অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আধুনিকতাত বিপন্ন আমাৰ স্বাস্থ্য :

আধুনিকতাত বিপন্ন আমাৰ স্বাস্থ্য :

প্ৰায় সকলোবোৰ প্লাষ্টিকে এষ্ট্ৰোজেনিক কেমিকেল নিৰ্গমণ কৰে। আনকি বিছফিনল-এ ফ্ৰী থকা প্লাষ্টিকৰ বস্তুবোৰৰ পৰীক্ষা কৰোঁতেও এষ্ট্ৰোজেনিক ৰসায়ন পোৱা গৈছে, যিবোৰ শৰীৰৰ কাৰণে অত্যধিক ক্ষতিকাৰী।

আধুনিক জীৱনশৈলীৰ বাবে সঁচাই আমাৰ স্বাস্থ্য বিপন্ন নেকি?

তাকে বিশ্লেষণ কৰাৰ আগতে আমি জনা উচিত স্বাস্থ্য বা সুস্বাস্থ্য কি?

স্বাস্থ্য শব্দটোক চিকিৎসা বিজ্ঞানে শৰীৰৰ ৰোগবিহীন অৱস্থাটোকে বুজায় যদিও ইয়াৰ ব্যাখ্যামূলক অৰ্থ হ’ল শৰীৰৰ স্বয়ং স্থিৰ অৱস্থাটোকে স্বাস্থ্য বা সুস্বাস্থ্য বোলে।

আধুনিক জীৱনশৈলী আৰু কৃত্ৰিম ধাৰণাবোৰৰ কাৰণে বিভিন্ন ধৰণে নিজৰ সুস্বাস্থ্যক বিপন্ন কৰা দেখা যায়।

কিছুদিন পূৰ্বে বাতৰিকাকতৰ প্ৰথম পৃষ্ঠাতে দেখা গ’ল অসমৰ বাবে সুখময় যে ১৯ খনকৈ কৰ্কট ৰোগ নিৰাময়ৰ বাবে চিকিৎসালয় আৰম্ভ হ’ব।

চিকিৎসায়লত চিকিৎসাৰ দ্বাৰা আৰোগ্যৰ বাবে সুস্বাস্থ্য লাভৰ আশা কৰাতকৈ সজাগতাৰ দ্বাৰা নিৰোগী হৈ থকাটো শ্ৰেষ্ঠ আধুনিক যুগৰ দৈনন্দিন জীৱনত অতি বহুলভাৱে প্ৰয়োগ কৰা সুস্বাস্থ্যৰ শতৰু স্বৰূপ পদাৰ্থবিধ হ’ল প্লাষ্টিক। প্লাষ্টিকে স্বাস্থ্যৰ বহুতো ক্ষতি কৰিব পাৰে।

১)ক্লৰিনেটেড প্লাষ্টিকৰ দ্বাৰা উৎপন্ন হোৱা ৰসায়নে মাটিত তথা পৃথিৱীৰ গৰ্ভত থকা পানীক দূষিত কৰে।

২)প্ৰায় সকলোবোৰ প্লাষ্টিকে এষ্ট্ৰোজেনিক কেমিকেল নিৰ্গমন কৰে। আনকি বিছফিনল-এ ফ্ৰী লিখা থকা প্লাষ্টিকৰ বস্তুবোৰৰ পৰীক্ষা কৰোঁতেও এষ্ট্ৰোজেনিক ৰসায়ন পোৱা গৈছে, যিবোৰ শৰীৰৰ কাৰণে অত্যধিক ক্ষতিকাৰী।

৩)প্লাষ্টিক পুৰিলে বিষাক্ত গেছ ওলায়, যিবোৰ শ্বাস-প্ৰশ্বাসৰ বাবে হানিকাৰক।

৪)বেছিভাগ কেন্সাৰ ৰোগৰ মূল কাৰণ প্লাষ্টিকৰ ব্যৱহাৰ বুলি প্ৰমাণ কৰা হৈছে।

৫)প্লাষ্টিকত পোৱা বিছফিনল-এ বহুতৰে প্ৰজনন বা বংশ বৃদ্ধিৰ প্ৰক্ৰিয়াৰো বাধক বুলিও জানিব পৰা গৈছে।

৬)বহু ঠাইত পৃথিৱীৰ মাটিৰ ওপৰত প্লাষ্টিকৰ এটা তৰপ গঠিত হোৱা বাবে পৃথিৱীৰ গৰ্ভলৈ বৰষুণ বা নদী-সাগৰৰ পানীৰ নিৰ্গমন ব্যাহত হৈছে।

ফলত খোৱাপানী ভূগৰ্ভৰ পৰা পোৱাটো কঠিন হৈ পৰিব।

বেলজিয়ামৰ পৰা আহি আমেৰিকাত বাস কৰা লিও হেণ্ড্ৰিক বেকেলেণ্ড নামৰ কেমিষ্ট এজনে ১৯০৭ চনত ফেনল আৰু ফৰ্মেলডিহাইডৰ মিশ্ৰণেৰে প্ৰস্তুত কৰা চিনথেটিক পলিমাৰৰ ওপৰত ভিত্তি কৰিয়েই সৃষ্টি হৈছিল আজিৰ পৃথিৱীৰ অভিশাপস্বৰূপ এই প্লাষ্টিক।

অৱশ্যে ইয়াৰ আগতে ১৮৬২ চনত চেলুল’জৰ পৰা নিৰ্মিত পদাৰ্থ গৰম কৰি বিভিন্ন আকৃতি সজাব পৰা পদ্ধতিটো লণ্ডনৰ আলেকজেণ্ডাৰ পাৰ্কে ইন্টাৰনেচনেল একজিভিছনত দেখুৱাইছিল।

বৰ্তমান পৃথিৱীত ১০০ মিলিয়ন টনতকৈ অধিক প্লাষ্টিক প্ৰতিবছৰে সাগৰ-মহাসাগৰলৈ গতি কৰে, যাৰ দ্বাৰা প্ৰতিবছৰে ১০০ মিলিয়নতকৈ অধিক সাগৰীয় প্ৰাণীৰ মৃত্যু হয়।

ট্ৰেছ ট্ৰেভেল নামৰ আন্তঃৰাষ্ট্ৰীয় সংগঠন এটাই অনুমান কৰিছে যে একোটা প্লাষ্টিকৰ বেগ গলিবলৈ ২০ বছৰ পৰ্যন্ত সময় লাগে।

প্লাষ্টিকৰ বটলবোৰ গলিবলৈ হেনো ৪৫০ বছৰ লাগে। প্ৰকৃততে এই মাৰাত্মক প্লাষ্টিকৰ সঠিক বিঘটন সময় এতিয়ালৈ কোনেও নাজানে।

আনকি ই আলট্ৰা ভায়োলেট ৰশ্মিৰ আৱেশতো সৰু সৰু টুকুৰালৈ ভাঙি মাটিৰ লগত শ শ বছৰ ধৰি মিলি থাকিব পাৰে।

প্লাষ্টিকৰ পৰা আঁতৰি নিজক তথা সমাজক সুস্বাস্থ্যৰ অধিকাৰী কৰি ৰখাৰ উপায় কেইটামান আগবঢ়ালোঁ।

১)দৈনন্দিন জীৱনত ব্যৱহৃত ৯০ শতাংশ বস্তুৱে আজিকালি ডিছপোজবেল।

  • চাহৰ কাপ,
  • খাদ্যৰ প্লেট,
  • চামুচ,
  • গ্ৰোচাৰী বেগ,
  • বস্তু ৰান্ধিবলৈ প্লাষ্টিকৰ পাত,
  • পানীয়ৰ বাবে পাইপ ইত্যাদি।

এইবোৰৰ ব্যৱহাৰৰ পৰা বাচিবলৈ বজাৰ কৰা বেগ, খাদ্যৰ প্লেট, চামুচ, গিলাচ আদি লগত লৈ ফুৰাৰ অভ্যাস গঢ়ক, ইয়াৰ দ্বাৰা আপোনাৰ তথা আপোনাৰ উত্তৰ প্ৰজন্মৰো লাভ হ’ব। যিকোনো অনুষ্ঠানত কলপাতৰ ব্যৱহাৰক অগ্ৰাধিকাৰ দিয়ক।

২)নিজকে আধুনিক দেখাবলৈ হ’লে পুনঃ ব্যৱহাৰযোগ্য পানীৰ বটল লগত লৈ ফুৰাৰ অভ্যাস গঢ়ক। যদি পানী ভৰোৱা ঠাইবোৰ গ্ৰহণযোগ্য যেন নালাগে, তেন্তে নিৰ্ভৰযোগ্য উৎসৰ পৰা পানী ভৰাওক।

এইদৰে প্ৰতিবছৰে ২০ লাখতকৈ অধিক প্লাষ্টিকৰ বটলৰ সৃষ্টিৰ পৰা বাচিব পৰা যাব।

৩)খাদ্য নিজে বনোৱাটো অতি উত্তম। যদি বাহিৰত খাবলগীয়া হয় প্লাষ্টিক ব্যৱহাৰ নকৰিবলৈ হোটেল বা খাদ্য প্ৰস্তুত কৰা প্ৰতিষ্ঠানক অনুৰোধ কৰাৰ অভ্যাস কৰক।

তেতিয়া নিশ্চয়কৈ ব্যৱসায় কৰ্তাসকলে গ্ৰাহকৰ প্ৰয়োজন বুজি প্লাষ্টিকৰ ব্যৱহাৰ কমাই দিব।

৪)ক্ষুদ্ৰ আকাৰৰ ব্যৱহাৰৰ পৰা বাচক। বিউটী প্ৰডাক্টবোৰত ব্যৱহৃত ক্ষুদ্ৰান্ত আকাৰৰ প্লাষ্টিক স্কাৰবাৰ, দন্ত মঞ্জন, গা-ধোৱা সঁজিলি ইত্যাদিৰ ক্ষুদ্ৰ টুকুৰাবোৰ খোৱাপানীৰ লগত মিহলি হ’ব পাৰে।

আনকি এইবোৰ টুকুৰা খোৱা আহাৰৰ টুকুৰাসদৃশ বাবে মাছৰ নিচিনা আন প্ৰাণীয়ে খাব পাৰে, যিবোৰ শৰীৰৰ কাৰণে হানিকাৰক। গতিকে বিউটী প্ৰডাক্ট ব্যৱহাৰ কৰোঁতে প্ৰাকৃতিক পদাৰ্থ থকাবোৰহে ব্যৱহাৰ কৰা উচিত।

৫)শিশুৰ খেলনাবোৰ ব্যৱহাৰ অনুপযোগী হ’লে পেলাই নিদি ইয়াক ৰি-চাইকেলৰ বাবে বা পুনঃনিৰ্মাণৰ বাবে বিক্ৰী কৰা উচিত। অন্যথা সকলোৱে আনৰ খেলনা আনি ব্যৱহাৰ কৰাৰ অভ্যাস কৰা উচিত। আজিকালি অনলাইন কিনা-বেচাৰ সুবিধাকণো ইয়াৰ বাবে ব্যৱহাৰ কৰিব পাৰে।

৬)প্লাষ্টিক ব্যৱহাৰৰ পৰা সম্পূৰ্ণৰূপে নিজক আঁতৰাই ৰখাটো প্ৰায় অসম্ভৱ। গতিকে সকলো ঠাইতে প্লাষ্টিক ৰি-চাইকেল বা পুনঃব্যৱহাৰৰ বাবে বস্তু বনাবলৈ প্লাষ্টিকবোৰ একে ঠাইতে জমা কৰি বিক্ৰী কৰাৰ ব্যৱস্থা কৰিব লাগে। বাংগালুৰুৰ নিচিনা চহৰত প্লাষ্টিকেৰে বনোৱা ৰাস্তাও ৰি-চাইকেলৰে উদাহৰণ।

৭)দোকানীসকলে প্লাষ্টিকৰ বেগ বিনা পইচাই দিয়াটো বন্ধ কৰিব লাগে। যাতে মানুহৰ বেগ লৈ বজাৰ কৰিব যোৱা ভাল অভ্যাসটো পুনৰ ঘূৰি আহে।

৮)সকলো বস্তু সৰু সৰু পেকেটত কিনাৰ অভ্যাস কৰাতকৈ বেছিকৈ খেলা বস্তু কিনাৰ অভ্যাস কৰা উচিত।

৯)প্লাষ্টিকৰ ব্যৱহাৰৰ ওপৰত সঘনাই সজাগতা সভা পতাৰ ব্যৱস্থা কৰিব লাগে।

১০)সহজলভ্য তথা সুলভ মূল্যৰ হ’লেও প্লাষ্টিকৰ এই ঘাতক বস্তুবোৰৰ উৎপাদন বন্ধ কৰিবলৈ কোম্পানীবোৰক হেঁচা প্ৰয়োগ কৰা উচিত।

অসমৰ আগশাৰীৰ চিকিৎসা প্ৰতিষ্ঠাব ডাউন টাউন হাস্পতাল। তাৰ সম্মুখেৰে পাৰ হৈ গৈছে এটা বিশাল ঢাকনীবিহীন নলা।

ওপৰতে থকা দলং তিনিখনেৰে নিতৌ পাৰ হয় একেবাৰে নিম্ন শ্ৰেণীৰ পৰা বিয়াগোম শ্ৰেণীলৈকে বিভিন্ন লোক। কিন্তু প্লাষ্টিকৰ উৎপাতত বা তাত জমা হোৱা আৱৰ্জনাবোৰৰ বাবে সৃষ্টি হ’ব পৰা ৰোগবোৰৰ প্ৰতি কাৰো কাণসাৰ নাই।

তদুপৰি গাঁৱৰ মানুহবোৰকো প্লাষ্টিকৰ ব্যৱহাৰৰ প্ৰতি সজাগ কৰাৰ কোনো ব্যৱস্থা নাই।

এনেকৈয়ে সুন্দৰ পৃথিৱী এখনক প্ৰাকৃতিকতৰ পৰা আঁতৰাই ধ্বংসৰ মুখলৈ ঠেলি নিদি আহক সকলোৱে অকণমান সময় খৰচ কৰি প্লাষতিক ব্যৱহাৰৰ বিপৰীতে সজাগ হৈ নিজক তথা পৃথিৱীখনক নিৰোগী আৰু সুস্বাস্থ্যৰ অধিকাৰী কৰি ৰাখো।

লেখক: মুনিন হুজুৰী(নিয়মীয়া বাৰ্তা)

শেহতীয়া উন্নীতকৰণ: : 4/1/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate