা, কটন কলেজ, জিএনআৰচি স্বাস্থ্য।



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate