অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

হালধি, তুলসীৰ গুণ

এই শিতানত হালধি আৰু তুলসীৰ গুণৰ বিষয়ে আলোচনা কৰা হৈছে।

ধোঁৱাবিহীন ধঁপাত যেনে গুট্‌খা, চাদা আদি সেৱনৰ ফলত মানুহ সহজে অ’ৰেল ছাবমিউকাছ ফাইব্ৰ’ছিছ (অ’ এছ এম এফ) ৰোগত আক্ৰান্ত হোৱা দেখা যায়। প্ৰাৰম্ভিক পৰ্য্যায়তে এই ৰোগৰ চিকিৎসা নকৰালে পিছলৈ গৈ ইয়েই মুখৰ কৰ্কট ৰোগৰ কাৰক হৈ পৰে।

এল’পেথিক চিকিৎসা পদ্ধতিত অ’ এছ এম এফ ৰোগৰ প্ৰভাৱী চিকিৎসা বিধি উপলব্ধ যদিও ৰোগীক আৰ্থিক দিশত সকাহ দিয়াৰ সমান্তৰালকৈ কম যন্ত্ৰণা তথা কোনো পাৰ্শ্বক্ৰিয়া অবিহনে ৰোগবিধৰপৰা মুক্তি দিয়াৰ লক্ষ্য সন্মুখত ৰাখি কাশী হিন্দু বিশ্ববিদ্যালয়ৰ দন্ত বিজ্ঞান বিভাগৰ অধ্যাপক টি পি চতুৰ্বেদীয়ে সুদীৰ্ঘ এবছৰজোৰা অধ্যয়নৰ অন্তত অৱশেষত সফলতা লাভ কৰিছে। গৱেষক চতুৰ্বেদীৰ মতে হালধি আৰু তুলসীৰ পাতে অ’ এছ এফ ৰোগ নিৰাময়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। অধ্যাপক চতুৰ্বেদী আৰু তেওঁৰ সহযোগীসকলে হালধি আৰু তুলসীৰ শুকান পাত গুড়ি কৰি পাউদাৰৰ ৰুপ দিয়ে। এই পাউদাৰ গ্লিচাৰিনৰ সৈতে মিহলাই মুখৰ যিখিনি মাংসপেশী ৰোগৰদ্বাৰা আক্ৰান্ত হৈছে তাত লগালে কিছুদিনৰ ভিতৰতে ৰোগৰপৰা উপশম পোৱাটো সম্ভৱ হৈ উঠে। অৱশ্যে এই চিকিৎসা চলি থকাৰ মাজত ৰোগীয়ে কোনো কাৰণতে চাদা অথবা গুটখা সেৱন কৰিব নালাগিব। অন্যথা ৰোগ ভাল হোৱাৰ সম্ভাৱনা ক্ষীণ হৈ পৰে। গৱেষক টি পি চতুৰ্বেদীৰ মতে প্ৰাৰম্ভিক পৰ্যায়ত চিকিৎসা আৰম্ভ হ’লে ৰোগীয়ে মাত্ৰ দুহেজাৰ টকাতে সম্পূৰ্ণ সুস্থ হৈ উঠিব পাৰে।

লিখকঃ চন্দন কুমাৰ কলিতা

উৎসঃ দৈনিক অসম, গুৱাহাটী

3.07352941176
নিৰঞ্জন গোহাঁই Aug 30, 2016 12:09 PM

তুলসী আৰু হালধীৰ গুণ বিলাক পঢ়ি নজনা কথা জানিব পাৰিলো

ৰূপম গগৈ Aug 27, 2016 11:26 AM

ভাল পৰামৰ্শ

মাণিক গগৈ Jun 18, 2016 06:04 PM

বিভিন্ন ঔষধিযুক্ত গছ, লতা, তৰু, তৃনৰ যোগেদি সহজে বেমাৰ আৰোগ্য লাভ কৰিব পাৰি তাক জানি ভাল লাগিল । ইয়াৰ পৰা সকলোৱে উপকৃত হব ।

পম্পি হাজৰিকা Feb 27, 2015 01:24 PM

তুলসী পাতৰ ঔষধী গুণাগুণসমূহ জানি ভাল লাগিল।

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top