মৌ আমাৰ সকলোৰে পৰিচিত দ্ৰব্য। ই বৰ পুষ্টিকৰ। ইয়াত পাঁচটা এনজাইম আছে। এনজাইমে হজম শক্তি বঢ়ায়। সেয়ে মৌ খালে হজম শক্তি বাঢ়ে। পুৰণিকালতো ঋষি-মুনিসকলে মৌ ব্যৱহাৰ কৰিছিল। পঞ্চামৃততো মৌ ব্যৱহাৰ কৰা হয়।

মৌত এনজাইমৰ লগতে-

*ক্ল’ৰিন,

*আয়ৰন,

*মেংগানিজ,

*কপাৰ,

*পটাছিয়াম,

*ফছফৰাছ,

*ছিলিকন,

*কেলচিয়াম,

*ছ’ডিয়াম,

*ছালফাৰ,

*মেগনেচিয়াম আদি পোৱা যায়।

মৌৰ সোৱাদ যদিও মিঠাই, ই শকত হোৱাত সহায় নকৰে, বৰং শৰীৰত থকা অতিৰিক্ত চৰ্বি কমোৱাতহে সহায় কৰে। দৈনন্দিন জীৱনত মৌৰ ব্যৱহাৰে শৰীৰ সতেজ কৰি ৰখাৰ উপৰি লাৱণ্য তথা শক্তিৰ যোগান ধৰে।

মৌৰ কিছুমান ঔষধি গুণ এনেধৰণৰ-

*মৌ কাহৰ মহৌষধ। আদাৰ লগত মৌ মিহলাই খালে কাহ ভাল হয়। কেতিয়াবা ঠাণ্ডা লাগিলে ডিঙি সুৰসুৰায়। যষ্টিমধুৰ লগত মৌ খালে উপকাৰ পোৱা যায়।

*শৰীৰত মেদ কমাবলৈ খালী পেটত পুৱা কুহুমীয়া গৰম পানীত আধা টুকুৰা নেমুৰ ৰস আৰু এচামুচ মৌ মিহলাই খালে মেদ কম হোৱাত সহায় হয়।

*ছানবাৰ্ন হ’লে এচামুচ মৌ, এচামুচ হালধিৰ ৰস আৰু এচামুচ নেমুৰ ৰস মিহলাই লগালে সুফল পোৱা যায়।

*যিকোনো পেটৰ ৰোগ নিৰাময়ৰ ক্ষেত্ৰত মৌ অব্যৰ্থ ঔষধ।

*ৰাতি শুবৰ সময়ত এগিলাছ গাখীৰত দুচামুচ মৌ মিহলাই খালে টোপনি ভাল হয়।

*মৌৱে মগজু বঢ়োৱাত সহায় কৰে। সেয়ে শিশু অৱস্থাৰ পৰাই সন্তানক এচামুচ মৌ খুৱাব লাগে।

লেখিকা: ললিতা শৰ্মা লহকৰ(অসম বাণী)