আমাৰ দেহৰ আৱৰণখন হ’ল চৰ্ম বা ছাল। ছালৰ লগত থকা স্নায়ুৰ সহায়ত যিকোনো ধৰণৰ স্পৰ্শৰ অনুভূতি আমি অনুভৱ কৰো। তাৰোপৰি তেজৰ পৰা দূষিত পদাৰ্থসমূহ আংশিকভাৱে বাহিৰ কৰি দিয় আদি কামো এই ছালেই কৰে। ছালৰ ক্ৰিয়াৰ লগত আভ্যন্তৰীণ তন্ত্ৰসমূহৰ বিশেষ সম্পৰ্ক আছে। ছালৰ অসংখ্য ক্ষুদ্ৰ ক্ষুদ্ৰ ছিদ্ৰ থাকে। এই ছিদ্ৰসমূহক লোপকূপ বোলে। এই লোপকূপসমূহ আমাৰ শৰীৰৰ সূক্ষ্ম নিৰ্গমন নলী-নৰ্দমাৰ দৰে। ছালৰ লোমকূপৰ মাজেদি আমাৰ শৰীৰৰ দূষিত পদাৰ্থ বাষ্প হৈ নিৰ্গত হৈ থাকে। এই প্ৰক্ৰিয়াৰ ফলত শৰীৰৰ শীত-তাপ নিয়ন্ত্ৰিত অৱস্থাত থাকে। এই প্ৰক্ৰিয়া স্বাভাৱিকভাৱে চলি থাকিলে আমাৰ আভ্যন্তৰীণ তন্ত্ৰসমূহ সুস্থ হৈ থাকে।
ছালৰ ৰোগ শৰীৰৰ নানা স্থানত হ’ব পাৰে। ছালত হোৱা সকলো ৰোগেই মাৰাত্মক হ’ব পাৰে। এই ৰোগৰ লক্ষণবিলাক কেৱল ছালতে সীমাৱদ্ধ হৈ নাথাকে। শৰীৰৰ আভ্যন্তৰীণ বিসংগতিৰ কাৰণে ছালৰ ৰোগৰ যোগেদি বহিৰ্প্ৰকাশ ঘটে। চৰ্মৰোগৰ কাৰণ বোৰ হ’ল- পাকস্থলী, লিভাৰ আৰু অন্ত্ৰৰ পৰাই উদ্ভৱ হোৱা দেখা যায়।
একনি, পিম্পল বা মুখব্ৰণ যুৱক-যুৱতীসকলৰ যৌৱন কালৰ ৰোগ। এইবিলাকৰ পৰা ডাঠ বা গোটা সৰু পদাৰ্থ বাহিৰ হয়। মহিলাসকলৰ ঋতু বিশৃংখলা হ’লে মুখখন চকচকীয়া আৰু ৰঙা পৰি ফুলি উঠে। মুখৰ ছাল ডাঠ হয়।
ব্ৰণ সাধাৰনতে মুখ মণ্ডল, গ্ৰীবা আৰু স্কন্ধত দেখা দিয়ে, তেতিয়া Kali Brom ব্যৱহাৰ কৰিব লাগে। ব্ৰণৰ লগতে মুখমণ্ডল ফুলিলে ঔষধ ব্যৱহাৰ কৰিব লাগে।
যিবিলাক ব্ৰণ বহুদিন স্থায়ী হৈ ওলাই থাকে, পূঁজ জমা হয়, বিষো থাকে আৰু জিভাত বগা প্ৰলেপ থাকে, তেতিয়াই এই ঔষধ ব্যৱহাৰ কৰিলে সুফল পাব।
ৰোগীৰ ছাল কৰ্কশ হয়। ঠায়ে ঠায়ে থুপ খাই ওলাই পৰে। মসৃণ নহয় আৰু বহুদিন স্থায়ী হিচাপে থাকে।
মুখ ৰঙা পৰে। অতিমাত্ৰাত তৃষ্ণা হয় আৰু জিভাত বগা প্ৰলেপ পৰে।
হাৰ্পিছ নামৰ চৰ্মি ৰোগত শৰীৰৰ ঠায়ে ঠায়ে সৰু-ডাঙৰ বা মজলীয়া ধৰণৰ পানীজোলা বান্ধে। জোলাৰ চাৰিওফালে ৰঙা পৰে। জোলাত প্ৰথমে স্বচ্ছ, পাছত গাখীৰৰ দৰে এক প্ৰকাৰৰ তৰল পদাৰ্থ জমা হয়। পিছত ৰস আপোনা আপুনি ভিতৰতে শুকাই যায়।
বিষযুক্ত হয় আৰু পোৰণি থাকে। ওঁঠৰ ওপৰত পানীৰে ভৰ্তি জোলা বান্ধে, ওঁঠ ফাটে।
প্ৰায় সকলো প্ৰকাৰৰ হাৰ্পিছতেই এই ঔষধ ব্যৱহাৰ হয়। জ্বলন আৰু বিষ, অস্থিৰতা, গৰমত ছাটিফুটি কৰে। মাজ ৰাতিৰ পিছত ৰোগৰ যন্ত্ৰণা বৃদ্ধি পায়।
শৰীৰৰ বিশেষকৈ সোঁফালৰ স্থানত বেছি হোৱ দেখা যায়। সোঁফালৰ স্থানত বেছি হোৱা দেখা যায়। বৰ্ষাকালত ৰোগৰ যন্ত্ৰণা বেছি হয়। খজুৱাবলৈ বাধ্য হয় আৰু লগতে পোৰণি থাকে।
ছালখন মাছৰ বাকলিৰ দৰে শুকান হৈ ডোখৰ ডোখৰকৈ উঠি আহে। আক্ৰান্ত ঠাইৰ ছাল ফটা ফটা যেন দেখায়। আঁঠু, হাত-ভৰিৰ তলুৱা আৰু মূৰত অধিক হয়। ৰোগ আৰম্ভৰ আগতে আক্ৰান্ত ঠাইবোৰ খজুৱায়।
অত্যন্ত খজুৱতি হয়, পূঁজ জমা হয়, জ্বৰো থাকে আৰু দুৰ্গন্ধ হয়। সামান্য ঘৰ্ষণতে ছাল ফাটি তেজ ওলায়। তেতিয়া এই ব্যৱহাৰে কৰিব লাগে।
বিশেষকৈ মুখমণ্ডলত বেছিকৈ হয়। এই ৰোগে এঠাইত আক্ৰমণ কৰি অন্য ঠাইলৈ বাগৰি যায়। বেছিকৈ সোঁফালৰ পৰা বাওঁফাললৈ যায়। ছালত হোৱা ফোঁহাবোৰৰ পৰা ফেচকুৰিৰ দৰে ডাঠ পূঁজ বৈ আহে আৰু ৰসো পৰে। আক্ৰান্ত ঠাইডোখৰ ফাটে।
শৰীৰৰ বিভিন্ন ঠাইত প্ৰকাশ পায়। বিশেষকৈ পিঠিত বেছিকৈ প্ৰকাশ পায়। মাছৰ বাকলিৰ দৰে দেখায়।
মলদ্বৰ আৰু অণ্ডকোষত হোৱা প্ৰুপ্ৰিগো ৰোগ। এই ৰোগত অসহ্য খজুৱতি হয়। খজুৱাই থাকিলে তেজ ওলাই গ’লেও খজুৱতি নকমে। এই ৰোগ সাধাৰণতে শীতকালতে অধিক হয়।
ঘনাই ঘনাই কমকৈ পানী খোৱাৰ প্ৰৱণতা বৃদ্ধি পায়। অণ্ডকোষ, মলদ্বাৰ, জননেন্দ্ৰিয়ৰ পুৰণি খজুৱতিত এই ঔষধে ভাল কাম কৰে। আক্ৰান্ত ঠাইত তাপ প্ৰয়োগ কৰিলে উপশম পায়।
পোৰণিযুক্ত খজুৱতি হয়। আবেলিৰ ভাগত বেছিকৈ খজুৱায়, তাৰ উপৰিও খজুৱতি এঠাইৰ পৰা আন ঠাইলৈ বাগৰে।
দিন-ৰাতি সকলো সময়তে গোটেই শৰীৰতে খজুৱতি হয়। পেট ফুলা, সকলো সময়ত দুৰ্গন্ধযুক্ত উগাৰ আহে, লগতে জননেন্দ্ৰিয়ত খজুৱতি থাকিলে এই ঔষধে ভাল কৰে।
বিছনাত পৰি থাকিব লগা হ’ল সন্ধ্যাৰ সময়ত আৰু ছাল শুকান হ’লে এই ঔষধ ব্যৱহাৰ কৰিব লাগে।
গুহ্যদ্বাৰ আৰু যোনি ওঁঠৰ দুয়োফালে এক ধৰণৰ বগা কোমল উদ্ভেদ বাহিৰ ওলায়, লগতে পানীও ওলায়। পুৰুষৰ ওঁঠ আৰু অণ্ডকোষৰ দুয়োফালেও হয়। এই ৰোগ ভয়ংকৰ প্ৰকৃতিৰ। জিভা, থুতৰি, মুখমণ্ডল, চকুৰ পতা, কৰ্ণকুহৰ, স্তনৰ আগ আদিতো এই ৰোগ হয়।
যোনিত শুকান, কৰ্কশ, বৃন্তযুক্ত, বৃহৎ আকাৰৰ মাংসপিণ্ডৰ উদ্ভেদ হয়। এনে অৱস্থাত ফচফৰাছে ভাল কাম কৰে।
এই ৰোগ ৰক্তস্ৰাৱী আৰু তিতি থকা ৰোগ। দেখাত ফুলকবিৰ নিচিনা থোপা বন্ধা টেমুনা হয়।
পুৰুষৰ জননাংগ, যোনি আৰু গুহ্যদ্বাৰত ফুল কবিৰ দৰে উপমাংস হ’লে এই ঔষধে ভাল কাম কৰে।
লেখিকা: ডাঃ এলিজা বেগম ইউছুফ(স্বাস্থ্য আৰু দীৰ্ঘজীৱন)
শেহতীয়া উন্নীতকৰণ: : 2/16/2024