কালমেঘ বা কল্পতিতা এবিধ একবৰ্ষীয় উদ্ভিদ। ইয়াৰ বৈজ্ঞানিক নাম Andrographis paniculata Nees আৰু ই Acanthaceae গোত্ৰৰ। ইয়াৰ পাত বল্লমাকাৰ সকলো মাটিতে হয় যদিও বালিচহীয়া মাটি কালমেঘৰ বাবে উপযোগী। কালমেঘ এক ফুটৰ পৰা তিনি ফুটলৈ ওখ হয়। বৰ্ষা ঋতুত কালমেঘ সোনকালে বাঢ়ে আৰু বৰ্ষা ঋতুৰ পাছত ফুল ফুলিবলৈ ধৰে। ই ভীষণ তিতা। কালমেঘৰ পাতৰ যথেষ্ট ঔষধি গুণ আছে।
*যকৃতৰ সক্ৰিয়তাৱ বৃদ্ধিৰ ক্ষেত্ৰত কালমেঘৰ পাত উপকাৰী।
*গ্ৰহণী ৰোগত কালমেঘৰ পাত সিজাই ঘন কৰি সেই ৰস খালে ৰোগ নিৰাময় হয়।
*জ্বৰ হোৱাৰ পাছত শৰীৰৰ দুৰ্বলতা নোহোৱা কৰিবলৈ কালমেঘ খালে উপকাৰ পোৱা যায়।
*শিশুৰ পেটৰ অসুখ, বদহজম, ডায়েৰিয়া আদিত কালমেঘৰ পাত থেতেলিয়াই ৰস উলিয়াই খুৱালে ৰোগ নিৰাময় হয়।
*শিশুৰ পেট ফুলিলেও কালমেঘৰ পাতৰ ৰস খুৱালে পেট ফুলা কমে।
*কৃমি হ’লে কালমেঘৰ পাতৰ ৰস অকণমান গৰম কৰি খুৱালে কৃমি কমে।
লেখিকা: ললিতা শৰ্মা লহকৰ(অসম বাণী)
শেহতীয়া উন্নীতকৰণ: : 1/20/2023