অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

প্লাষ্টিকৰ পৃথিৱী অৰু স্বচ্ছ ভাৰতৰ সপোন :

প্লাষ্টিকৰ পৃথিৱী অৰু স্বচ্ছ ভাৰতৰ সপোন :

 

প্ৰদুষণ আৰু প্ৰদুষণৰ কাৰক সম্পৰ্কে হোৱা যিকোনো আলোচনা-বিলোচনাতে সবাতোকৈ শীৰ্ষস্থান দখল কৰা কাৰক হিচাপে বিবেচিত হয় পলিথিন আৰু প্লাষ্টিক। পলিথিন বা প্লাষ্টিক আৱিষ্কাৰ নোহোৱা হ’লেই যেন পৃথিৱীখন প্ৰদুষণমুক্ত হৈ থাকিলহেঁতেন , তেনে এক ধাৰণাও বহু পৰিৱেশ কৰ্মীয়ে দিবলৈ বিচাৰে। আমি বহুতেই হয়তো নাজানো অথবা নাভাবো যে পৰিৱেশৰ অৱক্ষয় ৰোধ আৰু সেউজী ধৰাৰ সংবৰ্ধনত পলিথিন জাতীয় সামগ্ৰীয়ে এক যোগাত্মক ভুমিকা গ্ৰহণ কৰি আহিছে। বিজ্ঞানসন্মত ধাৰণাৰ অভাৱ, দৰিদ্ৰতা, স্বচ্ছতাৰ প্ৰতি নিৰ্বিকাৰ, ৰোগৰ বীজাণুৰ প্ৰতি অজ্ঞতা, মুল্যবোধহীন শিক্ষা, বহিৰ্দেশৰ লগত সম্পৰ্কহীনতা আদি বিভিন্ন কাৰকৰ প্ৰভাৱত ভাৰতৰ দৰে বহুবোৰ তৃতীয় বিশ্বৰ দেশত প্লাষ্টিক বা পলিথিন এক পৰিৱেশজনিত সমস্যাত পৰিণত হ’লেও জনজীৱনৰ বৈপ্লৱিক পৰিৱৰ্তন সাধনত পলিথিন জাতীয় সামগ্ৰীয়েও গ্ৰহণ কৰি আহিছে গুৰুত্বপুৰ্ণ ভুমিকা। টেবুল, চকী, ৰেক, আলমিৰা, বেগ, বাকচ, বাচন-বৰ্তন, গাড়ী-মটৰৰ সামগ্ৰীলৈকে সৰহভাগেই প্লাষ্টিকজনিত হৈ পৰাৰ ফলত সমগ্ৰ পৃথিৱীজুৰি কাঠ, এলুমিনিয়াম আৰু তীখাৰ ব্যৱহাৰ বহু পৰিমাণে সীমিত হৈ পৰিছে। একে সময়তে প্লাষ্টিক জাতীয় সামগ্ৰীবোৰ নমনীয় আৰু ওজনত পাতল হোৱা বাবে এইবোৰৰ পৰিবহণত ইন্ধনৰ ব্যৱহাৰ স্বাভাৱিকতেই কম লাগে, যাৰ জৰিয়তে প্ৰতিদিনে হাজাৰ হাজাৰ লিটাৰ পেট্ৰ’ল, ডিজেল জাতীয় ইন্ধন বচাব পৰা গৈছে। কেৱল পৰিবহণতে নহয়, ওজন কম হোৱা বাবে প্লাষ্টিক জাতীয় সামগ্ৰীৰ প্ৰস্তুতকৰণ প্ৰক্ৰিয়াতো ইন্ধনৰ ব্যৱহাৰ যথেষ্ট কমকৈ হয় আৰু সেইবাবেই এইবোৰৰ মুল্যও তুলনামুলকভাৱে কম। জলীয় বাষ্প, বৰষুণ, পৰিৱেশৰ প্ৰাকৃতিক উষ্ণতাৰ তাৰতম্য আদি ভৌতিক কাৰকৰ লগতে প্ৰায়বোৰ ৰাসায়নিক দ্ৰব্যৰ প্ৰভাৱৰ পৰাও প্লাষ্টিক জাতীয় সামগ্ৰী মুক্ত হৈ থকা বাবে ঔষধ উদ্যোগ, বিভিন্ন খাদ্য-সামগ্ৰীৰ উদ্যোগ, পানীয় উদ্যোগ, আনকি এলক’হল জাতীয় সামগ্ৰীৰ পৰিবহণ আদিত প্লাষ্টিক বিস্তৰভাৱে ব্যৱহাৰ হয় আৰু এনে হোৱাৰ ফলতো পৰিবহণ ব্যয় তথা পৰিবহণকালীন লোকচান নুন্যতম হৈ পৰিছে। আজি আমাৰ দৈনন্দিন জীৱনত পেপাৰ ক্লিপৰ দৰে সামান্য বস্তুৰ পৰা মহাকাশ যানৰ সামগ্ৰীলৈকে প্লাষ্টিক জাতীয় উপাদানেৰে নিৰ্মাণ কৰা হৈছে। প্লাষ্টিকৰ আগমনে আমি পৰম্পৰাগতভাৱে ব্যৱহাৰ কৰা বহুবোৰ সামগ্ৰী, যেনে-কাঠ, বাঁহ, শিল, জন্তুৰ শিং আৰু হাড়, জন্তুৰ ছাল, কাগজ, ধাতুৰ সামগ্ৰী, গ্লাছ, কেৰামিক আদিৰ ব্যৱহাৰ অকল্পনীয়ভাৱে সীমিত কৰি পেলাইছে। উন্নত দেশবোৰত উৎপাদিত প্লাষ্টিকৰ প্ৰায় তিনিভাগৰ এভাগ ব্যৱহাৰ হয় পেকেজিঙৰ কামত, বাকী তিনিভাগৰ এক অংশ ব্যৱহাৰ হয় । গৃহ নিৰ্মাণৰ কামত।পানী যোগান ব্যৱস্থা আৰু ‘ভিনাইল ছাইডিং’(Vinyl Siding)শীৰ্ষক পকী ঘৰৰ ভিতৰ আৰু বাহিৰত ডেক’ৰেচনৰ বাবেও মুলত: প্লাষ্টিক সামগ্ৰী ব্যৱহাৰ কৰা হয়। বাকী এক-তৃতীয়াংশ ব্যৱহাৰ কৰা হয় মুলত: অটোমোবাইল, ফাৰ্নিচাৰ, পুতলা নিৰ্মাণ আদি কামত। ভাৰতত উৎপাদিত প্লাষ্টিকৰ ৪২ শতাংশই ব্যৱহাৰ হয় পেকেজিঙৰ কামত।

‘বেকেলাইট’ৰ আৱিষ্কাৰেই প্লাষ্টিকৰ আৰম্ভণি। লিঅ’ বেকেলেণ্ড(Leo Baekeland) নামৰ বিজ্ঞানীজনে ১৯০৭ চনত আৱিষ্কাৰ কৰিছিল বেকেলাইট আৰু তেৱেঁই পোন প্ৰথমবাৰৰ বাবে প্লাষ্টিক শব্দটো ব্যৱহাৰ কৰিছিল। পাছলৈ বহু বিজ্ঞানী পলিমাৰ জাতীয় সামগ্ৰী-প্লাষ্টিকৰ গৱেষণাত জড়িত হৈ পৰিছিল, যাৰ বাবেই নোবেল বিজয়ী হাৰমান ষ্টাউডিংগাৰক ‘পলিমাৰ ৰসায়নৰ জনক’ আৰু হাৰমান মাৰ্কক ‘পলিমাৰ পদাৰ্থবিদ্যাৰ জনক’ হিচাপে আখ্যা দিয়া হয়। বিংশ শতিকাৰ আদিভাগতেই পলিথিন আৰু প্লাষ্টিক পৰিৱেশৰ প্ৰতি ভাবুকি হৈ পৰাৰ কথাটো বিবেচনালৈ আহে- যিহেতু ইয়াৰ স্বাভাৱিক হজমশীল প্ৰক্ৰিয়া অতিকে মন্থৰ, যাৰ বাবে আৱৰ্জনা হিচাপে ই পৰিৱেশত বহু বছৰলৈ বৰ্তি থাকিব পাৰে।

এতিয়া ভাৰত তথা অসমত পৰিৱেশ প্ৰদুষণ বা স্বচ্ছতা বিনাশ মানেই এই প্লাষ্টিক আৰু পলিথিনৰ পেলনীয়া সামগ্ৰীবোৰে সৃষ্টি কৰা আৱৰ্জনাৰ পুতিগন্ধময় অৱস্থাটোৰ কথাকে মুলত: বুজোৱা হয়। ২০১৪ চনৰ ২ অক্টোবৰত নৰেন্দ্ৰ মোদী চৰকাৰে স্বচ্ছ ভাৰতৰ কাৰ্যসুচী ঘোষণা কৰিলে আৰু এই ঘোষণাও কৰা হ’ল যে ১৯১৯ চনত মহাত্মা গান্ধীৰ ১৫০ বছৰীয়া জন্মবৰ্ষত ভাৰতক এক পৰিচ্ছন্ন দেশ হিচাপে জিলিকাই তোলা হ’ব। এনে ঘোষণাত স্বাভাৱিকতেই আমি উৎফুল্লিত হ’লো। সকলো চৰকাৰী চাকৰিয়ালে দৰমহাৰ এক নিৰ্দিষ্ট অংশও এই কাৰ্যসুচীৰ বাবে প্ৰতিমাহে অৰ্পণ কৰি আহিছে ; কিন্তু কাৰ্যক্ষেত্ৰত এই স্বচ্ছ ভাৰতৰ সপোন বহু আঁতৰত থাকি গৈছে আৰু পৰিৱৰ্তে এক প্ৰদৰ্শনকামী কাৰ্যসুচীলৈ ই পৰ্যৱসিত হৈছে।আচল আৰু মুল কথা এটাই, আৰু সেইটো হ’ল- পৰিচ্ছন্ন ভাৰতৰ সপোন ৰুপায়ণ কৰিবলৈ চৰকাৰীভাৱে নাই কোনো নীতি আৰু পৰিকল্পিত কাৰ্যসুচী। মাজে মাজে স্বচ্ছ ভাৰত অভিযানৰ শ্ল’গান সম্বলিত জাউৰি এটা আহে; জিলাৰ মুৰব্বীয়ে নিৰ্দেশনা জাৰি কৰে, চৰকাৰী-বেচৰকাৰী কৰ্মীসকলে প্ৰদৰ্শনকামিতাক আশ্ৰয় কৰি হাতত ঝাড়ু-কোৰ লৈ কেইখনমান ফটো তোলে আৰু হোৱাটছ-আপ বা ছ’চিয়েল মিডিয়াৰ জৰিয়তে ওপৰ মহললৈ প্ৰেৰণ কৰে। ফটো আপলোড কৰাৰ পাছতে স্বচ্ছ ভাৰত নিজম পৰে।

ডা: গায়ত্ৰী গগৈয়ে তেওঁৰ এটা প্ৰবন্ধত কৈছে- ‘আমাৰ দেশতেই অতি উচ্চ বিজ্ঞান শিক্ষাৰে শিক্ষিত প্ৰযুক্তিবিদ, অভিযন্তা সৰ্বাধিক সংখ্যক আছে, কিন্তু তেওঁলোকৰ সহায়ত আমাৰ নগৰ-চহৰৰ বাবে উপযুক্ত এবিধ কম খৰচী আধুনিক ডাষ্টবিন নিৰ্মাণ কৰাৰ কথা পৌৰ নিগমবোৰে ভাবিছেনে? (‘স্বচ্ছ ভাৰতৰ সপোন আৰু পুতিগন্ধময় জাবৰৰ দ’ম’, আমাৰ অসম, ৬ ছেপ্টেম্বৰ, ২০১৭)। একেটা প্ৰবন্ধৰে শেষত ডা: গগৈয়ে পুনৰ কৈছে- ‘ক্ৰমবৰ্ধমান জাবৰৰ পাহাৰবোৰে সৃষ্টি কৰা জনস্বাস্থ্যৰ প্ৰতি ভাবুকিৰ পৰা ৰক্ষা পাবলৈ এক আন্দোলন লগিব। জনস্বাস্থ্যৰ কাৰিকৰী বিশেষজ্ঞসকলে স্থানীয়ভাৱে প্ৰযুক্তিৰ সহায়ত মডেল তৈয়াৰ কৰি এই আন্দোলনৰ নেতৃত্ব দিয়ক বুলি আহ্বান কৰিব পাৰি’। ডা: গগৈৰ এই আহ্বানৰ আঁত ধৰি আমি এটা কথা ক’ব পৰো যে স্বচ্ছ ভাৰতৰ সপোন পুৰাবলৈ প্ৰথমে আমাক লাগিব এক সৰ্বজনগ্ৰাহ্য পৰিৱেশমুখী নীতি। পৰিৱেশৰ আৱৰ্জনা সৃষ্টিৰ উৎস, যেনে- পলিমাৰ উদ্যোগ, পেকেজিং ব্যৱস্থাৰ বাবে পলিথিন উৎপাদন, নৈ-বিলসমুহৰ প্ৰদুষিতকৰণ প্ৰক্ৰিয়া আদিকো আমি উৎসাহিত কৰি থাকিম আৰু হাতত ঝাড়ু লৈ স্বচ্ছ ভাৰত অভিযানতো অংশগ্ৰহণ কৰিম- এই দুয়োটা প্ৰক্ৰিয়া একেলগে সমানে চলি থাকিলে নিকা ভাৰতৰ ধাৰণা অলীক কল্পনা হৈয়েই থাকিব।

মুখ্য প্ৰদুষক হিচাপে গৃহীত সামগ্ৰীসমুহৰ উৎপাদন সম্ভৱপৰ সৰ্বোচ্চভাৱে নিয়ন্ত্ৰণ কৰাটো হ’ব লাগিব স্বচ্ছ ভাৰত নিৰ্মাণৰ প্ৰথম চৰ্ত। এইক্ষেত্ৰত ৰাষ্ট্ৰীয় নীতিৰ প্ৰাসংগিকতা স্বাভাৱিকতেই আহিব। অফিচ-কাছাৰী, বিভিন্ন প্ৰতিষ্ঠান, নিকায় আদিত উদযাপন কৰা শ্ল’গানভিত্তিক কাৰ্যসুচীৰে নহয়, দেশৰ প্ৰতিটো পৰিয়ালক স্পৰ্শ কৰিব পৰা কাৰ্যসুচীৰেহে স্বচ্ছ ভাৰতৰ সপোন ৰুপায়ণ কৰিব লাগিব আৰু এইটো হ’ব স্বচ্ছ ভাৰত নিৰ্মাণৰ দ্বিতীয় চৰ্ত। আজিকালি প্ৰতিটো পৰিয়ালৰ ঘৰৰ ভিতৰলৈ দৈনিক এক বুজন পৰিমাণৰ পলিমাৰ জাতীয় সামগ্ৰী আহে, যি প্ৰত্যেক ঘৰৰে চৌহদ প্ৰদুষিত কৰি তোলে। একোটাকৈ সৰু ‘ডীপ বাৰিয়েল পিট’(Deep Burial Pit) প্ৰতিঘৰ গৃহস্থৰ বাবে উপলব্ধ হ’লে পলিমাৰ জাতীয় সামগ্ৰীসমুহ সহজেই নিষ্কাশন আৰু বিনষ্ট কৰিব পাৰি। স্বাভাৱিকতেই প্ৰশ্ন আহিব- ডীপ বাৰিয়েল পিট কি আৰু ইয়াত পলিথিন কেনেকৈ বিনষ্ট হয়? ডীপ বাৰিয়েল পিট হ’ল এটা ঘুৰণীয়া গাঁত, য’ত ঘৰৰ ভিতৰৰ আৰু বাহিৰৰ সমস্ত পলিমাৰ জাতীয় সামগ্ৰী নিষ্কাশন কৰিব পাৰি। পাঁচ ফুট দ আৰু পাঁচ ফুট ব্যাসৰ এটা ঘুৰণীয়া গাঁত বাৰীৰ চৌহদৰ সুবিধাজনক ঠাইত খন্দাৰ ব্যৱস্থা কৰি এই পিট নিৰ্মাণ কৰা হয়। খন্দা অংশৰ মাটি টান আৰু আলতীয়া হ’লে গাঁতৰ চাৰিওফালে কোনো পকী বেৰ আদি দিয়াৰো প্ৰয়োজন নহয়। সম্পুৰ্ণ পাঁচ ফুট তললৈ খন্দাতকৈ চাৰি ফুট তললৈ খন্দাতকৈ চাৰি ফুট তললৈ খান্দি, খন্দা মাটিখিনিৰে ওপৰলৈ এফুট ওখ পাৰ এটা বান্ধি ল’লে ডীপ বাৰিয়েল পিটটো অধিক সুবিধাজনক হয়। এই পিট বা গাঁতটোৰ ওপৰত ঠিক ৬ ফুটমান ব্যাসৰ এখন চিমেণ্ট কংক্ৰিটৰ পকী ঢাকনি দিয়াৰ ব্যৱস্থা কৰিব লাগে আৰু ঢাকনিৰ মাজভাগত প্লেইন শ্বীট বা আইৰন শ্বীটেৰে (Iron Sheet) বনোৱা, সময় সাপেক্ষে খুলিব বা বন্ধ কৰিব পৰা, এফুটমান ব্যাসৰ এখন খিৰিকীৰ ব্যৱস্থা কৰিব লাগে। ঘৰখনৰ বাহিৰে-ভিতৰে কেইটামান প্লাষ্টিকৰ ডাষ্টবিন ৰাখিব লাগে, য’ত বজাৰৰ বিভিন্ন সামগ্ৰী কঢ়িওৱা পলিথিন, মৰ্টন, বিস্কুট আদিৰ পেকেট, চুলিত মৰা ৰবৰৰ পৰা টুথ পেষ্টৰ টেমালৈকে সকলো পলিমাৰ জাতীয় সামগ্ৰী জমা কৰি যাব লাগে। সপ্তাহৰ কোনোবা এদিন বা দেওবাৰে এই ডাষ্টবিনসমুহত গোট খোৱা সমগ্ৰ প্লাষ্টিক-পলিথিন জাতীয় সামগ্ৰী ডীপ বাৰিয়েল পিটৰ খিৰিকীৰে গাঁতটোত ভৰাই দিব লাগে। এনেকৈ ভৰাই যাওঁতে যেতিয়া গাঁতটোৰ তলিত পলিথিনবোৰৰ জাপটো এফুটমান ওখ হ’ব তেতিয়া ছডিয়াম হাইপ’ক্ল’ৰাইট নামৰ ৰাসায়নিক দ্ৰব্যৰ মিশ্ৰণ অলপ গাঁতটোৰ ভিতৰত ছটিয়াই দিব লাগে। ছডিয়াম হাইপ’ক্ল’ৰাইট হ’ল এবিধ ক্ল’ৰিনযুক্ত ৰাসায়নিক দ্ৰব্য আৰু কম মুল্যতে সহজভাৱে উপলব্ধ। এই দ্ৰব্যই খুব সোনকালে পলিথিন জাতীয় সামগ্ৰীবোৰ খুৰখুৰীয়া কৰি পেলায়। ছডিয়াম হাইপ’ক্ল’ৰাইট স্প্ৰে’ কৰাৰ পাছত পলিথিনৰ সামগ্ৰীখিনিৰ ওপৰত এক ইঞ্চিমানৰ বালিৰ প্ৰলেপ এটা ভৰাই দিব লাগে। খুব সোনকালেই বালিৰ তলৰ পলিমাৰ সামগ্ৰীখিনি বিনষ্ট হৈ তললৈ বহি যাব। এনেকৈ বাৰেপতি এফুটমান পেলনীয়া সামগ্ৰী গোট খোৱাৰ পাছতে ছডিয়াম হাইপ’ক্ল’ৰাইট আৰু বালি দিয়াৰ ব্যৱস্থা কৰি থাকিলে একেটা পিট কেইবা বছৰলৈ ব্যৱহাৰ কৰি থাকিব পৰা যাব। গাঁতটো ভৰ্তি হ’বলৈ এফুটমান থকা অৱস্থাত ওপৰত মাটিৰে ঢাকি আন এটা পিট খন্দাৰ ব্যৱস্থা কৰিব লাগে। কংক্ৰিটৰ ঢাকনি আগৰখনকে নতুন গাঁতটোত ব্যৱহাৰ কৰিব পৰা যাব। গাওঁ অঞ্চলত নহ’লেও নগৰ-চহৰ আৰু ইয়াৰ উপকণ্ঠ অঞ্চলসমুহৰ সকলো গৃহস্থক এই ব্যৱস্থাটো গ্ৰহণ কৰাৰ লগতে ডীপ বাৰিয়েল পিটৰ ব্যৱহাৰৰ প্ৰতি আগ্ৰহী কৰিব পাৰিলে স্বচ্ছ ভাৰত অভিযানৰ এক বুজন পৰিমাণৰ অংশ স্বাভাৱিকতেই পুৰণ হৈ যায়।

প্লাষ্টিক জাতীয় আৱৰ্জনাৰ আন ধৰণৰ ব্যৱহাৰো আজিকালি গ্ৰহণীয় হৈ উঠিছে। পুৰ্বে ৰি-চাইক্লিং প্ৰক্ৰিয়া কিছু পৰিমাণে অনুসৰণ কৰা হৈছিল আৰু এই প্ৰক্ৰিয়াৰ বিকাশৰ কথা চিন্তা কৰা হৈছিল, কিন্তু এই প্ৰক্ৰিয়াত যথেষ্ট পৰিমাণে বিষাক্ত গেছ ওলোৱা বাবে সদ্যহতে ৰি-চাইক্লিং প্ৰক্ৰিয়াক বিশেষভাৱে অনুমোদন জনোৱা নহয়। এতিয়া আহিছে বিটুমেনৰ সৈতে পলিমাৰ জাতীয় সামগ্ৰী ৰাস্তা নিৰ্মাণৰ কামত ব্যৱহাৰৰ কথা। ভাৰতত এই প্ৰক্ৰিয়াটোৰ বিকাশ ঘটাইছিল মাদুৰাইৰ থিয়াগাৰজৰ অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ৰসায়ন বিজ্ঞানৰ অধ্যাপক ৰাজাগোপালন বাসুদেৱন নামৰ বিজ্ঞানীজনে, যাৰ বাবে অধ্যাপক বাসুদেৱনক ‘প্লাষ্টিকমেন অৱ ইণ্ডিয়া’ বুলি নামকৰণ কৰা হৈছে। পেলনীয়া পলিথিনক বিটুমেনৰ সৈতে গৰম কৰি যেতিয়া শিলগুটিৰ ওপৰত প্ৰলেপ দিয়া প্ৰক্ৰিয়াত অধ্যাপক বাসুদেৱন লেবৰেটৰীৰ ভিতৰত সফল হৈছিল, তেতিয়া প্ৰদৰ্শনমুলক নিৰ্মাণ হিচাপে প্লাষ্টিক ,বিটুমেন আৰু শিলগুটিৰে নিজৰ মহাবিদ্যালয়ৰ ভিতৰতে পৰীক্ষামুলকভাৱে কিছু অংশ পথ নিৰ্মাণ কৰা হৈছিল ২০০২ চনতে আৰু এই কামৰ ধাৰাবাহিকতাৰ ফলতে থিয়াগাৰজৰ মহাবিদ্যালয়ে এই প্ৰযুক্তিৰ পেটেণ্ট লাভ কৰিছিল।

আচলতে ৰাস্তা নিৰ্মাণৰ বাবে ব্যৱহাৰ কৰা প্লাষ্টিক বিভিন্ন ধৰণৰ হ’ব পাৰে: কেৰীবেগ, প্লাষ্টিক কাপ, বিস্কুটৰ পেকেট, চিপচৰ পেকেট, চকলেটৰ বাকলি আদি এনে কামৰ বাবে ব্যৱহাৰ কৰিব পাৰি। দেখা গৈছে যে প্লাসটিক আৰু বিটুমেনৰ মিশ্ৰণেৰে তৈয়াৰ কৰা ৰাস্তাৰ নিৰ্মাণব্যয় কম হোৱাৰ লগতে স্থায়িত্বও বেছি। ৰাস্তা নিৰ্মাণৰ কামত প্লাষ্টিক প্ৰয়োগ কৰিবৰ বাবে বিশেষ গুৰুত্বপুৰ্ণ প্ৰযুক্তিৰো প্ৰয়োজন নহয়। পথ নিৰ্মাণৰ বাবে বৰ্তমানলৈকে ব্যৱহাৰ হৈ থকা যন্ত্ৰপাতিকে সামান্য প্ৰযুক্তিগত সালসলনি কৰি প্লাষ্টিকৰ পথ নিৰ্মাণত ব্যৱহাৰ কৰিব পাৰি। এই পদ্ধতিত প্লাষ্টিকসমুহ ১৭০° চেণ্টিগ্ৰেড পৰ্যন্ত গৰম কৰি তাত বিটুমেন মিহলি কৰা হয় আৰু পাছত এই মিশ্ৰণৰ সৈতে এছফাল্ট ব্যৱহাৰ কৰি পথ নিৰ্মাণ কৰা হয়। পথ নিৰ্মাণত প্লাষ্টিক ব্যৱহাৰৰ লগে লগে এছফাল্টৰ ব্যৱহাৰ বহুখিনি কমি যাব আৰু পৰোক্ষভাৱে ই পাৰিপাৰ্শ্বিকতাৰ বাবেও সহায়ক হ’ব, কিয়নো ভু-মণ্ডলীয় কাৰ্বন নিষ্কাশনৰ শতকৰা দুভাগ এছফাল্টৰ পৰাই সৃষ্টি হয়।

২০১২ চনত ৰাজাগোপালন বাসুদেৱনে পেলনীয়া প্লাষ্টিক আৰু শিলগুটি মিহলি কৰি প্লাষ্ট’ন নামৰ এক বিশেষ ধৰণৰ সামগ্ৰী নিৰ্মাণৰ প্ৰযুক্তি আৱিষ্কাৰ কৰে। পুৰ্বে ব্যৱহাৰ কৰা চিমেণ্ট কংক্ৰিটৰ ব্লকৰ পৰিৱৰ্তে এই প্লাষ্ট’ন ব্লকবোৰৰ নিৰ্মাণব্যয় কম, তুলনামুলকভাৱে পাতল আৰু এইবোৰৰ শক্তিও চিমেণ্ট-কংক্ৰিটৰ ব্লকতকৈ দুগুণ বেছি। ঘৰৰ বাহিৰৰ ৱাল, মজিয়া, চৌহদৰ ভিতৰত পথ নিৰ্মাণ আদি কামৰ বাবে প্লাষ্ট’ন ব্লক উৎকৃষ্ট বুলি বিবেচিত হৈছে। চৰকাৰেও ২০১৫ চনতে ৰাস্তা নিৰ্মাণকাৰী সংস্থাবোৰক পথ নিৰ্মাণৰ কামত পেলনীয়া প্লাষ্টিক ব্যৱহাৰৰ কাৰণে নিৰ্দেশনা দিছে। ‘দি হিন্দু’ কাকতত দিয়া এটা সাক্ষাৎকাৰত বাসুদেৱনে এইবুলিও কৈছে- ‘সুস্থ ভাৰতেই আমাৰ প্ৰথম পচন্দৰ কাৰ্যসুচী। পেলনীয়া প্লাষ্টিক ব্যৱহাৰ কৰি পথ নিৰ্মাণৰ কাম কৰাৰ লগতে প্লাষ্ট’নৰ ব্যৱহাৰৰ বাৰ্তাটো দেশৰ বিভিন্ন কোণলৈ বিস্তাৰিত কৰিব লাগিব। দেশৰ সৰ্বত্ৰ এলেকাতে পথ নিৰ্মাণত প্লাষ্টিক আৰু অন্যান্য কামত প্লাষ্ট’নৰ ব্যৱহাৰে শীৰ্ষস্থান পোৱাৰ পাছতহে আমি আমাৰ প্ৰযুক্তি আন দেশৰ সৈতে ভাগ-বতৰা কৰিম’।

স্বচ্ছ ভাৰত কাৰ্যসুচীৰ অন্যতম অংশীদাৰ হ’ল ৰোগ পিকাৰছ (Rag Pickers)সকল: জীৱিকাৰ স্বাৰ্থত পুতিগন্ধময় আৱৰ্জনাৰ মাজত প্লাষ্টিক আৰু পলিথিনৰ সন্ধানত এক আতংকময় জীৱন অতিবাহিত কৰি দেশখনক বহু পৰিমাণে প্ৰদুষণমুক্ত কৰি ৰখাত এই ৰেগ পিকাৰছসকলৰ ভুমিকা অতিকে গুৰুত্বপুৰ্ণ। স্বচ্ছ ভাৰতৰ ৰাষ্ট্ৰজোৰা কাৰ্যসুচীত ৰেগ পিকাৰছসকলক এটা বিশেষ স্থানত ৰখাটো অতিকে উচিত কাম হ’লহেঁতেন। সততে বীজাণুৰ সৈতে খেলা কৰি থকা এইসকল কৰ্মীৰ বাবে সহজ আৰু বিনামুলীয়া স্বাস্থ্য সেৱা উপলব্ধ হ’লেও তেওঁলোকে কিছু সকাহ পালেহেঁতেন। দেশৰ নাগৰিক হিচাপে পাব লগা মানৱ অধিকাৰৰ ভিত্তিতে ৰেগ পিকাৰছসকলক সংগঠিতভাৱে সজাগতামুলক প্ৰশিক্ষণ দিয়াৰ লগতে নিৰাপদ পোছাক, হেণ্ড গ্লোভছৰ দৰে সামগ্ৰী যোগান ধৰা হ’লেও জনসাধাৰণে প্ৰতিদিনে দি থকা স্বচ্ছ ভাৰত অভিযানৰ উপকৰৰ কিছু অংশ কামত লাগিলহেঁতেন বুলি ক’ব পাৰি।

লেখক: ডা: প্ৰবীণকুমাৰ নেওগ ( জি এনআৰচি স্বাস্থ্য)

 

শেহতীয়া উন্নীতকৰণ: : 1/23/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate