অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ঔটেঙাৰ উপকাৰিতা :

 

ঔটেঙাৰ বিষয়ে বহু নজনা কথা -

ইয়াত ভিটামিন বি,ভিটামিন চি, বিতা কেৰোটিন,ৰাইবফ্লেভিন, কাৰ্বহাইড্ৰেট, প্ৰটিন ,কেলচিয়াম, ফচফৰাছ ,ফাইবাৰ ইত্যাদি পোৱা যায়।

(১)ডায়েবেটিচ ৰোগত ঔটেঙা খালে সুফল পোৱা যায়। তেজৰ শৰ্কৰা নিয়ন্ত্ৰণ কৰাত ই সহায় কৰে। সেয়েহে ডায়েবেটিচ ৰোগীয়ে মাজে মাজে ঔটেঙাৰ ব্যঞ্জন খোৱা উচিত। ঔটেঙা ৰদত শুকুৱাই গুৰি কৰি পাউদাৰ হিচাবে সংৰক্ষণ কৰিও থব পাৰি। ডায়েবেটিচ ৰোগীয়ে মাজে সময়ে এই পাউদাৰ খাব পাৰে । অফ চিজনত খাব পাৰি আৰু ৰোগীয়েও সুফল পাব ।

(২)কোষ্ঠকাঠিন্যত ঔটেঙা খালে সুফল পোৱা যায়।

(৩)মেদবহুলতাত ভোগা সকলে ঔটেঙা খালে সুফল পাব। টেঙাই এনেও চৰ্বি কাটে। গতিকে মেদবহুল লোকে ঔটেঙা খোৱা উচিত।

(৪)কলেষ্টৰল বৃদ্ধি হলে ঔটেঙা খালে সুফল যায় ।

(৫)চুলিৰ গুৰিত উফিৰ সমস্যা হলে ঔটেঙাৰ ভিতৰৰ বিজলুৱা অংশৰে চুলি ধুব লাগে। ই চুলিৰ উজ্জ্বলতাও বৃদ্ধি কৰে। ঔটেঙা বিজলেৰে মূৰ ধোৱা পৰম্পৰা অতীত কালৰে পৰা চলি আহিছে।

লেখিকা: ডাঃ ৰেইনী দেৱী( আয়ুৰ্বেদিক চিকিৎসক)

ফোন নং 7399114617

 



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate