অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

চফ বা পাণমুৰিৰো আছে ঔষধি গুণ :

চফ বা পাণমুৰিৰো আছে ঔষধি গুণ :

 

চফ বা পাণমুৰি সাধাৰণতে মুখ শুদ্ধি হিচাপে ব্যৱহাৰ কৰা হয়। পাণমুৰিয়ে যে কেৱল মুখশুদ্ধিয়ে কৰে এনে নহয়। ইয়াৰ ঔষধি গুণো আছে।

পাণমুৰিত থকা কিছুমান ঔষধি গুণ এনেধৰণৰ-

*পাণমুৰি যিহেতু আহাৰ খোৱাৰ পাছত খোৱা হয়, সেয়ে ই আমাৰ খাদ্য হজম হোৱাত সহায় কৰে।

*পুৰণি জ্বৰত পাণমুৰি খালে আৰাম পোৱা যায়। দুচামুচ পাণমুৰি গুড়ি কৰি পানীত তিয়াই কম জুইত উতলাই কুহুমীয়া অৱস্থাতে ৰোগীক খুৱালে ভাল ফল পোৱা যায়।

*কেতিয়াবা হঠাৎ হিকটি আহি আমাক আমনি দিয়ে। তেতিয়া পাণমুৰিৰ গুড়ি এগিলাছ পানীত তিয়াই খালে হিকটি নোহোৱা হয়।

*প্ৰস্ৰাৱ কম হ’লে পাণমুৰি চৰ্বত বনাই খালে প্ৰস্ৰাৱ বৃদ্ধি হয়।

*পাণমুৰি, মিছিৰি পানীত তিয়াই সেই পানী পাণমুৰিৰ সৈতে খালে টেঙা উগাৰত আৰাম পোৱা যায়।

*পেটৰ বিষত পাণমুৰি খালে বিষ কমে।

*কোষ্ঠকাঠিন্যত কষ্ট পালে পাণমুৰি গুড়ি কৰি ৰাতি শোৱাৰ আগেয়ে এগিলাছ কুহুমীয়া পানীৰে খালে পেট পৰিষ্কাৰ হয়।

*কেতিয়াবা পেট কামুৰি শৌচৰ লগত শাও পৰে। তেতিয়া গুড়ৰ লগত পাণমুৰি মিহলাই খালে শাও পৰা কমে।

*পাণমুৰি গুড়ি কৰি চালি লৈ ৰাতি গাখীৰৰ লগত শোৱাৰ আগেয়ে খালে মস্তিষ্ক সবল হোৱাৰ লগতে কোষ্ঠকাঠিন্যও দূৰ হয়।

*দৃষ্টিশক্তি বৃদ্ধিতো পাণমুৰিয়ে সহায় কৰে।

লেখিকা: ললিতা শৰ্মা লহকৰ(অসম বাণী)



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate