একচ্ছত্ৰী বিক্ৰিস্বত্ব বহিৰ্ভূত ঔষধকে ‘জেনেৰিক ঔষধ’ বুলিব পাৰি। দাঁত ভঙা শব্দকেইটা বাদ দি সৰলকৈ কোৱা যাওক। নতুন ঔষধ এটাৰ উৎপাদন এটা প্ৰক্ৰিয়াৰ মাজেৰে আগবাঢ়ে। প্ৰথমে ইতিপূৰ্বে লব্ধ জ্ঞানৰ আধাৰত কোনো এটা অণু বা মিশ্ৰই কোনো ৰোগ দূৰ কৰাত সহায় কৰিব পাৰে বুলি ধাৰণা কৰা হয়। কেতিয়াবা আকৌ ইতিপূৰ্বে থকা ঔষধ এটাৰ আণৱিক সজ্জাত থকা কোনো এটা অংশৰ পৰিৱৰ্তনে ইয়াৰ কাৰ্যক্ষমতা বঢ়োৱা বা পাৰ্শ্ব ক্ৰিয়া দূৰ কৰাত সহায় কৰিব বুলি ভবা হয় (প্ৰমাণ সাপেক্ষে)। এইখিনি কাম গৱেষণা আৰু বিকাশ বিভাগৰ অন্তৰ্গত। বৰ্তমান পৃথিৱীত এনে ধৰণৰ গৱেষণা কোনো কোম্পানীয়ে হাতত লয়। বা কেতিয়াবা কোনো বিশ্ববিদ্যালয়ত হোৱা গৱেষণালৈ কোম্পানীসমূহে ধনৰ যোগান দি গৱেষণা সম্পন্ন হোৱাত সহায় কৰে। এই সহায়ৰ বিনিময়ত সফল গৱেষণাৰ অন্তত সৃষ্টি হোৱা ঔষধ বিধৰ ওপৰত কোম্পানীটোৱে পেটেণ্ট লাভ কৰে।
এইখিনিতে উল্লেখ যোগ্য যে এনে গৱেষণাৰ ফলাফল সদায়ে আশানূৰূপ নহয়। বৰং বেছি ভাগ গৱেষণাৰ অন্তত সৃষ্ট অণুটো বিশেষ কাৰ্যকৰী নহয় বুলি ওলোৱাৰ সম্ভাৱনা বেছি থাকে। সেয়ে প্ৰতিটো সফল আৱিষ্কাৰৰ লগতে আন কেবাটাও অসফল গৱেষণাৰ খৰচ কোম্পানীসমূহে বহন কৰিবলগীয়া হয়। নতুন সফল ঔষধ এটা ওলোৱাৰ পাছতো সি চিধাই বজাৰলৈ নোলায়। প্ৰথমে লেব’ৰেটৰী, তাৰ পাছত পশু, তাৰ পিছত নিৰোগী মানুহৰ দেহত পৰীক্ষা আৰু তাৰ পাছত ৰোগীৰ দেহত পৰীক্ষা কৰা হয়। ইয়াৰে প্ৰতিটো ধাপতে সফল হোৱাৰ পাছতহে পিছৰ পৰ্যায়লৈ যাব পাৰি। এই প্ৰক্ৰিয়াতো আৱিষ্কাৰ হোৱা বহুতো ঔষধ মানৱ দেহত ব্যৱহাৰৰ উপযোগী নহয় বুলি বাদ দিবলগীয়া হয়। এনে প্ৰক্ৰিয়াৰ বাবে গৱেষণা আৰম্ভ কৰাৰপৰা অতি কম শতাংশ ঔষধহে বজাৰলৈ আহে।
এই সমগ্ৰ গৱেষণাৰ খৰচ বহন কৰাৰ বাবদ কোম্পানীটোৱে ঔষধ এটাৰ পেটেণ্ট লাভ কৰে। পেটেণ্টৰ অৰ্থ হৈছে সেই বিশেষ আৱিষ্কাৰৰ নিৰ্মাণ আৰু বিতৰণৰ অধিকাৰ। যিটো কোম্পানীয়ে ঔষধবিধ সাজি উলিয়াইছে, অকল তেওঁলোকেহে ঔষধ বিধ নিৰ্মান আৰু বিক্ৰী কৰাৰ স্বত্ব লাভ কৰে। মূল কোম্পানীয়ে নিৰ্মান আৰু বিক্ৰীৰ অধিকাৰ আন কোম্পানীক বিক্ৰী কৰিব পাৰে। আন কোম্পানীয়ে মূল কোম্পানীৰপৰা ঔষধবিধৰ নিৰ্মান স্বত্ত্ব কিনি লয়, আৰু নিজে ঔষধবিধৰ উৎপাদন কৰি বিক্ৰী কৰে।
আমেৰিকা যুক্তৰাষ্ট্ৰত মূল কোম্পানীৰ হাতত ঔষধবিধ নিৰ্মাণৰ একচ্ছত্ৰী অধিকাৰ বিছ বছৰলৈ থাকে। কিন্তু পেটেণ্ট লোৱাৰ প্ৰক্ৰিয়া ঔষধ বিধৰ ওপৰত গৱেষণা আৰম্ভ কৰাৰ সময়তে ল’ব লাগে বাবে কাৰ্যকৰীভাৱে এই অধিকাৰ সাতৰপৰা দহ বছৰমানহে থাকে। মাজৰ বছৰখিনি ঔষধবিধৰ পৰীক্ষা প্ৰক্ৰিয়াতে পাৰ হৈ যায়। ইয়াৰ পাছত ঔষধ বিধৰ নিৰ্মাণ স্বত্ত্ব ৰাজহুৱা হৈ পৰে। অৰ্থাৎ আন কোম্পানীয়ে স্বত্ব কিনি নোলোৱাকৈয়ে ঔষধবিধ প্ৰস্তুত কৰি বজাৰত বিক্ৰী কৰিব পাৰে। এই অৱস্থা পোৱাৰ পাছত ঔষধ বিধক জেনেৰিক ঔষধ বুলি কোৱা হয়। ঔষধৰ নাম দিয়াৰ কিছুমান নিয়ম আছে। যেনে, জেনেৰিক পৰ্যায় পোৱাৰ আগতে ঔষধবিধৰ নাম পঞ্জীয়ন কৰোঁতে মূল কোম্পানীয়ে দিয়া নাম (brand name) হিচাপে পঞ্জীয়ন কৰা হয়। কিন্তু জেনেৰিক পৰ্যায় পোৱাৰ পাছত ঔষধ বিধ ব্ৰেণ্ড নাম অবিহনে ইয়াৰ ৰাসায়নিক নাম (‘জেনেৰিক নাম’) হিচাপে পোৱা যায়, বা আন কোম্পানীয়ে নিজা নাম দিও ঔষধবিধ বিপণন কৰিব পাৰে। আচলতে মূল ৰাসায়নিক নামটো ব্যৱহাৰ কৰিব পাৰি বাবেই এই ঔষধবোৰক জেনেৰিক ঔষধ বোলা হয়। ঔষধৰ আচলতে তিনিটা নাম থাকে- এটা আন্তৰ্জাতিক ৰাসায়নিক নাম (IUPAC), এটা চিনাকী ৰাসায়নিক নাম, এটা কোম্পানীয়ে বিক্ৰীৰ বাবে ব্যৱহাৰ কৰা নাম। উদাহৰণ স্বৰূপে পেৰাচেটাম’ল নামৰ জ্বৰৰ ঔষধ বিধৰ IUPAC নাম N-(4-hydroxyphenyl)ethanamide N-(4-hydroxyphenyl)acetamide, চিনাকী নাম paracetamol আৰু বিভিন্ন কোম্পানীয়ে ইয়াক বিভিন্ন নামত বিক্ৰী কৰে, যেনে, crocin, calpol, pyrigesic, p-500 ইত্যাদি। আৰু একেবাৰে সহজকৈ ক’বলৈ হ’লে যেতিয়াই আমি কোম্পানীৰ নাম নলৈ অকল paracetamol বুলি কওঁ, তেতিয়াই আমি জেনেৰিক ব্যৱহাৰ কৰোঁ।
জেনেৰিকৰ বিষয়ে এইখিনি আইনী কথা। কিন্তু ইয়াৰ লগত সংলগ্ন হৈ থকা বজাৰৰ কথাখিনিহে আমাৰ আলোচনাৰ বাবে গুৰুত্বপূৰ্ণ। যেতিয়ালৈ ঔষধবিধ জেনেৰিক নহয়, তেতিয়ালৈ অকল কেইটামান কোম্পানীয়ে ঔষধবিধ নিৰ্মাণ কৰি বজাৰত বিক্ৰী কৰিব পাৰে, আৰু তেওঁলোকে ‘নিজৰ ইচ্ছা’ মতে (আচলতে ঠিক নিজৰ ইচ্ছা নহয়, ঔষধবিধৰ উপযোগিতা, ব্যৱহাৰৰ বহুলতা, ইত্যাদি বহুতো কথাৰ ওপৰত এই দাম নিৰ্ভৰ কৰে।) সাধাৰণতে এই দাম বেছি হয়, কাৰণ কোম্পানীয়ে এই ঔষধবিধৰ দামত নিজৰ গৱেষণাৰ খৰচো যোগ দিয়ে। কিন্তু জেনেৰিক পৰ্যায় পোৱাৰ পাছত আন কোম্পানীয়ে অকল ঔষধ নিৰ্মাণৰ খৰছখিনিহে উলিয়াবলগীয়া হয়।
কিন্তু আন কোম্পানীয়ে নি্ৰ্মাণ কৰা জেনেৰিক ঔষধৰ লগত মূল ব্ৰেণ্ডৰ কোনো পাৰ্থক্য নাথাকে। অৱশ্যে প্ৰয়োজনীয় বোধে অইন কোম্পানীয়ে ঔষধ ৰং আদিৰ দৰে বাহ্যিক ৰূপত কিছু সালসলনি কৰিব পাৰে। কিন্তু মূল ঔষধৰ কাৰ্যকাৰিতা, পাৰ্শ্বক্ৰিয়া, প্ৰয়োগৰ কৌশল আদি সকলো একেই থাকিব লাগে। জেনেৰিক ঔষধ সম্বন্ধে প্ৰকাশ কৰা আটাইতকৈ ডাঙৰ সন্দেহ হৈছে, জেনেৰিক ঔষধ নিম্নমানৰ হয় নেকি? সহজ উত্তৰটো নহয়। সকলো দিশৰপৰা জেনেৰিক আৰু ব্ৰেণ্ড একেই থাকিব লাগে। কিন্তু এই কথাখিনি আমি আন এটা দিশৰপৰাহে ভাবিব লাগিব।
ঔষধ নিৰ্মাণ কোম্পানী আৰু কাৰখানা দুটা বেলেগ নিকায়। বহুতো কোম্পানীৰ নিজা নিৰ্মাণ কাৰখানা নাথাকে। তেওঁলোকে অইন কোম্পানীৰ নিৰ্মাণ কাৰখানাত ঔষধ বিধ তৈয়াৰ কৰি নিজাকৈ বিপনন কৰে। গতিকে গুণাগুণৰ প্ৰশ্নটো কাৰখানাৰ লগত জড়িত। ভাৰতত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ অধীনৰ Central Drugs Standard Control Organization-এ নিৰ্মাণ কাৰখানাৰ অনুজ্ঞা দিয়া, আৰু ইয়াৰ গুণাগুণ পৰীক্ষা কৰা কামটো কৰে। কেন্দ্ৰীয় আৰু ৰাজ্য দুয়োটা স্তৰত নিজা নিজা ক্ষমতা আছে। গুণাগুণ পৰীক্ষা নিয়াৰিকৈ আৰু সততাৰে সম্পন্ন কৰিলে, তেন্তে জেনেৰিক ঔষধৰ গুণাগুণত কোনো হেৰফেৰ নাথাকে। মাত্ৰ নিৰীক্ষণ বিভাগসমূহে কুশলতাৰে নিজৰ কাম কৰি যাব লাগিব। আনহাতে অজেনেৰিক ঔষধৰ ক্ষেত্ৰত মূল কোম্পানীয়ে নিজৰ গুণাগুণ যিমান পাৰে ভাল ৰাখিবলৈ যত্ন কৰে বুলি ধৰি ল’ব পাৰি, কাৰণ ঔষধবিধৰ ফল আশানুৰূপ নহ’লে তেওঁলোকৰ ক্ষতি হোৱাৰ সম্ভাৱনা বেছি।
কিন্তু ঔষধৰ ফলাফলৰ লগতে অজেনেৰিক ঔষধৰ ক্ষেত্ৰত কোম্পানীসমূহে ঔষধবোৰ বিপননৰ বাবে চিকিৎসকৰ ওচৰলৈ গৈ ঔষধবিধৰ কুশলতা প্ৰতিপন্ন কৰাৰ যত্ন কৰে। লগতে ঔষধবিধৰ বিষয়ে বিভিন্ন কনফাৰেন্স, লেকচাৰ আদিতো উল্লেখ কৰি ইয়াৰ ব্যৱহাৰৰ সপক্ষে ঢৌ তোলাৰ চেষ্টা কৰে। ইয়াৰ বাবে ঔষধবিধ প্ৰচলনৰ বাবে চিকিৎসকক পৰোক্ষ বা প্ৰত্যক্ষ উপঢৌকন দিয়াৰ লগতে আনকি গৱেষণা পত্ৰসমূহৰ ফলাফলো ঔষধবিধৰ অনুকুলে লিখোৱাৰ বাবে কোম্পানীসমূহে যত্ন কৰে বুলি অভিযোগ উঠে। ইয়াৰে কিমানখিনি সঁচা সেইটো ঠাৱৰ কৰা মস্কিল যদিও, একেবাৰে দলিয়াই পেলাবলগীয়া অভিযোগো নহয়।
জেনেৰিক ঔষধৰ বাবে সাধাৰণতে কোনো ধৰণৰ প্ৰপাগাণ্ডা চলোৱা নহয়। কিন্তু ভাৰতত কথাটো অলপ বেলেগ। ভাৰতত জেনেৰিক ঔষধৰ বিষয়ে আমিৰ খানৰ ‘সত্যমেৱ জয়তে’ৰ পাছতহে ওলাইছে। কিন্তু আমি নজনাকৈয়ে ভাৰতৰ জেনেৰিক ঔষধৰ বজাৰখন পৃথিৱীৰ সৰ্ববৃহৎ। পঢ়ুৱৈয়ে অলপ আচৰিত পাব। যদি জেনেৰিক ঔষধেৰেই বজাৰখন ভৰি আছে, তেন্তে ঔষধৰ দাম কিয় কম হোৱা নাই? ইয়াৰ দুটা উত্তৰ মই পাইছোঁ।
ঔষধৰ দাম বেছি নে কম, সেইটো তুলনাৰ প্ৰশ্নহে। আন দেশৰ লগত ভাৰতৰ ঔষধৰ দাম তুলনা কৰিলে দেখা যায় ভাৰতত ঔষধৰ দাম আন দেশৰ তুলনাৰ বহুত কম। নেটত বিচাৰি মই ঠিক মূৰা-মূৰি তুলনা পোৱা নাই, কিন্তু দেশভেদে দহটা ৫০০ মি.গ্ৰা. পেৰাচেটাম’ল (জেনেৰিক) টেবলেটৰ দাম ৭০ টকাৰ পৰা ১৪ টকা। ভাৰতত পেৰাচেটাম’ল ১০টা টেবলৈটত ৩ টকা মানৰ পৰা ১৬ টকালৈ পোৱা যায়। সাধাৰণ ভাৱে পাশ্চাত্য দেশৰ তুলনাত ভাৰতত ঔষধৰ দাম কম। আগৰ কলেজখনত কাম কৰোঁতে ঋষিকেশ ভ্ৰমণলৈ অহা বহুতো দৰ্শনাৰ্থীয়ে ভাৰতৰপৰা কম দামত ঔষধ বেছিকৈ কিনি লৈ যোৱা দেখিছিলোঁ। অৱশ্যে তুলনা কৰিবলৈ পাকিস্থান, বাংলাদেশ আৰু বিশেষকৈ চীন দেশৰ তথ্য মই যোগাৰ কৰিব পৰা নাই।
ভাৰতত ঔষধৰ দাম কম হোৱাৰ মূলতে আছে জেনেৰিক ঔষধৰ প্ৰতিযোগিতামূলক বিশাল বজাৰ। পেৰাচেটাম’লৰ মুঠ নব্বৈটা নিৰ্মাণ কোম্পানী আছে।
কিন্তু আন দেশতকৈ কম হ’লেও আমি চাব লাগিব ভাৰতীয়ৰ ক্ৰয় ক্ষমতাৰ ভিত্তিত ঔষধৰ দাম বেছি নে কম। দৰিদ্ৰ সীমাৰেখা যদি ১৮ টকা দৈনিক আয়ত নিৰ্ধাৰণ কৰিবলগীয়া অৱস্থা হৈছে, তেন্তে ৩ টকাত ১০টা পেৰাচেটাম’লৰ দামো আচলতে বেছিয়েই। কাৰণ এখন প্ৰেছক্ৰিপছনত সাধাৰণতে এটাতকৈ বেছি ঔষধ থাকে।
ৰাজস্থানত জেনেৰিক ঔষধৰ প্ৰয়োগ কৰি কম মূল্যত ৰাইজলৈ ঔষধ আগবঢ়োৱা হৈছে। কিন্তু তেওঁলোকৰ জেনেৰিক উৎপাদনত আৰু এটা কথা আছে। ৰাজস্থান চৰকাৰে নিজাকৈ উৎপাদন গোট খুলি তাতে প্ৰস্তুত কৰা প্ৰায় নিৰ্মাণ ব্যয়তে বিক্ৰী কৰে। সেইবাবেই তেওঁলোকে অতি কম দামত জেনেৰিক ঔষধ বিতৰণ কৰিব পাৰে। কিন্তু মন কৰিবলগীয়া যে এই কম মূল্যত আচলতে জেনেৰিক ঔষধটো মূল কথা নহয়। ৰাজস্থান চৰকাৰে নিজাকৈ উৎপাদন কৰে বাবেহে দাম কম ৰাখিবলৈ সক্ষম হৈছে। দ্বিতীয়তে সকলো চৰকাৰী ভাৱে বিতৰণ কৰিবলগীয়া ঔষধ তেওঁলোকে এই উৎপাদন গোটৰপৰাই লয় আৰু নিজৰে বিক্ৰী কেন্দ্ৰত বিক্ৰী কৰে। চৰকাৰীভাৱে ক্ৰয় কৰাৰ বাবেহে তেওঁলোকে লাভজনক হৈ থাকিবলৈ সক্ষম হৈছে। কিন্তু অসুবিধাৰ কথাটো হৈছে, এইদৰে এটা কোম্পানী চলাটোহে সম্ভৱ। বহুতো কোম্পানীয়ে নিজৰ লাভ ৰাখি প্ৰতিযোগিতাত নামিবলৈ গ’লে ইমান কম মূল্যত ঔষধ দিয়াটো সম্ভৱ নহ’ব। আকৌ যদি সকলো ৰাজ্যতে এই ব্যৱস্থা কৰা হয়, তেন্তে জেনেৰিক ঔষধ উৎপাদন কৰা বেছিভাগ কোম্পানীয়েই তিষ্ঠি থাকিব নোৱাৰিব।
জেনেৰিক ঔষধৰ ব্যৱহাৰ বঢ়োৱাৰ এটা প্ৰধান কৰণীয় হ’ল চিকিৎসকে নিজৰ প্ৰেছক্ৰিপছনত ঔষধ বিধৰ জেনেৰিক নাম লিখা। কিন্তু বৰ্তমান অৱস্থাত ইয়াৰপৰা বিশেষ সুবিধা নহয়। কাৰণ এনেকৈ লিখিলে প্ৰেছক্ৰিপছনখন লৈ উপভোক্তা দোকানলৈ যাব, আৰু দোকানীয়ে নিজে আটাইতকৈ বেছি লাভ কৰিব পৰা ঔষধটোকে গ্ৰাহকক গোটাব। চিকিৎসকজনে যদি অকণমান সহানুভূতিৰে কম দামৰ ভাল নাম থকা কোম্পানীৰ ঔষধ লিখিলেহেঁতেন, এই ব্যৱস্থাত কিন্তু দোকানীয়ে নিজৰ লাভৰ বাবে গুণাগুণৰ প্ৰতি লক্ষ্য নকৰাৰ সম্ভাৱনীয়তা বেছি। কিন্তু ৰাজস্থানৰ দৰে এটা নিৰ্দিষ্ট চেইনৰ যোগেৰে জেনেৰিক ঔষধ বিক্ৰী কৰিলে এই অসুবিধাবিলাক নাথাকে।
আগতেই কৈছোঁ সঠিক মান সম্পন্ন উৎপাদন ব্যৱস্থাৰ মাজেৰে গ’লে জেনেৰিক আৰু ব্ৰেণ্ড ঔষধৰ মাজত কোনো তাৰতম্য নাথাকে। কিন্তু ভাৰতত এই গুণাগুণ ব্যৱস্থাৰ পৰীক্ষণৰ ওপৰত কিমান ভৰষা ৰাখিব পাৰি তাৰ এটা সন্দেহ ৰৈ যায়। কাকতে-পত্ৰই প্ৰকাশ পোৱা মতে অসমত ভেজাল ঔষধৰ প্ৰসাৰ প্ৰায় ২০%। যদি কোনো কামতে নহা ঔষধকে (এনে ঔষধ কোনো কোম্পানীৰপৰা নোলায়) ৫-টাৰ মাজত এটাকৈ বিক্ৰী কৰা হৈ আছে, তেন্তে জেনেৰিক ঔষধ প্ৰস্তুত কৰা কোম্পানীয়ে নিজৰ গুণাগুণ পৰীক্ষাত গোলমাল কৰাটোক নুই কৰিব নোৱাৰি। এইটো অসুবিধাও চৰকাৰী সদিচ্ছাৰে নিৰ্মূল কৰিব পৰা যায়।
কিন্তু ঔষধ নিৰ্মাণ খণ্ডটোক চৰকাৰী খণ্ডলৈ নিলে ভাৰতীয় অৰ্থনীতিত কেনে প্ৰভাৱ পৰিব, সেইটোহে মুখ্য কথা। ঔষধৰ দামৰ ক্ষেত্ৰত ৰাইজে সকাহ পাব (অন্ততঃ জেনেৰিক খিনিত), কিন্তু এই ব্যৱস্থাই ভাৰতৰ ঔষধ প্ৰস্তুত উদ্যাগ ক্ষেত্ৰখনত কেনেকুৱা ধৰণে ক্ষতি কৰে, আৰু তাৰ পৰিণতি কি দৰে ওলায়, সেইটো অৰ্থনীতিবিদ সকলেহে ব্যাখ্যা কৰিব পাৰিব। মোৰ বোধেৰে ঠিক এই কাৰণটোৰ বাবেই ভাৰত চৰকাৰে কেন্দ্ৰীয় ভাৱে জেনেৰিক ঔষধ নিৰ্মাণত অগ্ৰসৰ নোহোৱাৰ সিদ্ধান্ত লোৱাৰে সম্ভাৱনা বেছি। কাৰণ ভাৰতৰ ঔষধৰ বজাৰখন এখন লাভজনক বজাৰ আৰু দেশৰ উদ্যোগ খণ্ডৰ এটা বৃহৎ অংশ।
একেবাৰে শেষত কওঁ, জেনেৰিক ঔষধৰ সন্দৰ্ভত লিখিবলৈ আচলতে আমি (চিকিৎসক সকল) এটা নিৰপেক্ষ পক্ষ নহওঁ। কিন্তু যিমান পাৰোঁ নিৰপেক্ষ ভাৱে কথাখিনি জুকিয়াবলৈ যত্ন কৰিছোঁ। তথাপি কিছুমান কথাত পক্ষপাতিত্বৰ দোষে চুব পাৰে। এইক্ষেত্ৰত তৰ্কৰ অৱকাশ নিশ্চয় আছে। সকলোৰে মন্তব্যইহে বিষয়টোক এটা সঠিক দিশ দিব পাৰিব। আৰু মোৰ একেবাৰে ব্যক্তিগত মতামত, যেতিয়ালৈ ভাৰতবৰ্ষই গৱেষণাৰ দিশটোক গুৰুত্ব নিদিয়ে, আৰু এই দিশত নেতৃত্ব চৰকাৰেই দিব লাগিব (বহুজাতিক কোম্পানীয়ে আন্তঃগাঁথনি আৰু দুৰ্নীতিৰ বাবে ভাৰতত গৱেষণাগাৰ খোলাৰ সম্ভাৱনা অতি কম), তেতিয়ালৈ আচলতে আমি ঔষধৰ দাম আদি নিয়ন্ত্ৰণ কৰিব পৰা অৱস্থা এটা নাপাওঁ।
লিখক: ডা: উদ্দীপ তালুকদাৰ।
শেহতীয়া উন্নীতকৰণ: : 3/10/2020
‘মেলেৰিয়া’ বা ‘মেলেৰিয়াৰ সদৃশ’ৰোগৰ হোমিও আৰু বায়োক...
আঁঠুৰ বিষৰ হোমিও আৰু আকুপাংচাৰ চিকিৎসা
অন্য এক চিকিৎসা প্ৰণালী এৰ’মাথেৰাপী
অজীৰ্ণ ৰোগৰ ঘৰুৱা চিকিৎসা