শিলিখা গছ এবিধ ঔষধি গছ। বনৌষধি গছৰ ভিতৰত শিলিখা গছ অমৃতৰ নিচিনা গছ। শিলিখা কেবা প্ৰকাৰৰো আছে। যেনে-বিজয়া, ৰোহিনী, পুতনা, অমৃতা, অভয়া, জীৱন্তী আৰু চেতকী। শিলিখাৰ প্ৰসিদ্ধ নাম হৰিতকী। সকলো বেমাৰ হৰণ কৰে বাবেই ইয়াৰ নাম হৰিতকী। শিলিখা গছৰ ফলহে সাধাৰণতে ব্যৱহাৰ কৰা হয়। ই এবিধ পবিত্ৰ দ্ৰব্য। গ্ৰহপূজা সংস্কাৰ আদি কৰ্মত ইয়াত ইয়াৰ ব্যৱহাৰ কৰা হয়। প্ৰত্যেক শিলিখাতেই ছটাকৈ ৰস থাকে। ছয়বিধ ৰস যেনে- মিঠা, টেঙা, কেহা, তিতা, জলা আৰু লবণ। শিলিখা খোৱাৰ পাছত শৰীৰত মিঠা ৰস অনুভৱ হয়।

পৰিমাণ

শিলিখাৰ ৰসায়ণ গুণ পাবলৈ ইচ্ছা কৰিলে বৰ্ষাদি ছয় ঋতুত তলত দিয়া ধৰণে ব্যৱহাৰ কৰিব লাগে। চূৰ্ণ চাৰি অনাৰ পৰা আঠ অনালৈ ব্যৱহাৰ কৰিব লাগে। ইয়াক নিয়মিতৰূপে ব্যৱহাৰ কৰিলে ত্ৰিদোষ প্ৰসমন হৈ শৰীৰৰ সকলো ৰোগৰ উপশম হয়। ইয়াক হৰিতকী ৰসায়ন বোলে।

বৰ্ষা ঋতুত (শাওণ-ভাদ) : শিলিখাৰ গুড়ি আৰু সৈন্ধৱ লৱণ।

শৰৎ কালত (আহিন-কাতি) : শিলিখা চূৰ্ণ আৰু চেনি।

হেমন্ত যকালত (আঘোণ-পুহ) : শিলিখা চূৰ্ণ, আদাৰ শুঠ দুই অনা।

শীতকালত (মাঘ-ফাগুণ) : শিলিখা চূৰ্ণ পিপলিৰ গুড়ি দুই অনা।

বসন্ত ঋতুত (চ’ত-বহাগ) : শিলিখাৰ চূৰ্ণ আৰু মৌ।

গ্ৰীষ্মকালত (জেঠ-আহাৰ) : শিলিখাৰ চূৰ্ণ আৰু ঘিউ অলপ।

ৰক্তাৰ্শ বেমাৰত (তেজৰ পৰা কেচুমুৰী) শিলিখাৰ গুড়ি আঠ অনা অলপ গুড়ৰ লগত সদায় ভাত খোৱাৰ আগতে দুইবেলা ব্যৱহাৰ কৰিলে অতি উত্তম ফল পোৱা যায়।

গুণাগুণ আৰু কাৰিকৰী জ্ঞান

শিলিখাৰ বহুতো গুণ আছে। ই উষ্ণবীৰ্য, অগ্নিৰ দীপ্তিকাৰক, মেধাজনক, ৰসায়ন, চকুৰ হিতকাৰক, লঘু আয়ুস্কৰক, পুষ্টিকাৰক আৰু মলাদিৰ অধ: প্ৰৱৰ্তক।

প্ৰমেহ, অৰ্শ, কুষ্ঠ, শোথ, উদৰ, কৃমি, স্বৰভংগ, গ্ৰহণীৰোগ, মলৰ বিবদ্ধতা, বিষম জ্বৰ, গুল্মৰোগ, পেটফুলা, পিয়াহ, বমি, হিককা, খজুৱতি, কুহুমখৰ, শূলৰ বেদনা, যকৃত বৃদ্ধি, অস্মৰি কঠিন প্ৰস্ৰাৱ আদি ৰোগৰ বাবে অতি উত্তম।

শিলিখাৰ ফল দাঁতেৰে চোবাই খালে অগ্নি বৃদ্ধি কৰে, বটি খালে কোষ্ঠ্য পৰিষ্কাৰ কৰে, সিজাই খালে শৌচ কৰে আৰু ভাজি খালে ত্ৰিদোষ নষ্ট হয়। এই ত্ৰিদোষ সকলো শৰীৰতে থাকে। ভাত আদি খাদ্য দ্ৰব্যৰ লগত শিলিখা খালে বল বৃদ্ধি, ইন্দ্ৰিয়ৰ প্ৰসন্নতা আৰু বায়ু, পিত্ত আৰু কফ নিৰ্মূল, শৌচ, প্ৰস্ৰাৱ আৰু শৰীৰৰ মল নিৰ্গতকাৰক হয়।

লৱণৰ লগত শিলিখা খালে কফ নষ্ট হয়, চেনিৰ লগত ব্যৱহাৰ কৰিলে বাতৰ পৰা হোৱা ৰোগ আৰু গুড়ৰ লগত শিলিখা ব্যৱহাৰ কৰিলে শৰীৰৰ সকলো ৰোগ বিনাশ হয়। এনেকৈ ব্যৱহাৰ কৰিলে বাকলিৰ গুড়িৰ মাত্ৰা দুই অনাৰ পৰা চাৰি অনালৈকে ব্যৱহাৰ কৰিব পাৰি।

অতিসাৰ, আমাশয় আৰু আমদোষত গৰম পানীৰ লগত শিলিখাৰ গুড়ি খালে ভাল ফল পোৱা যায়। পাণ্ডুৰোগ, চামলা আদি বেমাৰত শিলিখাৰ গুড়ি গৰুৰ মুতৰ লগত মিলাই ব্যৱহাৰ কৰিলে সুন্দৰ ফল পোৱা যায়। মৌৰ লগত শিলিখাৰ গুড়ি খালে বমিভাৱ নষ্ট হয়। শিলিখাৰ গুড়ি গৰম পানীৰ লগত খালে হেক্টি বেমাৰ ভাল হয়। শিলিখাৰ ভিতৰৰ জাহ আধা তোলা, আধা পোৱা এৱা গাখীৰত সিজাই চাৰিভাগৰ এভাগ অৱশেষ ৰাখি নিয়মিত খালে অশ্মৰী ৰোগ ভাল হয়। শিলিখা ফলৰ বাকলিটো ঘিউত ভাজি খালে শৰীৰত বল শক্তি বৃদ্ধি বয়। চকুৰ বেমাৰত শিলিখা ঘিউত ভাজি চকুৰ চাৰিওফালে প্ৰলেপ লগত লগালে চকুৰ বেমাৰ ভাল হয়। শিলিখাৰ অঞ্জন লগালেও সকলো প্ৰকাৰৰ চকুৰ বেমাৰ ভাল হয়। যকৃৎ প্লীহা বৃদ্ধি, অতিসাৰ গ্ৰহণী আদি ৰোগত শিলিখা অতি উপকাৰী।

লেখিকা: সুমিত্ৰা গোস্বামী।

বিশেষ সংযোজন: ৰীতু গগৈ।