অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান আৰু আমাৰ সজাগতা

ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান আৰু আমাৰ সজাগতা

অসমীয়া জাতি স্বভাৱগতভাৱে কিছু এলেহুৱা আৰু সোৰোপা বুলি এক বদনাম আছে। গতিকে স্বাভাৱিকতেই সজাগতা আৰু সক্ৰিয়তাও তুলনামুলকভাৱে কম। বৰ্তমান কিছু পৰিৱৰ্তন আহিছে যদিও অস্বাস্থ্যকৰ প্ৰতিযোগিতা ,দুৰ্নীতি, হিংসা, অন্যান্য অপকৰ্ম আদিৰ ক্ষেত্ৰতহে ৰাইজ অধিক সক্ৰিয় হোৱা পৰিলক্ষিত হৈছে। আটায়ে কেৱল ব্যক্তিগত ক্ষুদ্ৰ স্বাৰ্থক লৈয়ে ব্যস্ত। ৰাষ্ট্ৰীয় পৰ্যায়ৰ কথা বাদেই, ৰাজ্যিক পৰ্যায়তে চৰকাৰে কি আঁচনি লৈছে, বিভিন্ন ক্ষেত্ৰত কি কি সা-সুবিধাৰ ব্যৱস্থা আছে আৰু তেনেবোৰ ক্ষেত্ৰত ৰাইজৰ কেনেধৰণৰ সহযোগিতাৰ প্ৰয়োজন, সেইবোৰৰ সফলতা –বিফলতাৰ খতিয়ান ইত্যাদিৰ দিশত সৰ্বসাধাৰণ লোকৰ উৎসুকতা যথেষ্ট কম।এই স্বভাৱ স্বাস্থ্যখণ্ডৰ বিভিন্ন আঁচনি আৰু অভিযানৰ ক্ষেত্ৰতো প্ৰযোজ্য । আমি কেৱল  দাবী আৰু আন্দোলন কৰাতে আগৰণুৱা। নিজৰ প্ৰাপ্য আৰু দায়িত্ব সম্পৰ্কত সজাগতা নাই বুলিয়ে ক’ব পাৰি।

যোৱা বছৰৰ শেষৰ ফালে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ দ্বাৰা বিনামুলীয়া ঔষধৰ গুণগত মান সম্পৰ্কত এক গুৰুত্বপুৰ্ণ জাননী দিয়া হয়। ইয়াত ৰাইজৰ জ্ঞাতাৰ্থে চিকিৎসকসকলৰ বাবেও কিছু নিৰ্দেশনা আৰু আহ্বান জনোৱা হয়। এই জাননীৰ আটাইতকৈ গুৰুত্বপুৰ্ণ আৰু ৰাইজে জানিবলগীয়া বিষয়টো হ’ল চিকিৎসকসকলে ৰোগীক কেৱল কম মুল্যৰ জেনেৰিক ঔষধৰ নিদানহে প্ৰদান কৰিব আৰু ৰাইজেও অধিক মুল্যৰ ব্ৰেণ্ডেড ঔষধৰ প্ৰতি বিশেষ আগ্ৰহ নেদেখুৱাই জেনেৰিক ঔষধহে ব্যৱহাৰ কৰিব। এই ক্ষেত্ৰত অসম চৰকাৰ আৰু মেডিকেল কাউন্সিল অৱ ইণ্ডিয়াৰ নিৰ্দেশাৱলী চিকিৎসকসকলে পালন কৰাটো বাধ্যতামুলক আৰু ৰোগীয়ে জানিব বিচাৰিলে সেই সম্পৰ্কত তথ্য যোগান ধৰাতোও ঔষধ ব্যৱসায়ীসকলৰ দায়িত্বৰ অন্তৰ্গত।

ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমে ঔষধসমুহৰ গুণগত মানৰ নিশ্চিতকৰণৰ বাবেও কেতবোৰ ব্যৱস্থা গ্ৰহণ কৰিছে যাতে নিৰাপদ অৰু গুণগতমান যুক্ত ঔষধ চৰকাৰী স্বাস্থ্য কেন্দ্ৰসমুহত উপলব্ধ হয় আৰু তাৰ দ্বাৰা সৰ্বসাধাৰণ ৰাইজ উপকৃত হয়। এনে ব্যৱস্থাত নিম্নোক্ত পদ্ধতিসমুহ অৱলম্বন কৰা হয়।

*ঔষধ যোগানৰ ক্ষেত্ৰত প্ৰস্তুতকৰ্তা কোম্পানীসমুহে বিশ্ব স্বাস্থ্য সংস্থাৰ Goods manufacturingpractice ৰ অধিনিয়ম মানি চলা ভাৰতৰ ঔষধ মহানিয়ন্ত্ৰকৰ প্ৰমাণ পত্ৰ বা Certificate of pharmaceutical product (COPP) প্ৰাপ্ত হোৱাটো বাধ্যতামুলক।

*ঔষধসমুহ যোগান ধৰাৰ ক্ষেত্ৰত National Accred-ited Board for Testing and Calibration Lab ৰ প্ৰত্যায়িত প্ৰতিবেদন সংলগ্ন কৰি এই প্ৰতিবেদন ভাৰতৰ ঔষধ মহানিয়ন্ত্ৰকৰ দ্বাৰা অনুমোদন কৰোৱাটো বাধ্যতামুলক।

*তদুপৰি এই পুষধসমুহৰ পৰিবহণ আৰু জমা কৰাৰ পৰৱৰ্তী সময়ত থকা গুণগত মান সম্পৰ্কত এই দিশত কৰ্তৃত্বশীল ৰাজ্য ঔষধ নিয়ন্ত্ৰণ অধিকাৰী তথা ঔষধ পৰিদৰ্শকৰ দ্বাৰা যাদুচ্ছিক নমুনা (Random-Sample) পৰীক্ষাৰ বাবে অসমৰ কৰ্তৃত্বশীল পৰীক্ষাগাৰ বা ৰাজ্যৰ বাহিৰৰ কৰ্তৃত্বশীল পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰা হয়।

*এনে নমুনা পৰীক্ষাৰ অন্তত যদি কোনো চাম ঔষধৰ মুল গুণগত মানৰ সৈতে সাদৃশ্য নোহোৱাৰ প্ৰতিবেদন আহে, তেন্তে সেই চামৰ ঔষধ বিতৰণ বন্ধ কৰি দিয়াৰ লগতে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ কৰ্তৃপক্ষৰ তৰফৰ পৰা ইয়াৰ নতুন গুণগত মানৰ ঔষধৰ যোগানৰ বাবে ব্যৱস্থা কৰা হয়। এই ক্ষেত্ৰত সংশ্লিষ্ট কোম্পানীক কাৰণ দৰ্শোৱাৰ জাননী দিয়াৰ লগতে ঔসধ নিয়ন্ত্ৰণ অধিকাৰীৰ অধিনিয়মৰ অধীনত সকলো আইনগত ব্যৱস্থা গ্ৰহণ কৰা হয়।

চৰকাৰৰ এনে ধৰণৰ জনস্বাস্থ্য উন্নয়নৰ আঁচনিসমুহৰ সফলতা বহু পৰিমাণে ৰাইজৰ সজাগতা আৰু সহযোগিতাৰ ওপৰত নিৰ্ভৰ কৰে। বহু সময়ত বিনামুলীয়া ঔষধৰ যোগান ধৰাৰ ব্যৱস্থা থাকে যদিও বিতৰণত আঁসোৱাহ আৰু দুৰ্নীতি আদিৰ বাবে সেই সুবিধা ৰাইজৰ পদুলি নাপায়গৈ। ইয়াৰ উপৰি মাজে সময়ে বজাৰত ম্যাদ উকলি যোৱা ঔষধৰ প্ৰচলন আৰু কেতিয়াবা লাখ টকাৰ ঔষধ গুদামতে নষ্ট হৈ যোৱাৰ বাতৰিও পোৱা যায়। যোৱা বছৰ দৰিদ্ৰ সৰ্বসাধাৰণৰ বাবে ৰখা ঔষধৰ বহু পৰিমাণ নদীৰ বালিত পৰি থকা পোৱা গৈছিল। এনেবোৰ অপব্যয় আৰু অন্যায়ৰ প্ৰতি ৰাইজ সজাগ আৰু সতৰ্ক হ’লে চৰকাৰৰ জনমুখী আঁচনিবোৰ সফল হোৱাত সহায়ক হ’ব। বহু সময়ত চৰকাৰৰ আন্তৰিক প্ৰচেষ্টা মধ্যভোগী অসৎ লোকৰ দ্বাৰা বিফল হয়, ফলত তেনে সা-সুবিধাৰ পৰা বিশেষকৈ অশিক্ষিত লোকসকল বঞ্চিত হয়। গতিকে এনে আঁচনি সম্পৰ্কত জাননী দিয়াৰ লগতে বিশেষকৈ পিছপৰা অঞ্চলত সজাগতা শিবিৰ আদি পতাৰ প্ৰয়োজন। এই ক্ষেত্ৰত বেচৰকাৰী স্বাস্থ্যখণ্ডৰ চিকিৎসক, বিষয়া, বেচৰকাৰী সংস্থা আৰু অন্যান্য শিক্ষিত নাগৰিকৰো কিছু দায়িত্ব আছে।

লেখিকা: ড° জয়শ্ৰী বৰা (জি এনআৰচি স্বাস্থ্য)



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate