অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

পঞ্চকৰ্ম :


শৰীৰ শোধনৰ পৃথিৱীৰ একমাত্ৰ চিকিৎসা পদ্ধতি আয়ুৰ্বেদত -

আমাৰ শৰীৰটো বিভিন্ন কোষৰ সমষ্টি। কোষবোৰ হৈছে আমাৰ চালিকা শক্তি।এই কোষবোৰে ৰক্তৰ পৰা লাগতিয়াল খাদ্য তথা অক্সিজেন গ্ৰহণ কৰি শক্তি উৎপাদন কৰে।উৎপাদিত শক্তিৰ ফলত আমি এক সুষ্ঠ জীৱন কটাব পাৰো।

আমি খোৱা খাদ্য সমূহ কাৰ্বোহাইড্ৰেট, প্ৰটিন, ফেট, মিনাৰেল, আৰু ভিটামিন যুক্ত হয়।এই খাদ্য সমূহ পেটত হজম হৈ লিভাৰলৈ যায় আৰু লিভাৰৰ পৰা সূক্ষ্ম কনালৈ ৰূপান্তৰিত হৈ ৰক্তৰ দ্বাৰা আমাৰ কোষসমূহলৈ যায়।কাৰ্বোহাইড্ৰেট glycogen, প্ৰটিন amino acid, fat , fatty acid আদিলৈ ৰূপান্তৰিত হয়।

এনে ক্ষুদ্ৰ কণা সমূহকহে কোষ সমূহে ব্যৱহাৰ কৰিব পাৰে।এই পৰিৱৰ্তন প্ৰক্ৰিয়াক metabolism বুলি কোৱা হয়। এনেবোৰ প্ৰক্ৰিয়া অতি জটিল হয় আৰু ইয়াৰ ফলত কেতবোৰ মধ্যৱৰ্তী অলাগতিয়াল তত্বৰ আবিৰ্ভাৱ হয় যি শৰীৰৰ পৰা বাহিৰ ওলাই যোৱাটো প্ৰয়োজন।

অৰ্থাৎ এনে তত্ব সমূহ ওলাই নগলে শৰীৰৰ কোষবোৰত বিষক্ৰিয়াৰ সৃষ্টি কৰিব পাৰে যাৰ ফলত কোষসমূহৰ কৰ্মক্ষমতা হ্ৰাস পাই আৰু ব্যক্তিজনে বিভিন্ন ৰোগত ভুগিবলৈ ধৰে।

আমি খোৱা খাদ্য সমূহৰ প্ৰয়োজনীয় স্থূল ভাগ হজম হৈ শৰীৰত কোষবোৰক সন্তুলিত কৰে আৰু এটি অলাগতিয়াল অংশ মল হিচাবে তথা মূত্ৰ হিচাবে শৰীৰৰ পৰা বাঁহীৰ হৈ যায়।

শৰীৰৰ কোষসমূহৰ কৰ্ম হ'ল লাগতিয়াল খাদ্যঅংশ গ্ৰহণ কৰি কোষসমূহৰ নিজৰ কৰ্ম সম্পাদন কৰা তথা অলাগতিয়াল অংশ তেজলৈ দি শৰীৰৰ পৰা বাঁহীৰ কৰি দিয়া। কিবা বিশংগতি হলে এনে অলাগতিয়াল দ্ৰব্য সমূহ কোষৰ ভিতৰত নতুবা ৰক্তত সঞ্চিত হবলৈ ধৰে যাৰ ফলত আমি ৰোগত ভূগো। এনে অলাগতিয়াল দ্ৰব্য সমূহ শৰীৰৰ পৰা উলিয়াই পঠিওৱা চিকিৎসা পদ্ধতি পৃথিৱীত বিৰল।

বহু হাজাৰ বছৰ পুৰণি আয়ুৰ্বেদিক চিকিৎসা পদ্ধতিত ৰোগৰ চিকিৎসা প্ৰধানতঃ দুই ধৰণে কৰাৰ নিৰ্দেশ দিছে।এবিধ হ'ল শমন অৰ্থাৎ ৰোগ অনুসৰি ঔষধৰ দ্বাৰা ৰোগৰ চিকিৎসা কৰা।আনবিধ হ'ল শোধন অৰ্থাৎ শৰীৰৰ প্ৰতিটো কোষ তথা অংগক শোধিত কৰা।

ৰোগৰ মূল কাৰণ হৈছে শৰীৰৰ জমা হোৱা বিষতুল্য অলাগতিয়াল তত্ব সমূহ।আয়ুৰ্বেদত উল্লেখ কৰা মতে শোধনৰ দ্বাৰা চিকিৎসা কৰিলে ৰোগৰ পুনৰ উৎপত্তি নহয় কিয়নো শৰীৰটো শোধিত হৈ থাকিলে আমাৰ প্ৰতিটো কোষেই ইয়াৰ কৰ্ম সুচাৰুভাৱে কৰিব পাৰে যাৰ ফলত প্ৰতিটো অংগই সুষ্ঠ হৈ থাকে।

পঞ্চকৰ্ম মানে কি?

পঞ্চকৰ্ম হৈছে পাঁচবিধ কৰ্ম যাৰ দ্বাৰা শৰীৰ শোধন কৰিব পাৰি।এই পাঁচ বিধ কৰ্ম হৈছে:

১)বমন কৰ্ম(বমি কৰোৱা)

২)বিৰেচন কৰ্ম(শৌচ কৰোৱা)

৩)অনুবাচন বস্তি(এবিধ এনেমা জাতীয় চিকিৎসা)

৪)আস্থাপন বস্তি(ইয়ো এক প্ৰকাৰৰ এনেমা)

৫)নস্য(নাক ৰন্ধ্ৰেৰে কৰা চিকিৎসা)

শৰীৰৰ উৰ্ধভাগৰ দোষ সমূহ বমন কৰ্মেৰে, অধোভাগৰ দোষ সমূহ বিৰেচন কৰ্মেৰে আৰু বস্তিৰ দ্বাৰা কোষ সমূহৰ পুনঃশোধন তথা সন্তুলন কৰা আৰু মস্তিষ্কৰ দোষ শোধন কৰা হয় নস্য কৰ্মৰ দ্বাৰা।দেখাত সহজ যেন লাগিলেও এই কৰ্ম অতি কঠিন তথা অভিজ্ঞ আয়ুৰ্বেদিক চিকিৎসকেহে কৰিব পাৰে।পঞ্চকৰ্ম চিকিৎসাক মূলতঃ তিনি ভাগত ভাগ কৰা হয়

*পূৰ্ব কৰ্ম

মূল কৰ্ম বা চিকিৎসা পদ্ধতিৰ পূৰ্বে এনে কৰ্ম কৰা হয়।ইয়াক দুই ভাগত ভাগ কৰিব পাৰি।স্নেহন আৰু স্বেদন।স্নেহনৰ অৰ্থ হৈছে শৰীৰটো স্নিগ্ধ কৰা।এনে কৰিবলৈ ঔষধীযুক্ত ঘি, তেল,চৰ্বী,মজ্জাৰ স্নেহৰ দ্বাৰা কেতবোৰ বিশেষ পদ্ধতিত মালিচ কৰা হয়।ইয়াক কোৱা হয় বাহ্য স্নেহন।

ইয়াৰোপৰি স্নেহ সমূহ ৰোগ অনুসৰি তথা ৰোগী অনুযায়ী আভ্যন্তৰীণ প্ৰয়োগ কৰা হয় অৰ্থাৎ খাব দিয়া হয়।ইয়াক কোৱা হয় আভ্যন্তৰ স্নেহন।কিমান দিন বা কিমান মাত্ৰাত স্নেহন দ্ৰব্য সেৱন কৰিব লাগিব তাৰ পৰীক্ষাৰ বাবে চিকিৎসকে ৰোগীজনক পৰীক্ষা কৰিহে কব পাৰিব।

সেই বাবেই ৰোগীজন চিকিৎসালয়ত ভৰ্তি হোৱাটো নিতান্ত প্ৰয়োজন।স্নেহন কৰ্মৰ ফলত স্নেহদ্ৰৱ্য শৰীৰৰ প্ৰতিবোৰ কোষলৈ গমন কৰে। স্নেহন কৰ্মৰ পিছত প্ৰতিজন ৰোগীক স্বেদন কৰ্ম কৰিব লগা হয়।স্বেদনৰ অৰ্থ হ'ল ঘামৰ প্ৰদূৰ্ভাৱ কৰা।জুইৰ তাপৰ সহায়ত নতুবা অন্য কিছুমান পদ্ধতিৰে জড়িয়তে শৰীৰত ঘামৰ প্ৰাদুৰ্ভাৱ কৰা হয়।

আয়ুৰ্বেদত ইয়াৰ বাবে বিভিন্ন ধৰণৰ পদ্ধতি বৰ্ণনা আছে।স্বেদন কৰ্মই শৰীৰৰ কোষত জমা হোৱা স্নেহদ্ৰব্যক গলাই দিয়ে।তদুপৰি স্বেদন আমাৰ ৰক্তনলিকা সমূহ বিসফোৰিত হয় যাৰ ফলত স্নেহদ্ৰৱ্য সমূহে কোষৰ অলাগতিয়াল দ্ৰব্যসমূহ কোষৰ পৰা বাহিৰ কৰি আনে।স্নেহন স্বেদন এই দুয়োবিধ কৰ্ম পঞ্চকৰ্মৰ মূল কৰ্ম সমূহ কৰাৰ আগতে কৰাটো নিতান্ত্যই প্ৰয়োজন।এনে নকৰিলে হিতে বিপৰীত হোৱা দেখা যায়।

*প্ৰধান কৰ্ম

আগত উল্লেখ কৰা পাঁচোবিধ কৰ্মক প্ৰধান কৰ্ম বোলা হয়।

*বমন কৰ্ম

স্নেহন স্বেদন কৰাৰ পিছত যোগ্য ৰোগীজনক বমন কৰ্ম কৰোৱা হয়।বমন মানে বমি কৰোৱা।যোগ চিকিৎসাটো বমি কৰোৱা হয় যদিও আয়ুৰ্বেদীকৰ বমন কৰ্ম পৃথক। আয়ুৰ্বেদীকৰ বমন কৰ্মত শৰীৰৰ কোষৰ মল সমূহ দূৰ কৰা হয়।সেই বাবেই স্নেহন, স্বেদন কৰিব লাগে। বমন যোগ্য ৰোগীজনক আগদিনাখন কেতবোৰ কফ বাঢ়োৱা খাদ্য খাব দিয়া হয়।

পিছদিনাখন ৰাতিপুৱাই ব্ৰহ্মমুহূৰ্তত বমন কৰ্ম কৰোৱা হয়।কেতবোৰ ঔষধি দ্ৰব্য খুৱাই পাকস্থলীক উত্তেজিত কৰোৱা হয়। তাৰ পিছত পৰ্য্যাপ্ত পৰিমানে গাখীৰ তথা অৱস্থা অনুসৰি বিভিন্ন ঔষধি খুৱাই বমন কৰা হয়। বমন সঠিক হলে কেনে লক্ষণ উৎপন্ন হব তাৰ বৰ্ণনা আছে। কম হলে অথবা বেছি বমি হলে হিতে বিপৰীত হোৱা দেখা যায়। সেয়েহে অভিজ্ঞ চিকিৎসকৰ হতুৱাই হে বমন কৰ্ম কৰাব লাগে।

কোনবোৰ ৰোগত বমন উপযোগী?

*বিভিন্ন ধৰণৰ ছালৰ ৰোগ যেনে psoriosis, Eczema, skin allergy, আদি।

*এজমা ৰোগত এই কৰ্ম অতি উপযোগী।

*কাহ,চৰ্দি,চাইনাচিটিজ ইত্যাদি ৰোগত ইয়াৰ উপযোগ আছে।

*পেটৰ ৰোগ যেনে গেষ্ট্ৰাইতিজ,কোষ্ঠ বদ্ধতা ইয়াদি।

ইয়াৰোপৰি আন বহু ৰোগত বমন কৰ্ম কৰিব পাৰি।

মূলতঃ

কফৰ অধিক্য থকা ৰোগত বমন কৰিব লাগে।আমি জানো যে বায়ু ,পিত্ত আৰু কফ হৈছে আমাৰ শৰীৰৰ দোষ।

যিকোনো বেমাৰত, দিন-ৰাতি, বিভিন্ন ঋতু তথা ৰোগ অনুসৰি এই দোষৰ তাৰতম্য ঘটে। দোষৰ বিষঙ্গতিত ৰোধৰ প্ৰদূৰ্ভাৱ হয়। বিভিন্ন ঋতুত নিয়মিত ভাবেই এনে দোষৰ প্ৰকোপ হয় যাৰ ফলত আমাৰ কিছু বেমাৰ হয়।

যেনেকৈ ঠাণ্ডা পৰিলে কাহ চৰ্দি, গৰমত পেটৰ অসুখ আদি। বসন্ত কালত কফৰ প্ৰাধান্য হয় বাবে এই কালত বমন কৰ্ম সুস্থ ব্যক্তিয়েও কৰিব লাগে। এনে কৰিলে বিভিন্ন ৰোগৰ পৰা হাত সাৰি থাকিব পাৰি। পশ্চিমত বসন্ত কালত বাসন্তী বমন কেম্প হয় আৰু সুস্থ ব্যক্তি সকলে ইয়াত অংশগ্ৰহণ কৰে।

*বিৰেচন কৰ্ম

বিৰেচনৰ অৰ্থ হ'ল মলদ্বাৰেৰে শৰীৰৰ মল সমূহ বাঁহীৰ কৰা।সহজ অৰ্থত ঔষধি প্ৰয়োগ কৰি স্নেহন স্বেদন কৰ্ম কৰাৰ পিছত ৰোগীয়ে কেইবাবাৰো পাতল পাইখানা কৰাকে বিৰেচন বুলি কোৱা হয়। ৰোগীৰ সঠিক বিৰেচন হৈছেনে বেছিকৈ হল নে কমকৈ হল পৰীক্ষা কৰা হয়।

সম্যক হলেহে ৰোগীয়ে ৰোগৰ পৰা উপশম পাব। বিভিন্ন ধৰণৰ ছালৰ ৰোগ যেনে শালমইনা ,একজিমা আদিৰ উপৰি পিত্ত দোষত বিৰেচন কৰ্ম কৰা হয়। শৰৎ কালত স্বভাৱত পিত্ত প্ৰকুপিত হয় বাবেই সুষ্ঠ ব্যক্তিয়েও বিৰেচন কৰ্ম কৰাব লাগে। এনে কৰিলে শৰীৰৰ ছাল সতেজ হোৱাৰ উপৰিও ৰোগ প্ৰতিৰোধ ক্ষমতা যথেষ্ট বাঢ়ে আৰু হজম শক্তি ঠিকেই থাকে।

*অনুবাচন আৰু আস্থাপন বস্তি

স্নেহন স্বেদন কৰাৰ পিছত বমন বিৰেচন নকৰাকৈও ঔষধি যুক্ত এনেমা দিয়া হয়। অকল স্নেহ দ্ৰব্যৰে বস্তি দিলে তাক অনুবাচন বস্তি আৰু ঔষধীখিনিত ঔষধীয় পানী বেছি থাকিলে তাক আস্থাপন বস্তি বুলি কোৱা হয়।

ৰোগ অনুসৰি বিভিন্ন ধৰণৰ অনুবাচন বা আস্থাপন বস্তি আয়ুৰ্বেদত উল্লেখ আছে।আপুনি শুনি আচৰিত হব যে প্ৰায় এহেজাৰ মান বস্তিযোগৰ বৰ্ণনা পোৱা যায়। চিকিৎসকে ৰোগ অনুসৰি ইয়াৰ প্ৰয়োগ কৰে।

মূলতঃ বায়ু জনিত বিকাৰত বস্তি অত্যন্ত উপযোগী। বিভিন্ন নাৰ্ভৰ ৰোগত বস্তিৰ ফলাফল বিশ্বাস কৰিব নোৱাৰা ধৰণৰ। বিভিন্ন গাঁঠিৰ বিষ,অস্থি ৰোগ আৰু অন্যান্য বিভিন্ন ৰোগত বস্তিৰ প্ৰয়োগ কৰিব পাৰি।

*নস্য কৰ্ম

নস্য ৰন্ধ্ৰেৰে ঔষধীৰ প্ৰয়োগ কৰি কৰা চিকিৎসাক নস্য কৰ্ম বোলে।আমি নাকেৰে বিভিন্ন ঔষধ প্ৰয়োগ কৰো। ঠিক তেনেকৈ আয়ুৰ্বেদত স্নেহদ্ৰৱ্য, চূৰ্ণ দ্ৰব্য, অথবা পানীয় ঔষধি দ্ৰব্যৰ প্ৰয়োগ ৰোগ অনুসৰি প্ৰয়োগ কৰা হয়। দোষৰ প্ৰাধান্য অনুসৰি বিভিন্ন দ্ৰব্যৰ ব্যৱহাৰ কৰা হয়। মস্তিস্ক তথা নাকৰ বিভিন্ন ৰোগত নস্য কৰ্মৰ প্ৰয়োগ কৰা হয়।

* পস্যাত কৰ্ম

প্ৰতিবিধ কৰ্ম কৰাৰ পিছত প্ৰতিজন ৰোগীয়ে কেইদিনমানলৈ কেতবোৰ নিয়ম মানি চলিব লগা হয়।ইয়াকে পস্যাত কৰ্ম বুলি কোৱা হয়।

মূল কৰ্ম কৰিলে হজম শক্তি যথেষ্ঠ কমি যায় সেয়েহে ৰোগীসমূহক পোনতে ভাতৰ মাৰ আদি খাব দি তিনিৰ পৰা সাত দিন পিছতহে ইচ্ছা অনুসৰি খাব দিয়া হয়।এনে কৰ্মক সমসর্জন কৰ্ম বুলি কোৱা হয়।

ওপৰোক্ত লেখনিৰে পঞ্চকৰ্মৰ এক আভাষ দিবলৈ প্ৰয়াস কৰিলোঁ।বৰ্তমান জীৱন শৈলী তথা খাদ্য অভ্যাসে বিভিন্ন ৰোগক আমন্ত্ৰণ জনাই আছে।তথা শৰীৰটো বিষাক্ত দ্ৰব্য তথা কণিকাৰ ভৰি আছে।

সেয়েহে এনে বিষাক্ততা দূৰ কৰিবলৈ হলে পঞ্চকৰ্ম চিকিৎসা কৰা খুবেই দৰকাৰী।প্ৰতিজন সুষ্ঠ ব্যক্তিয়ে যদি যথাসময়ত পঞ্চকৰ্ম কৰায় তেনেহলে বহুতো ৰোগৰ পৰা হাত সাৰি থাকিব পাৰিব।ইয়াৰ বাবে এক জন জাগৰণৰৰ প্ৰয়োজন।

লেখক: ডাঃ অনুপ বৈশ্য

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

ফোন নং: 8638211711

a



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate