অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

সৰু মানিমুনি আৰু ব্ৰাহ্মী শাক

সৰু মানিমুনি আৰু ব্ৰাহ্মী শাক

স্মৃতিশক্তি বৃদ্ধি কৰাৰ ক্ষেত্ৰত কি কি গছ-বন উপকাৰী, সেই সকলোবোৰ গছৰ কথা মোৰ এতিয়াও জনা হোৱা নাই। কিন্তু সৰু মানিমুনি আৰু ব্ৰাক্ষ্মী শাকৰ মই প্ৰত্যক্ষ প্ৰমাণ পালো। ১৯৮০ চনৰ কথা এগৰাকী যুৱতীয়ে টাইপ ৰাইটিং আৰু ষ্টেন’গ্ৰাফীৰ শিক্ষা লৈ আছিল। মই চিনি পাওঁ। তিনি মাহমানৰ পাছতে যুৱতীগৰাকী বিমৰ্ষ হোৱা যেন দেখি এদিন তেওঁৰ লগতে আন এগৰাকীক পাই কথাটো সোধাত গম পালো যে ছৰ্ট হেণ্ডৰ ষ্ট্ৰোকবিলাকৰ কথা তেওঁৰ মনত নৰয়।

 

মই তেওঁৰ আগতে কৈ পঠিয়ালো যে পুৱা শুদা পেটতে ১০-১২ টা সৰু মানিমুনিৰ পাত আৰু লগতে একাপ চেঁচা পানী খাই দিব। আধাঘণ্টামান ৰৈ আন বস্তু খাব। কিছুদিন পাছত গম পালো যে পৰামৰ্শটো কামত লাগিল আৰু এতিয়াও সুবিধা পালে খায়। ব্ৰাক্ষ্মী শাকৰো বহু গুণ আছে। অকল স্মৃতিশক্তিয়ে নহয়। কিছু বছৰৰ আগত ২৫-২৬ বছৰীয়া এজন যুৱকে মূৰৰ ভিতৰত বিষ অনুভৱ কৰিছিল আৰু বৰ হতাশ হৈ পৰিছিল। ডাক্তৰৰ ওচৰলৈ যোৱাৰ আগতে পৰামৰ্শ বিচাৰিলত মই প্ৰতিদিনে ব্ৰাহ্মী শাকৰ চাৰিটা আগ কেঁচাই খাই একাপ চেঁচা পানী খাবলৈ ক’লো, যাতে তাৰ ৰস মগজুলৈ যাব পাৰে। বিশ্বাস কৰক, তেওঁৰ বিকাৰটো ভাল হ’ল। এতিয়া তেওঁ এজন চৰকাৰী বিষয়া। তেওঁ নিজৰ বাৰীতে ব্ৰাহ্মী শাক কৰি ল’লে।

 

আন এটা কথা ১৯৮৫ চন, ইয়াৰ ‘সাক্ষাৎকাৰ’ কাকতত প্ৰকাশ পাইছিল, ৰোগীজনেই পৰামৰ্শ দিছিল। বঙাল পুখুৰীৰ ওচৰৰ এজন স্থাপত্যবিদ, অভিযন্তাৰ জণ্ডিচ হৈছিল। চিভিল হষ্পিতালত থাকি ভাল নহ’লত ঘৰলৈ আহি মোক খবৰ দিলে। ভাগ্য ভাল যে তেওঁৰ বাৰীতে ৰহৰ দাইলৰ গছ আছিল। মই ৰহৰ দাইলৰ পাতৰ আঠ চামুচ ৰস খাবলৈ পৰামৰ্শ দিলোঁ। তিনিদিন খোৱাত ভাল হৈ গ’ল। জণ্ডিচ হোৱা অনুমান কৰিলেই ছয়-সাত দিনৰ ভিতৰতে ৰস খালে লগে লগে ভাল হয়। ৰহৰ দাইলৰ পাতৰ ৰসৰ কথা ইণ্ডিয়ান মেডিকেল প্লাণ্ট নামৰ কিতাপখনত পাই মই মোৰ বনৌষধিৰ ইংৰাজী অভিধানখনত সন্নিৱিষ্ট কৰিছোঁ। তেওঁ হেনো তাৰ পৰাই জানিলে।

১৯৭৮ চনত আমাৰ ছোৱালীকেইজনীৰ লগত এগৰাকী যুৱতী দুৰাতিমান আমাৰ ঘৰত আছিলহি। তেওঁলোকৰ ঘৰত বনৌষধিৰ চৰ্চা আছে। আমাৰ বাৰীৰ গছ-বনবিলাক চাই ফুৰোতে মোক কাঁচিদৰীয়া বনজোপাৰ কথা সুধিলত মই গ্ৰহণীৰ ঔষধ বুলি ক’লো। তেওঁ ক’লে যে সেইজোপা টনচিলৰো মহৌষদ। মই লগে লগে ঘৰতে ব্যৱহাৰ কৰিবলৈ দি প্ৰমাণ পালোৱেই। সেই তেতিয়াৰে পৰা কিমান ল’ৰা-ছোৱালীৰ টনচিল ভাল হৈছে তাৰ হিচাপ নাই।

ডাক্তৰৰ ঔষধত ভাল নোহোৱা আমাৰ গাঁৱৰে ৪৫ বছৰীয়া এগৰাকী মহিলাৰো ভাল হ’ল। দুনাই আৰু হোৱা নাই। মই এই টনচিলৰ কথাটো গছৰ ছবিৰে সৈতে ‘প্ৰান্তিক’কে আদি কৰি কেইবাখনো আলোচনী-কাকতত প্ৰকাশ কৰিছিলো। কিন্তু দুৰ্ভাগ্যৰ কথা বনৌষধিৰ ওপৰত আমাৰ মানুহৰ আস্থা অতি কম। ৰহৰ দাইলৰ পাতৰ ৰস খাই আজিলৈকে পাঁচজন ৰোগী ভাল হৈছে বুলি মোক জনাইছে।

 

লাইজাবৰী, মানিমুনি, শেতকপৰা, বনজালুক, মালভোগ শাক নিজৰ নিজৰ বাৰীতে হৈ আছে, অথচ চিনি নাপায়। মই নিজে দুহেজাৰ গছৰ ছবি আঁকি দুটা খণ্ডত গছ-গছনিৰে কিতাপ লিখি প্ৰকাশ কৰালো, ৭৭৭ বিধ গছৰ ছবিৰে সৈতে ডাঙৰ পকা বন্ধা ৪১৬ পৃষ্ঠাৰ প্ৰথম খণ্ডটো প্ৰকাশ পালে।

লিখকঃ আনন্দ্ৰ চন্দ্ৰ দত্ত, দেওবৰীয়া খবৰ



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate