মূল পৃষ্ঠা / স্বাস্থ্য / ঔষধ / বকফুলৰ ঔষধি গুণ :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বকফুলৰ ঔষধি গুণ :

বকফুলৰ ঔষধি গুণৰ বিষয়ে লিখা হৈছে ।

বকফুল এবিধ মধ্যমীয়া ওখ গছ। ইয়াৰ পাতবোৰ দেখাত তেঁতেলীৰ পাতৰ নিচিনা যদিও তেঁতেলী পাততকৈ ডাঙৰ। পূৰঠ বকফুলৰ গছৰ পাতৰ আগফালে ঠাৰিৰ কাষে কাষে ফুল লাগে। ফুলৰ চুপহিটো পাতল সেউজীয়া। ফুলৰ পাহিবোৰ বগা। পূৰঠ ফুলবোৰ ২-৩ ইঞ্চিমান দীঘল হয়। বকুলফুল সাধাৰণতে বৰ ভাজি খায়। বেচনেৰে ভজা বকফুলৰ বৰ খাবলৈ বৰ সোৱাদযুক্ত। এই ফল ঔষধি গুণেৰে সমৃদ্ধ। ইয়াৰ কেইটামান ঔষধি গুণ এনেধৰণৰ-

*কুকুৰীকণা ৰোগীয়ে দৈনিক বকফুল খোৱাটো ভাল।

*মেধা শক্তি বৃদ্ধিটো বকফুলে সহায় কৰে।

*আমবাত হ’লে মাখনৰ লগত বকফুল ভাজি ৰোগ নিৰাময় নোহোৱালৈকে খাব লাগে।

*পেটত বায়ু হ’লে বকফুল তেল নিদিয়াকৈ শুকানকৈ ভাজি খালে উপকাৰ পোৱা যায়।

*বকফুল পিত্তৰোগীৰ বাবে লাভদায়ক।

*সৌন্দৰ্য বৰ্ধনতো বকফুলে সহায় কৰে। বকফুল খালে ছাল নিমজ আৰু সতেজ হয়।

*কফ নাশ কৰাটো বকফুলে সহায় কৰে।

লেখিকা: ললিতা শৰ্মা লহকৰ(অসম বাণী)

3.33333333333
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top