অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

লোকসাহিত্যত কচু আৰু কচুৰ ঔষধি গুণ :

লোকসাহিত্যত কচু আৰু কচুৰ ঔষধি গুণ :

কচু খাবি আহুৰ

ভাত খাবি শাহুৰ।

কচু আমাৰ উত্তৰ-পুৰ্বাঞ্চলৰ সকলো জাতি-জনগোষ্ঠীৰ অতি প্ৰিয় আৰু উপকাৰী খাদ্য।কচু খেতি সম্পৰ্কে কোৱা হয় এইদৰে-

কোৰ কোদালে কচু খেতি

ইয়াত নাই কোনো ক্ষতি

কচু বিভিন্ন প্ৰকাৰৰ আছে। এই কচু খোৱা সম্পৰ্কে কোৱা হয় এইদৰে-

আহিন কাতিত

খাব লাগে

ক’লা কচুৰ পেটা

খাৰ খাবা তিতা শাক

আৰু খাবা মিঠা

ইয়াৰ উপৰি কচু কিদৰে খাব লাগে সেই সম্পৰ্কে পোৱা যায় এইদৰে-

নতুন ৰান্ধনীৰ পৰিছে পাল

কচু ঢেঁকীয়াৰ মিলিছে তাল

কচু হ’লে খজুৱায়

শাহু হ’লে নচুৱায়।

কচু খোৱাৰ বিভিন্ন ধৰণৰ জুতি লগা আঞ্জাৰ কথা আছে -

১) কচু ফুলৰ আঞ্জা:

কচু ফুলৰ আঞ্জা বৰ উপকাৰী। কচু ফুল ৮/১০ ইঞ্চি দীঘল হয়। সেই ফুলবোৰ হালধীয়া ৰঙৰ হয়। এই ফুল সৰুকৈ কাটি নিমখ, কেঁচা জলকীয়া দি ভাজি তাত কলাখাৰ দি ৰান্ধি খায়। কচু ফুলৰ আঞ্জাৰ লগত শুকান মাছ দি খালে বৰ জুতি লগা হয়। ই কোষ্ঠকাঠিন্য দুৰ কৰে।

কচু আৰু কঁঠালগুটিৰ আঞ্জা -

এমুঠি নীল কচুৰ থুৰি মিহিকৈ কাটি তাত কঁঠালগুটি সৰু সৰুকৈ কুটি দি নিমখ, জলকীয়া, বিলাহী আদিৰে থপথপীয়াকৈ ৰান্ধি খাবলৈ বৰ জুতি লগা হয়। ই পুষ্টিকৰ। পেটৰ ৰোগ নিৰাময় কৰে আৰু খোৱাৰ ৰুচি বঢ়ায়।

কচু শাক পাতত দিয়া -

কোমল কচু থুৰিৰ পাত এমুঠি কাটি লৈ তাত থেকেৰা টেঙা দি বা তাত টেঙেচি শাক মিহলাই জুইত সেকি বা পুৰি নিমখ-জলকীয়াৰে পিটিকি খোৱা হয়। ই বৰ উপকাৰী। মানুহৰ ৰক্তহীনতা ৰোগ নিৰাময় কৰে। ইয়াত লৌহ পদাৰ্থ যথেষ্ট পোৱা যায়।

নলকচুৰ চাটনি -

পানীত বা দ মাটিত হোৱা এবিধ দীঘল কচু। ইয়াৰ কাণ্ড আনি ধুই লৈ সৰু সৰুকৈ কাটি নহৰু, আদা, জলকীয়া, বগা সৰিয়হ দি, লগতে বটি মিঠাতেল দি চাটনি কৰি খোৱাসকলে বৰ সোৱাদ পায়। ই খোৱাৰ ৰুচি পঢ়ায়। কোষ্ঠকাঠিন্য দুৰ কৰে।

কচু আৰু ঔ টেঙাৰ আঞ্জা -

মানকচু টুকুৰা-টুকুৰ কৰি ৰ’দত শুকুৱাই চকল চকল কৰি ঔটেঙাৰ স’তে কাটি সিজাই ল’ব লাগে। সিজাৰ পিছত বগা সৰিয়হ আৰু জলকীয়া দি ভাজিব লাগে।

যেতিয়া সি থপথপীয়া হ’ব, নমাই গৰমে গৰমে খালে বৰ সোৱাদ পোৱা যায়।

ইয়াৰ উপৰি এতিয়া আহিছো কচুক লৈ মুখে মুখ প্ৰচলিত লোকসাহিত্যলৈ-

কাতি আঘোণত খাব লাগে

কচুৰ লতি

বুঢ়া হ’লে সকলো নাৰী

হয় যে মহাসতী।

কচু বিভিন্ন প্ৰকাৰে খোৱাৰ উপৰি এই কচুক লৈ বহুতো ফকৰা যোজনাও আছে।

কচুৰ চাটনি নকৰিবা নাটনি

কচুৰ তৰকাৰী বৰ দৰকাৰী

কচু খালে তেজ বাঢ়ে

আৰু বাঢ়ে দেহৰ শকতি

গাৰ বিষ নাইকীয়া কৰে

আঞ্জা ৰান্ধি খালে পচেতী।

শৰণীয়া কছাৰীসকলে কচু সম্পৰ্কে লোকসাহিত্যত কয় এইদৰে-

ই ঘৰৰ শাক শুকতা

সি ঘৰৰ লাং পাং

ক’লা কচু টোপলাই আনচুং

শাহুৰ ঘৰত খাং।

কচুত থকা বিভিন্ন ৰোগৰ ঔষধি গুণ -

১)নীল কচুৰ ঠাৰি জালুক-জলকীয়া দি ৰান্ধি খালে প্ৰসুতি নাৰীৰ নাড়ী শুকায় আৰু প্ৰসুতিৰ স্তনত গাখীৰ বৃদ্ধি হয়।

২)কাণৰ ৰোগত ক’লাকচু ঠাৰিৰ ৰস বৰ উপকাৰী।

৩) কচু আঞ্জা পিত্তনাশক

৪) ক’লা কচুত যথেষ্ট আয়ৰণ পোৱা যায়।

৫) কচুৱে তেজ পৰিষ্কাৰ কৰি তেজ শোধন কৰে।

৬) টনচিল অৰু ডিঙিৰ ৰোগৰ বাবে কচুৰ আঞ্জা বৰ উপকাৰী।

৭) ওলকচু অৰ্শৰোগৰ মহৌষধ

৮) মানকচুৱে বসন্ত ৰোগ প্ৰতিৰোধ কৰিব পাৰে

৯) কচু কৰ্কত ৰোগীৰ বাবে বৰ উপকাৰী।

১০) কচুৰ আঞ্জা খালে মানুহৰ গাৰ ছাল সুন্দৰ আৰু মসৃণ কৰে।

১১) মানকচু খালে পেলু নাশ হয়।

শেষত কৈছো এইদৰে-

কাণত কচু

নাভিত তেল

সেই ঘৰত

কিহৰ বেজৰ মেল।

লেখক: ধনেশ্বৰ হুজুৰী(নন্দিনী)

 

 

 

 

 

 



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate