অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শিলিখাৰ গুণ

শিলিখাৰ গুণ

 

শিলিখাৰ বিভিন্ন নাম -

শিলিখাৰ অঞ্চলভেদে বিভিন্ন নাম আছে-

হিন্দীত- হড়ৰ, হড়

গুজৰাটীত- হৰতলে

মাৰাঠীত- হৰীড়

পাঞ্জাৱীত- হৰীড়

তেলেগুত- হৰীতকী

বাঙালীত- হৰতকী

ইংৰাজীত- Myrobalan। ইয়াৰ বৈজ্ঞানিক নাম- Terminalia chebula

সংস্কৃতত ইয়াৰ গুণ অনুসৰি ১২ টাতকৈ অধিক নামেৰে জনা যায় আৰু প্ৰত্যেকটো নামেৰে একোটা বিশিষ্ট গুণৰ বিষয়ে জানিব পাৰি। যেনে- অমৃতা, অৰ্থাৎ এই ফলে মৃত্যু দূৰ কৰি সুস্বাস্থ্য আৰু দীৰ্ঘায়ু হোৱাত সহায় কৰে।

শিলিখাৰ গছ সাধাৰণতে বৰ বেছি ওখ নহয়। কিন্তু অসম, পশ্চিমবংগ আৰু ম্যানমাৰ আদিব ঠাইত ইয়াৰ বৃহৎ আকাৰৰ গছ হোৱা দেখা পোৱা যায়। শিলিখাৰ গছ সাধাৰণতে দীৰ্ঘকাল ধৰি জীয়াই নাথাকে।

বসন্ত কালৰ আগমনৰ লগে লগে ইয়াৰ পুৰণা পাতবোৰ সৰি নতুন পাত ওলায়। ইয়াৰ পাত অণ্ডাকৃতিৰ আৰু তিনিৰ পৰা আঠ ইঞ্চি পৰ্যন্ত দীঘল হয়। ইয়াৰ ফুল পাতল, নীলা-বগা ৰঙৰ, ক্ষুদ্ৰাকৃতিৰ আৰু আমৰ ফুলতকৈ সৰু থোপা হৈ ফুলে। ফুল দুৰ্গন্ধযুক্ত। নৱেম্বৰ-জানুৱাৰী মাহত ফল ধৰে। কেঁচা অৱস্থাতে ইয়াৰ ফল সৰি যায়। হিমালয়ৰ পাৰ্শ্বৱৰ্তী পাৰ্বত্য অঞ্চলত শিলিখাৰ এনে কিছুমান প্ৰজাতিৰ গছ পোৱা যায়, যিবিলাকত চাৰি ইঞ্চি পৰ্যন্ত দীঘল আৰু পঞ্চাছ গ্ৰামৰো অধিক ওজনৰ শিলিখাৰ ফল লাগে। শিলিখাৰ ফল যিমানে ডাঙৰ হয়, সিমানেই ইয়াৰ গুণ বৃদ্ধি পায় আৰু বজাৰতো এনে বৃহৎ আকাৰৰ শিলিখা অধিক দামত বিক্ৰী হয়। দিল্লী আৰু অমৃতসৰত এনে একোটা বৃহৎ আকাৰৰ শিলিখাৰ দাম ডেৰ-দুশ টকা পৰ্যন্ত হয়।

প্ৰাচীন আয়ুৰ্বেদ শাস্ত্ৰত শিলিখাৰ ঔষধীয় গুণ -

*শিলিখা ঘিউত ভাজি খাই থাকিলে আৰু শিলিখা ভাজি ৰৈ যোৱা ঘিউ খাই থাকিলে মানুহৰ শৰীৰৰ বল বাঢ়ে।

*বৈদ্য মনোৰমাৰ মতে এই সংসাৰত শিলিখাৰ সমান আন একো ঔষধ নাই। বিভিন্ন কামত ব্যস্ত থকাজনৰ বাবে শিলিখাৰ নিয়মিত প্ৰয়োগে বিভিন্ন উপকাৰ কৰে। ৰাতি এচামুচ শিলিখাৰ গুড়িৰ লগত মৌ মিহলাই এটা লোহাৰ বাচনত থৈ ঢাকি ৰাখক। পুৱা আৰু গধূলি সেই মিশ্ৰণটোৰ লগত পুনৰ ঘিউ বা মৌ মিহলাই চেলেকি খাওক। এই মিশ্ৰণ সৰ্বপ্ৰকাৰ ৰোগৰ বাবে মহৌষদ।

*গুড়, মৌ, শুকান আদাৰ গুড়ি, পিপলি বা সাধাৰণ খোৱা নিমখ, ইয়াৰ যিকোনো এবিধৰ লগত দুটাকৈ শিলিখা প্ৰতিদিনে খাই থাকিলে, মানুহে অতি সহজে এশ বছৰ পৰ্যন্ত জীয়াই থাকিব পাৰে।

*হালধীয়া শিলিখাৰ শাহৰ গুড়ি আৰু নিম পাতৰ গুড়ি এমাহৰো অধিক সময় ধৰি প্ৰতিদিনে ব্যৱহাৰ কৰি থাকিলে, সৰ্বপ্ৰকাৰৰ কুষ্ঠ নিৰাময় হয় আৰু স্বাস্থ্য ঘূৰি আহে।

*হালধীয়া শিলিখা তিলৰ তেলত ডুবাই সিজাই খালে পুৰণি কুষ্ঠ ৰোগো আৰোগ্য হয়, লগতে শৰীৰৰ যিকোনো ঘা নিৰাময় হয়।

*গুড়ৰ লগত মিহলাই দৈনিক দুটাকৈ শিলিখা খাই থাকি ওপৰঞ্চিভাৱে সিদ্ধিলতাৰ ক্কাথ দুচামুচ পৰিমাণত খাই থাকিলে শৰীৰত হোৱা গভীৰ ঘা পৰ্যন্ত নিৰ্মূল হয়।

*পাথৰী ৰোগত(যকৃত আৰু বৃক্ক) শিলিখাৰ শাহ গৰুৰ গাখীৰত উতলাই খুওৱাক।

*শিলিখাই কুষ্ঠ, গুম্ল, শোথ(শৰীৰ ফুলা ৰোগ), পাণ্ডু ৰোগ, অৰ্শ, গ্ৰহণী, পুৰণি বিষম জ্বৰ, হৃদৰোগ, অতিসাৰ, অৰুচি, কাহ, প্ৰমেহ, প্লীহা বৃদ্ধি, নতুন পেটৰ ৰোগ, স্বৰভংগ, ৰক্তল্পতা, কৃমি ৰোগ, বমি, নপুংসকতা, অংগৰ শিথিলতা, বুকুত কফ জমা হোৱা, স্মৃতি শক্তি নাশ আদি ৰোগত শীঘ্ৰে উপশম ঘটাব পাৰে।

*শিলিখা এক ভাগ, কিচমিচ দুভাগ- দুয়োবিধ একেলগে মিহলাই গুড়িকৈ বটি লৈ তাৰ লগত ভোমোৰা গুটিৰ চূৰ্ণ, দুয়োবিধৰ গুড়িৰ সমান মাত্ৰাত মিহলাই সৰু সৰু বড়ি বনাই লওক। প্ৰতিদিনে পুৱা এই বড়িৰ দুটাকৈ খাই থাকিলে সকলোধৰণৰ পিত্ত ৰোগ নিৰাময় হয়। লগতে হৃদৰোগ, যিকোনো ৰক্তৰোগ, বিষম জ্ব, পাণ্ডু ৰোগ, জণ্ডিচ, অৰুচি, কুষ্ঠ, প্ৰমেহ আদি ব্যাধিও নিৰাময় হয়।

*শিলিখাৰ শাহৰ গুড়িৰ লগত মৌ মিহলাই চেলেকি খাই থাকিলে মেলেৰিয়া আদি জ্বৰ নিৰ্মূল হয়। এই মিশ্ৰণ খাই থাকিলে সকলো প্ৰকাৰৰ প্ৰস্ৰাৱতন্ত্ৰৰ ৰোগ নিৰ্মূল হয়।

*পায়ুদ্বাৰ অভ্যন্তৰত থকা অৰ্শ ৰোগ  হ’লে প্ৰতিদিনে পুৱা আৰু গধূলি শিলিখাৰ গুড়িৰ লগত গুড় মিহলাই খাই থাকিলে উপকাৰ পাব।

*হালধীয়া শিলিখাৰ গুড়ি আৰু সৈন্ধৱ লৱণ একেলগে দৈৰ ঘোলৰ লগত মিহলাই আহাৰৰ পিছত খালে ত্ৰিদোষজনিত(কফ, বাত, পিত্ত) গুল্মৰোগ নিৰাময় হয়।

শিলিখাৰ বিভিন্ন প্ৰকাৰ -

আয়ুৰ্বেদ শাস্ত্ৰত শিলিখা সাত প্ৰকাৰৰ বুলি কোৱা হৈছে। এইকেইটা হ’ল ক্ৰমে- বিজয়া, ৰোহিনী, পুতনা, অমৃতা, অভেষ, জীৱন্তী আৰু চুতনী।

বিজয়া:

প্ৰায় গোলাকাৰ এইবিধ শিলিখা মঙহাল অৰ্থাৎ ইয়াৰ শাহ যথেষ্ট ডাঠ। বিন্ধ্য পাৰ্বত্য অঞ্চলত এইবিধ শিলিখা পোৱা যায়। এইবিধ শিলিখা সকলো প্ৰকাৰৰ ৰোগত ব্যৱহাৰ কৰিব পাৰি।

ৰোহিনী:

বজাৰত সাধাৰণতে কিনিবলৈ পোৱা হালধীয়া ৰঙৰ শিলিখাবিধক ৰোহিনী জাতৰ বুলি কোৱা হয়। এইবিধ শিলিখাৰ আকাৰো প্ৰায় গোলাকাৰ। এইবিধ শিলিখা সিন্ধু নদীৰ পাৰত পোৱা যায়। এইবিধ শিলিখাৰ শাহ পানীৰ সৈতে বটি লগালে যিকোনো ধৰণৰ ঘা সোনকালে শুকায়।

পুতনা:

ক্ষুদ্ৰ আকাৰৰ গুটিযুক্ত মঙহাল শিলিখাবিধক পুতনা বুলি কোৱা হয়। এইবিধ শিলিখা হিমালয়ৰ পাদদেশত পোৱা যায়। এইবিধ শিলিখা প্ৰায় সকলো ৰোগতে ঔষধৰূপে খোৱাৰ বাবে ব্যৱহাৰ কৰা হয় আৰু বিশেষভাৱে যিকোনো চৰ্মৰোগত পানীৰ লগত বটি লেপ হিচাপে ব্যৱহাৰ কৰা হয়।

অমৃতা:

এই জাতৰ শিলিখাৰ শাহ যথেষ্ট ডাঠ। ইয়াৰ গুটি সৰু। কোষ্ঠকাঠিন্য দূৰ কৰাত এইবিধ শিলিখা যথেষ্ট ফলপ্ৰসূ।

অভেয়:

এইবিধ শিলিখা পাঁচ সিৰযুক্ত কিন্তু ইয়াৰ শাহ পাতল। চকুৰ ৰোগত ইয়াক গোলাপজল বা পৰিষ্কাৰ পানীৰ লগত ঘঁহি ব্যৱহাৰ কৰিলে উপকাৰ পোৱা যায়।

জীৱন্তী:

এইবিধ শিলিখাৰ ৰং উজ্জ্বল হালধীয়া। এইবিধ শিলিখা গুজৰাট ৰাজ্যত উৎপন্ন হয়। সকলো প্ৰকাৰৰ ৰোগ নিৰাময়ত এইবিধ শিলিখা ব্যৱহাৰ হয়।

চেতকী:

এইবিধ শিলিখা তিনিসিৰীয়া। ৰং অনুসৰি এইবিধ শিলিখা ক’লা আৰু বগা দুই প্ৰকাৰৰ হয়। বগা ৰঙৰ চেতকী শিলিখা প্ৰায় তিনি ইঞ্চি পৰ্যন্ত দীঘল হয়। ইয়াৰ ক’লা জাতৰ ফলৰ আকাৰ চুটি। দৈৰ্ঘ মাত্ৰ আধা ইঞ্চিমানহে হয়। এইবিধ শিলিখা হিমালয় অঞ্চলত পোৱা যায়।  এইবিলাকৰ উপৰি আয়ুৰ্বেদ শাস্ত্ৰত আন এবিধ শিলিখাৰ বৰ্ণনা পোৱা যায়- যিবিলাক শিলিখা টানকৈ মুঠি মাৰি ধৰি থাকিলেই পায়খানা হয়।

কোষ্ঠকাঠিন্যত শিলিখাৰ ব্যৱহাৰ -

প্ৰাচীন আয়ুৰ্বেদ শাস্ত্ৰত কেবা প্ৰকাৰৰ শিলিখাৰ বৰ্ণনা পোৱা যায়। কেইবিধমান এনেধৰণৰ শিলিখাও আছে যাৰ গোন্ধ শুঙিলেই পায়খানাৰ ভাব আহে। আকৌ কেইবিধমান এনেকুৱা শিলিখা আছে বুলি উল্লেখ আছে যিবিলাক ফল হাতেৰে মুঠি মাৰি ধৰি থাকিলেই পায়খানাৰ অনুভৱ হয় আৰু যিমান সময়লৈ মুঠি মাৰি ধৰি থাকে, সিমান সময়লৈ পায়খানা হৈ থাকে। প্ৰাচীন আয়ুৰ্বেদ শাস্ত্ৰত উল্লেখ আছে যে ‘চেতকী’ জাতৰ শিলিখা গছৰ তলত বহা যিকোনো মানুহ, পশু-পক্ষী সকলোৰে পায়খানাৰ প্ৰৱণতা হয়। সেয়ে কোষ্ঠকাঠিন্যত ভোগা কোমল স্বভাৱৰ মহিলা, ৰজা-মহাৰজা, শিশু আৰু দুৰ্বল ৰোগীক ‘চেতকী’ জাতৰ শিলিখা সেৱন কৰাই বিনা কষ্টে পায়খানা কৰোৱাৰ পাৰি বুলি আয়ুৰ্বেদ শাস্ত্ৰত ‘পৰামৰ্শ দিয়া আছে।

প্ৰাচীন কালত শিলিখাৰে কৰা চিকিৎসা -

বহু হেজাৰ বছৰৰ আগৰে পৰা ভাৰতবৰ্ষত শিলিখাক ঔষধৰূপে প্ৰয়োগ কৰাৰ উল্লেখ পোৱা যায়। প্ৰাচীন কালত ভাৰতীয় বৈদ্যসকলে শিলিখাৰ গুণাগুণ সম্পৰ্কে বিভিন্ন পৰীক্ষা-নিৰীক্ষা চলাইছিল। আয়ুৰ্বেদ শাস্ত্ৰত সাত প্ৰকাৰৰো অধিক জাতৰ শিলিখাৰ গুণৰ বৰ্ণনা বিস্তাৰিত ৰূপত পোৱা যায়। শিলিখাৰ ৰাসায়নিক গুণ, মানৱ অংগৰ ওপৰত ইয়াৰ প্ৰভাৱ, বিভিন্ন ৰোগত শিলিখাৰ প্ৰয়োগ সম্পৰ্কে বিস্তৃতভাৱে উল্লেখ আছে। শিলিখাই মানুহৰ পাচন তন্ত্ৰৰ সকলো প্ৰকাৰে উপকাৰহে কৰে, কোনোধৰণৰ বিকাৰ সৃষ্টি নকৰে।

আয়ুৰ্বেদৰ নিঘন্টু যোগ, ৰত্নাকৰ গ্ৰন্থত শিলিখাৰ গুণৰ বিষয়ে এনেদৰে বৰ্ণনা কৰা হৈছে- শিলিখাত পাঁচ বিষ ৰস থাকে। সেইবিলাক হ’ল- টেঙা, মিঠা, কেহা, তিতা আৰু তীক্ষন। শিলিখাৰ ‘যোগবাহী’ অৰ্থাৎ অন্য ঔষধৰ গুণ বৃদ্ধিকাৰক, ‘ৰসায়ন’ অৰ্থাৎ বৃদ্ধক যৌৱন দিব পৰা গুণ সম্পন্ন আৰু আয়ুস বৃদ্ধিকাৰক, ‘মেধাজনক’ অৰ্থাৎ স্মৃতিশক্তি উৎপন্ন কাৰক, ‘লেখন’ অৰ্থাৎ শৰীৰ পৰিষ্কাৰকাৰক, হৃদযন্ত্ৰ শক্তিশালী কাৰক, দৃষ্টিশক্তি বৃদ্ধিকাৰক, স্মৰণ শক্তি বৃদ্ধিকাৰক, শৰীৰৰ শক্তি বৰ্ধক, কুষ্ঠনাশক, মূৰৰ ৰোগ, চকুৰ ৰোগ, কন্ঠৰোগ বা মাত বহি যোৱা ৰোগ, সঘনাই হৈ থকা জ্বৰ নিৰাময়ক, পাণ্ডু ৰোগ নিৰাময়ক, জলোদৰ, সংগ্ৰহণী, পনীয়া পায়খানা, কৃমি শ্বাস ৰোগ, অমাশয় ৰোগ, যিকোনো বিষ(বিহ)ৰ প্ৰভাৱ, অৰ্শ ৰোগ, উদৰ শূল আদি ৰোগ নিৰাময় কৰিব পাৰে।

এবিধ তেনেই ক্ষুদ্ৰ প্ৰজাতিৰ শিলিখাৰো বহুবিধ ঔষধি গুণ আছে। এইবিধ শিলিখা মৃদু বিৰেচক(জুলাপ), সঞ্চিত বায়ু নিৰ্গমনত সহায়ক। অন্ত্ৰ দুৰ্বল হৈ পৰিলে, পাচনক্ৰিয়াত বিসংগতি ঘটি ডায়েৰিয়া বা শাওঁযুক্ত পায়খানা হ’ব পাৰে।  এনেধৰণৰ বিসংগতিত শিলিখা বৰ উপকাৰী। অৰ্শৰোগত শিলিখা নিমখ মিহলাই খালে ৰোগ লাহে লাগে আৰোগ্য হ’ব। শিলিখাৰ ক্কাথ খুৱালে অৰ্শ ৰোগত বাঢ়ি অহা মাংসপিণ্ডৰ পৰা তেজ ওলোৱা বন্ধ হয়।

বিভিন্ন প্ৰয়োগ:

*গোটা শিলিখা দাঁতেৰে কামুৰি বা চুহি খালে ভোক বঢ়ায় আৰু জঠৰাগ্নি বৃদ্ধি কৰে। গুড়ি কৰি পানীত গুলি খালে পায়খানা খোলোচা হয় আৰু অন্ত্ৰ পৰিষ্কাৰ কৰে।

*শিলিখা শুকানকৈ ভাজি খালে বাত, পিত্ত আৰু কফ- এই তিনিওটা দোষৰ ফলত হোৱা বিকাৰ বা ৰোগ দূৰ হয়। শিলিখা পানীত সিজাই কোমল কৰি খালে অজীৰ্ণ আৰু গ্ৰহণী ৰোগ নিৰাময় হয়।

*আহাৰৰ লগত শিলিখা সেৱন কৰিলে, ভোজ্য আহাৰ হজম হয় আৰু শক্তি আহৰণ কৰি লয়, বুদ্ধি আৰু স্মৰণ শক্তি বৃদ্ধি পায়। প্ৰস্ৰাৱ কাৰু মল ত্যাগ নিয়মীয়া হয়। আহাৰ খোৱাৰ পিছত শিলিখা খালে যাত্ৰাকালৰ পৰিৱেশৰ দোষ দূৰ হয়। বায়ু, পিত্ত আৰু কফৰ দোষ দূৰ হয়।

*শিলিখা নিমখ মিহলাই খালে কফজনিত ৰোগ দূৰ হয়। মিচিৰিৰ লগত খালে পিত্তজনিত ৰোগ নিৰাময় হয়। ঘিউৰ লগত খালে বাতজনিত ৰোগ আৰোগ্য হয়। গুৰৰ লগত খালে সকলো ধৰণৰ ৰোগেই নিৰ্মূল হয়।

শিলিখাত কায়াকল্প কৰাৰ গুণ -

আয়ুৰ্বেদত বৃদ্ধকালক যৌৱন কাললৈ পৰিৱৰ্তন কৰিব পৰা ঔষধবিলাকক ‘ৰসায়ন’ বুলি কোৱা হয়। মহৰ্ষি চৰকে নিজৰ প্ৰসিদ্ধ গ্ৰন্থ ‘চৰক সংহিতা’ত লিখিছে যে বৃদ্ধকালছোৱাক যৌৱন কাললৈ ৰূপান্তৰিত কৰিবলৈ দুই প্ৰকাৰৰ ঔষধ আছে। কিছুমান ঔষধে মানুহক জীৱনীশক্তি বঢ়াই মানুহৰ ৰোগবিলাক দূৰ কৰি তেওঁলোকক যৌৱনদীপ্ত, স্বাস্থ্যৱান আৰু হৃষ্ট-পুষ্ট কৰি ৰাখি আয়ুস বৃদ্ধি কৰে। তেনেধৰণৰ ঔষধবিলাকৰ অন্যতম প্ৰধান উপাদান হৈছে- আমলখি।

দ্বিতীয়বিধ ‘ৰসায়ন’ ঔষধে মানুহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে আৰু ৰোগ সংক্ৰমণৰ পৰা ৰক্ষা কৰে। এনেধৰণৰ ৰোগ প্ৰতিৰোধক ঔষধবিলাকৰ অন্যতম প্ৰধান উপাদান হ’ল- শিলিখা। শিলিখাক আয়ুৰ্বেদত অদ্বিতীয় ঔষধৰূপে বৰ্ণনা কৰা হৈছে। শিলিখাক ‘ৰসায়ন’ বুলিও আয়ুৰ্বেদত বৰ্ণিত হৈছে। বৃদ্ধাৱস্থাক যুৱাৱস্থালৈ পৰিৱৰ্তন কৰিবৰ কাৰণে বছৰৰ বিভিন্ন ঋতুত অবিৰতভাৱে প্ৰতিদিন শিলিখা খাই থাকিব লাগে বুলি আয়ুৰ্বেদত পৰামৰ্শ প্ৰদান কৰা হৈছে। একেৰাহে শিলিখা খাই থাকিলে শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়, শৰীৰ শক্তিশালী হয় আৰু আয়ুস বৃদ্ধি পায়।

আয়ুৰ্বেদৰ ৭০০ বছৰীয়া অধিক প্ৰাচীন সংস্কৃত গ্ৰন্থ ‘চক্ৰদত্ত’ত উল্লেখ কৰা হৈছে- প্ৰতিটো ঋতুতে শিলিখা সেৱনৰ বিধি। এই বিধান মতে-

*বৰ্ষা ঋতুত হালধীয়া শিলিখা নিমখৰ লগত খাব লাগে।

*হেমন্ত কালত গুড়ৰ লগত খাব লাগে।

*শীত কালৰ প্ৰথম ভাগত আদাৰ লগত আৰু শেষ ভাগত পিপলিৰ লগত খাব লাগে।

*বসন্ত কালত মৌৰ লগত শিলিখা খাব লাগে।

*প্ৰচণ্ড গৰম দিনত পুনৰ গুড়ৰ লগত প্ৰতিদিনে শিলিখা খাই থাকিলে শৰীৰ নিৰোগী হৈ থাকে।

ওপৰত উল্লেখ কৰা নিয়মত কেইবছৰমান শিলিখা খাই থাকিলে বাৰ্ধক্যৰ আগমনত বগা হৈ পৰা চুলি একেবাৰে গুৰিৰে পৰা ক’লা হৈ পৰিব। শৰীৰৰ শোটোৰা পাৰ ছাল নিমখ হ’ব আৰু পৌৰুষ শক্তি ঘূৰি আহিব। দৃষ্টি শক্তি প্ৰখৰ হ’ব আৰু ছ’চমা ব্যৱহাৰ কৰাৰ প্ৰয়োজন নহ’ব। বৃদ্ধাৱস্থাতো যুৱকৰ দৰে শক্তিশালী আৰু তজবজীয়া হৈ থাকিব আৰু দীৰ্ঘায়ু হ’ব।

আয়ুৰ্বেদ শাস্ত্ৰত উল্লেখ আছে যে- শিলিখাৰ অজস্ৰ ঔষধি গুণ আছে। শিলিখা হৈ মৃদু বিৰেচক, অৰ্শ আৰু জলোদৰ ৰোগ নিবাৰক। ৰক্তক্ষৰণ প্ৰতিৰোধক, মৈথুন ইচ্ছা বৃদ্ধিকাৰক, ঘা-ফোঁহা নিৰাময়ক আৰু বৃদ্ধাৱস্থাতো যৌৱনদীপ্ততা প্ৰদানকাৰী। শিলিখা নিয়মীয়াকৈ খাই থাকিলে ভোক বাঢ়ে, পাচন ক্ষমতা বাঢ়ে আৰু কোষ্ঠকাঠিন্য দূৰ হয়। শিলিখা খাবলৈ আৰম্ভ কৰাৰ সময়ত প্ৰথম অৱস্থাত পাচনতন্ত্ৰত থাকি যোৱা পুৰণি বৰ্জ্য মল আদি পায়খানাৰ যোগেদি বাহিৰলৈ উলিয়াব আৰু জুলাপ লোৱাৰ দৰে অৱস্থা হ’ব পাৰে। কিন্তু মল সম্পূৰ্ণ ওলাই যোৱাৰ পিছত পায়খানা নিজে নিজেই বন্ধ হ’ব। এনে অৱস্থাতো শিলিখা সেৱন কৰি থাকিলেও শৰীৰৰ কোনো প্ৰকাৰৰ অনিষ্ট নহয়।

শিলিখাই হৃদযন্ত্ৰ আৰু ৰক্তবাহী নলীৰ দুৰ্বলতা নাশ কৰে। মস্তিষ্কলৈ প্ৰয়োজন অনুসৰি ৰক্তসঞ্চালন হোৱাত সহায় কৰে। স্মৰণ শক্তি আৰু দৃষ্টিঅশক্তি সবল কৰে। টোপনি গভীৰ হয়। শিলিখাই বীৰ্য উৎপন্ন কৰাত সহায় কৰে। প্ৰতিদিনে এটা বা দুটাকৈ মধ্যমীয়া আকাৰৰ শিলিখা খাই থাকিলেই এইবিলাক উপকাৰ পোৱা যায়।

ইউনানী চিকিৎসাত শিলিখা -

পাৰ্চী ভাষাত শিলিখাক ‘হলেলা’ আৰু আৰবীত ‘হলেলজ’ বুলি কোৱা হয়। এইবিধ ফল তিনিপ্ৰকাৰৰ। যিবিলাক ফল ভিতৰত গুটি গঠন হোৱাৰ আগতেই গছৰ পৰা সৰি পৰে, সেইবিলাক ফল শুকালে ক’লা পৰে। এনেধৰণৰ শিলিখাক ক’লা শিলিখা, হলেলা জংগী বা হলেলা স্যাহ বুলি পাৰ্চীসকলে কয়।

যিবিলাক শিলিখা গছত থাকোতেই ভিতৰৰ গুটি গঠন হয় আৰু গছতেই পূৰঠ হয় জসৰে, সেইবিলাক শিলিখাক ‘বড়ী হৰড়’ আৰু ‘হলেনা জৰ্দ’ বুলি কোৱা হয়।

যিবিলাক শিলিখা গছতে পূৰঠ হৈ পকে আৰু সৰি পৰাৰ আগতে সম্পূৰ্ণ মাংসল আকৃতিৰ হয়, সেইবিলাকাক ‘হলেলা কাবলী’ বা ‘কাবলী হৰড়’ বুলি কয়।

এনেধৰণৰ পূৰঠ শিলিখাত ২০ শতাংশ গ্লুটামিক এচিড এচিড পোৱা যায়। অধিক মাত্ৰাত শিলিখা সেৱন কৰা উচিত নহয়। বেছি পৰিমাণে শিলিখা খাই অসুস্থ হৈ পৰিলে ৰোগীক আলমণ্ড বা কাজু বাদাম বটি মানীৰ লগত মিহলাই খুৱাব বা কেৱল আলমণ্ড চোবাই খাবলৈ দিব। শুকান শিলিখা তিনিটা ৰাতি পানীত তিয়াই থৈ পুৱা সেই পানী খাব লাগে।

শিলিখাৰ গুণ আৰু প্ৰয়োগ -

সঞ্জীৱনী ঔষধবিলাকৰ ভিতৰত শিলিখাও অন্যতম। এই ফালে মস্তিষ্কৰ শক্তি বৃদ্ধি কৰে, মূৰ ঘূৰালে বা চকুৰ সমুখত ধোঁৱা-কোঁৱা দেখিলে শিলিখা খালে উপশম হয়। চকুৰ দৃষ্টিশক্তি আৰু স্মৰণশক্তি শিলিখাই প্ৰসৰ কৰে। শিলিখা নিয়মীয়াকৈ খাই থাকিলে শৰীৰে অধিক মাত্ৰাত তৰল দ্ৰব্য শোষণ কৰাৰ ক্ষমতা লাভ কৰে। নিয়মীয়াকৈ শিলিখা খাই থকা লোকৰ মূৰৰ চুলি সোনকালে নপকে। শিলিখাই লিভাৰ আৰু পাচনতন্ত্ৰক শক্তিশালী কৰে আৰু কোষ্ঠকাঠিন্য দূৰ কৰে।

অধিক পৰিমাণে শিলিখা খালে কিন্তু পায়খানা পাতল হ’ব পাৰে। ডায়েৰিয়াত আক্ৰান্ত হোৱা ৰোগীক শিলিখা বেছি মাত্ৰাত খুৱাই দিলে পাতল পায়খানা বন্ধ হয়। ইয়াৰ উপৰিও ক’লা শিলিখা শুকানকৈ ভাজি খুন্দি খুৱালে ৰক্তক্ষয়ী অৰ্শ ভাল হয়।

শিলিখাই বাত, পিত্ত আৰু কফ এই ত্ৰিদোষ শৰীৰৰ পৰা নিষ্কাশন কৰে। শিলিখাই যিহেতু লিভৰ সুস্থকৈ ৰাখে, সেয়ে সঘনাই বদহজমত ভোগা লোকে শিলিখা খাই থকা ভাল। হালধীয়া জাতৰ শিলিখাৰে প্ৰস্তুত কৰা মোৰব্বা কোষ্ঠকাঠিন্য নিৰাময়ৰ বাবে অতি ফলপ্ৰসূ।

চকুৰ বিভিন্ন ৰোগত শিলিখা খাবলৈ দিয়া হয় আৰু বাহ্যিকভাৱেও শিলিখা ব্যৱহাৰ কৰা হয়। চকুৰ দৃষ্টি শক্তি প্ৰখৰ কৰিবৰ বাবে হালধীয়া জাতৰ শিলিখাৰ শাহ চফ গুটি সিজোৱা ৰসৰ লগত খহটা  শিলৰ পতাত ঘঁহি, সৰু বাঁহৰ কাঠিৰ আগত কপাহ লগাও তাক চকুত দিব লাগে।

ডাঙৰ জাতৰ শিলিখা পানীৰ লগত খহটা শিলত ঘঁহি, বাঁহৰ কাঠিত কপাহ লগাই চকুৰ কোণত দি থাকিলেও চকু দুটা শীতল হয় আৰু দৃষ্টিশক্তি প্ৰখৰ হয়। চকুৰ পৰা পানী ওলাই থাকিলে, চকু খৰখচাই থাকিলে আৰু চকুৰ কোণত ফেঁচকুৰি ওলাই থাকিলে মিহিকৈ পটাত ঘঁহি লোৱা শিলিখাৰ গুড়ি চকুৰ কোণত দি থাকিলে এনেবোৰ বিসংগতি নিৰাময় হয়।

শিলিখা খাই থাকিলে মস্তিষ্কৰ বৃদ্ধি পায়, বুদ্ধি-বৃত্তি বাঢ়ে, মানসিক ৰোগ, উন্মাদ ৰোগ, চিত্ত বিভ্ৰম আদি দূৰ হয়। ইউনানী চিকিৎসাবিধি মতে শিলিখাই অৰ্শৰোগ নাশ কৰে। অতিৰিক্ত মাত্ৰাত শিলিখা ব্যৱহাৰ কৰিলে পাচনতন্ত্ৰ দুৰ্বল হ’ব পাৰে। পাতল পায়খানা, বমি আদি হ’ব পাৰে। এনে অৱস্থা হ’লে চীনা বাদাম বা আলমণ্ড বাদাম খুৱাব লাগে।

ক’লা শিলিখাই বুদ্ধি বৃদ্ধি কৰে, ৰক্ত পৰিষ্কাৰ কৰে, বাতৰ পৰা উৎপন্ন হোৱা দূষিত দ্ৰব্য পাতল পায়খানা যোগেদি উলিয়াই দিয়ে। এইবিধ শিলিখাই প্লীহাৰ ৰোগ, উদৰমূল আদি নিৰাময় কৰে। অতিৰিক্ত মাত্ৰাত শিলিখাৰ ব্যৱহাৰে লিভাৰৰ ক্ষতি কৰিব পাৰে। অতিৰিক্ত শিলিখা সেৱনৰ প্ৰতিক্ৰিয়া দূৰ কৰিবলৈ বাদাম, মৌ বা ঘিউ খুৱাব লাগে।

ক’লা শিলিখা সেৱন কৰি থাকিলে বুকুত জমা হোৱা কফ বাহিৰ হয়। শিলিখাৰ শাহ ভালদৰে শুকুৱাই গুড়ি কৰি স্বাদ অনুসৰি নিমখ মিহলাই বটলত ভৰাই থ’ব। এই গুড়ি আধা চামুচ পৰিমাণত ৰাতি শোৱাৰ আগতে পানীৰে সৈতে খালে পিছদিনা পেট খোলোচা হৈ পায়খানা হ’ব।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate