অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

জনঔষধি ষ্ট’ৰ

জনঔষধি ষ্ট’ৰ কি-

 

চিকিৎসা সেৱা দিনে দিনে ব্যয়বহুল হোৱাৰ সময়তে জনসাধাৰণক কম মূল্যত বিভিন্ন ধৰণৰ দৰব যোগান ধৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে। বিভিন্ন ৰোগৰ চিকিৎসাৰ বাবে প্ৰয়োজনীয় উন্নতমানৰ জেনেৰিক দৰব একেবাৰেত কম দামতে বজাৰত উপলব্ধ কৰোৱাৰ উদ্দেশ্যে চৰকাৰে সমগ্ৰ দেশজুৰি এক বিশেষ ধৰণৰ দৰবৰ বিপণী অৰ্থাৎ ফাৰ্মাচী মুকলি কৰাৰ প্ৰক্ৰিয়া হাতত লৈছে। ‘জন-ঔষধি ষ্ট’ৰ’ শীৰ্ষক এই ফাৰ্মাচীবোৰত কম মূল্যত উপলব্ধ কৰোৱা হৈছে বিভিন্ন ধৰণৰ জেনেৰিক দৰব। কেন্দ্ৰীয় ৰসায়ন আৰু জনঔষধি আঁচনিৰ অধীনত এনে ফাৰ্মাচী মুকলি কৰাৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে। বিভিন্নজনে এনে ফাৰ্মাচী খুলি ব্যৱসায়ৰ পথো মুকলি কৰিব পাৰে। এনে ফাৰ্মাচী খুলি ব্যৱসায় কৰাৰ সমান্তৰালকৈ জনসাধাৰণক পকম দামত ঔষধ যোগানৰ আঁচনিত জড়িত হ’বলৈ চৰকাৰে সংশ্লিষ্ট সকলো পক্ষকে উৎসাহিত কৰিছে। গতিকে অসমতো গাঁও-চহৰ সকলোতে এনে জনঔষধি ষ্ট’ৰ মুকলি কৰিবলৈ বিভিন্ন ব্যক্তি আগবাঢ়ি আহিব পাৰে। এনে ফাৰ্মাচী খুলিবৰ বাবে আগ্ৰহী ব্যক্তিসকলৰ মনত উদয় হ’ব পৰা বিভিন্ন প্ৰশ্নৰ উত্তৰ পাব পৰাকৈ এই লেখাটো যুগুত কৰাৰ প্ৰয়াস কৰা হৈছে।

জনঔষধি ষ্ট’ৰ কোনে খুলিব পাৰে?

 

তিনিটা পৰ্যায়ত এনে জনঔষধি ষ্ট’ৰ মুকলি কৰিব পাৰি।

প্ৰথম পৰ্যায় : ব্যক্তিগত উদ্যোগী, কৰ্মসংস্থাপনহীন ফাৰ্মাচিষ্ট, চিকিৎসক, ৰেজিষ্টাৰ্ড মেডিকেল প্ৰেক্টিচনাৰ।

দ্বিতীয় পৰ্যায় : স্বেচ্ছাসেৱী সংস্থাৰ দ্বাৰা পৰিচালিত চিকিৎসালয়, দাতব্য অনুষ্ঠান, ব্যক্তিগত খণ্ডৰ চিকিৎসালয়, ন্যাস, সমিতি, আত্মসহায়ক গোট।

তৃতীয় পৰ্যায় : ৰাজ্য চৰকাৰৰ দ্বাৰা মনোনীত সংস্থা।

জনঔষধি ষ্ট’ৰ খোলাৰ বাবে যোগ্যতা :

 

ব্যক্তিগতভাৱে কোনোবাই এনে ফাৰ্মাচী খুলিবলৈ হ’লে তেওঁ ফাৰ্মাচী বিষয়ত ডিপ্ল’মা(ডি ফাৰ্ম) অথবা ডিগ্ৰী(বি ফাৰ্ম) ধাৰী হ’ব লাগিব। আনহাতে দাতব্য অনুষ্ঠান, ব্যক্তিগত খণ্ডৰ চিকিৎসালয়, আত্মসহায়ক গোট-ন্যাস, সমিতি অথবা কোনো উদ্যোগীয়ে এনে ফাৰ্মাচী খুলিব বিচাৰিলে একোজন অৰ্হতাসম্পন্ন ফাৰ্মাচিষ্ট নিযুক্তি দিয়াটো বাধ্যতামূলক। আনহাতে, ৰাজ্য চৰকাৰৰ দ্বাৰা মনোনীত সংস্থাই এনে ফাৰ্মাচী মুকলি কৰিব বিচাৰিলে তেনে সংস্থাক সংশ্লিষ্ট ৰাজ্য চৰকাৰে চিনাক্ত কৰি দিব লাগিব। লগতে ফাৰ্মাচী খোলাৰ বাবে চিকিৎসালয় চৌহদৰ ভিতৰত বিনামূলীয়াকৈ এটুকুৰা ঠাইৰো ব্যৱস্থা কৰিব লাগিব। এনে ফাৰ্মাচী মুকলি কৰাৰ বাবে ন্যূনতম ১২০ বৰ্গ মিটাৰ এলেকাৰ প্ৰয়োজন। আৱেদনকাৰীসকলে আৱেদনৰ সৈতে ড্ৰাগ লাইচেন্সৰ লগতে ফাৰ্মাচী স্থাপনৰ বাবে প্ৰয়োজনীয় নথি-পত্ৰ গাঁঠি দিব লাগিব। প্ৰয়োজনীয় নথি-পত্ৰৰ সৈতে আগ্ৰহী ব্যক্তি, প্ৰতিষ্ঠান, সংস্থাসমূহে হাৰিয়ানাৰ গুৰগাঁওস্থিত Bureau of Pharma Public Sector Undertakings of India(BPPI)ৰ কাৰ্যালয়লৈ আবেদন পত্ৰ প্ৰেৰণ কৰিব লাগিব। উল্লেখ্য যে, সদ্যহতে সমগ্ৰ দেশতে ৩০০০খন জন ঔষধি ষ্ট’ৰ মুকলি কৰাৰ উদ্দেশ্যে ব্যক্তি, প্ৰতিষ্ঠান আদিৰ পৰা আৱেদন আহ্বান কৰিছে কেন্দ্ৰীয় চৰকাৰে। জনসাধাৰনক কম মূল্যতে উন্নত মানৰ দৰব যোগান ধৰাৰ উদ্দেশ্যে চৰকাৰে ৰূপায়ণ কৰা এই আঁচনিৰ অংশীদাৰ হৈ ব্যৱসায়ৰ পথ মুকলি কৰাৰ কথা চিনুতা আগহীসকলে কৰিব পাৰে।

 

উৎস-ৰাইজৰ বাতৰি,তথ্য আৰু জনস্ংযোগ বিভাগ, অসম চৰকাৰ



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate