খাদ্য হৈছে সকলো প্ৰাণী জীয়াই থকাৰ মূল আহিলা। বায়ু-পানী আদিৰ দৰে খাদ্যও জীয়াই থকাৰ মূল উৎস। খাদ্য অবিহনে কোনো প্ৰাণীয়ে জীয়াই থাকিব নোৱাৰে। বিশেষকৈ মানুহ বৰ্তি থাকে একমাত্ৰ খাদ্যৰ ওপৰত। এই খাদ্য কেনে হোৱা উচিত, খাদ্যনো কি, কি কি খাদ্যই আমাৰ জীৱনী শক্তি বৃদ্ধি কৰে, তাৰে আলোচনা কৰিবলৈ লোৱা হৈছে। প্ৰতি যুগে যুগে খাদ্যৰ ধৰণ, খাদ্যৰীতিৰ কথা শাস্ত্ৰত উল্লেখ পোৱা যায়।
আমাৰ যুগ চাৰিটাৰ কথা ধৰ্ম শাস্ত্ৰত উল্লেখ পাওঁ। সত্য যুগত মানুহৰ প্ৰাণ আছিল- মজ্জাগত। দ্বাপৰ যুগত মাংসগত। ত্ৰেতা যুগত অস্থিগত। সম্প্ৰতি কলি যুগত প্ৰাণ অন্ন নিৰ্ভৰশীল। সেয়েহে গীতা শাস্ত্ৰত উল্লেখ আছে যে ‘অন্নাদ ভবন্তি ভূটানি’। অন্নক কেন্দ্ৰ কৰিয়ে বিভিন্ন সময়ত বিভিন্ন আহাৰ মানুহে গ্ৰহণ কৰে। সেয়েহে অন্নক ব্ৰহ্ম বুলি কোৱা হয়। আমাৰ চাৰিটা ব্ৰহ্ম-
১)পৰম ব্ৰহ্ম,
২)শব্দ ব্ৰহ্ম,
৩)জীৱ ব্ৰহ্ম আৰু
৪)অন্ন ব্ৰহ্ম।
এই অন্ন ব্ৰহ্মই মানুহৰ জীৱনী শক্তি বৃদ্ধি কৰি আয়ুস বঢ়ায়।
অন্ন ব্ৰহ্মই আমাৰ শৰীৰ গঠন কৰে, শৰীৰটো বিভিন্ন ৰোগ প্ৰতিৰোধৰ পৰা ৰক্ষা কৰে, সুস্বাস্থ্যৰ অধিকাৰী কৰে। লগতে আহাৰৰ ওপৰতে মানুহৰ ৰূপ-সৌন্দৰ্য, স্বভাৱ-চৰিত্ৰ, চিন্তা-ভাৱনা আদি নিৰ্ভৰ কৰে বুলি কোৱা হয়।
এই ৰোগসমূহৰ কাৰকবোৰ আমি বিশ্লেষণ কৰিলে দেখা পাওঁ যে ইয়াৰ মূল কাৰণ- আহাৰ।
সম্প্ৰতি আমাৰ মূল হৈছে- আহাৰ আৰু পানী। এই দুটাই মানুহক- সুঠাম, সুন্দৰ শৰীৰ সৃষ্টি কৰে- মানুহক নিৰোগী কৰি গঢ়ি তোলে। তদুপৰি আহাৰ মানুহক-
গতিকে জীৱশ্ৰেষ্ঠ মানুহে অখাদ্য ভক্ষণ কৰি জীৱন যৌৱন ধ্বংস কৰো কিয়? সেয়েহে মানুহে ভাল দৰে বাস কৰি নিজৰ জীৱনটো সুন্দৰভাৱে গঢ়িবলৈ হ’লে বিশেষকৈ-
কিয়নো মানুহৰ-
মানুহৰ সৎকৰ্ম, সৎ চিন্তা আৰু সুখাদ্যৰ বাবে লাগিব ধৰ্মীয় আচাৰ-নীতি আৰু এটা সৎ , পবিত্ৰ মন। মনে মানুহৰ মগজু নিয়ন্ত্ৰণ কৰে। মনৰ পৰা খাদ্য-অখাদ্য, ভাল-বেয়া, উচিত-অনুচিত আদিৰ সৃষ্টি হয়। এটা সুস্থ মনৰ অধিকাৰী হ’বলৈ হ’লে এটা সুস্থ দেহা অৰ্থাৎ- স্বাস্থ্য ৰক্ষাৰ বাবে যিবোৰ ৰীতি-নীতি, সেইবোৰ পালন কৰা হয়। ইয়াৰ বাবে লাগিব পৰিমিত সুষম আহাৰ। আহাৰ হ’ব লাগিব সাত্ত্বিক, পবিত্ৰ।
ইয়াৰ উপৰি মানুহৰ সুস্বাস্থ্যৰ বাবে আহাৰ-নিদ্ৰা, পৰিশ্ৰম-বিশ্ৰাম আৰু ইতিবাচক চিন্তা। এই কেইটা স্বাস্থ্যৰক্ষাৰ মূল উপাদান বুলি ক’ব পৰা যায়। এইকেইটাৰ প্ৰতি মানুহ সচেতন হ’লে আৰু সজ্ঞানতাৰ ওপৰতে মানুহৰ স্বাস্থ্য নিৰ্ভৰশীল বুলি ক’ব পাৰি।
আমি যিবোৰ আহাৰ খাই জীয়াই থাকো তাক আকৌ চাৰিটা ভাগত ভাগ কৰা হয়। চৰ্ব্য, চুৰ্য্য, লেহা আৰু পেয়।
চৰ্ব্য:
যি আহাৰ চোবাই খোৱা হয়। চোবাই খালে আহাৰ অতি সহজে হজম হয়।
চুৰ্য্য:
চুহি বা শুহি খোৱা আহাৰ।
লেহ্য:
চেলেকি খোৱা আহাৰ।
পেয়:
পি খোৱা আহাৰ।
এইকেইটা আহাৰকে আমাৰ মূল খাদ্য হিচাপে আমি গ্ৰহণ কৰো। সাধাৰণতে স্বাস্থ্য বিজ্ঞানৰ ফালৰ পৰা যিবোৰ খাদ্য মানুহৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক, অখাদ্য সেইবোৰ আমাৰ ধৰ্মীয় ভাবেও অখাদ্য বুলি কোৱা হয়।
ৰাজসিক, তামসিক আহাৰৰ তুলনাত কিন্তু আমাৰ সাত্ত্বিক আহাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী। আমাৰ স্বাস্থ্য বিজ্ঞান আৰু ধৰ্মীয় নীতিয়েও নিৰামিষ সাত্ত্বিক আহাৰকে উৎকৃষ্ট স্বাস্থ্যসন্মত উপযোগী আহাৰ বুলি কৈছে। আমাৰ আমিষ আহাৰৰ লগত হিংসাৰ ভাৱ জড়িত হৈ থাকে। সেই কাৰণে বৰগীতত শ্ৰীমন্ত শংকৰদেৱে কৈছে এইদৰে-
য’ত জীৱ জঙ্গম, কীট পতঙ্গম
অগ বগ জগ তেৰি কায়া
সবকহু মাৰি পৰত শুহি উদৰ
নাহি কৰত ভূত দায়া
যত মানে কীট-পতঙ্গ আছে, সকলো ভগৱানৰ অংশ বুলি কোৱা হয়।
এই ক্ষেত্ৰত দাৰ্শনিক প্লেটোৱে কৈছিল যে ‘তুমি যদি নিৰোগী আৰু সুস্বাস্থ্যৰ অধিকাৰী হ’বলৈ বিচৰা, তেনেহ’লে তুমি প্ৰথমতে নিজৰ মনটো সুস্থ কৰি তোলা। পৱিত্ৰ দেহ-মনৰ অধিকাৰী হ’লেহে সুস্থ আৰু নিৰোগী হৈ থাকিব পাৰিবা।
বিশ্বস্বাস্থ্য সংস্থাই প্ৰকাশ কৰা তথ্য মতে আপুনি যদি প্ৰকৃততে সৰ্বাঙ্গ সুন্দৰ আৰু সুস্বাস্থ্যৰ অধিকাৰী হ’বলৈ ইচ্ছা কৰে, তেনেহ’লে প্ৰতিদিনে ৪৫০ গ্ৰাম সতেজ শাক-পাচলি, ফল-মূল খাব লাগিব। এইটো সঁচা কথা যে মাছ-মাংসতকৈ এই বতৰৰ সতেজ ফলমূল, শাক-পাচলি আমাৰ স্বাস্থ্যৰ বাবে বেছি লাভদায়ক আৰু উপকাৰী।
আহাৰ:
আহাৰ হৈছে স্বাস্থ্যৰ মূল। গতিকে আহাৰ সদায় সুষম হ’ব লাগিব। সুষম আহাৰ মানে ভাত, শাক-পাচলি বিবিধ প্ৰকাৰৰ দাইল, পনিৰ, চয়াবিন আৰু বতৰৰ ফল-মূল খোৱা উচিত। স্বাস্থ্যৰক্ষাৰ মূল উপাদান সুষম আহাৰ। আহাৰ সদায় পৰিষ্কাৰ-পৰিচ্ছন্ন আৰু সময় মতে খোৱা উচিত। প্ৰতি সাজ আহাৰত শাক-পাচলি আৰু চালাদ থাকিব লাগে। আমেৰিকা, জাপান, চীন আদি দেশত চালাদ যথেষ্ট জনপ্ৰিয়। বন্ধ কবিৰ কোমল পাত, গাজৰ, বিলাহী, তিয়ঁহ, পিয়াজ আদিৰ চালাদ খোৱা ভাল বুলি স্বাস্থ্য বিজ্ঞানীসকলে কৈছে।
প্ৰাচীন কালত গ্ৰীক সকলেও চালাদক ঈশ্বৰৰ খাদ্যৰূপে অভিহিত কৰিছিল। সেয়েহে বতৰৰ শাক-পাচলি খোৱাৰ উপৰি পালেং শাক, গাজৰ, বীট, লেচেৰা মাহৰ চিৰা, কেপচিকাম, পিঁয়াজ আদিৰ চালাদ কৰি খালে স্বাস্থ্য ভালে থাকে- ৰোগ প্ৰতিৰোধ হয় আৰু মানুহৰ আয়ুস বৃদ্ধি হয় বুলি কোৱা হয়।
নিদ্ৰা:
স্বাস্থ্যৰ এটা মূল সাধনা হৈছে সুনিদ্ৰা। একোজন মানুহে নিশা কমেও ৭/৮ ঘন্টা শোৱা উচিত। মানুহে দিনত শ্ৰমজনিত কামবোৰ সমাপন কৰি ৰাতি শান্ত মনেৰে শয়ন কৰা নিতান্তই প্ৰয়োজন। আহাৰ গ্ৰহণ কৰি ১-২ ঘন্টাৰ পিছত শয়ন কৰা উচিত। শোৱাৰ সময়ত দুশ্চিন্তা, উত্তেজক ঔষধ সেৱন, হাই-কাজিয়া আদি কেতিয়াও কৰিব নালাগে। বিছনাত শোৱাৰ সময়ত পাৰিলে প্ৰাৰ্থনা এটা মনতে আতঁৰাওক। ভাল টোপনি হ’ব। ৰাতিপুৱা ৫ বজাতে টোপনিৰ পৰা উঠক, মুখ-হাত ধুই দুগিলাচ পানী খাওক- ৩০ মিনিট সময় খোজ কাঢ়ক। নতুবা ব্যায়াম কৰক। মনটো সতেজ হ’ব, কৰ্ম প্ৰেৰণা বাঢ়িব। মনলৈ উৎসাহ আৰু আশা আহিব।
পৰিশ্ৰম:
মানুহে শ্ৰমৰ অন্তত বিশ্ৰাম বা জিৰণি লোৱা উচিত। মানুহৰ শাৰীৰিক, মানসিক উভয়বিধৰ শ্ৰমেই মানৱ প্ৰগতিৰ প্ৰধান কাৰক যদিও স্বাস্থ্য নিৰোগী আৰু প্ৰাণচঞ্চল কৰি ৰাখিবলৈ পৰিশ্ৰম কৰা প্ৰয়োজন।
সেইবাবে আমাৰ গ্ৰামাঞ্চলৰ লোকসকলে অন্য ব্যায়াম নকৰিলেও কিন্তু খোজকঢ়া, হালবোৱা, কুঠাৰ মৰা, দৌৰা আদি শাৰীৰিক শ্ৰম কৰি থাকে। যিবোৰে নিজৰ শৰীৰ সুস্থ কৰি ৰাখে।
শাৰীৰিক, মানসিক যি শ্ৰমেই নহওক, শ্ৰমৰ মাজত কিন্তু বিশ্ৰাম অতি প্ৰয়োজন। বিশ্ৰামৰ দ্বাৰা আমাৰ শৰীৰ সতেজ আৰু সজীৱ হৈ উঠে।
মৈথুন:
সুস্বাস্থ্য-সাধন প্ৰক্ৰিয়াত মৈথুন এক অপৰিহাৰ্য। খাদ্য আৰু ধৰ্মৰ সম্পৰ্ক আছে। শৰীৰমাদ্যং খলু ধৰ্ম সাধনম। ধৰ্ম আচৰণ কৰিবলৈ এটা সুস্থ সবল দেহৰ অধিকাৰী হোৱা উচিত। সেয়েহে পৰিমিত মৈথুন ক্ৰিয়াই মানুহক স্বাস্থ্যৰ উন্নতি সাধন কৰে।
পৰিমিত মৈথুন থাকিব লাগিব। অত্যধিক মৈথুন কাৰ্যই মানুহৰ দেহ মন অসুস্থ কৰি পেলায়। সকলোতে সংযম পৰিমিত হ’ব লাগে।
সেয়েহে মানুহে আহাৰ গ্ৰহণ কৰোতে সদায় শৰীৰ, মন আৰু চিত্ত শুদ্ধ হোৱা উচিত। আহাৰ সদায় শুদ্ধ হ’ব লাগে। ভাৱ শুদ্ধি, কাল শুদ্ধি, ক্ষেত্ৰ শুদ্ধি, দ্ৰব্য শুদ্ধি হ’ব লাগে। তেতিয়াহে মানুহৰ স্বাস্থ্য আৰু স্বভাৱ-চৰিত্ৰ শুদ্ধ হ’ব।
লেখক: ধনেশ্বৰ হুজুৰী(স্বাস্থ্য আৰু দীৰ্ঘজীৱন)
শেহতীয়া উন্নীতকৰণ: : 7/9/2020