অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বনৌষধিৰ পৰিচয় :

 

কেহৰাজ -

কেহৰাজ উদ্ভিদবিধ অসমৰ প্ৰায় সকলো লোকে চিনি পায়। এইবিধ ঔষধি গুণযুক্ত উদ্ভিদ অসমৰ প্ৰায় সকলো ঠাইতে জেকা-সেমেকা ঠাইত গজে আৰু গোটেই বাৰিষা কালছোৱাত এইবিধ উদ্ভিদ য’তে-ত’তে পোৱা যায়। এইবিধ বনশাক জাতীয় গছৰ উচ্চতা প্ৰায় এফুটমান হয় আৰু ইয়াৰ গা-গছ কোমল তথা ক’লা চানেকীয়া হয়। পাতবোৰ গা-গছ বা ডালত যোৰা পাতি ওলায় আৰু ১.৫ ছেন্টিমিটাৰ দীঘল আৰু ৫ৰ পৰা ১৪ মিলিলিটাৰ বহল হয়। পাতবোৰ দীঘলীয়া আকাৰৰ হয় আৰু কাষবোৰ খাজকটা। পাতৰ ঠাৰি মিহি। ফুল বগা ৰঙৰ হয় আৰু সৰু। ছেপ্টেম্বৰ মাহত ফুল ফুলে। এইবিধ উদ্ভিদ সাগৰ পৃষ্ঠৰ সমতলৰ পৰা ৬০০০ ফুট উচ্চতাৰ জেকা মাটিত গজে। বিশেষভাৱে অসম, পশ্চিমবংগ আৰু কংকন উপকূলীয় অঞ্চলত পোৱা যায়।

বিভিন্ন ভাষাত এইবিধ উদ্ভিদক এনেধৰণে জনা যায়-

অসমীয়া: কেহৰাজ

বাঙালী: কেশৰি, কেশুতা, ভীমৰাজ

সংস্কৃত: ভৃগৰাজ, কেশৰী, কেশৰ গুঞ্জনহ, কুন্তলবৰ্ধন

হিন্দী: ভাগেৰা, ভাংৰা

গুজৰাটী: ভাংৰো, কালো ভাংৰো

মাৰাঠী: ভাকা, বাংৰা, ভৃংগৰাজ

পাঞ্জাবী: কিশোৰী, কেশৰাজ, কেশৰী, ভীমৰাজ

উৰিয়া: কেশৰদা

তামিল: কেকেশী, বাৱি, শিলাই, কাইকেশী

ইংৰাজী: Eclipta

বৈজ্ঞানিক নাম: Eclipta alba(L)

এই উদ্ভিদৰ গছডাল মাত্ৰ এবছৰহে জীয়াই থাকে আৰু মাটিত বাগৰি পৰিলেও ই মৰি নেযায়। থিয় হৈ থাকিলে মাটিৰ উৰ্বৰতা অনুসৰি এই গছ বহুতো ঠাল-ঠেঙুলিৰে প্ৰায় জোপোহা আকৃতিৰ হয়। ইয়াৰ ঠালবিলাকত ক্ষুদ্ৰ শুং থাকে আৰুল্প্ৰতিটো গাঁঠিৰে পৰা শিপা ওলায়। গাঁঠিবিলাকৰ পৰা এডাল দীঘল ঠাৰিৰে একোপাহ বগা ফুল ফুলে। ফুলৰ পাহিবোৰ পূৰঠ হোৱাৰ পিছত সৰি যায় আৰু সূৰ্যমুখী ফুলৰ দৰে ফুলপাহৰ মাজ অংশতে গুটিবোৰ লাগি থাকে। গুটিবোৰ শীতকালত পূৰঠ হ’লে ক’লা বৰণৰ হয় আৰু সৰি পৰে। গুটিবোৰৰ আকাৰ দীঘলীয়া আৰু পূৰঠ হ’লে ক’লা জিৰাৰ দৰে দেখায়। ইয়াৰ পাতবোৰ বটি লৈ চেপিলে ডাঠ সেউজীয়া ৰঙৰ ৰস ওলায় আৰু কিছু সময়ৰ পিছতে সেই ৰসৰ ৰং ক’লা ফয়। এই উদ্ভিদত এবিধ এলকালয়ড(একলেপ্টিন) থাকে আৰু যথেষ্ট পৰিমাণে ‘ৰেজিন’ পোৱা যায়। ইয়াৰ পাতৰ ৰস তিতা।

কেহৰাজ কফ আৰু বাত শামক। ই শৰীৰৰ যিকোনো বিষ আৰু চকুৰ ৰোগ নিৰাময় কৰিব পাৰে। ই পাচন তন্ত্ৰ শক্তিশালী কৰে, হজম শক্তি বঢ়ায় আৰু প্লীহাৰ কৰ্মক্ষমতা বঢ়ায়। ই ৰক্ত শোধক আৰু ৰক্তহীনতা নিবাৰক। ই শৰীৰৰ যিকোনো অংগ ফুলা নিৰাময় কৰিব পাৰে। ছালত বিষ আদি নোহোৱাকৈ হোৱা যিকোনো ৰোগ আৰু অন্ত্ৰত হোৱা কৃমি(পেলু) আদি এই উদ্ভিদ নিয়ন্ত্ৰণ কৰিব পাৰে। কেহৰাজে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখিব পাৰে আৰু শৰীৰক শক্তি প্ৰদান কৰে। কেহৰাজ ব্যৱহাৰ কৰিলে ছালৰ বিশেষকৈ মুখমণ্ডলৰ উজ্জ্বলতা বৃদ্ধি পায়। কেহৰাজ বিশেষভাৱে চুলিৰ সৌন্দৰ্য ৰক্ষা আৰু চুলি সৰা বন্ধ কৰা আদি কামত বহুলভাৱে ব্যৱহৃত হয়। ইয়াৰ পাত আৰু গছৰ ৰস ব্যৱহাৰ কৰিলে চুলি ক’লা পৰে আৰু চুলি সৰা বন্ধ হয়।

কেহৰাজৰ ঔষধি গুণ -

কেহৰাজৰ ঔষধি গুণ বহুত। বিভিন্ন ৰোগৰ কাৰণে বিভিন্ন অনুপাত আৰু আন কিছুমান দ্ৰব্য উপযুক্ত পৰিমাণত মিশ্ৰণ কৰি ব্যৱহাৰ কৰিলে ৰোগ নি্যন্ত্ৰণত থাকে বা ৰোগ নিৰাময় হয়।

মাইগ্ৰেণ -

  • মাইগ্ৰেণ বা আদকপালী এটা অতি যন্ত্ৰণাদায়ক ৰোগ। এই ৰোগ নিৰাময় কৰিবলৈ কেহৰাজ পাতৰ ৰস ব্যৱহাৰ কৰা হয়। এচামুচ পৰিমাণত কেহৰাজ পাতৰ ৰসৰ লগত এচামুচ পৰিমাণত ছাগলীৰ গাখীৰ মিহলাওক। এই মিশ্ৰণৰ পৰা ড্ৰপাৰৰ সহায়ত কেইটোপালমান নাকৰ দুয়োটা ফুটাতে লাহে লাহে দিলে মাইগ্ৰেণ নিৰাময় হয়।
  • তাৰোপৰি ইয়াৰ পাতৰ ৰসৰ লগত জালুকৰ গুড়ি মিহলাই এটা মণ্ড প্ৰস্তুত কৰি লওক। মূৰৰ যিফালে বিষ হৈ আছে, সেইফালে কপালত এই মগুৰে এটা প্ৰলেপ দি থওক। মাইগ্ৰেণৰ বিষ নাইকিয়া হ’ব।

চুলিৰ ৰোগত:

  • চুলি সৰি অকালতে তপা বা টকলা হোৱা লোকে মূৰৰ চুলি পুনৰ গজাবলৈ বিভিন্ন ধৰণৰ তেল আদি ব্যৱহাৰ কৰে আৰু যিকেইডাল চুলি অৱশিষ্ট আছেগৈ, সেইকেইডালো খুৰাই পেলায়। কিন্তু হচুলি খুৰাই পেলোৱাৰ সলনি চুটিকৈ কাটি লৈ পিছত কেহৰাজ পাতৰ ৰস সানি থওক। পিছত ভাল শ্বেম্পুৰে ধুই পেলাওক। এসপ্তাহমানৰ পিছত চাব, আপোনাৰ চুলি সৰা ঠাইখিনিত ক’লাকৈ চুলি গজি উঠিছে। অকালতে চুলি সৰা আৰু চুলিৰ আগ ফটা বিসংগতিতো এই পদ্ধতি প্ৰয়োগ কৰিব পাৰে।
  • কেহৰাজৰ পাতৰ ৰসত ত্ৰিফলা গুড়ি তিয়াই থওক আৰু শুকাবলৈ দিয়ক। শুকাই গ’লে, সেই গুড়ি আকৌ কেহৰাজ পাতৰ ৰসত তিয়াই থওক। এই প্ৰক্ৰিয়া মুঠ তিনিবাৰ কৰক আৰু পিছৰ বাৰ শুকাই যোৱাৰ পিছত ত্ৰিফলা চূৰ্নখিনি ভালদৰে গুড়ি কৰক। প্ৰতিদিনে পুৱা এই গুড়িৰ পৰা ১.৫ গ্ৰামকৈ চুলি সৰা ৰোগীক খাবলৈ দিয়ক। অকালতে চুলি পকা বন্ধ হ’ব। এই ব্যৱস্থা একেৰাহে ১৫ দিনলৈ কৰি থাকিলে চকুৰ শক্তিও বৃদ্ধি পাব আৰু চকুৰে কম দেখা বা নেদেখা হোৱা ৰোগ নিৰাময় হ’ব।
  • মাটিত বাগৰি থকা কেহৰাজ গছ এজোপা, ত্ৰিফলা, অনন্তমূল আৰু আমৰ গুটিৰ শাহ- প্ৰত্যেকৰে ২০ গ্ৰামকৈ লওক। এতিয়া এই দ্ৰব্যবিলাক মিহলাই এটা পেষ্ট বনাই লওক। এতিয়া এই মিশ্ৰণৰ লগত প্ৰত্যেকৰে ৩০ গ্ৰাম পৰিমাণত ত্ৰিফলা গুড়ি, অনন্তমূল আৰু আমৰ গুটিৰ শাহ লৈ ভালদৰে মিহলাই এটা পেষ্ট বনাই লওক। এই পেষ্টৰ পৰা দহ গ্ৰাম লৈ তাৰ লগত আধালিটাৰ মিঠাতেল মিহলাওক। আটাইখিনি দ্ৰব্য ভালদৰে মিহলাই লওক আৰু তাৰ লগত এক লিটাৰ পানী মিহলাওক। এতিয়া এই গোটেই মিশ্ৰণটোকে কম জুইত উতলিবলৈ দিয়ক। এই মিশ্ৰণটো সামান্য গৰমে গৰমে মিহি কাপোৰেৰে চেকি লওক। এই তেল সৰিবলৈ ধৰা পাতল চুলিত সানি থাকিলে সকলো ধৰণৰ চুলিৰ সমস্যা নিৰাময় হয়।

চকুৰ ৰোগত:

  • কেহৰাজ গছ এডাল উঘালি আনি ভালদৰে ধুই সাত দিনমান ছাঁত ৰাখি ভালদৰে শুকুৱাই লওক। বিশেষভাৱে ইয়াৰ পাতবোৰ ভালদৰে কৰকৰীয়াকৈ শুকাবলৈ দিয়ক। এনেদৰে শুকুৱাই লোৱা পাত বটি গুড়ি কৰি লওক। এনেদৰে প্ৰস্তুত কৰি লোৱা শুকান পাতৰ গুটি দহ গ্ৰাম, মৌ তিনি গ্ৰাম আৰু ঘিউ তিনি গ্ৰাম লৈ ভালদৰে মিহলাই লওক। এই মিশ্ৰণ প্ৰতিদিনে ৰাতি শোৱাৰ আগতে একেৰাহে ৪০ দিনলৈ খুৱাওক। এই ঔষধে যিকোনো প্ৰকাৰৰ চকুৰ অসুখ নিৰাময় কৰিব।
  • কেহৰাজৰ সতেজ কেঁচা পাত এমুঠি ভালদৰে ধুই বটি লওক আৰু সেই পাত বটাখিনি চেপি ৰস উলিয়াই লওক। এই ৰসৰ দুই টোপাল পৰিমাণত পৰিষ্কাৰ ড্ৰপাৰৰ সহায়ত সূৰ্যোদয়ৰ কেইছেকেণ্ডমানৰ আগতে বা সূৰ্যাস্তৰ এক ছেকেণ্ডমান আগতে চকুত দিয়ক। এই ব্যৱস্থাৰে চকুত ফুল পৰা আৰু অনিয়ান্য চকুৰ ৰোগ নিৰাময় কৰিব।
  • কেহৰাজৰ এক লিটাৰ ৰসৰ লগত পঞ্চাশ গ্ৰাম ষষ্ঠীমধুৰ শিপাৰ গুড়ি, পাঁচশ মিঃলিঃ তেল আৰু দুই লিটাৰ খাটি গৰুৰ গাখীৰ ভালদৰে মিহলাই এটা পাত্ৰত কম জুইত উতলাওক। একমাত্ৰ তেলখিনি(আধা লিটাৰ) থাকোতে নমাই লৈ মিহি চেকনিৰে চেকি তেলখিনি টানকৈ সাঁফৰ মাৰি বটলত সংৰক্ষণ কৰি ৰাখক। এই তেলৰ দুটোপালকৈ চকুত দিয়ক আৰু ‘নস্য’ লওক। এই ব্যৱস্থাৰে চকুৰ যিকোনো ৰোগ নিৰাময় কৰে। দৃষ্টিশক্তি দুৰ্বল হোৱা ৰোগীৰো দৃষ্টিশক্তি ঘূৰাই আনিব পাৰে।
  • কেহৰাজৰ পাত এমুঠি ভালদৰে ধুই এখন টাৱাত সামান্য গৰম কৰি পৰিষ্কাৰ কাপোৰ এডোখৰত বান্ধি চকুৰ ওপৰত সেক দিলে চকুৰ বিষ নিৰাময় হয়।

দাঁতৰ বিষ:

  • যিকোনো দাঁতৰ বিষ হ’লে, মাটিত বগোৱা বা বাগৰি থকা কেহৰাজৰ পাতৰ দুই চাৰিটোপাল ৰস যিফালৰ দাঁতৰ বিষ হৈছে, তাৰ বিপৰীত ফালত কাণত দিয়ক। প্ৰথমবাৰ ব্যৱহাৰ কৰি বিষৰ উপশম নেপাব পাৰে। তেনেহ’লে এনেদৰে কাণত ৰস প্ৰয়োগৰ পিছত দুই তিনিবাৰলৈ অব্যাহত ৰাখিব পাৰে।

কাহ:

  • প্লীহাৰ আকাৰ বৃদ্ধি, খাদ্যৰ প্ৰতি অৰুচি, লিভাৰ দুৰ্বলতা, কাহ, পানীলগা আৰু জ্বৰ হৈ থাকিলে- মাটিত বগাই থকা কেহৰাজ পাতৰ চাৰিৰ পৰা ছয় মিঃলিঃ ৰসৰ লগত ত্ৰিছ মিঃলিঃ(ছয় চামুচ) গাখীৰ মিহলাই প্ৰতিদিনে পুৱা আৰু গধূলি খুৱাই থাকক।
  • টাইফয়ড হৈ থাকিলে, দিনে দুবাৰকৈ দুচামুচ পৰিমাণত ৰোগীক খুৱাই থাকক।

ৰক্তচাপ:

  • কেহৰাজৰ পাতৰ দুচামুচ ৰসৰ লগত এচামুচ মাত্ৰাত মৌ মিহলাই দিনে দুবাৰকৈ খুৱাওক। এই ব্যৱস্থা একেৰাহে পাঁচ-ছদিনলৈ কৰি থাকিলে ৰক্তচাপ স্বাভাৱিক হ’ব। যদি ৰোগীৰ কোষ্ঠবদ্ধতা নেথাকে, তেনেহ’লে ৰোগীৰ ৰক্তচাপ নিয়ন্ত্ৰণত থাকিব। এই ব্যৱস্থাই পাচন শক্তি আৰু খাদ্যৰ প্ৰতি ৰুচি স্বাভাৱিক কৰি ৰাখিব।

খাদ্যৰ প্ৰতি ৰুচিহীনতা আৰু ৰক্তাল্পতা:

  • এডাল কেহৰাজ গছ শিপাৰে সৈতে উঘালি আনি ছাঁত ভালদৰে শুকুৱাই লওক। শুকান গছডাল শিপাৰে সৈতে খুন্দি গুড়ি কৰি লওক। এই গুড়িৰ লগত সম পৰিমাণত ত্ৰিফলা চূৰ্ণ মিহলি কৰি লওক। এতিয়া গোটেইখিনি মিশ্ৰণৰ সম পৰিমাণত মিচিৰি গুড়ি কৰি মিহলাই লওক। এই মিশ্ৰণৰ বিছ গ্ৰাম লৈ মৌ বা পানীৰ লগত মিহলাই দিনে তিনিবাৰকৈ ৰোগীক খুৱাওক। হজম শক্তি দুৰ্বল হ’লে আৰু জণ্ডিচ হ’লে এই মিশ্ৰণ সেৱনে নিৰাময় কৰিব।
  • ছাঁত শুকুওৱা কেহৰাজ পাতৰ গুড়িৰ লগত সামান্য পৰিমাণে সৈন্ধৱ লৱণ মিহলাই লওক। এই মিশ্ৰণ দুই গ্ৰাম পৰিমাণত প্ৰতিদিনে পুৱা আৰু গধূলি খুৱাওক। এই ঔষধে হজম শক্তি বৃদ্ধি কৰিব।

জণ্ডিচ:

  • কেহৰাজৰ সতেজ পাত ১০০ গ্ৰাম পৰিষ্কাৰ কৰি ধুই লৈ বটি লওক। সাতটা জালুক ২ মিঃলিঃ পাতৰ মণ্ডৰ লগত গুড়ি কৰি মিহলাই প্ৰতিদিনে পুৱা খালী পেটত ৰোগীক খাবলৈ দিয়ক। এই মণ্ডৰ লগত টেঙা দৈ বা সৰ তোলা গাখীৰ দিব পাৰে। এই ব্যৱস্থা লৈ থাকিলে মাত্ৰ পাঁচ-ছয় দিনৰ ভিতৰত জণ্ডিচ নিৰাময় উহ’ব। এই মিশ্ৰণ প্লীহাৰ আকাৰ বৃদ্ধি আৰু পেটৰ বিভিন্ন অসুখতো উপকাৰী।
  • কেহৰাজ পাতৰ এচামুচ(৫ মিঃলিঃ) ৰসৰ লগত আধা গ্ৰাম জালুকৰ গুড়ি মিহলাই লওক। পুৱা খালী পেটত দৈৰে সৈতে এই ৰস ৰোগীক খাবলৈ দিয়ক। পাচঁ-ছয় দিনৰ ভিতৰতে ৰক্তাল্পতা নিৰাময় হ’ব।

ডায়েৰিয়া:

  • ছাঁত শুকুৱাই ৰখা কেহৰাজ গছৰ শুকান শিপা পঁচিছ গ্ৰাম পৰিমাণত মিহিকৈ গুড়ি কৰি বটি লওক। এই গুড়িৰ লগত সমান মাত্ৰাত শুকান বেলৰ শাহৰ গুড়ি মিহলাই লওক। এই গুড়ি পানীৰ লগত প্ৰতিদিনে পুৱা আৰু গধূলি এচামুচ পৰিমাণত ৰোগীক খুৱাই থাকক। এই চিকিৎসাৰে কলাইটিছ আৰু ডায়েৰিয়া নিৰাময় হ’ব।

স্ত্ৰী জননাংগৰ বিষ:

  • প্ৰসৱৰ পিছত প্ৰসূতি মাতৃৰ জননাংগত যদি বিষ থাকে, তেনেহ’লে শিপাৰে সৈতে উঘালি অহা কেহৰাজ গছ এডাল ছাঁত শুকুৱাই মিহিকৈ বটি গুড়ি কৰি লওক। এই গুড়িৰ লগত সম পৰিমাণত বেল গছৰ শিপাৰ গুড়িও মিহলাই লওক। এই গুড়িৰ এচামুচৰ লগত মৌ মিহলাই ৰোগীক খুৱাওক। খুব সোনকালেই ৰোগীৰ এই বিষ নিৰাময় কৰিব।

অৰ্শ:

  • কেহৰাজৰ কেঁচা পাত পঞ্চাছ গ্ৰাম ভালদৰে ধুই লৈ তাৰ লগত পাঁচ গ্ৰাম জালুক মিহলাই ভালদৰে গুড়ি কৰি লওক। এতিয়া এই মণ্ডখিনিৰ পৰা সৰু বগৰী একোটাৰ সমানকৈ একোটা বড়ি বনাই ছাঁত শুকুৱাই লওক। প্ৰতিদিনে পুৱা আৰু গধূলি এটা-দুটাকৈ বড়ি ৰোগীক পানীৰ লগত খাবলৈ দিয়ক। এই ঔষধে ৰক্ত নিৰ্গত নোহোৱা অৰ্শ ভাল কৰিব।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate