অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ত্ৰিশ বছৰ বয়সৰ পিচত খাওক উপযোগী খাদ্য

ত্ৰিশ বছৰ বয়সৰ পিচত খাওক উপযোগী খাদ্য

 

আপুনি বাৰু ত্ৰিশ বছৰত ভৰি দিলে নেকি ? কাৰণ ৩০ বছৰ বয়সৰ পিচত আমাৰ শৰীৰৰ মেটাবলিজম স্তৰ লাহে লাহে হ্ৰাস পাবলৈ ধৰে । এনেক্ষেত্ৰত আমি আমাৰ খাদ্যাভ্যাসৰ প্ৰতি সজাগ হোৱাৰ সময় সমীপত । ত্ৰিশ বছৰ বয়সৰ পিচত অত্যধিক মিঠাযুক্ত পানীয়, মিঠাই আদি খোৱাৰ পৰিবৰ্তে আপোনাৰ খাদ্য তালিকাত উচ্চ পোষক তত্ত্ব খাদ্য সন্নিৱিষ্ট কৰা উচিত । এনে খাদ্যই আমাৰ শৰীৰৰ কলেষ্টেৰল নিয়ন্ত্ৰণ কৰাৰ লগতে ব্লাড প্ৰেছাৰ আৰু মধুমেহ আদি ৰোগৰ পৰা দূৰৈত ৰাখে । আচলতে আমি আমাৰ খাদ্য তালিকাত কি খাব লাগে, কি খাব নালাগে এই বিষয়ে সচেতনতা অৱলম্বন কৰি বয়সৰ সমান্তৰালকৈ সৃষ্টি হ’বলগীয়া বিভিন্ন বেমাৰ- আজাৰসমূহৰ পৰা নিজক সুৰক্ষা দিবলৈ চেষ্টা কৰা উচিত । উল্লেখ্য যে ত্ৰিশ বছৰ বয়সৰ পিচত খাব পৰা এনেকুৱা কিছুমান খাদ্য আছে, যিসমূহে আপোনাৰ শৰীৰত পৰ্যাপ্ত প্ৰয়জনীয়তাখিনি সম্পূৰ্ণ কৰে । যেনে- বীন, সেউজীয়া শাক-পাচলি, য’ত ভিটামিন আৰু মিনাৰেলছেৰে ভৰপূৰ । এইবোৰে শৰীৰত মেটাবলিজম সঠিক হোৱাত সহায় কৰে। এনেকুৱাও নহয় যে এই খাদ্য কেৱল ৩০ ৰ পিচতহে খাব পাৰে । ৫ বছৰ বয়সৰ পৰা ৯৫ বছৰ বয়সপৰ্যন্ত আপুনি আপোনাৰ খাদ্য তালিকাত উল্লেখিত খাদ্যসমূহ সন্নিৱিষ্ট কৰিব পাৰে , যিয়ে আপোনাক এটা স্বাস্থ্যৱান শৰীৰ লাভ কৰাত সহায় কৰিব ।

ওটছ:-

৪৫ ৰ পৰা অধিক বয়সৰ পুৰুষ আৰু ৫৫ ৰ পৰা অধিক বয়সৰ মহিলাৰে হাৰ্ট এটেক বৃদ্ধি পোৱাৰ ভয় থাকে । সেয়েহে ৪০ বছৰ বয়সৰ পিচত আপোনাক খাদ্য তালিকাত এনেবোৰ খাদ্য সন্নিৱিষ্ট কৰক, যি খাদ্য খালে শৰীৰত কলেষ্টেৰল বৃদ্ধি নাপায় । এনেক্ষেত্ৰত আপোনাৰ খাদ্য তালিকাত সনিৱিষ্ট কৰিব পৰা উপযোগী খাদ্য হ’ল ‘ওটছ’ । ফাইবাৰযুক্ত ‘ওটছ’ খালে শৰীৰত কলেষ্টেৰল বৃদ্ধি নহয় ।

ড্ৰাই ফ্ৰুইট:-

স্বাস্থ্যসন্মত ডায়েটিঙে মানুহক কৰি তোলে স্বাস্থ্যৱান । এনে স্বাস্থ্যৱান শৰীৰ এটা লাভ কৰিবলৈ আপুনি আপোনাৰ ৩০ বছৰ বয়সৰ পিচৰ পৰা চিপছ, কুকিজ আদিৰ দৰে খাদ্য খোৱাটো পৰিহাৰ কৰক । ইয়াৰ পৰিৱৰ্তে কাজু , আলমণ্ড, বাদাম, আখৰোট, কিছমিছ আদি শুকান ফল বা ড্ৰাই ফ্ৰুইটোৰে প্ৰস্তুত কৰা খাদ্য খোৱাৰ অভ্যাস কৰক । এক সমীক্ষামতে দৈনিক এনে ড্ৰাই ফ্ৰুইটযুক্ত খাদ্য খোৱাৰ ফলত মানুহৰ হাৰ্ট এটেক হোৱাৰ আশংকা ২৮ শতাংশ কমি আহে ।

আপেল:-

স্বাস্থ্যৰ বাবে অতি উপকাৰী এবিধ ফল হ’ল আপেল । দৈনিক আপেল খোৱাৰ ফলত শৰীৰৰ কলেষ্টেৰল হ্ৰাস পোৱাৰ লগতে মধুমেহ ৰোগৰ ভয়াৱহতাৰ পৰাও শৰীৰক ৰক্ষা কৰে ।

সেউজীয়া শাক-পাচলি:-

সতেজ সেউজীয়া শাক-পাচলি খোৱাৰ ফলত শৰীৰ স্বাস্থ্যসন্মত কৰি তোলাৰ লগতে আমাৰ মগজু সক্ৰিয় হৈ থকাত সহায় হয় । জানিব পৰামতে দৈনিক যদি আপুনি পালেং শাক খায় , তেন্তে স্মৃতিশক্তি ভালে থাকে । কাৰণ বয়স বাঢ়ি অহাৰ লগে লগে অধিকাংশ মানুহৰে স্মৃতিশক্তি দুৰ্বল হৈ আহিবলৈ ধৰে । গতিকে আমি আমাৰ খাদ্য তালিকাত এনে সেউজীয়া শাক-পাচলি সন্নিৱিষ্ট কৰা দৰকাৰ ।

বীন:-

আপোনাৰ ডায়েট অৰ্থাৎ খাদ্য তালিকাত সন্নিৱিষ্ট কৰক বীন । বীন খোৱাৰ ফলত পাঁচ শতাংশলৈকে শৰীৰৰ কলেষ্টেৰল কম হ’বলৈ ধৰে । কেৱল এয়াই নহয়, দৈনিক বীন খোৱাৰ ফলত ব্লাড ছুগাৰ নিয়ন্ত্ৰণ কৰিব পৰা যায়।

উৎস: দেওবৰীয়া সম্ভাৰ

 

 



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate