অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

খোৱা পানীত আৰ্ছেনিক

আমাৰ জীৱন তথা জীৱ-জগতৰ বাবে পানীৰ গুৰুত্ব আমি সকলোৱে জানো| আমাৰ সুস্বাস্থ্যৰ বাবে খোৱাপানী খিনি পৰিস্কাৰ হ’ব লাগে বুলি সকলোৱে জানো| পিছে দেখাত পৰিস্কাৰ যেন লগা পানীখিনিত আমাৰ সাংঘাতিক হানিকাৰক জীৱাণু বা ৰাসায়নিক দ্ৰব্য অদৃশ্য হৈ থাকিব পাৰে| দমকলৰ পৰিস্কাৰ যেন লগা পানীখিনিত হানিকাৰক জীৱাণু নাথাকিলেও মৃত্যুদুত সদৃশ ৰাসায়নিক দ্ৰব্য অদৃশ্য হৈ থাকিব পাৰে| আনকি আইৰন নথকা দমকলৰ পৰিস্কাৰ যেন লগা পানীখিনিতো| দমকলেৰে ভুগৰ্ভৰ পৰা আহৰণ কৰা ভুজলত লুকাই থকা এনে মৃত্যুদুতৰ ভিতৰত আৰ্ছেনিকেই আটাইতকৈ ভয়াবহ| খোৱাপানীৰ আৰ্ছেনিকৰ ধীৰ গতিত বছৰৰ পিছত বছৰ ধৰি হোৱা বিষক্ৰিয়াৰ ফলত মানুহৰ ছালৰ বেমাৰকে ধৰি বিভিন্ন ধৰণৰ কৰ্কট ৰোগ হব পাৰে| পাহাৰীয়া জিলাকেইখন বাদ দি প্ৰায় গোটেই অসমৰে ভুজলত কম বেছি পৰিমাণে আৰ্ছেনিক আছে| আৰু এই আৰ্ছেনিক ভুজলৰ খোৱাপানীৰ জৰিয়তে মানুহবোৰৰ শৰীৰত প্ৰবেশ কৰিয়েই আছে| আৰ্ছেনিকৰ বিষয়ে শিক্ষিত সকলে কিছু জানে যদিও আমাৰ গাঁও-ভুঁইৰ ৰাইজে কথাটো তেনেকৈ একো ভু পোৱা নাই| আমি ইয়াত আৰ্ছেনিক, অসমৰ ভুজলত ইয়াৰ প্ৰদুষণৰ মাত্ৰা, তাৰ ভয়াৱহতা আৰু নিৰাময় সম্পৰ্কে সামান্য আলোকপাত কৰিম|

আৰ্ছেনিকনো কি?

পৃথিৱীত এশতকৈও বেছি বিধৰ মৌলিক পদাৰ্থ আছে| তাৰে কিছুমান ধাতু আৰু কিছুমান অধাতু| তাৰ মাজতে কেইটামান আকৌ অলপ ধাতুৰ দৰে আৰু অলপ অধাতুৰ দৰে, অৰ্থাৎ অৰ্ধধাতৱীয়| আৰ্ছেনিকো এনে এবিধ অৰ্ধধাতবীয় ৰাসায়নিক মৌল| পৃথিৱীৰ খোলাটোৰ প্ৰায় ০.০০০২ শতাংশ অৰ্থাৎ ২ নিযুতাংশয়েই আৰ্ছেনিক| ইলক্ট্ৰনিক সা-সৰঞ্জামত ব্যবহৃত অল্প পৰিবাহী আহিলাত মৌলিক আৰ্ছেনিকৰ বহুল ব্যৱহাৰ হয়| গোটা অৱস্থাৰ মৌলিক আৰ্ছেনিক আটাইতকৈ বিষাক্ত ৰুপ| ভাগ্যে মৌলিক আৰ্ছেনিক মুক্ত অৱস্থাত স্বাভাৱিকতে পোৱা নাযায়| আৰ্ছেনিকে অক্সিজেন, হাইড্ৰ’জেন আদি মৌলৰ লগত বিভিন্ন অনুপাতত লগ লাগি কেইটামান অদৃশ্য যৌগ বা যৌগিক আয়নৰ ৰুপত পানীত দ্ৰৱীভুত হৈ থাকিব পাৰে| ইহঁতৰ আটাইবোৰেই কম বেছি পৰিমাণে বিষাক্ত| মৌলিক আৰ্ছেনিকৰ পিছতেই আৰ্ছেনিকৰ আন এটা বিষাক্ত যৌগ হৈছে আৰ্ছিন গেছ| আৰ্ছিনত এটা আৰ্ছেনিকৰ পৰমানুৱে তিনিটা হাইড্ৰ’জেন পৰমাণুৰ লগ লাগি থাকে| অৱশ্যে ৰাসায়নিক উদ্যোগ বা পৰীক্ষাগাৰৰ বাহিৰে আনত আৰ্ছিন গেছৰ ভয় নাই| কিছুমান আৰ্ছেনিক নিৰুপণ পদ্ধতিত আৰ্ছিন গেছ নিৰ্গত হয়| অসমৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পৰীক্ষাগাৰ সমুহতো এনে পদ্ধতিৰে আৰ্ছেনিক নিৰুপণ কৰে| এনে পৰীক্ষাগাৰ সমুহ ঠিকমতে বিশেষভাৱে সুসজ্জিত হোৱা উচিত যাতে তাত কাম কৰা দুৰ্ভগীয়া কেমিষ্ট কেইজন আৰ্ছেনিকৰ কবলত নপৰে| আৰ্ছিনৰ পিছতে আৰ্ছেনিকৰ আন এটা বিষাক্ত গোটা যৌগিক পদাৰ্থ হল আৰ্ছেনিক ট্ৰাই অক্সাইড| ইয়েই দ্ৰৱীভুত হৈ সাধাৰণতে ভুজল প্ৰদুষিত কৰে| ভুজলত থকা আৰ্ছেনিক বুলিলে আৰ্ছেনিক ট্ৰাই অক্সাইড দ্ৰৱীভুত হৈ সৃষ্টি হোৱা আৰ্ছেনিকৰ দুটা বিষাক্ত ৰুপ আৰ্ছেনাইট আৰু আৰ্ছেনেটকে বুজোৱা হয়| আৰ্ছেনাইট আৰ্ছেনেটতকৈ বহু গুণে বেছি বিষাক্ত| ভুজলত সাধাৰণতে আৰ্ছেনেটতকৈ আৰ্ছেনাইটৰ পৰিমাণ বেছি থাকে| আনহাতে পানীৰ পৰা আৰ্ছেনেট গুচোৱাটো সহজ যদিও আৰ্ছেনাইট গুচোৱাটো কঠিন| অক্সিজেনৰ সংস্পৰ্শত অৱশ্যে আৰ্ছেনাইটে আৰ্ছেনেটলৈ পৰিৱৰ্তিত হব পাৰে|কিন্তু এই পৰিৱৰ্তন সাধাৰণতে অতি মন্থৰ| গতিকে এই আৰ্ছেনাইটেই আমাৰ বাবে আৰ্ছেনিকৰ আটাইতকৈ ক্ষতিকাৰক ৰুপ| ওপৰত উল্লেখ কৰা যৌগ সমুহৰ বাহিৰেও আৰ্ছেনিক থকা আৰু বহুতো জৈৱিক যৌগ আছে| কিন্তু সেইবোৰ তেনেকৈ বিষাক্ত নোহোৱাৰ লগতে পোনে পোনে পেছাবৰ লগত নিৰ্গত হোৱা বাবে মানুহৰ শৰীৰত বিশেষ বিষক্ৰিয়া নকৰে| খোৱাপানীৰ আৰ্ছেনিক নিৰুপন পানীত আইৰন থকা নথকাটো গম পোৱাৰ দৰে আৰ্ছেনিক থকাটো সহজে গম পোৱা নাযায়| আৰ্ছেনিক নিৰুপণ একাধিক কাৰণত এটা জটিল কাম|

বিশেষকৈ কম পৰিমাণৰ আৰ্ছেনিক নিৰুপণ কৰাটো| এনেয়ে সাধাৰণতে আৰ্ছেনিক নিৰুপণ কৰা পদ্ধতি বিলাকৰ সংবেদনশীলতা কম| তাতে আকৌ পৰীক্ষাৰ বাবে পানীৰ নমুনা সংগ্ৰহ তথা সংৰক্ষণ সঠিক নহলে সেই নমুনাত আচলতে থকাতকৈ কম আৰ্ছেনিক পোৱাটো খুবেই সম্ভৱ| নিৰুপণ কৰা ব্যক্তিজনৰ কামটোত থকা দক্ষতাৰ গুৰুত্বও অপৰিসীম| পানীত আৰ্ছেনিক থকা-নথকাটো কিছু মুল্যৰ বিনিময়ত পৰীক্ষা কৰাৰ ব্যৱস্থা আমাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পৰীক্ষাগাৰবোৰত আছে| গতিকে প্ৰথমে তাতেই চেষ্টা কৰা ভাল| তাৰ বাহিৰে বিভিন্ন বিশ্ববিদ্যালয়, কাৰিকৰী উচ্চ শিক্ষানুষ্ঠান আৰু গৱেষণাগাৰ সমুহতো কিছু মুল্যৰ বিনিময়ত এনে পৰীক্ষা কৰাৰ ব্যৱস্থা থাকে| আৰ্ছেনিক সমস্যাৰ সমাধান আৰ্ছেনিক সমস্যাৰ সমাধানৰ বাবে বিকল্প জান-জুৰি, নদী বা পুখুৰীৰ পৰিশোধন কৰি ব্যৱহাৰ কৰায়েই সবাতোকৈ উত্তম ব্যৱস্থা, কিয়নো এনে পানীত আৰ্ছেনিক নাথাকে| জনস্বাস্থ্য কাৰিকৰী বিভাগ বা নগৰ পানীযোগান বিভাগে যোগান ধৰা পানীতো অত্যাধিক আৰ্ছেনিক থাকিব পাৰে| আপোনাৰ দমকল বা গভীৰ নলী নাদৰ পানীত যদি আৰ্ছেনিক আছে তেনেহলে তাৰ সলনি এটা কুঁৱা খান্দি লব পাৰে| কুঁৱাৰ পানীত সাধাৰণতে আৰ্ছেনিক নাথাকে| আপোনালোকৰ ঘৰৰ বা চুবুৰীত পুৰণি কুঁৱা যদি পৰিত্যক্ত হৈ আছে তেনেহলে অনতি পলমে সেইটো পৰিস্কাৰ কৰি লওক| এইবোৰৰ অবৰ্তমানত আৰ্ছেনিক গুচুৱা পদ্ধতি ব্যৱহাৰ কৰাটো অৱশ্যেই কৰণীয়| আইৰন গুচাওঁতেও পানীৰ আৰ্ছেনিক অলপ গুচে| আৰ্ছেনিকৰ বিষক্ৰিয়াৰ পৰা ৰেহাই পাবলৈ আমি খোৱাবোৱা আদিৰো কিছু সাৱধানতা অৱলম্বন কৰিব পাৰো| সহজে পোৱা কেঞ্চাৰৰ প্ৰাকৃতিক প্ৰতিৰোধক কিছুমান খোৱাৰ অভ্যাসো কৰিব পাৰো| ভুজলৰ আৰ্ছেনিক ক্ষয়ীমান শিলাস্তৰৰ পৰা বা পাইৰাইট জাতীয় খনিজ দ্ৰব্যৰ পৰা স্বাভাৱিকতে নি:সৰিত হৈ আৰ্ছেনিকে সমগ্ৰ পৃথিৱীজুৰি বিস্তৃত ভুজলৰাশি প্ৰদুষিত কৰিছে| আমাৰ দেশৰ ব্ৰহ্মপুত্ৰ, বৰাক, গংগা আৰু সিন্ধু উপত্যকা ভুজলত পোৱা আৰ্ছেনিকৰ উৎস হিমালয় পৰ্বতমালাৰ আৰ্ছেনিক যুক্ত শিলাস্তৰ বা খনিজ পদাৰ্থ বুলি ধাৰণা কৰা হৈছে| ভাৰতৰ চুবুৰীয়া আৰ্ছেনিক অধ্যুষিত দেশসমুহ হৈছে- বাংলাদেশ, ম্যানমাৰ, থাইলেণ্ড, পাকিস্তান, নেপাল, ভিয়েটনাম, টাইৱান আৰু চীন| যোৱা বাৰ বছৰৰো আগৰেপৰা কৰি অহা বিভিন্ন অধ্যয়নৰ পৰা জানিব পৰা গৈছে যে পাহাৰীয়া জিলা দুখন বাদ দি অসমৰ আটাইকেইখন জিলাৰেই ভুজল কম বেছি পৰিমানে আৰ্ছেনিক প্ৰদুষিত| তাৰে ভিতৰত ৬০০-৭০০ পি.পি.বি ৰো ওপৰলৈ আৰ্ছেনিক থকা লখিমপুৰ আৰু যোৰহাটৰ লগতে গোলাঘাটৰ অৱস্থা অতি ভয়ংকৰ| মাজুলী, নগাঁও, বাকচা, নলবাৰী, শোণিতপুৰ, ধেমাজী, বৰপেটা, ধুবুৰী, গোৱালপাৰা, বংগাইগাঁও, চিৰাং, শিৱসাগৰ, হাইলাকান্দি, কাছাৰ, আৰু কৰিমগঞ্জ জিলাত বেছিকৈ আৰ্ছেনিক অধ্যুষিত বুলি জনা গৈছে| আম্লিক পানীত আৰ্ছেনিক থকাৰ সম্ভাৱনা বেছি| অসমৰ ভুজল অলপ আম্লিক হোৱাটোও তাত আৰ্ছেনিক বেছিকৈ থকাৰ এটা কাৰণ| পানীত দ্ৰৱীভুত হৈ থকা অক্সিজেনৰ পৰিমাণ কম হলেও তাত আৰ্ছেনিক থকাৰ সম্ভাৱনা বাঢ়ে| ভুজলত দ্ৰৱীভুত হৈ থকা অক্সিজেনৰ পৰিমাণ কম হোৱা বাবে তাত আৰ্ছেনিক থাকে| আনহাতে পৃথিৱীৰ উপৰিভাগৰ পানী, যেনে-খাল বিল, জান-জুৰি, নদী আৰু হৃদৰ পানী বায়ুমণ্ডলৰ সংস্পৰ্শত থকাৰ বাবে সেইবোৰৰ পানীত দ্ৰৱীভুত অক্সিজেনৰ পৰিমাণ বেছি থাকে আৰু ফলত সেইবোৰৰ পানীত আৰ্ছেনিক নাথাকে| পানীত থকা আৰ্ছেনিকৰ এটা ৰুপ আৰ্ছেনেটৰ আন খনিজ দ্ৰব্যৰ লগত লাগি ধৰি পানীৰ পৰা আঁতৰি যোৱাৰ এটা প্ৰৱণতা আছে| আনহাতে পানীত থকা আৰ্ছেনিকৰ আনটো ৰুপ আৰ্ছেনাইটৰ এনে প্ৰৱণতা নাই আৰু সেয়ে ই পানীতে থাকি যাব বিচাৰে| কুঁৱা, নদী আদিৰ পানীৰ আৰ্ছেনাইটে দীৰ্ঘদিন ধৰি অক্সিজেনৰ সংস্পৰ্শত থকা বাবে অক্সিজেনৰ লগলাগি আৰ্ছেনেটলৈ পৰিৱৰ্তিত হৈ আইৰনৰ গেদৰ দৰে খনিজ দ্ৰব্যৰ লগত লাগি ধৰি তলত বহি যায়| খোৱাপানীত

আৰ্ছেনিকৰ নিৰাপদ সীমা:

পানীত থকা আৰ্ছেনিকৰ পৰিমাণক প্ৰতি ১০০০ লিটাৰ পানীত কিমান মিলিগ্ৰাম আৰ্ছেনিক থাকে সেই হিচাপে প্ৰকাশ কৰা হয়| ইয়াকে পাৰ্টচ পাৰ বিলিয়ন বা চমুকৈ পি পি বি ৰে বুজোৱা হয়| বিশ্ব স্বাস্থ্য সংস্থাৰ মতে খোৱাপানীত আৰ্ছেনিকৰ পৰিমাণ ১০ পি পি বি ৰ তলত ৰাখিব লাগে| অৱশ্যে সংস্থাটোৰ এই পৰামৰ্শটোৰ অৰ্থ এইটো নহয় যে ১০ পি পি বি তকৈ কম আৰ্ছেনিক থকা পানী খোৱাটো নিৰাপদ| দুটা কাৰণে এই ১০ পি পি বি নিৰিখটো নিৰ্ধাৰিত কৰা বুলি বিশ্ব স্বাস্থ্য সংস্থাই কয়| তাৰে প্ৰথমটো হল- ইয়াতকৈ কম আৰ্ছেনিক থাকিলে কিমান আছে সেইটো সঠিককৈ সহজে নিৰুপণ কৰিব নোৱাৰি| দ্বিতীয়তে ইয়াতকৈ কমলৈ আৰ্ছেনিক পানীৰ পৰা গুচুৱাটোও হেনো কঠিন| বিশ্ব স্বাস্থ্য সংস্থাই আৰু কয় যে আনকি মাত্ৰ ০.১৭ পি বি বি আৰ্ছেনিক থকা পানী নিয়মীয়া সেৱনৰ ফলতো কৰ্কট ৰোগ হব পাৰে| আচলতে খোৱাপানীত আৰ্ছেনিক একেবাৰেই নথকাটো বাঞ্চনীয়|

বিশ্ব স্বাস্থ্য সংস্থাই এই ১০ পি পি বি ৰ দৰে উচ্চ সীমা এটাত ধৰি থকাৰ অন্তৰালত কোনো কোনোৱে পানী তথা লঘু পানীয়ৰ ব্যৱসায় কৰা বহুজাগতিক কোম্পানীৰ দুষ্ট প্ৰভাৱ থকাৰ আশংকা কৰে| বহুতো দেশে খোৱা পানীৰ আৰ্ছেনিকৰ উচ্চতম অনুমোদিত সীমা বিশ্ব স্বাস্থ্য সংস্থাৰ মানতকৈও কমকৈ ধাৰ্য কৰিছে, উদাহৰণস্বৰুপে, অষ্ট্ৰেলিয়াত ৭, ডেনমাৰ্কত ৫ আৰু আমেৰিকা যুক্তৰাজ্যৰ ইণ্ডিয়ানা আৰু নিউ জাৰ্চিত ক্ৰমে ৬ আৰু ৫ পি বি বি| এই সম্পৰ্কত ইউৰোপৰ পৰিৱেশ সংৰক্ষণ এজেঞ্চিয়ে খোৱাপানীৰ আৰ্ছেনিকৰ উচ্চ সীমা ০.২ পি পি বি ৰখা উচিত বুলি আগবঢ়োৱা এটা পৰামৰ্শ মন কৰিবলগীয়া| আৰ্ছেনিকৰ ভয়াবহ অপকাৰিতা তথা বৰ্তমানে পানীৰ আৰ্ছেনিক নিৰুপণৰ আৰু পানীৰ পৰা আৰ্ছেনিক গুচুৱাৰ প্ৰযুক্তিৰ অগ্ৰগতিৰ পৰিপ্ৰক্ষিতত বিশ্বৰ সকলোতে খোৱা পানীৰ আৰ্ছেনিকৰ উচ্চ সীমা অন্তত: ২ পি পি বিৰ তলত প্ৰয়োজ্য হোৱা উচিত| কিন্তু আমাৰ দেশত ভাৰতীয় মানক বিভাগে এই সীমা আচৰিত ধৰণে এতিয়াও ৫০ পি পি বি হিচাবেই ৰাখিছে, যিটো নি:সন্দেহে অবিচেকতাৰ পৰিচায়ক আৰু এটা অত্যন্ত দুখৰ বিষয়| অৱশ্যে যোৱা ১২ ডিচেম্বৰত ড° মুৰুলী মনোহৰ যোশীৰ নেতৃত্বত এখন সংসদীয় সমিতিয়ে আমাৰ দেশত খোৱাপানীত আৰ্ছেনিকৰ উচ্চতম সীমাটো ১০ পি পি বি লৈ নমাবলৈ লোকসভাত চৰকাৰৰ পৰামৰ্শ দিছে| বৰ্তমানে ২ পি পি বি ৰ তললৈকে আজিলৈকে গুচাব পৰা পদ্ধতি উপলব্ধ হৈছে| উদাহৰণস্বৰুপে, তেজপুৰ বিশ্ববিদ্যালয়ত উদ্ভাৱন কৰা আৰ্ছিৰন নিলগন পদ্ধতিৰেই অতি কম খৰচতে ২ পি পি বি ৰ বহুত তললৈ পানীৰ আৰ্ছেনিক নমাব পাৰি| আনহাতে ২ পি পি বি লৈকে পানীৰ আৰ্ছেনিক নিৰুপণ কৰিব পৰা উপায় এতিয়া সিমান দুৰ্লভ নহয়| আৰু পানীৰ পৰা আৰ্ছেনিক গুচুৱাৰ পিছত তাত আৰ্ছেনিক ২ পি পি বি ৰ কিমান তলত থাকিল সেইটো জনাতো সিমান দৰকাৰী কথাও নহয়|২ পি পি বিৰ ওপৰত নথকাটো নিশ্চিত কৰিলেই হল| গতিকে বিশ্ব স্বাস্থ্য সংস্থাই বা ভাৰতীয় মানক বিভাগে যিহকেই পৰামৰ্শ নিদিয়ক লাগে, অথবা জনস্বাস্থ্য কাৰিকৰী বিভাগ বা নগৰ পানীযোগান বিভাগে যিহকেই নকৰক লাগে আমি নিজৰ পৰিয়ালৰ সুস্বাস্থ্যৰ খাতিৰতে আমাৰ খোৱাপানীখিনিৰ আৰ্ছেনিক ২ পি পি বিৰ তললৈ নমাই লোৱাটো নিজেই কৰা উচিত| আৰ্ছেনিকৰ বিষক্ৰিয়া: খ্ৰী: প্ৰথম শতিকাৰ পৰায়েই ইউৰোপৰ ৰাজ পৰিয়াল তথা অভিজাত পৰিয়াল কিছুমানত ক্ষমতা লাভ তথা স্বাৰ্থ সিদ্ধিৰ অৰ্থে সংঘটিত হোৱা কেইবাটাও হত্যাকাণ্ডত আৰ্ছেনিক অক্সাইড ব্যৱহাৰ কৰা হৈছিল| এনেধৰণৰ তাক্ষণিক বিষক্ৰিয়া বেছি পৰিমানৰ আৰ্ছেনিকৰ দ্বাৰাহে সম্ভৱ হয়| অৱশ্যে কম পৰিমানে হ’লেও যদি দীঘলীয়া সময়ৰ বাবে আৰ্ছেনিক আমাৰ শৰীৰত প্ৰৱেশ কৰি থাকে সিও আমাৰ বাবে মাৰাত্মক হব পাৰে| মহাপ্ৰতাপী ফৰাচী সম্ৰাট পেনোলিয়নক মৃত্যুৰ কাৰণ আৰ্ছেনিকৰ এনে ধীৰ বিষক্ৰিয়া বুলিও সন্দেহ কৰা হয়| আমি এইবোৰ কথাত বেছি নোসোমাওঁ| আৰ্ছেনিক প্ৰধানত: খোৱাপানীৰ মাধ্যমেৰেই মানুহৰ শৰীৰত প্ৰৱেশ কৰে| খোৱাপানীৰ বাহিৰেও আমাৰ ছাল আৰু শ্বাসতন্ত্ৰৰ দ্বাৰা শোষণৰ জৰিয়তে আৰ্ছেনিকে শৰীৰত প্ৰৱেশ কৰিব পাৰে| ছালে আৰ্ছেনিক থকা পানী সংস্পৰ্শত বেছিকৈ থাকিলে তেনে হোৱাৰ সম্ভাৱনা থাকে| কিছুমান খোৱা বস্তুৰ যোগেদিও আৰ্ছেনিক মানুহৰ শৰীৰত প্ৰৱেশ কৰিব পাৰে| সাগৰীয় মাছত বিশেষকৈ আৰ্ছেনিক থাকে যদিও ভাগ্যে বহুত দুৰৰ সাগৰৰ মাছৰ পৰা অসমৰ মানুহৰ ভয় নাই| পিছে কৃষিত আৰ্ছেনিক যুক্ত ভুজলেৰে জলসিঞ্চন কৰাৰ ফলত আৰু কিছুমান কীটনাশকৰ অবিবেচকী প্ৰয়োগৰ ফলত ধান, মাহ, ঘেহুঁ, শাক-পাচলি আদিতো অত্যাধিক আৰ্ছেনিক জমা হব পাৰে| অত্যাধিক আৰ্ছেনিক যুক্ত ভুজল দীৰ্ঘদিন ধৰি সেৱনৰ ফলতো আৰ্ছেনিকৰ ধীৰ বিষক্ৰিয়া বা আৰ্ছেনিকচিচ হ’ব পাৰে| এনে বিষক্ৰিয়াৰ লক্ষণ সমুহ হৈছে ছালত বগা, ৰঙচুৱা বা ক’লা ডাগ পৰি পিছলৈ তাৰ মাজত ঘাঁ হোৱা, হাত ভৰিত বেছিকৈ খজুৱতি, পানীয়ে খোৱাৰ দৰে বা ঘাঁ হোৱা, নখবোৰ আগৰ ফালৰ পৰা লাহে লাহে পঁছি যোৱা, গাৰ যিকোনো ঠাইত জ্বলা পোৰা কৰা, সহজে ভাগৰ লগা, দুৰ্বলতা, মূৰৰ বিষ, নিদ্ৰাহীনতা বা অনিয়মিত হৃদস্পন্দনৰ অনুভৱ কৰা, লোহিত ৰক্ত কণিকা কমা ইত্যাদি| আৰ্ছেনিকে স্নায়ু, প্ৰজনন, বংশগতি, শাৰিৰিক বৰ্দ্ধন, জৈৱ ৰাসায়নিক বিক্ৰিয়া, ৰোগ প্ৰতিৰোধ ক্ষমতা আদিতো প্ৰভাৱ পেলায়| আৰ্ছেনিকৰ ধীৰ বিষক্ৰিয়াৰ ফলত হাওঁফাওঁ, বৃক্ক, ক’লেন, যকৃত, ব্লাডাৰ, আদিৰ কৰ্কট ৰোগ প্ৰৱণতা বঢ়াটো প্ৰমাণিত হৈছে| আচলতে তেজকে ধৰি শৰীৰৰ যিকোনো ক’লা বা অংগতে আৰ্ছেনিকে কৰ্কট ৰোগ সৃষ্টি কৰিব পাৰে বুলি সন্দেহ কৰা হয়| এই সন্দেহ অমুলক নহয় যিকোনো আৰ্ছেনিকে দি, এন, এ ৰ ফছফৰাছ পৰমাণু আঁতৰাই তাৰ ঠাইত সোমাই দি এন এৰ আমূল পৰিৱৰ্তন কৰিব পাৰে বুলি জনা গৈছে|

তাৰ বাহিৰেও আৰ্ছেনিকে আমাৰ শৰীৰৰ সকলোবোৰ প্ৰক্ৰিয়া নিয়ন্ত্ৰণ কৰা এনেজাইম তথা প্ৰটিনৰ লগত বিক্ৰিয়া কৰি থায়লৰ জেগাত সোমাই লৈ সেইবোৰৰ গুণাগুণ সলনি কৰি শৰীৰৰ সাংঘাতিক ক্ষতি কৰে| আমাৰ মাংশপেশীয়ে শক্তি উৎপাদনত ব্যৱহাৰ কৰা এ টি পি নামৰ যৌগ এটাৰ ফছফৰাছ পৰমাণুৰ ঠাইত আৰ্ছেনিক পৰমাণু সোমাই শক্তি উৎপাদনত বাধা দি সহজে ভাগৰ লগোৱায়| ছাল আৰু নখত হোৱা আৰ্ছেনিকৰ বিষক্ৰিয়াৰ লক্ষণ অসমৰ বহুত ঠাইত দেখা পোৱা গৈছে| তিতাবৰ, লখিমপুৰ, নগাওঁ আৰু দৰঙৰ এনে লক্ষণ যুক্ত ব্যক্তিৰ ঘৰৰ দমকলৰ খোৱাপানী পৰীক্ষা কৰি তাত অত্যধিক আৰ্ছেনিক থকাটোৰো প্ৰমাণ পোৱা দেখা গৈছে| তিতাবৰত দেখা পোৱা আৰ্ছেনিকৰ বিষক্ৰিয়াৰ লক্ষণৰ বিষয়ে ২০১০ চনতে দি আসাম ট্ৰিবিউন কাকতৰ জৰিয়তে প্ৰকাশিত হৈছিল| আৰ্ছেনিক থকা পানী দীৰ্ঘদিন সেৱন কৰাৰ ফলত আৰ্ছেনিকৰ ধীৰ বিষক্ৰিয়া হৈ কৰ্কট ৰোগ হওঁতে সময় লয়| তেনে পানী খোৱা বন্ধ কৰাৰ বহু বছৰৰ পিছতো কৰ্কট ৰোগে দেখা দিব পাৰে| এসময়ৰ আৰ্ছেনিক আক্ৰান্ত দক্ষিণ আমেৰিকাৰ চিলি নামৰ দেশখনত আৰ্ছেনিক মুক্ত খোৱা পানীৰ ব্যৱস্থা কৰাৰ দহ বছৰৰ পিছলৈকে কৰ্কট ৰোগৰ প্ৰাবল্য বাঢ়িহে গৈছিল আৰু বিশ বছৰৰ পিছলৈকে কৰ্কট ৰোগ হোৱা দেখা গৈছিল| মাজুলীৰ টটয়া নামৰ গাওঁ এখনত খ্ৰী: ১৯৫৫ চন মানৰ পৰা দমকলৰ ব্যৱহাৰ আৰম্ভ হৈছিল| গাঁও খনৰ ভুজলত খ্ৰী: ১৯৭৫ চনত প্ৰথম কৰ্কট ৰোগ আৰম্ভ হৈ এতিয়া তাৰ প্ৰকোপ চৰিছে আৰু যোৱা ৪০ বছৰত কেইবাজনৰো আৰ্ছেনিকৰ লগত সম্পৰ্ক থাকিব পৰা আন ৰোগত মৃত্যু হোৱাৰ উপৰিও ২৯ জনৰ কৰ্কট ৰোগতেই মৃত্যু হৈছে| আপুনি ভয় খাইছে? ভয় খোৱা ভাল| অসমত ক্ৰমবৰ্ধমান কৰ্কট ৰোগৰ উপদ্ৰৱৰ কাৰণ সম্পৰ্কে এতিয়ালৈকে সবিশেষ বৈজ্ঞানিক অধ্যয়ন হোৱা নাই| তথাপি ইয়াৰ বাবে ইতিমধ্যে জ্ঞাত দুটামান কথা চালি জাৰি চাব পাৰি| প্ৰথম কথাটো হ’ল আৰ্ছেনিক যে কৰ্কট ৰোগৰ এটা প্ৰধান কাৰক সেইটো প্ৰমানিত| এই কথা বিশ্ব স্বাস্থ্য সংস্থায়ো দোহাৰিছে| দ্বিতীয়তে, আৰ্ছেনিকৰ কৰ্কট ৰোগ সৃষ্টি কৰিব পৰা ক্ষমতা আন যিকোনো কৰ্কট ৰোগ সৃষ্টি কৰা ৰাসায়নিক পদাৰ্থৰ তুলনাত এশ গুণৰো অধিক বুলি আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰিৱেশ সুৰক্ষা সংস্থা ৰ এটা প্ৰাৰম্ভিক অধ্যয়নৰ পৰা জনা গৈছে| তৃতীয়তে, সাধাৰণতে কৰ্কট ৰোগৰ কাৰক বুলি সকলোৱে জনা ধপাত সেৱনৰ লগত কোনো সম্পৰ্ক নথকা লোকৰো, বিশেষকৈ কেতিয়াও ধপাত সেৱন নকৰা বহুত পৰিয়ালৰো মহিলাৰ কৰ্কট ৰোগ হোৱা দেখা যায়| খোৱাপানীৰ আৰ্ছেনিক অসমৰ ক্ৰমবৰ্ধমান কৰ্কট ৰোগৰ উপদ্ৰৱৰ এটা মূল কাৰণ হব পাৰে বুলি এই কেইটা যুক্তিৰ ভিত্তিত ঠাৱৰ কৰিব পাৰি| গতিকে অসমৰ খোৱাপানীৰ আৰ্ছেনিকৰ সমস্যাটোৰ ওপৰত যথাযথ গুৰুত্ব দি ইয়াৰ আশু সমাধানৰ ব্যৱস্থা কৰাটো নিতান্তই প্ৰয়োজন|

লেখক:- ড° ৰবিন কুমাৰ দত্ত

উৎস:- দৈনিক অসম

শেহতীয়া উন্নীতকৰণ: : 3/4/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate