অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

লঙৰ ঔষধি গুণ :

লঙৰ ঔষধি গুণ :

 

আমাৰ দৈনন্দিন জীৱনত বিভিন্ন মছলা আমি ব্যৱহাৰ কৰো। এই মছলা আমি ব্যৱহাৰ কৰো। এই মছলাবোৰে খাদ্য সোৱাদযুক্ত কৰাৰ লগতে মছলাবোৰত থকা ঔষধি গুণে শৰীৰৰ বিভিন্ন উপকাৰ সাধন কৰে।

তেনেধৰণৰ এবিধ ঔষধি গুণেৰে সমৃদ্ধ মছলা হৈছে লং। ইয়াৰ সোৱাদ জ্বলা। লং গছ ৩০ৰ পৰা ৪০ ফুট পৰ্যন্ত ওখ হয়। বৰষুণ বেছি হোৱা ঠাইত লং গছ হয়।

লং গছত থোপা খাই কলি লাগে। কলিবোৰৰ পৰা ফল হয়। ফল নফুলোতেই বাকলিবোৰ ছিঙি ছাঁত শুকুৱা হয়।

লং গছত বছৰত দুবাৰ অৰ্থাৎ ছমাহৰ মূৰে মূৰে লঙৰ কলি লাগে।

লং ব্যৱহাৰে কৰিলে খাদ্যবস্তু সোৱাদযুক্ত হোৱাৰ লগতে সুগন্ধিও হয়। ইয়াৰ কিছুমান ঔষধি গুণ এনেধৰণৰ-

*দাঁতৰ বিষত লং বিষোৱা দাঁতটোত অলপ সময় লগাই ৰাখিলে বিষ কমে।

*লং খালে মুখৰ দুৰ্গন্ধ নোহোৱা হয়।

*ডিঙি বিষালে গৰম পানীত লং উতলাই সেই পানীৰে কুলি কুলি কৰিলে আৰাম পোৱা যায়।

*কাহ হ’লে লং বটি খালে নাইবা গৰমপানীত লং উতলাই কুলি কুলি কৰিলে কাহ কমে।

*পেটত বায়ু হ’লে লং খালে আৰাম পোৱা যায়।

*যিসকলৰ অনবৰত হিকটি আহি থাকে তেওঁলোকৰ বাবে লং উপকাৰী।

*পিত্ত ৰোগতো লং ব্যৱহাৰ কৰিলে সুফল পোৱা যায়।

*লঙে ৰুচি বঢ়ায় আৰু হজম কৰে। সেয়ে সদায় এটা লং খালে তেনেধৰণৰ অসুবিধাৰ পৰা হাত সাৰিব পাৰি।

*ক্ষয়ৰোগত আক্ৰান্ত ব্যক্তিৰ বাবেও লং উপকাৰী।

লেখিকা: ললিতা শৰ্মা লহকৰ(অসম বাণী)



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate