কৰ্কট ৰোগত আক্ৰান্ত হৈ প্ৰতিবছৰে সাত লাখমান ভাৰতীয় লোক মৃত্যুমুখত পৰে।
ভাৰতীয় নাৰীৰ মাজত স্তনৰ কৰ্কটৰোগ আৰু পুৰুষৰ মাজত ওঁঠ আৰু মুখগহ্বৰৰ কৰ্কট ৰোগ সৰ্বাধিক মাৰাত্মক ৰুপত উত্থিত হৈছে।
ন-ন ভাইৰাছ-বেক্টেৰিয়াৰ দ্বাৰা অধিক মানুহ আক্ৰান্ত হ’ব লাগিছে।
মানসিক বিকাৰগ্ৰস্ত লোকৰ সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি পাই আহিছে।
জনস্বাস্থ্য ক্ষেত্ৰখনৰ এনে ভয়াৱহ ৰুপ সঁচাকৈয়ে চিন্তনীয় বিষয়। সেয়েহে বিজ্ঞানীসকলে মানৱ জাতিক এনে ভয়াৱহ ৰোগৰ পৰা ৰক্ষা কৰিবৰ বাবে উপযুক্ত কাৰ্যক্ষম ঔষধ আৰ্থিকভাৱে বহনক্ষম উপায়েৰে সংশ্লেষণ কৰি উলিয়াব পৰা পথ বিচাৰি ফুৰিছে। এই পৰিপ্ৰেক্ষিতত বিজ্ঞানীসকলে বহুতো ধাতৱ যৌগভিত্তিক ঔষধৰ উপযুক্ত কাৰ্যকাৰিতা থকা বুলি জানিব পাৰিছে আৰু এনে ঔষধ সংশ্লেষণ কৰি উলিওৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।
ইতিহাসৰ পাত লুটিয়াই চালে দেখা যায় যে অতি প্ৰাচীন কালৰে পৰাই ঔষধত ধাতৱ যৌগ ব্যৱহৃত হৈ আহিছে। ২৫০০-৩০০০ খ্ৰী: পুৰ্বতে চীন, আৰব আৰু ইটালীত সোণ ধাতুৰ যৌগ ঔষধ হিচাপে প্ৰয়োগ কৰা হৈছিল। ১৬ শতিকাত ছিফিলিছ ৰোগৰ চিকিৎসাত মাৰ্কাৰী ক্ল’ৰাইড বিস্তৃতভাৱে ব্যৱহৃত হৈছিল। বৰ্তমানেও চীন আৰু তিব্বতৰ পৰম্পৰাগত আয়ুৰ্বেদিক চিকিৎসাত মাৰ্কাৰীৰ যৌগৰ ব্যৱহাৰ হৈ আছে। তেনেদৰে ১৮ শতিকাত আৰ্ছেনিকৰ যৌগ, পটাছিয়াম আৰ্ছেনাইটক সুৰাৰ লগত মিহলাই পান কৰা হৈছিল সৰ্বঢাক ট’নিক হিচাপে। ভাৰতীয় পৰম্পৰাগত চিকিৎসা পদ্ধিততো মাৰ্কাৰী, সোণ, ৰুপ, লেড, জিংক, কপাৰ, টিন আদি ধাতু অতি প্ৰাচীন কালৰ পৰাই ব্যৱহৃত হৈ থকা বুলি চৰক সংহিতাত উল্লেখ আছে। তেনেদৰে ধাতুৰ গুড়ি চকুত প্ৰয়োগ কৰাৰ প্ৰস্ংগও পোৱা গৈছে।
কুৰি শতিকাৰ আৰম্ভণিতে ড° আৰ্লিকে (Dr. Erlich) ছিফিলিছ ৰোগৰ চিকিৎসাৰ বাবে ছেলভাৰছেন (Salvarsan) নামৰ আৰ্ছেনিক ভিত্তিক ঔষধবিধ উদ্ভাৱন কৰে। তেতিয়াৰ পৰাই আধুনিক চিকিৎসা পদ্ধতিত ধাতৱ যৌগৰ ব্যৱহাৰ সম্পৰ্কীয় অধ্যয়ন উৎসাহজনক হৈ পৰে আৰু প্ৰণালীবদ্ধ অধ্যয়নৰ জৰিয়তে ঔষধ হিচাপে ধাতৱ যৌগৰ নিৰ্বাচন প্ৰক্ৰিয়া আৰম্ভ হয়।
ৰসায়ন বিজ্ঞানৰ দৃষ্টিকোণৰ পৰা লক্ষ্য কৰিলে দেখা যায় যে ধাতুৰ আয়নবোৰত কমসংখ্যক ইলেক্ট্ৰ’ন থাকে। আনহাতে, জীৱ অণুবোৰ (Bio-logical molecules) ইলেক্ট্ৰ’ন সমৃদ্ধ। সেয়েহে স্বাভাৱিকতে ধাতুৰ আয়নবোৰৰ জীৱ অণুৰ সৈতে বান্ধ খাই পৰাৰ প্ৰৱণতা আছে। উদাহৰণস্বৰুপে, আমাৰ তেজৰ উপাদান, হিম’গ্ল’বিনত আইৰন থাকে। আইৰনে ইলেক্ট্ৰ’ন সমৃদ্ধ অক্সিজেনৰ লগত সহজে বান্ধ খাই পৰে আৰু এই বন্ধনৰ জৰিয়তে অক্সিজেন শৰীৰৰ সকলো কলালৈ পৰিবাহিত হয়। তেনেদৰে, কপাৰ, জিংক, মেংগানিজ আদি ধাতুৰ আয়নো বিভিন্ন এনজাইমৰ লগত যুক্ত হৈ ধাতৱীয় এনজাইম সৃষ্টি কৰে আৰু এই এনজাইমবোৰে জীৱন প্ৰক্ৰিয়াৰ লগত জড়িত বহুতো ৰাসায়নিক বিক্ৰিয়া সংঘটিত হোৱাত সহায় কৰে। অৱশ্যে, এয়াও উল্লেখযোগ্য যে বহুতো ধাতুৱে শৰীৰত বিষম ক্ৰিয়াও ঘটাব পাৰে।
গতিকে দেখা যায় যে জীৱতন্ত্ৰৰ উপযুক্ত কাৰ্যকৰণৰ বাবে বহুতো ধাতু স্বাভাৱিকভাৱেই ব্যৱহৃত হৈ আহিছে। তেন্তে জৈৱতন্ত্ৰৰ বাবে প্ৰাসংগিক ধাতৱ আয়ন ব্যৱহাৰ কৰি কিছুমান ৰোগ বা দৈহিক বিসংগতি দুৰ কৰিব পৰা নাযায়নে? এই প্ৰশ্নৰ সমিধান বিচাৰিয়েই বিজ্ঞানীসকলে ধাতৱ যৌগ ভিত্তিক ঔষধ উদ্ভাৱনৰ গৱেষণা অব্যাহত ৰাখিছে।
ঔষধত ধাতৱ আয়নবোৰৰ ব্যৱহাৰৰ এক বিশেষ সুবিধা আছে। সেয়া হ’ল-এই আয়নক ভিত্তি কৰি জীৱ অণুৰ আকাৰ আৰু আকৃতিসম্পন্ন ধাতৱ জটিল অণু গঠন কৰিব পৰা যায়। কিন্তু কাৰ্বনিক ভিত্তি কৰি এনে অণু গঠন কৰিব পৰা নাযায়। সেয়েহে ৰোগ নিৰ্মুল কৰাৰ বাবে শৰীৰত ধাতুক কেৱল ধাতৱ আয়নৰুপে প্ৰয়োগ নকৰি জীৱ অণু সদৃশ জটিল অণু হিচাপে প্ৰয়োগ কৰা হয়। এনে জটিল অণুৱে ৰোগাগ্ৰস্ত স্থানত সহজে ক্ৰিয়া কৰিব পাৰে। উদাহৰণস্বৰুপে , এটা কৰ্কট ৰোগগ্ৰস্ত কোষক বৃদ্ধিৰ বাবে যথেষ্ট পৰিমাণৰ প্ৰ’টিনৰ আৱশ্যক হয়। গতিকে এনে ধাতৱ জটিল অণু শৰীৰত প্ৰয়োগ কৰা হয় যিয়ে সেই আৱশ্যকীয় প্ৰ’টিনৰ সৈতে বান্ধ খাই পৰে। গতিকে কৰ্কট ৰোগগ্ৰস্ত কোষটো প্ৰয়োজনীয় প্ৰ’টিনৰ পৰা বঞ্চিত হৈ মৃত্যুমুখত পৰে। বৰ্তমান ধাতৱ যৌগক কৰ্কট ৰোগগ্ৰস্ত কোষৰ ডি এন এৰ সৈতে পোনপটীয়াভাৱে ক্ৰিয়া কৰোৱাই এই ৰোগৰ চিকিৎসা আগুৱাই নিয়া হৈছে। কাৰণ ধাতৱ আয়নৰ ধনাত্মক আধানে ডি এন এৰ ফছফেট অংশৰ ঋণাত্মক আধানৰ ওপৰত সহজে ক্ৰিয়া কৰে। ধাতুযুক্ত এণ্টিকেন্সাৰ ঔষধৰ এক সাধাৰণ উদাহৰণ হ’ল ছিছপ্লেটিন-ই প্লেটিনাম ধাতুভিত্তিক ঔষধ। তেনেদৰে এণ্টিকেন্সাৰ দৰব হিচাপে সোণ, ৰুথেনিয়াম আৰু অ’ছমিয়াম ভিত্তিক যৌগৰ ওপৰতো অধ্যয়ন চলিব লাগিছে। সোণ ধাতুভিত্তিক যৌগ বাত বিষ, মেলেৰিয়া আদি ৰোগৰ বিপৰীতে ব্যৱহৃত হৈছে। গতিকে আন আন ধাতুৰ উপযুক্ত যৌগ শৰীৰৰ ৰোগগ্ৰস্ত কোষৰ ওপৰত প্ৰয়োগ কৰি আন আন ৰোগাৰোগ্যকৰণৰ আশা উজ্জীৱিত হৈ উঠিছে।
কপাৰ, জিংক, আইৰন আদি জৈৱিকভাৱে সক্ৰিয় ধাতুসমুহ মস্তিষ্কৰ লোষৰ ক্ৰিয়াকলাপৰ লগত জড়িত। উদাহৰণস্বৰুপে মস্তিষ্কৰ কোষৰ শ্বসন, বিষাক্ত মুক্তমুলক দুৰীকৰণ, মস্তিষ্কৰ কোষলৈ অক্সিজেনৰ পৰিবহণ কোষীয় সংকেত সৃষ্টি আদি কাৰ্যকলাপত এই ধাতুবোৰে গুৰুত্বপুৰ্ণ ভুমিকা গ্ৰহণ কৰে। গতিকে এই কথা সহজে অনুমেয় যে স্নায়ুকোষৰ বিকাৰ সম্পৰ্কীয় ৰোগ যেনে-এলজেইমাৰ, পাৰকিনছন ৰোগ আদিৰ লগতো এই ধাতুসমুহৰ সম্পৰ্ক আছে। পৰীক্ষা কৰি দেখা গৈছে যে এলজেইমাৰ ৰোগীৰ মস্তিষ্কৰ স্মৃতি আৰু আৱেগ সৃষ্টি হোৱা অংশত কপাৰৰ পৰিমাণ ৫০ শতাংশমানলৈ হ্ৰাস পায়। তেন্তে ক’লৈ যায় এই কপাৰ? হয়তো এই কপাৰে বিটা এমাইলয়ড নামৰ পেপটাইড যৌগ এবিধৰ লগত যুক্ত হৈ পৰে। গতিকে এই ৰোগীৰ মস্তিষ্কৰ সেই নিৰ্দিষ্ট স্থানত কপাৰ সংস্থাপিত কৰি ৰোগ আৰোগ্য কৰিব পৰা যায় নেকি, সেই অধ্যয়ন চলাই থকা হৈছে।
অৱশ্যে ধাতৱ আয়নৰ ঔষধীয় অণুলৈ ৰুপান্তৰণ প্ৰক্ৰিয়াটো অত্যন্ত জটিল প্ৰক্ৰিয়া। কাৰণ এই অণুবোৰে লক্ষ্য অণুৰ ওপৰতহে ক্ৰিয়া কৰিব লাগিব, আন কোষ-কলাৰ ওপৰত কোনো বিষম ক্ৰিয়া ঘটাব নালাগিব, এইবোৰৰ কোনো পাৰ্শ্বক্ৰিয়াও থাকিব নালাগিব। কিন্তু বৰ্তমান ব্যৱহৃত হৈ থকা ধাতুভিত্তিক ঔষধবোৰে বহুতো অসুবিধাও সৃষ্টি কৰা দেখা যায়। উদাহৰণস্বৰুপে প্লেটিনাম ভিত্তিক ঔষধ বিশেষ কেইবিধমান কৰ্কট ৰোগৰ বিপৰীতেহে কাৰ্যকৰী আৰু এই ঔষধে বমিভাব, বৃক্ক বিষাক্তকৰণ আদি পাৰ্শ্বক্ৰিয়া সংঘটিত কৰে।
নানা জটিল ৰোগৰ ঔষধ সংশ্লেষণত ধাতৱ যৌগৰ ব্যৱহাৰৰ সম্ভাৱনা দিনে দিনে বাঢ়ি আহিছে। এই সম্পৰ্কীয় গৱেষণা উপযুক্ত দিশত আগবাঢ়ি গ’লে অদুৰ ভৱিষ্যতে হয়তো মানৱ জাতিয়ে ধাতুৰ আশীৰ্বাদত ৰোগাৰোগ্যকৰণৰ পথত দৃঢ় পদক্ষেপ গ্ৰহণ কৰিব পাৰিব।
ধাতু |
ব্যৱহাৰ |
প্লেটিনাম |
কৰ্কট ৰোগৰ চিকিৎসাত |
সোণ |
বাত বিষৰ চিকৎসাত |
বিছমাথ |
আলচাৰ (ulcer) প্ৰতিৰোধত, এণ্টাচিডত |
মেংগানিজ |
কৰ্কট ৰোগৰ চিকিৎসাত |
ভেনাডিয়াম |
মধুমেহ (টাইপ-২) ৰোগৰ চিকিৎসাত |
লিথিয়াম |
উত্তেজনা আৰু হতাশা(manic depression) প্ৰতিৰোধত |
আইৰন |
বাহিকা বিস্তাৰণৰ বিপৰীতে |
ৰুপ |
বীজাণুনাশকত, বেক্টেৰিয়া প্ৰতিৰোধত |
এণ্টিমনি |
পেৰাছাইট প্ৰতিৰোধত |
ৰুথেনিয়াম |
কৰ্কট ৰোগৰ চিকিৎসাত |
লেন্থানাম |
হাইপাৰফ’ছফেটেমিয়াৰ বিপৰীতে |
কপাৰ |
সন্ধিবাতৰ ঔষধত |
জিংক |
খজুৱতি নিৰাময়কত |
গেলিয়াম |
হাইপাৰকেলছেমিয়াৰ বিপৰীতে |
আৰ্ছেনিক |
কৰ্কট ৰোগৰ চিকিৎসাত |
লেখক: ড° বাবুল চন্দ্ৰ শৰ্মা (আমাৰ অসম পুৰ্বাচল)
শেহতীয়া উন্নীতকৰণ: : 2/8/2023