ৰঙা জবা এবিধ প্ৰসিদ্ধ ফুল। ইয়াক সকলোৱে চিনি পায়। ফুলবোৰ কেবাটাও পাহীযুক্ত আৰু ৰঙা। কালি দেৱীৰ অতি প্ৰিয় ফুল। ই দুবিধ। এবিধৰ নাম জবা আৰু আনবিধৰ নাম ত্ৰিসন্ধা জবা। ত্ৰিসদ্ধা জবাৰ ফুল ৰঙা আৰু বগাও হয়।
জবাফুল, পাত, গছৰ ছাল আৰু শিপাৰ ছাল দৰৱত ব্যৱহাৰ হয়। ফুলৰ ৰস ১/২ তোলা। ছালৰ ৰস বা ক্কাথ দুই তোলা পৰিমাণে ব্যৱহাৰ কৰিব লাগে।
ই কটু ৰসযুক্ত। উষ্ণবীৰ্য, কফ, বায়ুনাশক, ইন্দ্ৰলুপ্ত (টাক পৰা) ৰোগত হিতাকাৰক। কৃমি নাশক আৰু বমনকাৰক। সংগ্ৰাহী চুলিৰ হিতকাৰক। জবাফুলৰ পাহীৰ ফান্ট (চাহৰ নিচিনাকৈ) জ্বৰত অতি উপকাৰী। জবাফুলৰ পাত প্ৰস্ৰাৱ কাৰক। মূত্ৰকৃচ্ছাদি ৰোগত ভাল ফল পোৱা যায়। জবাফুলৰ পাত বেদনাহৰক।
চুলিৰ কাৰণে জবাফুলৰ ৰস অতি উত্তম। সদায় গা ধোৱাৰ আগতে জবাফুল বটি মূৰত ঘঁহিলে চুলিৰ অকালপক্কতা গুচে আৰু মূৰত টাক পৰা গুচে।
ৰক্তপ্ৰদৰ ৰোগত জবাফুলৰ ৰস এক তোলা, গাখীৰ এক তোলা অলপ চেনি ব্যৱহাৰ কৰিলে উপকাৰ হয়। এনেকৈ খালে দূষিত মেহত অতি উত্তম ফল পোৱা যায়। জৰায়ুৰ ক্ৰিয়া জবা ফুলে ভাল কৰে। বহুদিন ঋতু নহ’লেও ইয়াক খুৱালে ভাল ফল পোৱা যায়।
লেখিকা: সুমিত্ৰা গোস্বামী।
বিশেষ সংযোজন: ৰীতু গগৈ।
শেহতীয়া উন্নীতকৰণ: : 10/7/2018
আখৰোটৰ ঔষধি গুণ
অপৰাজিতা ফুলৰ ঔষধি গুণ
অত্যাৱশ্যকীয় উদ্ভিদৰ ঔষধি গুণ
আঁহত গছৰ ঔষধি গুণ